ETV Bharat / politics

উখল-মাখল কংগ্ৰেছৰ ৰাজীৱ ভৱন: প্ৰাৰ্থিত্বৰ বাবে ৭৯০ আবেদনত প্ৰায় ৪ কোটি সংগ্ৰহ

প্ৰতিগৰাকী আবেদনকাৰীৰ ৫০,০০০ টকাকৈ আবেদন মাচুল ধৰি মুঠ ৩.৯৫ কোটি টকা সংগ্ৰহ কংগ্ৰেছৰ ।

APCC candidature application
উখল-মাখল কংগ্ৰেছৰ ৰাজীৱ ভৱন: প্ৰাৰ্থিত্বৰ বাবে ৭৯০ আবেদনত প্ৰায় ৪ কোটি সংগ্ৰহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 28, 2026 at 9:10 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক মিঞা মুছলমানৰ দল বুলি অভিহিত কৰিব খুজিলেও কিন্তু বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱন উখল-মাখল হ’ল ভোৰতাল নৃত্য, তিৱা নৃত্যৰ লগতে বিহুনাচ আদি খিলঞ্জীয়া কৃষ্টিৰ প্ৰদৰ্শনেৰে । প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমৰ্থকে গীত-মাতেৰে মুখৰিত কৰি তুলিলে কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ।

৭৯০ খন আবেদন : ৩.৯৫ কোটি টকা মাচুল সংগ্ৰহ

বিধানসভা নিৰ্বাচন ২০২৬ৰ প্ৰাৰ্থিত্বক লৈ উখল-মাখল অসম কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন । ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্বৰ বাবে আবেদনৰ অন্তিম তাৰিখ আছিল ২৮ জানুৱাৰী, বুধবাৰ । সেয়ে আবেদন দাখিলৰ শেষৰ দিনটোতো দেখা গ’ল প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ ।

উখল-মাখল কংগ্ৰেছৰ ৰাজীৱ ভৱন: প্ৰাৰ্থিত্বৰ বাবে ৭৯০ আবেদনত প্ৰায় ৪ কোটি সংগ্ৰহ (ETV Bharat Assam)

৫ জানুৱাৰীত আৰম্ভণি হোৱা প্ৰাৰ্থিত্বৰ বাবে আবেদনৰ শেষৰ দিনটোলৈ মুঠ ৭৯০ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে ৷ প্ৰতিগৰাকী আবেদনকাৰীয়ে জমা দিছে ৫০,০০০ টকাকৈ আবেদন মাচুল । সেই অনুসৰি মুঠ ৩.৯৫ কোটি টকা কেৱল প্ৰাৰ্থিত্বৰ আবেদনৰ পৰা জমা হৈছে কংগ্ৰেছৰ ।

APCC candidature application
উখল-মাখল কংগ্ৰেছৰ ৰাজীৱ ভৱন: প্ৰাৰ্থিত্বৰ বাবে ৭৯০ আবেদনত প্ৰায় ৪ কোটি সংগ্ৰহ (ETV Bharat Assam)

এই তথ্য জনাইছে প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ হেমহৰি পেগুৱে ৷ শেষৰ দিনটোতো কেইবাগৰাকীও গুৰুত্বপূৰ্ণ নেতাই কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন জনায় । তেওঁলোকৰ ভিতৰত জ্যেষ্ঠ কংগ্ৰেছী নেতা দুৰ্লভ চমুৱা, নৱ তালুকদাৰ আদিয়েও আবেদন দাখিল কৰে ।

APCC candidature application
উখল-মাখল কংগ্ৰেছৰ ৰাজীৱ ভৱন: প্ৰাৰ্থিত্বৰ বাবে ৭৯০ আবেদনত প্ৰায় ৪ কোটি সংগ্ৰহ (ETV Bharat Assam)

পাহাৰৰ মানুহে এইবাৰ বিজেপিক উচিত প্ৰত্যুত্তৰ দিব

নৱগঠিত নিউ গুৱাহাটী সমষ্টিৰ বাবে আবেদন দাখিল কৰিলে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নৱ তালুকদাৰে । দলে-বলে সমৰ্থক আৰু সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শনেৰে আবেদন দাখিল কৰি নৱ তালুকদাৰৰ মন্তব্য, “কেৱল নিউ গুৱাহাটীতেই নহয়, সমগ্ৰ গুৱাহাটীবাসীয়ে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে ৷ গুৱাহাটীখন পাহাৰেৰে আৱৰা ৷ গুৱাহাটীত কেৱল ফ্লাই অ'ভাৰ বনালে ৷ কিন্তু বিপৰীতে পাহাৰৰ মানুহখিনিৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে একো নকৰিলে ৷ পাহাৰৰ মানুহখিনিয়ে এইবাৰ বিজেপিক উচিত প্ৰত্যুত্তৰ দিব ৷”

