বিয়লি ৫ বজালৈ লখিমপুৰ জিলাত ৮৫ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটগ্ৰহণ
লখিমপুৰ জিলাৰ পাঁচ সমষ্টিত তয়াময়া যুঁজ ৷

Published : April 9, 2026 at 8:05 PM IST
লখিমপুৰ: শান্তিপূৰ্ণভাৱে লখিমপুৰত সমাপ্ত হ'ল ভোটগ্রহণ । বৃহস্পতিবাৰে পুৱা সাত বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি পাঁচ বজাত অন্ত পৰে ৷ বিয়লি পাঁচ বজালৈকে জিলাখনত মুঠ ৮৫ শতাংশ ভোটদান সম্পন্ন হোৱা হোৱা বুলি জানিব পৰা গৈছে ৷ লখিমপুৰ জিলাত পাঁচটা বিধানসভা সমষ্টিত ১ হাজাৰ ৮৯ টা ভোটগ্রহণ কেন্দ্রত ভোটাৰ ৰাইজে সাব্যস্ত কৰে ভোটাধিকাৰ ৷ জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ ২৫ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ভোটাৰ আছিল প্ৰায় আঠ লাখ ৷
উল্লেখ যে, জিলাখনৰ বিহপুৰীয়া সমষ্টিত চাৰিজন প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ সমষ্টিটোত বিজেপি প্ৰাৰ্থী ভূপেন বৰা আৰু বিৰোধী ঐক্য তথা কংগ্রেছ প্ৰাৰ্থী ৰাম নাৰায়ণ ভূঞাৰ মাজত তুমুল যুঁজ হোৱাৰ সম্ভাৱনা আছে । একেদৰে ৰঙানদী সমষ্টিত সৰ্বাধিক ৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । সমষ্টিটোত এনডিএ তথা বিজেপিৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা আৰু বিৰোধী ঐক্য তথা কংগ্রেছ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ মাজত তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱনা আছে ৷
নাওবৈচা সমষ্টিত চাৰিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । সমষ্টিটোত এনডিএ তথা বিজেপিৰ প্ৰাৰ্থী বসন্ত দাস আৰু বিৰোধী ঐক্য তথা কংগ্রেছ প্ৰাৰ্থী জয় প্ৰকাশ দাসৰ মাজত তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱনা আছে । লখিমপুৰ সমষ্টিত এনডিএ তথা বিজেপি প্ৰাৰ্থী মানৱ ডেকা আৰু বিৰোধী ঐক্য তথা কংগ্রেছ প্ৰাৰ্থী ঘন বুঢ়াগোহাঁইৰ মাজত যুঁজ হোৱা সম্ভাৱনা আছে । ঢকুৱাখনা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তিনিগৰাকী প্ৰাৰ্থীয়ে । এই সমষ্টিটোত এনডিএ তথা বিজেপিৰ প্ৰাৰ্থী নৱ দলে আৰু বিৰোধী তথা কংগ্রেছ প্ৰাৰ্থী আনন্দ নৰহৰ মাজত যুঁজ হোৱা সম্ভাৱনা আছে ৷
বিয়লি ৫ বজা পৰ্যন্ত জিলাখনত প্ৰায় ৮৫ শতাংশ ভোটদান হয় । উল্লেখ্য যে, জিলাখনত মুঠ ৪ লাখ ২২ হাজাৰ ২৯৯ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে ৪ লাখ ২০ হাজাৰ ৬৯৬ গৰাকী মহিলা ভোটাৰ আছিল ৷
লগতে পঢ়ক:ভোট দিবলৈ গৈ ঘূৰি নাহিল কমল-দুলাল : ই-ৰিক্সা আৰু ট্ৰাকৰ সংঘৰ্ষই কাঢ়িলে প্ৰাণ

