ETV Bharat / politics

তামিলনাডুত ভোটৰ দিনাই 'চৰকাৰ'ৰ পুনৰাবৃত্তি: ভোটকেন্দ্ৰত ধৰ্ণাত বহিল বালাসুব্ৰমণিয়াম

তামিলনাডুত ঘটিল এক আমোদজনক ঘটনা ৷ পঢ়ক এই প্ৰতিবেদন ৷

A man vote like Sarkar movie
ভোট দিবলৈ আহি হতভম্ব বালাসুব্ৰমণিয়াম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 3:04 PM IST

3 Min Read
Choose ETV Bharat

ৰাণীপেট: তামিলনাডুৰ ২৩৪ খন বিধানসভা আসনৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ এই নিৰ্বাচনত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহি আচৰিত হৈ পৰিল এজন ভোটাৰ ৷ তেওঁৰ সৈতে এনে এক ঘটনা সংঘটিত হ’ল, যিটো ঘটনাই দক্ষিণৰ এখন জনপ্ৰিয় ছবি ‘চৰকাৰ’ৰ এটা দৃশ্যৰ কথা তেওঁক মনত পেলাই দিলে ৷ ৰাণীপেট জিলাৰ ৱালাজাপেটত ভোট দিবলৈ অহা লোকজনে জানিব পাৰে যে তেওঁৰ ভোটটো ইতিমধ্যেই আন কোনোবাই সাব্যস্ত কৰিছে ৷ পৰৱৰ্তী সময়ত অৱশ্যে ‘চৰকাৰ’ৰ কাহিনীভাগৰ দৰেই তেওঁ নিজৰ গণতান্ত্ৰিক ভোটাধিকাৰ সফলতাৰে সাব্যস্ত কৰে ।

দক্ষিণৰ জনপ্ৰিয় অভিনেতা বিজয়ে নায়কৰ চৰিত্ৰত অভিনয় কৰা ‘চৰকাৰ’ ছবিখনৰ দৃশ্যটো আছিল এনেধৰণৰ- বিদেশৰ পৰা ভোট দিবলৈ অহা এজন যুৱকে জানিব পাৰে যে তেওঁৰ ভোট আন এজন ব্যক্তিয়ে দিছে; তাৰ পিছত তেওঁ নিজৰ ভোটাধিকাৰৰ বৈধতা প্ৰদানৰ বাবে আইনী যুদ্ধ কৰে আৰু শেষত ভোটদান কৰাত সফল হয় ।

ৰাণীপেট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৱালাজাপেট পৌৰসভাৰ ১৯ নং ৱাৰ্ডত বৃহস্পতিবাৰে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সময়ত সংঘটিত হয় ‘চৰকাৰ’ ছবিখনৰ দৰেই এক ঘটনা ।

ৱালাজাপেটৰ চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ভোটকেন্দ্ৰত ভোটদানৰ বাবে পৰিয়ালৰ সৈতে উপস্থিত হয় বালাসুব্ৰমণিয়াম নামৰ লোকজন । নিৰ্বাচনী বিষয়াসকলৰ হাতত ভোটাৰ শ্লিপখন দিয়াৰ পাছত তেওঁলোকে পৰীক্ষা কৰি তেওঁক জনায় যে ইতিমধ্যে তেওঁৰ নামত এটা ভোট প্ৰদান কৰা হৈছে । এই কথা শুনি স্তম্ভিত হৈ পৰে বালাসুব্ৰমণিয়াম ৷

লগে লগে তেওঁ নিৰ্বাচনী বিষয়াৰ সৈতে তীব্ৰ তৰ্কত লিপ্ত হয় । খবৰ অনুসৰি তাৰ পিছত তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নোপোৱালৈকে ভোটগ্ৰহণ কেন্দ্ৰ এৰি নাযাওঁ বুলি ঘোষণা কৰে ৷ নিৰ্বাচনী প্ৰক্ৰিয়াত গাফিলতিৰ অভিযোগ তুলি ভোটকেন্দ্ৰৰ চৌহদৰ ভিতৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়ে যুৱকজন ।

পৰিস্থিতি জটিল হৈ পৰাত নির্বাচনী বিষয়াসকল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলায় ৷ সংশ্লিষ্ট নথি-পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰি আচলতে ক’ত কি ভুল হ’ল সেয়া নীৰিক্ষণ কৰে বিষয়াসকলে ৷ প্ৰয়োজনীয় পদ্ধতিগত আনুষ্ঠানিকতা আৰু অধিক পৰীক্ষণ সম্পূৰ্ণ কৰাৰ পিছত বিষয়াসকলে তেওঁক ভোটদানৰ (Tendered vote) অনুমতি প্ৰদান কৰে ।

অৱশেষত বালাসুব্ৰমণিয়ামে ভোটদান কৰিবলৈ সক্ষম হ’ল ৷ নিৰ্বাচনী নিয়মৰ অধীনত যদি কোনো ব্যক্তিৰ ভোট আন এজন ব্যক্তিয়ে প্ৰৱঞ্চনামূলকভাৱে দিয়ে (যাক ‘ভুৱা ভোটিং’ বুলি জনা যায়), তেন্তে বঞ্চিত ব্যক্তিজনক তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ ব্যৱহাৰ কৰিবলৈ ‘আনুষ্ঠানিক আবেদনৰ জৰিয়তে ভোট’ (Tendered vote) দিবলৈ অনুমতি দিয়া হয় ।

ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে বালাসুব্ৰমণিয়াম আৰু তেওঁৰ পৰিয়াল শান্তিপূৰ্ণভাৱে ভোটকেন্দ্ৰৰ পৰা উভতি যায় । তথাপিও তেওঁৰ ভোট ইতিমধ্যে আন ব্যক্তিয়ে প্ৰদান কৰা ঘটনাই ভোটকেন্দ্ৰটোত উপস্থিত থকা আন ভোটাৰসকলৰ মাজত কিছু সময়ৰ বাবে উত্তেজনাৰ সৃষ্টি কৰিছিল ।

জানিব পৰা মতে, নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত সংঘটিত হোৱা পদ্ধতিগত ভুলৰ তদন্তৰ বাবে বৰ্তমান বিষয়াসকলে পৰ্যালোচনা চলাই আছে ।

লগতে পঢ়ক: গণতান্ত্ৰিক অধিকাৰক অগ্ৰাধিকাৰ: ৰভা এৰি ভোটকেন্দ্ৰত দৰা-কইনা