চুবুৰীয়া ৰাজ্যৰ দখলত আছে অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি: বিধানসভাত মন্ত্ৰী অতুল বৰাৰ তথ্য
অৰুণাচলৰ দখলত ১৬,১৪৪ হেক্টৰ, নাগালেণ্ডৰ দখলত ৫৯,৪৯০ হেক্টৰ, মেঘালয়ৰ দখলত ৩৪৪১ হেক্টৰ আৰু মিজোৰামৰ দখলত আছে ৩৬৭৫ হেক্টৰ অসমৰ ভূমি ।

Published : July 8, 2026 at 7:27 PM IST
গুৱাহাটী: বহু দশক পুৰণি অসমৰে চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদ নিষ্পত্তি কৰিবলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যদিও এই সমস্যাৰ সমাধান এতিয়াও যেন বহু যোজন দূৰৈত । এতিয়াও অসমৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছে ।
চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি দখল কৰি ৰখাৰ তথ্য বুধবাৰে অসম বিধানসভাত পুনৰ উন্মোচিত হয় । সদনত এই তথ্য দাখিল কৰে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ।
সোমবাৰৰ পৰা আৰম্ভ হোৱা ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিবেশনৰ বুধবাৰে তৃতীয় দিনা বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই সদনত দাখিল কৰা তথ্যত স্পষ্টকৈ উন্মোচিত হৈছে চুবুৰীয়া ৰাজ্যৰে থকা অসমৰ কেইবাদশক পুৰণি সীমা বিবাদৰ জটিলতাৰ ছবিখন । সদনত মন্ত্ৰী অতুল বৰাই দিয়া তথ্য অনুসৰি অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে এতিয়াও দখল কৰি আছে অসমৰ মুঠ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি ।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশে শোণিতপুৰ জিলাৰ ১০ হেক্টৰ, বিশ্বনাথ জিলাৰ ৪৭৫৬ হেক্টৰ, লখিমমপুৰ জিলাৰ ২৪৩৫ হেক্টৰ, ধেমাজি জিলাৰ ৯৯২ হেক্টৰ, তিনিচুকীয়া জিলাৰ ৭২৩৯ হেক্টৰ, ডিব্ৰুগড় জিলাৰ ১০ হেক্টৰ আৰু চৰাইদেউ জিলাৰ ৬০২.০১১৭ হেক্টৰসহ মুঠ ১৬১৪৪.০১১৭ হেক্টৰ ভূমি বেদখল কৰি ৰাখিছে ।

সেইদৰে নাগালেণ্ডে যোৰহাট জিলাৰ ১৪০৭৯.১৪ হেক্টৰ, শিৱসাগৰ জিলাৰ ৮৮২৯ হেক্টৰ, গোলাঘাট জিলাৰ ৩৬২৯৪.০৭ হেক্টৰ আৰু চৰাইদেউ জিলাৰ ২৮৮ হেক্টৰসহ মুঠ ৫৯৪৯০.২১ হেক্টৰ অসমৰ ভূমি বেদখল কৰি আছে ।
চুবুৰীয়া ৰাজ্য মেঘালয়ে গোৱালপাৰা জিলাৰ ৩৩.৮১৫৬ হেক্টৰ, কাছাৰ জিলাৰ ৬২০.০১১৭ হেক্টৰ, কামৰূপ গ্ৰাম্য জিলাৰ ৮০২.৬৮২৩ হেক্টৰ, দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ ৩.৩৫.৫ হেক্টৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ২০০০ হেক্টৰসহ মুঠ ৩৪৪১.৮৬০১ হেক্টৰ অসমৰ ভূমি বেদখল কৰি ৰাখিছে ।
মিজোৰামে হাইলাকান্দি জিলাৰ ১০২৩.৫০ হেক্টৰ, শ্ৰীভূমি জিলাৰ ৩৭৭.৫৮ হেক্টৰ আৰু কাছাৰ জিলাৰ ২২৭৪.৭০ হেক্টৰসহ মুঠ ৩৬৭৫.৭৮ হেক্টৰ অসমৰ ভূমি বেদখল কৰি আছে । অৰ্থাৎ চুবুৰীয়া এই চাৰি ৰাজ্যই অসমৰ মুঠ ৮২৭৫১.৮৬১৮ হেক্টৰ ভূমি বেদখল কৰি আছে ।
