চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্য়ৰে অসমত নতুন ৰাজনৈতিক দল
বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি নতুন ৰাজনৈতিক দলৰ জন্ম । তিতাবৰত প্ৰায় নিশ্চিত দলৰ প্ৰাৰ্থী । ৪০ৰো অধিক সমষ্টিত দিব প্ৰাৰ্থী ।

Published : March 16, 2026 at 6:55 PM IST
যোৰহাট : অহা ৯ এপ্ৰিলত অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ এদিন পিছতে ৰাজ্যত গঠন হ'ল নতুন ৰাজনৈতিক দল । তিতাবৰত দলীয় কৰ্তৃপক্ষই 'জয় ভাৰত পাৰ্টী' নামৰ এই নতুন দলটো ঘোষণা কৰে । ২০২৬ চনৰ নিৰ্বাচনত প্ৰথমবাৰলৈ এই দলটো অৱতীৰ্ণ হ'ব । দল ঘোষণা কৰিয়ে দলৰ শীৰ্ষ নেতাই বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছৰ নেতৃত্ব বিৰোধী ঐক্যক প্ৰত্যাহ্বান জনোৱাৰ দাবী কৰিছে । দলটোৱে ঘোষণা কৰা মতে ৪০ টাৰো অধিক সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । ইতিমধ্যে তিতাবৰ সমষ্টিৰ প্ৰাৰ্থীও প্ৰায় নিশ্চিত হৈছে ।
জানিব পৰা মতে জয় ভাৰত পাৰ্টীৰ হৈ অহা নিৰ্বাচনত তিতাবৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আদিবাসী জনগোষ্ঠীৰ শক্তিশালী নাৰীকণ্ঠ ছ'নিয়া তাঁতীয়ে ।
১০২ নং তিতাবৰ সমষ্টিত এইবাৰ মুঠ ভোটাৰ আছে ২ লাখ ৫১৪ গৰাকী । সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত যোৰহাট আৰু মৰিয়নী সমষ্টিৰ পৰা নতুনকৈ ১২ খন চাহ বাগিচা অন্তৰ্ভুক্ত হোৱাত তিতাবৰ সমষ্টিৰ প্ৰায় ৪৬ খন চাহ বাগিচাৰ ভোটাৰে এইবাৰ নিৰ্বাচনত ল'ব নিৰ্ণায়ক ভূমিকা ।

বিজেপি আৰু কংগ্ৰেছৰ সমান্তৰালভাৱে শেহতীয়াকৈ চাহ জনজাতিৰ উন্নয়ন আৰু আদিবাসী লোকৰ অধিকাৰ আজুৰি আনিবলৈ বাগিচাই বাগিচাই জয় ভাৰত পাৰ্টীয়ে প্ৰস্তুত কৰিছে নিৰ্বাচনৰ ৰণনীতি । শাসকীয় দলৰ টিকটকেন্দ্ৰিক ভিতৰি বিদ্ৰোহ আৰু কংগ্ৰেছৰ ভিতৰচ'ৰাৰ কন্দলৰ লগতে দলত্যাগৰ ৰাজনীতি অব্যাহত থকাৰ মাজতে জয় ভাৰত পাৰ্টী গঠনে তিতাবৰৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অহা নিৰ্বাচনত বিজেপি মিত্ৰজোঁট আৰু বিৰোধী ঐক্যত বাধা হিচাপে দেখা যাব নেকি জয় ভাৰত পাৰ্টীক ? তাক লৈও চৰ্চা অব্যাহত আছে ।

দল ঘোষণাৰ পিছতে এজন নেতাই বিজেপি আৰু কংগ্ৰেছক তীব্ৰ হুংকাৰ দিছে । জয় ভাৰত পাৰ্টীৰ এজন নেতাই কয়, "কংগ্ৰেছ, বিজেপি আৰু অগপই আদিবাসী সমাজক প্ৰতাৰণা কৰিলে । সেয়েহে চাহ জনগোষ্ঠীৰ ভূমি পট্টা, মজুৰি বৃদ্ধি আৰু জনজাতিকৰণ আদিৰ লগতে অসমৰ মূল সমস্যা সমাধানৰ উদ্দেশ্যেৰে ৰাজনীতিৰ পথাৰত আমি যোগ দিছোঁ । ইতিমধ্যে তিতাবৰ সমষ্টিত আমাৰ দলৰ ৩৫ জনীয়া এখন সমিতি গঠন কৰা হৈছে । ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত আমাৰ দলে ৪০ টাৰো অধিক সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব । প্ৰতিটো ৰাজনৈতিক দলে আদিবাসী সমাজক প্ৰৱঞ্চনা কৰি আহিছে । তেওঁলোকক উত্তৰ আৰু প্ৰত্যুত্তৰ দিবলৈ আমি ওলাই আহিছোঁ ।"

বিজেপি চৰকাৰক উদ্দেশ্যি নেতাজনে কয়, "নিৰ্বাচন আহিছে যে সেইকাৰণে মাটিৰ পট্টাৰ কাগজ দিয়া হৈছে । এই বুৰ্বকগিৰি আমি আৰু শিকিবলৈ নাই । তেওঁলোকে সদায় নিৰ্বাচনৰ আগমুহূৰ্তত ঠগাই, এইবাৰ ঠগাব নোৱাৰে । টকা দিয়ক, পইচা দিয়ক আমাৰ আপত্তি নাই । জয় ভাৰত পাৰ্টীক ৰখাবলৈ কোনো নাই ।"
তিতাবৰত মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে হ'ব যদিও জয় ভাৰত পাৰ্টীয়ে তিতাবৰত কেনেকুৱা প্ৰভাৱ পেলাব সেয়া সময়তহে লক্ষণীয় হ'ব ।
লগতে পঢ়ক :

