ETV Bharat / politics

অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ : ২৫ টা মূল প্ৰতিশ্ৰুতি

২৫টা মূল সংকল্প লৈ অসম বিধানসভা নিৰ্বাচন ২০২৬ত প্ৰতিদ্বন্দ্বিতা কৰিব অজাপে । কি আছে অজাপৰ নিৰ্বাচনী ইস্তাহাৰত ? জানিবলৈ পঢ়ক...

ASSAM ASSEMBLY ELECTION 2026
অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 1:53 PM IST

11 Min Read
Choose ETV Bharat

গুৱাহাটী : "আমি প্ৰতিশ্ৰুতি দিছোঁ - যি কৈছোঁ তাকেই কৰিম ৷ জনসাধাৰণৰ ওচৰত জবাবদিহি হৈ থাকিম ৷ ক্ষমতাক সেৱাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিম ৷ অসমৰ মাটি-ভাষা-সংস্কৃতিৰ সুৰক্ষাত কোনো আপোচ নকৰিম ৷" - এই অংগীকাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ অসম বিধানসভা নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে বুধবাৰে নিশা প্ৰকাশ কৰে নিৰ্বাচনী ইস্তাহাৰ ৷

নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি লুৰীণজ্যোতি গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি এইদৰে কয় ৷ দলৰ মূল দৰ্শন অসম প্ৰথম, সদায় আৰু চিৰদিন দিন বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয়, "অসম জাতীয় পৰিষদ ২০২০ চনত অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ ঔৰসত গঠিত এটি গণতান্ত্ৰিক, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল ৷ অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ দলৰ মূল ৰাজনৈতিক কৰ্মসূচীৰ আধাৰ ৷"

অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি (ETV Bharat Assam)

অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰৰ মূল ২৫ টা বিষয় :

  • অসম চুক্তি আৰু সাংবিধানিক সুৰক্ষা :

অসম চুক্তিৰ প্ৰতিটো দফা সম্পূৰ্ণকৈ ৰূপায়ণ কৰা হ'ব ৷ নাগৰিকত্ব সংশোধনী আইন (CAA) অসমৰ সম্পূৰ্ণ ভূখণ্ডৰ পৰা বাতিল কৰিবলৈ কেন্দ্ৰক বাধ্য কৰা হ'ব ৷ এন আৰ চি পুনৰীক্ষণ সম্পূৰ্ণ স্বচ্ছতাৰে কৰা হ'ব ৷ ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণ ছীল কৰা হ'ব ৷ বিদেশীমুক্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা হ'ব ৷

  • ৰাজ্যিক বিত্ত আৰু অৰ্থনীতি :

বিজ্ঞানসম্মতভাৱে 'অসম অৰ্থনৈতিক মহাপৰিকল্পনা' প্ৰস্তুত কৰা হ'ব ৷ CAG-ৰ পৰামৰ্শ কাৰ্যকৰী আৰু ফলাফলভিত্তিক বাজেট প্ৰণয়ন কৰা হ'ব ৷ তেল-গেছৰ ৰয়েলটি বৃদ্ধি আৰু GST-ৰ ন্যায্য ভাগ নিশ্চিত কৰা হ'ব ৷ মাছ, কণী, মাংস, গাখীৰৰ উৎপাদনত আত্মনিৰ্ভৰশীলতা অনাৰ বাবে বিনিয়োগ বৃদ্ধি কৰা হ'ব ৷

ASSAM ASSEMBLY ELECTION 2026
অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি (ETV Bharat Assam)
  • ভূমি ব্যৱস্থাৰ সংস্কাৰ আৰু আধুনিকীকৰণ :

প্ৰতিটো থলুৱা পৰিয়াল আৰু বৈধ ভাৰতীয় নাগৰিকক মাদী পট্টাৰ অধিকাৰ দিয়া হ'ব ৷ ভূমি সংক্ৰান্তীয় সকলো ব্যৱস্থা অনলাইনযোগে স্বচ্ছ আৰু দুৰ্নীতিমুক্ত কৰা হ'ব ৷ 'অসম ৰাজ্যিক ভূমি বেংক' স্থাপন কৰি ভূমিহীনক মাটি আবন্টন দিয়া হ'ব ৷ ভূমিহীন যুৱক-যুৱতীক কৃষি-মীনপালনৰ বাবে মাটি দিয়া হ'ব ৷

  • উদ্যোগ আৰু বাণিজ্য :

'Grow with Assam' Single Window Clearance System সম্পূৰ্ণ কাৰ্যকৰী কৰা হ'ব ৷ ক্ষুদ্ৰ উদ্যোগ স্থাপনত ৩০ দিনত বাধ্যতামূলক অনুমোদন দিয়া হ'ব ৷ যুৱ উদ্যোগীক ২ লাখ টকালৈ ঋণ আৰু ১০,০০০ MSME উদ্যোগ অভিযান আৰম্ভ কৰা হ'ব ৷ ফুড পাৰ্ক, বেম্বো পাৰ্ক, টেক্সটাইল পাৰ্ক স্থাপন কৰা হ'ব ৷

  • কৃষি খণ্ড :

'কৃষকেই ৰাষ্ট্ৰৰ মেৰুদণ্ড' ৷ ন্যূনতম সমৰ্থন মূল্যৰ আইনী গেৰান্টি দিয়া হ'ব ৷ ১০০ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ লক্ষ্য ৰখা হ'ব ৷ প্ৰতিটো পঞ্চায়তত ক্ষুদ্ৰ শীতলীকৰণ গৃহ আৰু গোদামঘৰ নিৰ্মাণ কৰা হ'ব ৷ কৃষি প্ৰাৱল্যৰ হাৰ ১.৫ ৰ পৰা ২.৫ লৈ বৃদ্ধি কৰি কৃষকৰ আয় দুগুণ কৰা হ'ব ৷

