বাল্যবিবাহত জড়িত থকাৰ বাবেই পদবী হেৰুৱালে পঞ্চায়তৰ প্ৰতিনিধিয়ে
জিলা আয়ুক্তৰ পত্ৰ অনুসৰি ২০১১ চনত বিবাহপাশত আবদ্ধ হৈছিল প্ৰতিনিধিগৰাকী । স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত তদন্তৰ অন্তত পদচ্যুত কৰা হয় ।

Published : November 12, 2025 at 8:30 PM IST
নগাঁও : বিগত পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচিত হৈ তেওঁ পঞ্চায়ত সভানেত্ৰী হিচাপেও নিৰ্বাচিত হৈছিল । তাৰ পাছতো পদবী হেৰুৱাবলগীয়া হ'ল এইগৰাকী মহিলা প্ৰতিনিধিয়ে । বাল্যবিবাহত জড়িত হোৱাৰ বাবেই নিৰ্বাচিত পঞ্চায়ত সদস্য পদ হেৰুৱাবলগীয়া হৈছে মহিলা প্ৰতিনিধিগৰাকীয়ে । প্ৰতিনিধিগৰাকী নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ মাহগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী ফৰিদা য়াছমিন । যোৱা পঞ্চায়ত নিৰ্বাচনত পঞ্চায়ত সদস্য হিচাপে নিৰ্বাচিত হৈছিল য়াছমিনে । ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ৱাৰ্ড সদস্যৰ ভোটাৰে নিয়ম অনুসৰিয়ে পঞ্চায়তটোৰ সভানেত্ৰী হিচাপেও তেওঁক নিৰ্বাচিত কৰিছিল ।
প্ৰথমে ৱাৰ্ড সদস্য, তাৰ পাছত পঞ্চায়ত সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱা ফৰিদা য়াছমিনৰৰ বিৰুদ্ধে উত্থাপন হৈছিল বাল্য বিবাহত জড়িত থকাৰ অভিযোগ । ৱাৰ্ড সদস্য তথা পঞ্চায়ত সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত বিভাগীয়ভাৱে সম্পন্ন হোৱা তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত বুধবাৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা স্বাক্ষৰিত এক পত্ৰযোগে তেওঁৰ পঞ্চায়ত সদস্য পদ কৰ্তন কৰা হয় ।
স্থানীয় ছালা উদ্দিন নামৰ এজন যুৱকে ফৰিদা য়াছমিনৰ বিৰুদ্ধে বাল্য বিবাহত জড়িত থকা বুলি বিভাগীয় কৰ্তৃপক্ষক দাখিল কৰিছিল অভিযোগ । এই অভিযোগৰ ভিত্তিতেই বিভাগীয় তদন্ত আৰম্ভ কৰি দাখিল কৰা প্রতিবেদনৰ ভিত্তিত কৰ্তন কৰা হয় য়াছমিনৰ পঞ্চায়ত সদস্য পদ ।
নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা স্বাক্ষৰিত এক পত্ৰত উল্লেখ কৰা হৈছে এইদৰে, "নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই পত্ৰ নং NZP.৭১২/PE/Case/২০২৫/৪৩২৬, তাৰিখ ১৬/০৭/২০২৫ ৰ জৰিয়তে জুৰিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ প্ৰতিবেদন পত্ৰ নং JDB/২৬/Panchayat Election/২০২৫/৮১০, তাৰিখ ০৮/০৭/২০২৫ আৰু মাহগুৰি গাঁও পঞ্চায়তৰ সচিবৰ পত্ৰ নং MGP/২০২৫-২৬/Alle/৪১৭, তাৰিখ ০৫/০৭/২০২৫ৰ সৈতে মাহগুৰি জি পিৰ ৱাৰ্ড নং ১ৰ নিৰ্বাচিত সদস্য ফৰিদা য়াছমিনৰ বাল্য বিবাহৰ তথ্যৰ বিষয়ে প্ৰতিবেদন দাখিল কৰা হৈছে ।"

নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ তদন্ত প্ৰতিবেদন পত্ৰ নং NZP.৭১২/PE/Case/২০২৫/৬৭০৩, তাৰিখ ১৪/০৮/২০২৫ত উল্লেখ কৰা হৈছে যে ফৰিদা য়াছমিনৰ জন্ম ৩০/১০/১৯৯৫ তাৰিখে আৰু তেওঁ ১৫ বছৰ বয়সত বিবাহত পাশত আবদ্ধ হৈছিল । ইয়াৰ দ্বাৰা প্ৰতিপন্ন হয় যে উক্ত বিবাহটো বাল্যবিবাহ আছিল ।
নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই পত্ৰ নং NZP.৭১২/PE/Case/২০২৫/৮৭৩৬, তাৰিখ ১৪/১০/২০২৫ৰ জৰিয়তে নগাঁৱৰ সহকাৰী চৰকাৰী অধিবক্তাৰ আইনী মতামত প্ৰেৰণ কৰিছে, যিয়ে গাৰ্হস্থ্য হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ৰ ধাৰা ১২ৰ অধীনত দাখিল কৰা আবেদনৰ পৰ্যালোচনা কৰি, গোচৰ নং Cr-২০১২/২০১২ত, ফৰিদা য়াছমিন, পিতৃ আফাজুদ্দিন, বাসিন্দা উদমাৰী, জুৰিয়া থানাৰ অধীন, নগাঁও জিলা, লগতে আৰ. দত্ত, জেএমএফচি, নগাঁওৰ দ্বাৰা ০৮/১১/২০১২ তাৰিখে প্ৰদান কৰা ৰায় আৰু আদেশত পৰ্যবেক্ষণ কৰিছে যে ফৰিদা য়াছমিনে উক্ত গোচৰত স্বীকাৰ কৰিছে যে তেওঁ ১০/০৯/২০১১ তাৰিখে ছৰিফুল ইছলাম নামৰ এজনৰ সৈতে ইছলামিক ৰীতি অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল ।

যিহেতু, উক্ত কাৰ্যই অসম পঞ্চায়ত আইন, ১৯৯৪ৰ ধাৰা ১১১(২) আৰু অসম পঞ্চায়ত (গঠন) নিয়ম, ১৯৯৫ৰ নিয়ম ৬২(৪)ৰ বিধানৰ লংঘন কৰিছে । যাৰ বাবে অসম পঞ্চায়ত আইন, ১৯৯৪ৰ ধাৰা ১১১(২) আৰু অসম পঞ্চায়ত (গঠন) নিয়ম, ১৯৯৫ৰ নিয়ম ৬২(৪)(বি) আৰু (চি)ৰ অধীনত জুৰিয়া উন্নয়ন খণ্ডৰ অধীনৰ মাহগুৰি গাঁও পঞ্চায়তৰ ৱাৰ্ড নং ১ৰ নিৰ্বাচিত সদস্য ফৰিদা য়াছমিনক তৎক্ষণাৎ প্ৰভাৱৰে মালিগুৰি গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ পদৰ পৰা অযোগ্য ঘোষণা কৰা হ'ল আৰু পদচ্যুত কৰা হ'ল ।"
উল্লেখ্য যে বাল্যবিবাহৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে । তেনে পৰিস্থিতিত নগাঁও জিলা আয়ুক্তৰ এই পদক্ষেপ লক্ষণীয় হ'ব ।