অৱশ্যে চুবুৰীয়া ৰাজ্যৰে অসমৰ সীমা বিবাদ নিস্পত্তিৰ বাবে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত আলোচনাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি থকা বুলি সদনত উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই । সদনত এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয়, ‘‘অসমৰ সৈতে চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদৰ ক্ষেত্ৰত অসম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ৰ উপদেশমর্মে মেঘালয় চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত দ্বি-পাক্ষিক বুজাবুজি চুক্তিৰ জৰিয়তে সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা হাতত লৈছে । অসম-মেঘালয়ৰ মাজত ১২ টা এলেকাৰ সীমা বিবাদ আছে । সেই এলেকা কেইটা হৈছে ক্ৰমে - তাৰাবাৰী, গিজাং, হাঁহিম, লাম্পি, বৰদুৱাৰ, বকলাপাৰা, নংৱা-মৌতামুৰ(গড়ভঙা), খানাপাৰা-পিলিংকাটা, দেশডুমৰীয়া, ব্লক-১ আৰু ব্লক-২, পিচিয়াৰ-খান্দুলী আৰু ৰাতাচেৰা । এই ১২ টা এলেকাৰ প্ৰথম পর্য্যায়ত ৬টা অঞ্চল ক্ৰমে তাৰাবাৰী, হাঁহিম, গিজাং, বকলাপাৰা, খানাপাৰা-পিলিংকাটা, ৰাতাচেৰাৰ বাবে দুয়োখন ৰাজ্যই ৩ খনকৈ আঞ্চলিক কমিটী গঠন কৰি দুয়োখন ৰাজ্যৰে পাৰস্পৰিক আঞ্চলিক কমিটীবোৰে সীমান্ত এলেকাসমূহ যুটীয়াভাৱে পৰিদৰ্শন আৰু স্থানীয় লোকৰ সৈতে আলোচনা কৰি কমিটীবোৰৰ পাৰস্পৰিক মত বিনিময়েৰে নিজ নিজ চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে । তাৰপিছত দুয়োখন চৰকাৰৰ যুটীয়া সিদ্ধান্তমর্মে আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা লৈছে । সেইমর্মে মেঘালয়ে দাবী কৰা ১২ টা অঞ্চলৰ ভিতৰত প্ৰথম পৰ্যায়ত ওপৰোক্ত ৬ টা অঞ্চলৰ বাবে ২০২২ চনৰ ২৯ মাৰ্চত ভাৰত চৰকাৰৰ কেন্দ্রীয় গৃহমন্ত্রীৰ উপস্থিতিত নতুন দিল্লীত বুজাবুজিৰ চুক্তি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয়ে স্বাক্ষৰ কৰে ।’’
মন্ত্ৰী বৰাই লগতে কয়, ‘‘পৰৱৰ্তী সময়ত দুয়ো ৰাজ্যৰ সহমতত ভাৰতীয় জৰীপ বিভাগে দুয়ো ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত হাঁহিম এলেকাৰ যুটীয়া জৰীপ আৰু সীমাৰ খুঁটা পোতাৰ কাম সম্পূৰ্ণ কৰা হৈছে । তেনেকৈ গিজাং এলেকাৰ যুটীয়া জৰীপ আৰু সীমাৰ খুটা পোতাৰ কাম বৰ্তমান শেষ পর্যায়ত আছে । তাৰাবাৰী এলেকাৰ বাবে মেঘালয় চৰকাৰে সমন্ধয় বিষয়াই হাতত লোৱা যাৱতীয় কাৰ্যৰ প্ৰতিবেদন পৰীক্ষণ কৰাৰ পাছত তাৰাবাৰী এলেকাৰ সীমা নির্ধাৰণ ব্যৱস্থা হাতত লোৱা হ’ব । বকলাপৰা এলেকাৰ চৰজমিন স্থিতি নিৰূপণৰ বাবে ৰাভা হাছং স্বায়ত্ব পৰিষদক দায়িত্ব দিয়া হৈছে ৷ তেওঁলোকৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰা হৈছে । ৰাতাচেৰা এলেকাৰ বাবে সীমা