ETV Bharat / politics

চাহ শ্ৰমিকৰ সন্তানৰ বাবে গ্ৰেড-১ আৰু গ্ৰেড-২ চাকৰিত ৩ শতাংশ সংৰক্ষণ : কেবিনেটৰ সিদ্ধান্ত

বিধানসভা চৌহদত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক । বৈঠকৰ সিদ্ধান্ত ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে ।

3 percent reservation in Grade 1 and Grade 2 jobs for children of tea workers
কেবিনেটৰ সিদ্ধান্ত ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 8:13 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত ৩২ লাখ মহিলাক ১০ হাজাৰ টকাৰ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰা হৈছে । কেবিনেটে ৩২ লাখৰ সংখ্যাটো বঢ়াই নতুন ১ লাখ ৩ হাজাৰ ৫০০ হিতাধিকাৰীক অনুমোদন জনায় । ইয়াৰ ফলত যিসকল মহিলাই এই ধন পাব লাগিছিল, কিবা কাৰণত বঞ্চিত হৈ আছিল, তেওঁলোকে এই ধন পোৱাৰ পথ প্ৰশস্ত হ’ল । এই কথা সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

অসম বিধানসভাৰ অধিৱেশনৰ মঙলবাৰে দ্বিতীয় দিনা বিধানসভা চৌহদত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।

কেবিনেটৰ সিদ্ধান্ত ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে কয়,"কেবিনেটে চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে গ্ৰেড ১ আৰু গ্ৰেড ২ চাকৰিতো ৩ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ ফলত এ চি এছ আৰু এ পি এছ অফিচাৰৰ পৰা অধ্যাপক-অধ্যাপিকালৈ চাহ বাগিচাৰ শ্ৰমিকৰ সন্তানৰ বাবে ৩ শতাংশ পদ সংৰক্ষণৰ পথ প্ৰশস্ত হ’ল । অহাবাৰ এ চি এছ পৰীক্ষাৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ’ব । বাকী পদসমূহৰ ক্ষেত্ৰত আজিৰ পৰা যি বিজ্ঞাপন ওলায় তাত এই ৩ শতাংশ সংৰক্ষণ কাৰ্যকৰী হ’ব । আনহাতে মিছন বসুন্ধৰাৰ অধীনত কেইবাখনো জিলাত ভূমি পট্টাৰ বিষয়ত কেবিনেটে অনুমোদন জনায় ।"

3 percent reservation in Grade 1 and Grade 2 jobs for children of tea workers
বিধানসভা চৌহদত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক (ETV Bharat Assam)

কেবিনেটৰ সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,"ধেমাজিত অসম ক্ৰিকেট সন্থাই এখন ষ্টেডিয়াম নিৰ্মাণ কৰিব । তাৰ বাবে কেবিনেটত ৩১ বিঘা মাটিত অনুমোদন জনোৱা হয় । অসমৰ কাৰ্বি আংলং জিলাত স্থাপন হ’ব দ্বিতীয়খন সৈনিক স্কুল । যাৰ বাবে কেবিনেটে ৩৩৫ কোটি টকাৰ অনুমোদন জনায় । কেবিনেটে 'বৰভেটি চৌহদ, যোৰহাটৰ সংহত উন্নয়ন নির্মাণ' প্ৰকল্পৰ বাবে ১৯.৫৯ কোটি টকাৰ অনুমোদন জনায় । কেবিনেটে বিদ্যালয় শিক্ষা বিভাগৰ অধীনত শিক্ষকসকলৰ আৰ্জিত ছুটী বছৰি ১০ দিনৰ পৰা ১৫ দিনলৈ বৃদ্ধি কৰে ।"

তেওঁ পুনৰ কয়,"কার্বি আংলং জিলাৰ লাংৱকুত নির্মাণ হ'বলগীয়া সৈনিক স্কুলৰ বাবে পুঁজি ১০০ কোটিৰ পৰা বৃদ্ধি কৰি ৩৩৫.৮৭ কোটি টকালৈ সংশোধিত প্রশাসনিক অনুমোদন জনাইছে । কেবিনেটে সেৱা সেতু, মিছন বসুন্ধৰা ২.০ আৰু বসুন্ধৰা প'ৰ্টেলৰ অধীনত ১০খন জিলাৰ ৩১৯টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক গৃহ নিৰ্মাণৰ উদ্দেশ্যে চৰকাৰী খাচ আৰু চিলিং উদ্বৃত্ত মাটি বন্দৱস্ত কৰাত অনুমোদন জনায় । আনহাতে কেবিনেটে কৃষি বিভাগত পদোন্নতিৰ পথ মুকলি হোৱাৰ সুবিধাৰ্থে বিভাগৰ সেৱাবিধি সংশোধনত অনুমোদন জনায় ।"

লগতে পঢ়ক: অন্তিম চাৰিমাহৰ বাবে ৬২,২৯৪.৭৮ কোটি টকাৰ লেখানুদান দাখিল বিত্তমন্ত্ৰীৰ

মই APCC(R) ত নাথাকো... ! বিজেপি গমনৰ ইংগিত দি কংগ্ৰেছত থকা R ৰ আখ্যান শুনালে ভূপেন বৰাই