APCC candidature application
উখল-মাখল কংগ্ৰেছৰ ৰাজীৱ ভৱন: প্ৰাৰ্থিত্বৰ বাবে ৭৯০ আবেদনত প্ৰায় ৪ কোটি সংগ্ৰহ (ETV Bharat Assam)

বিজেপিৰ ভ্ৰষ্ট্ৰাচাৰ আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ২০২৬ত এইবাৰ কংগ্ৰেছৰ চৰকাৰ নিশ্চিতভাৱে গঠন হ’ব বুলি দৃঢ়ভাৱে মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷

APCC candidature application
উখল-মাখল কংগ্ৰেছৰ ৰাজীৱ ভৱন: প্ৰাৰ্থিত্বৰ বাবে ৭৯০ আবেদনত প্ৰায় ৪ কোটি সংগ্ৰহ (ETV Bharat Assam)

ছয় জনগোষ্ঠীক বিজেপিৰ প্ৰতাৰণা : কংগ্ৰেছ নাহিলে অসম ত্ৰিপুৰা হ’ব

APCC candidature application
উখল-মাখল কংগ্ৰেছৰ ৰাজীৱ ভৱন: প্ৰাৰ্থিত্বৰ বাবে ৭৯০ আবেদনত প্ৰায় ৪ কোটি সংগ্ৰহ (ETV Bharat Assam)

আনহাতে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগৰে নগাঁও বটদ্ৰৱা আৰু বঢ়মপুৰ সমষ্টিৰ বাবে আবেদন কৰিবলৈ সমৰ্থকসহ ঢোলে-দগৰে আহে প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা ৷ জনজাতিকৰণৰ নামত ছয় জনগোষ্ঠীক বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ চমুৱাৰ ৷ একালৰ প্ৰভাৱশালী নেতা দুৰ্লভ চমুৱা আছিল নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক । সক্ৰিয় ৰাজনীতিৰ পৰা প্ৰায় অৱসৰ লৈছিল যদিও ২০২৬ৰ বাবে কঁকালত টঙালি বান্ধি চমুৱাই দিলে তিনিটাকৈ সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন।

APCC candidature application
উখল-মাখল কংগ্ৰেছৰ ৰাজীৱ ভৱন: প্ৰাৰ্থিত্বৰ বাবে ৭৯০ আবেদনত প্ৰায় ৪ কোটি সংগ্ৰহ (ETV Bharat Assam)

বঢ়মপুৰ, ধিং-বট্টদ্ৰৱা আৰু নগাঁও - এই তিনিটা সমষ্টিৰ বাবে আবেদন দাখিল কৰি চমুৱাই কয় যে দলীয় নেতৃত্বই যি সিদ্ধান্ত দিয়ে তাতেই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁ প্ৰস্তুত ৷ দুৰ্লভ চমুৱাৰ মন্তব্য, অসমখন ত্ৰিপুৰাৰ লেখীয়া নহ’বলৈ হ’লে অসমত পুনৰ কংগ্ৰেছ আহিব লাগিব ৷

APCC candidature application
উখল-মাখল কংগ্ৰেছৰ ৰাজীৱ ভৱন: প্ৰাৰ্থিত্বৰ বাবে ৭৯০ আবেদনত প্ৰায় ৪ কোটি সংগ্ৰহ (ETV Bharat Assam)
লগতে পঢ়ক :গৌৰৱ গগৈৰ ভূতে খেদি থাকে মুখ্যমন্ত্ৰীক, সাহস আছে যদি গৌৰৱৰে টিভিত বহক : মুখ্যমন্ত্ৰীলৈ কংগ্ৰেছৰ আহ্বান
লগতে পঢ়ক :নিৰ্বাচনত কংগ্ৰেছৰ অৱস্থা বহুত বেয়া হ'ব : মুখ্যমন্ত্ৰী