নির্ধাৰণ কৰি মেঘালয় চৰকাৰৰ সহমতৰ বাবে প্ৰস্তাৱ পঠিওৱা হৈছে । মেঘালয় চৰকাৰৰ উত্তৰৰ বাবে অপেক্ষাৰত । খানাপাৰা-পিলিংকাটা এলেকাৰ সহমতৰ সীমা নির্ধাৰণৰ বাবে দুয়োৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত এচঅ’আই-ৰ দ্বাৰা যুটীয়া জৰীপ কৰি থকা হৈছে । বাকী থকা ৬ টা বিবাদমান অঞ্চল লামপী, দেশডুমৰীয়া, বৰদূৱাৰ, নংৱা-মউতামুৰ (গড়ভঙা), ব্লক-১ আৰু ব্লক-২ আৰু পিচিয়াৰ-খান্দুলীৰ বাবেও ৩ খনকৈ আঞ্চলিক কমিটি দুয়োখন ৰাজ্যই গঠন কৰিছে । এই আঞ্চলিক কমিটি সমূহে পাৰস্পৰিক ভাবে আলোচনা কৰি আৰু স্থান সমূহ যুটীয়া ভাবে পৰিদৰ্শন কৰি স্থানীয় লোকৰ লগত আলোচনা মর্মে সীমা সমস্যা সমাধান কৰিবলৈ ব্যৱস্থা লোৱা হৈছে ।’’
আনহাতে, অৰুণাচলৰ প্ৰসংগত মন্ত্রীগৰাকীয়ে কয়, ‘‘অসম অৰুণাচল প্ৰদেশৰ মুঠ ৮০৪.১০ কিলোমিটাৰ দৈৰ্ঘৰ সীমা বিবাদ নিষ্পত্তি কৰিবলৈ দুয়োখন ৰাজ্যৰ চৰকাৰে ১২ খনকৈ আঞ্চলিক কমিটী গঠন কৰে । দুয়োখন ৰাজ্যৰে পাৰস্পৰিক আঞ্চলিক কমিটীবোৰে সীমান্ত এলেকাসমূহ যুটীয়াভাৱে পৰিদৰ্শন আৰু স্থানীয় লোকৰ লগত আলোচনাৰ লগতে কমিটীবোৰৰ পাৰস্পৰিক মত বিনিময়ৰ দ্বাৰা আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা লোৱা হৈছে । সেইমর্মে অৰুণাচল প্রদেশে দাবী কৰা ১২৩ খন গাঁৱৰ ওপৰত যোৱা ২০২৩ চনৰ ২০ এপ্ৰিলত কেন্দ্ৰীয় গৃহমন্ত্রীৰ উপস্থিতিত নতুন দিল্লীত বুজাবুজিৰ চুক্তি কৰা হয় । তাৰোপৰি ১২৩ খন গাঁৱৰ উপৰি আগতে জৰীপ নোহোৱা এলেকাসমূহৰ যুটীয়া সীমা জৰীপ কৰিবলৈ ব্যৱস্থা লোৱা হৈছে । সেই মর্মে সীমা বিবাদ নিষ্পত্তি কৰিবলৈ খণ্ড খণ্ড কৈ আন্তঃৰাজ্যিক সীমাৰ মুঠ ২৯১.০৮ কিলোমিটাৰ অংশ দুয়োখন ৰাজ্যৰ সহমতত নিশ্চিত কৰা হৈছে । ইয়াৰে মুঠ ১৪৯.৬১ কিলোমিটাৰ দৈৰ্ঘৰ সীমা দুয়ো ৰাজ্যৰ প্ৰতিনিধি উপস্থিতিত চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ১০ জুনলৈ যুটীয়াভাৱে ভাৰতীয় জৰীপ বিভাগ(এছঅ’আই) ৰ দ্বাৰা নিৰ্ধাৰণ কৰা হৈছে । বাকী থকা অংশৰ জৰীপৰ কাৰ্য বর্ষা ঋতুৰ পিছত কৰা হ’ব ।’’
মন্ত্ৰী অতুল বৰাই লগতে অসম আৰু মিজোৰাম ৰাজ্যৰ ক্ষেত্ৰত মিজোৰামে দাবী কৰা ভূমি এলেকাৰ সীমা সমস্যা নিষ্পত্তি কৰিবলৈ দুয়োখন ৰাজ্যৰ মাজত ভিন্ন পৰ্যায়ত আলোচনা চলি আছে বুলি সদনত সদৰী কৰে । একেদৰে অসম-নাগালেণ্ড ৰাজ্যৰ ক্ষেত্ৰত সীমা সমস্যা নিষ্পত্তি কৰিবলৈ উচ্চতম ন্যায়ালয়ত অসম চাৰকাৰে নথিভুক্ত কৰা গোচৰ বৰ্তমান O.S. No. 02 of 1988 বিচাৰাধীন হৈ আছে । তাৰোপৰি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ মাজত সৌহাদ্যমূলক আলোচনা চলি আছে বুলি উল্লেখ কৰে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ।’’
লগতে পঢ়ক: আটাইতকৈ ডাঙৰ 'কালেকশ্ব'ন মাষ্টাৰ' কোন ? ক'লে বিধায়ক অখিল গগৈয়ে

