ETV Bharat / politics

৮৫.১৩ শতাংশ ভোটদানেৰে অভিলেখ : ইভিএমত বন্দী ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি সন্ধিয়া ৫ বজালৈ ৰাজ্যৰ ১২৬ টা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৮৫.১৩ শতাংশ । দলগাঁও সমষ্টিত সৰ্বাধিক ৯৪.৫৭ শতাংশ ভোটদান ।

Assam Assembly election 2026
ইভিএমত বন্দী ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 9, 2026 at 8:35 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: অভিলেখ সৃষ্টি কৰি অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ৮৫.১৩ শতাংশ ভোটদান কৰিলে ৰাজ্যৰ ভোটাৰ ৰাইজে । বৃহস্পতিবাৰে হিলদল ভাঙি আহি ৰাইজে সাব্যস্ত কৰিলে নিজৰ গণতান্ত্রিক অধিকাৰ । অৱশ্যে এই হাৰ আৰু অধিক বৃদ্ধি পাব । নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি সন্ধিয়া ৫ বজালৈ ৰাজ্যৰ ১২৬ টা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৮৫.১৩ শতাংশ । নিশালৈ সকলো ভোটকেন্দ্ৰৰ তথ্য আহিলে এই হাৰ ৯০ শতাংশ হোৱাৰ সম্ভাৱনা আছে ।

সন্ধিয়া ৫ বজালৈ ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ভিতৰত দলগাঁও বিধানসভা সমষ্টিত সৰ্বাধিক ৯৪.৫৭ শতাংশ ভোটদান হৈছে । সেইদৰে সৰ্বনিম্ন ৭০.৪৮ শতাংশ ভোটদান হৈছে আমৰি সমষ্টিত । ইফালে কামৰূপ মহানগৰ জিলাৰ পাঁচটা সমষ্টিৰ ভিতৰত দিছপুৰত ৭৩.৯৮ শতাংশ, ডিমৰীয়াত ৮০.৫২ শতাংশ, নিউ গুৱাহাটীত ৭১.২৭ শতাংশ, মধ্য গুৱাহাটীত ৭৫.২৩ শতাংশ আৰু জালুকবাৰী সমষ্টিত ৮০.৮৩ শতাংশ ভোটদান হৈছে ।

Assam Assembly election 2026
ভোটগ্ৰহণ (ETV Bharat Assam)

ৰাজ্যৰ বিভিন্ন ঠাইত ইভিএম মেছিন বিকল হোৱাৰ উপৰি বিভিন্ন ভোটকেন্দ্ৰত ৰিগিং হোৱাৰ অভিযোগ উত্থাপন হৈছে । লগতে ঠায়ে ঠায়ে কেতবোৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰো বাতৰি আহিছে । ইফালে এক বিবৃত্তিযোগে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ গ্ৰহণৰ বাবে ৰাজ্যৰ সকলো নাগৰিকলৈ ধন্যবাদ জনাইছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ।

বিবৃত্তিটোত কোৱা হয় যে আজি সমগ্ৰ ৰাজ্যজুৰি অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সফলতাৰে অনুষ্ঠিত হয় । সমগ্ৰ জিলাৰ পৰা পোৱা তথ্য অনুসৰি সন্ধিয়া ৫ বজালৈ ৮৪.৪২ ভোটদান সম্পন্ন হৈছে বুলি বিবৃত্তিটোত উল্লেখ কৰা হৈছে । ৰাজ্যজুৰি ভোটাৰে গভীৰ উৎসাহেৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে । ঠায়ে ঠায়ে প্ৰতিকূল বতৰকো নেওচি ভোটাৰসকলে উৎসাহেৰে ভোটদান কৰে । ভোটগ্ৰহণৰ অন্তিম সময়ছোৱাতো বহু ভোটকেন্দ্ৰত দীঘলীয়া শাৰী দেখা যায় আৰু ভোটদানৰ চূড়ান্ত পৰিসংখ্যা ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতহে জ্ঞাত হ’ব ।

