৪৫৮ টা নতুন গোচৰ, ১৮১ খন এজাহাৰ আৰু ৫৯ টা পুৰণি বন্ধ হোৱা গোচৰৰ নতুন তদন্ত; ক'ত?
শুভেন্দু অধিকাৰী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰে শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ পিছতে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ নিৰ্বাচনোত্তৰ হিংসা হ্ৰাস কৰাৰ উদ্দেশ্যে চৰকাৰৰ এই পদক্ষেপ গ্ৰহণ ৷

By ANI
Published : May 18, 2026 at 12:09 PM IST
কলকাতা(পশ্চিমবংগ): পশ্চিমবংগত এইবাৰৰ নিৰ্বাচনত কেইবাটাও হিংসাত্মক ঘটনাৰ সাক্ষী হৈ ৰয় ৰাজ্যখনৰ জনসাধাৰণ ৷ নিৰ্বাচন শেষ হোৱাৰ পিছতো ৰাজ্যখনত এনে বহু হিংসাত্মক ঘটনা ঘটে ৷ প্ৰাক নিৰ্বাচনী হিংসাৰ পৰা আৰম্ভ কৰি নিৰ্বাচনোত্তৰ হিংসা চলি থকাৰ মাজতে পশ্চিমবংগত গঠন হ’ল নতুন চৰকাৰ ৷ প্ৰথমবাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰা পশ্চিমবংগত মুখ্যমন্ত্ৰীৰ পদ চম্ভালিলে শুভেন্দু অধিকাৰীয়ে ৷
পশ্চিমবংগত ২০২১ চনৰ নিৰ্বাচনৰ পিছত সংঘটিত হিংসাত্মক ঘটনাৰ বিষয়টো পুনৰায় চৰ্চালৈ আহিছে ৷ ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰশাসনে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ ভবা মতেই কাম ৷ ৰাজ্যখনত সংঘটিত ৪৫৮ টা নতুন গোচৰৰ তদন্ত আৰম্ভ কৰা হৈছে ৷ বাকী ১৮১ খন এজাহাৰ দাখিল কৰাৰ লগতে ৫৯ টা পুৰণি বন্ধ হোৱা গোচৰৰ তদন্ত নতুনকৈ আৰম্ভ কৰা হৈছে ৷ এই প্ৰক্ৰিয়া সম্প্ৰতি অব্যাহত আছে ৷

শুভেন্দু অধিকাৰী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰে শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ পিছতে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ ২০২১ চনত নিৰ্বাচনোত্তৰ হিংসাক কেন্দ্ৰ কৰি ৰাজ্যখনত সংঘটিত যিবোৰ অমীমাংসিত আৰু পঞ্জীয়নভুক্ত গোচৰ আজিও আছে, সেইবোৰক ভাৰতীয় ন্যায় সংহিতাৰ আওতালৈ আনিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগ আৰক্ষীক নিৰ্দেশ দিছে ৷
কোনো প্ৰমাণ নথকাৰ পিছতো ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালসমূহক এনে অভিযোগ দাখিল কৰাৰ বাবে আগবাঢ়ি আহিবলৈ মুখ্যমন্ত্ৰী অধিকাৰীয়ে আহ্বান জনাইছে ৷ আৰক্ষীয়ে এনেধৰণৰ তদন্তত মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাসো প্ৰদান কৰে ৷
সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত ৰাজ্যখনত বিজেপিয়ে জয়লাভ কৰিছিল ৷ গেৰুৱা দলটোৰ জয়ৰ পিছত শুভেন্দু অধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব লয় ৷ তাৰপাছৰে পৰা ধন দাবী, হিংসা আৰু ভূমি দখল সম্পৰ্কীয় অভিযোগত তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ তাৰমাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশনাও জাৰি কৰিছে ৷
মুখ্যমন্ত্ৰী অধিকাৰীৰ এনে কঠোৰ পদক্ষেপৰ মাজতে তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰে ৷ বেনাৰ্জীয়ে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ভোটগণনাত বিজেপিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৷
এক্সৰ এটা পোষ্টত বেনাৰ্জীয়ে এনে হিংসাত্মক ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি শোকপ্ৰকাশ কৰে ৷ লগতে অভিযোগ কৰে যে কেন্দ্ৰীয় বাহিনীসমূহ এনে কাণ্ডৰ সময়ত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছিল ৷ বেনাৰ্জীয়ে কেইবাটাও সমষ্টিৰ ভোটগণনা কেন্দ্ৰৰ পৰা টিএমচিৰ প্ৰাৰ্থী আৰু ভোটগণনাকাৰী এজেণ্টক বিজেপিয়ে বলপূৰ্বকভাৱে আঁতৰোৱাৰ অভিযোগো উত্থাপন কৰে ।
To every soldier of the Trinamool Congress family, I thank you from the bottom of my heart for your courage, resilience, and relentless fight for justice. Despite an extremely difficult and compromised election, you never gave up hope.
— Abhishek Banerjee (@abhishekaitc) May 14, 2026
Our candidates and counting agents were… pic.twitter.com/OiOLdvMDk0
এইবাৰৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলি ৰাজহুৱা স্বাৰ্থজড়িত আবেদন(পিআইএল) ৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুজয় পালৰ সন্মুখত হাজিৰ হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । বেনাৰ্জীয়ে আদালতত ৰাজ্যখনৰ জনসাধাৰণৰ তাৎক্ষণিক সুৰক্ষাৰ দাবী তুলি বিজেপি কৰ্মীসকলে কৰা ‘গুণ্ডাগিৰি’ আৰু অগ্নিসংযোগৰ ঘটনাৰ অভিযোগ উত্থাপন কৰে ।
আদালতৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে এনেদৰে কয়, ‘‘তেওঁলোকে আৰক্ষীৰ সন্মুখতে গুণ্ডাগিৰি আৰু অগ্নিসংযোগৰ দৰে কাৰ্য সংঘটিত কৰিছিল ৷ এই পৰিস্থিতিৰ পৰা কোনো শিশু, প্ৰাপ্তবয়স্ক আৰু মহিলাও সাৰি যোৱা নাই । আমাৰ ১০ গৰাকী কৰ্মচাৰীক হত্যা কৰা হৈছে ।’’
উল্লেখ্য যে, চলিত বৰ্ষত ২৯৪ খন আসনৰ বাবে পশ্চিমবংগ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ এই নিৰ্বাচনত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি প্ৰথমবাৰৰ বাবে ৰাজ্যখনত চৰকাৰ গঠন কৰি তৃণমূল কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ অন্ত পেলায় । এই নিৰ্বাচনত তৃণমূল কংগ্ৰেছে মাত্ৰ ৮০ খন আসনহে লাভ কৰে ৷
লগতে পঢ়ক: কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ ভিডি সতীশনৰ

