ETV Bharat / politics

বৰাক উপত্যকাৰ অসম সচিবালয়ৰ পৰা চলিব ৩২ টা বিভাগৰ কাম-কাজ : মুখ্যমন্ত্ৰী

২১ আগষ্টত জাৰি কৰা এই অধিসূচনাখন তাৎক্ষণিকভাৱে কাৰ্যকৰীৰ লগতে শিলচৰৰ প্ৰশাসনিক প্ৰতিষ্ঠানৰ পৰা হ'বলগীয়া বিভাগসমূহৰ ৰূপৰেখা উল্লেখ কৰা হৈছে ।

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (X@aboyobbhuyan)
author img

By ETV Bharat Assamese Team

Published : August 25, 2026 at 11:37 AM IST

|

Updated : August 25, 2026 at 12:02 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমবিকাশৰ বাবে ৰাজ্য় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্য়মত পোষ্ট কৰিছে ৷

সমবিকাশৰ অংশৰূপে বৰাক উপত্যকাত থকা মিনি সচিবালয়ৰ নাম সলনি কৰি অসম সচিবালয়, বৰাক উপত্য়কা কৰা হৈছে ।

অসম সচিবালয়, বৰাক উপত্য়কা প্ৰস্তাৱত শেহতীয়াকৈ কেবিনেটে অনুমোদন জনোৱাৰ বিষয়ে উল্লেখ কৰি সামাজিক মাধ্য়ম 'এক্স'ত এটা পোষ্টত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিলচৰৰ লোকসকলে এতিয়াৰে পৰাই সম্পূৰ্ণ কাৰ্যক্ষম অসম সচিবালয় চৌহদত তেওঁলোকৰ সকলো চৰকাৰী সেৱা অতি সহজে লাভ কৰিব পাৰিব বুলি মন্তব্য় কৰে ।

মুখ্য়মন্ত্ৰীগৰাকীয়ে ইতিমধ্য়ে এই সন্দৰ্ভত মন্তব্য কৰি বৰাক উপত্যকাত থকা মিনি সচিবালয়ৰ নাম সলনি কৰি অসম সচিবালয়, বৰাক প্ৰস্তাৱত অনুমোদন কৰা হৈছে বুলি ঘোষণা কৰিছে । ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰৰ ৫৯ টা বিভাগৰ ভিতৰত ৩২ টা বিভাগৰ কাম-কাজ অসম সচিবালয়, বৰাক উপত্যকাৰ পৰা পৰিচালনা কৰাৰ বাবে নীতি-নির্দেশনা প্ৰস্তুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ঘোষণা কৰিছে ।

সামাজিক মাধ্য়ম 'এক্স'ত এটা পোষ্টত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়, "বৰাক উপত্যকাৰ আমাৰ লোকসকলে এতিয়াৰে পৰা শিলচৰৰ সম্পূৰ্ণ কাৰ্যক্ষম অসম সচিবালয় চৌহদত তেওঁলোকৰ সকলো চৰকাৰী সেৱা অতি সহজে লাভ কৰিবলৈ সক্ষম হ'ব । "

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়,"বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমবিকাশ নিশ্চিত কৰাৰ বাবে আমি গ্ৰহণ কৰা বহু পদক্ষেপৰ ভিতৰত এয়া কেৱল এটাহে মাত্ৰ ।"

উল্লেখ্য় যে বৰাক উপত্যকা শাখাৰ পৰা পৰিচালনা কৰাৰ বাবে নীতি-নির্দেশনা চৰকাৰে ইতিমধ্য়ে প্ৰস্তুত কৰিছে । যোৱা ২১ আগষ্টত জাৰি কৰা এই অধিসূচনাখন তাৎক্ষণিকভাৱে কাৰ্যকৰীৰ লগতে শিলচৰৰ প্ৰশাসনিক প্ৰতিষ্ঠানৰ পৰা হ'বলগীয়া বিভাগসমূহৰ ৰূপৰেখা উল্লেখ কৰা হৈছে । এই বিভাগসমূহৰ ভিতৰত মুখ্যমন্ত্ৰী সচিবালয়, সাধাৰণ প্ৰশাসন, কৃষি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাজহুৱা কাম, গৃহ আৰু নগৰ পৰিক্ৰমা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৰিবহণ, জলসম্পদ,উচ্চ শিক্ষা, বিদ্যালয় শিক্ষা, শক্তি, পৰিৱেশ আৰু বন, খাদ্য আৰু অসামৰিক যোগানৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ অন্তৰ্ভুক্ত কৰা হৈছে । এতিয়াৰে পৰা এই বিভাগসমূহৰ কামকাজ শিলচৰৰ পৰাও পৰিচালিত হ'ব ।

লগতে পঢ়ক:মহিলাৰ সম অধিকাৰৰ কথাৰে 'হিন্দু ধৰ্ম'ক আক্ৰমণ নকৰিবলৈ ৰাহুল গান্ধীক সকীয়নি মুখ্যমন্ত্ৰীৰ

গুৱাহাটী ৰিং ৰোড, গহপুৰ-নুমলীগড় সুৰংগ আদি বিষয়ত গাডকাৰীৰে আলোচনা মুখ্যমন্ত্ৰীৰ

Last Updated : August 25, 2026 at 12:02 PM IST