Assam Assembly election 2026
সপৰিয়ালে ভোটদান মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

নিৰ্বাচনত স্বচ্ছতা আৰু সকলো ভোটাৰৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে সকলো ভোটকেন্দ্ৰত নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল । আইন-শৃংখলা বজাই ৰাখিবলৈ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু জ্যেষ্ঠ নাগৰিক, দিব্যাংগ আৰু অন্যান্য ভোটাৰৰ সুবিধাৰ বাবে উপযুক্ত সহায় আগবঢ়োৱা হৈছিল । ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৰাজ্যৰ সকলো নাগৰিককে তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

Assam Assembly election 2026
ভোটাৰক গছপুলি উপহাৰ (ETV Bharat Assam)

তেওঁ কয় যে গণতন্ত্ৰৰ এই বৃহৎ উৎসৱত নাগৰিকৰ উৎসাহপূৰ্ণ অংশগ্ৰহণৰ বাবে ভোটগ্ৰহণ সফলভাৱে সম্পন্ন কৰা সম্ভৱ হৈছে । ৫ বজাৰ পিছলৈও নিৰ্দিষ্ট স্থানত অলেখ ভোটাৰৰ উপস্থিতিয়ে ভোটদানৰ প্ৰতি ৰাইজৰ সজাগতাকে প্ৰতিপন্ন কৰে বুলিও তেওঁ উল্লেখ কৰে । মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে লগতে কয় যে ভোটগ্ৰহণত নিয়োজিত কৰ্মচাৰী, নিৰাপত্তা বাহিনী আৰু সংশ্লিষ্ট সকলোৰে নিষ্ঠা আৰু অক্লান্ত পৰিশ্ৰমৰ প্ৰশংসা কৰে আৰু তেওঁলোকৰ বাবে শান্তিপূৰ্ণ আৰু সুশৃংখল ভোটগ্ৰহণ সম্ভৱ হৈছে ।

Assam Assembly election 2026
ভোটকেন্দ্ৰত ভোটাৰৰ শাৰী (ETV Bharat Assam)

উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় । ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত অৱতীৰ্ণ হোৱা মুঠ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি বন্দী হ'ল ই ভি এমত । অহা ৪ মে'ত ভোটগণনা অনুষ্ঠিত হ'ব আৰু ঘোষণা হ'ব ফলাফল । এইবাৰৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা ভোটাৰৰ সংখ্যা হৈছে মুঠ ২,৫০,৫৪,৪৬৩ গৰাকী । ইয়াৰে ১,২৫,৩১,৫৫২ জন পুৰুষ, ১,২৫,২২,৫৯৩ গৰাকী মহিলা আৰু ৩১৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

Assam Assembly election 2026
অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ (ETV Bharat Assam)

বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছিল ভোটদান প্ৰক্ৰিয়া । তাৰ পূৰ্বৰে পৰাই ভোটকেন্দ্ৰ সমূহত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয় । সকলোৱে অধিক উৎসাহেৰে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে । ৰাজ্যত মুঠ ৩১৪৯০ টা ভোটকেন্দ্ৰত সম্পন্ন হয় ভোটদান প্ৰক্ৰিয়া । আদৰ্শ ভোটকেন্দ্ৰ আছিল ১২৬ টা আৰু মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ আছিল ৪০২১ টা । সেইদৰে বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা আছিল ১৫ টা । সুকলমে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত এতিয়া অপেক্ষা ভোটগণনালৈ ।

লগতে পঢ়ক:

নিৰ্বাচনী আচৰণ ভংগ: কাৰ্বি আংলঙত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ ভিডিঅ’ ভাইৰেল, প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ

পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজ ওলাই আহিছে : ভোটদানৰ পাছতে গৌৰৱ গগৈৰ এই মন্তব্য