  • তাঁত, ৰেচম আৰু বয়ন শিল্প :

'সোণালী আঁহৰ পৰা সোণালী ভৱিষ্যৎ' ৷ মুগা ৰেচমক 'ৰাজ্যিক সম্পদ' ঘোষণা কৰা হ'ব ৷ 'এক পৰিয়াল এক তাঁতশাল' নীতি গ্ৰহণ কৰি আধুনিক তাঁতশাল ক্ৰয়ত ৫০ শতাংশ ৰাজসাহায্য দিয়া হ'ব ৷ 'অসম টেক্সটাইল পাৰ্ক' স্থাপন কৰা হ'ব ৷ শুৱালকুছিক 'ভাৰতৰ ৰেচম নগৰী' হিচাপে স্বীকৃতি দিয়া হ'ব ৷

  • চাহ জনগোষ্ঠী আৰু চাহ উদ্যোগ :

'চাহৰ ৰাজ্য অসম' ৷ Plantation Labour Act সংশোধন কৰি চাহ শ্ৰমিকৰ ন্যায্য দৈনিক মজুৰি নিৰ্ধাৰণ কৰা হ'ব ৷ চাহ বাগিচাৰ হাস্পতাল উন্নীতকৰণ কৰা হ'ব ৷ কেঁচা চাহ পাতৰ ন্যূনতম সমৰ্থন মূল্য ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব ৷ চাহ বোৰ্ডৰ মুখ্য কাৰ্যালয় অসমলৈ অনাৰ বাবে কেন্দ্ৰক হেঁচা দিয়া হ'ব ৷ অসমক 'চাহৰ ৰাজ্য' ঘোষণা কৰা হ'ব ৷

  • সমবায় খণ্ডৰ পুনৰুজ্জীৱন :

'হাতে হাত ধৰি উন্নয়ন' ৷ প্ৰতিটো খণ্ডত কৃষি-দুগ্ধ-মীন-হস্ততাঁতৰ বাবে 'বহুমুখী সমবায় সমিতি' গঠন কৰা হ'ব ৷ অকাৰ্যক্ষম সমবায়সমূহক পুনৰুজ্জীৱন দিয়া হ'ব ৷ মহিলা আৰু যুৱ সমবায় গোট সশক্তিকৰণ কৰা হ'ব ৷

ASSAM ASSEMBLY ELECTION 2026
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)
  • স্বাস্থ্য আৰু পৰিয়াল কল্যাণ :

'সকলোৰে বাবে স্বাস্থ্য' ৷ সকলো পি এইচ চিক IPHS মানদণ্ড অনুসৰি উন্নীতকৰণ কৰা হ'ব ৷ এক্স-ৰে', আলট্ৰাছাউণ্ড, মৌলিক তেজ পৰীক্ষা বিনামূলীয়াকৈ দিয়া হ'ব ৷ 'Mission Zero Mortality' নীতি গ্ৰহণ কৰা হ'ব ৷ আই চি ইউ, ডায়েলাইছিছ, ফিজিঅ'থেৰাপি, চিটি স্কেন প্ৰতিখন জিলা হাস্পতালত সুলভ কৰা হ'ব ৷ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ক এইমছৰ পৰ্যায়লৈ উন্নীতকৰণ কৰা হ'ব ৷

  • শিক্ষা আৰু মানৱ সম্পদ বিকাশ :

'জ্ঞানেৰে জাতি গঢ়া' ৷ শিক্ষাৰ অধিকাৰ আইনৰ যথাযৎ ৰূপায়ণ নিশ্চিত কৰা হ'ব ৷ নিম্ন আয়ৰ মেধাৱী ছাত্ৰৰ বাবে বিনামূলীয়া উচ্চশিক্ষা দিয়া হ'ব ৷ ৫ বছৰত সাক্ষৰতাৰ হাৰ ৯০ শতাংশলৈ বৃদ্ধি কৰা হ'ব ৷ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সমস্যা ১০০ দিনত সমাধান কৰা হ'ব ৷ মাধ্যমিক পৰ্যায়ৰ পৰা এ আই আৰু Coding শিক্ষা পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰা হ'ব ৷

  • যুৱ নীতি আৰু নিবনুৱা সমস্যা :

'যুৱৰ হাতত জাতিৰ ভৱিষ্যৎ' ৷ চৰকাৰী পদ খালী হোৱাৰ ৬ মাহৰ ভিতৰত বিজ্ঞাপন দি নিয়োগ সম্পন্ন কৰাটো আইনগতভাৱে বাধ্যতামূলক কৰা হ'ব ৷ 'দক্ষ অসম' কাৰ্যসূচীৰে প্ৰতি বছৰে ৫০ হাজাৰ যুৱক-যুৱতীক দক্ষতাৰ প্ৰশিক্ষণ দিয়া হ'ব ৷ 'প্ৰথম উদ্যোগ' আঁচনিৰে ১৮-৩৫ বছৰ বয়সৰ উদ্যোক্তাক বিনা জামিনতে ২ লাখ টকাৰ ঋণ দিয়া হ'ব ৷ ড্ৰাগছচক্ৰ উৎখাত কৰা হ'ব ৷ চাকৰি নোপোৱালৈকে শিক্ষিত নিবনুৱাক মাহিলী ৫,০০০ আৰু বিশেষ প্ৰশিক্ষিতক ১০,০০০ টকাৰ নিবনুৱা ভাট্টা দিয়াৰ লক্ষ্য ৰখা হ'ব ৷

  • মহিলা সক্ষমতা আৰু শিশু বিকাশ :

'সবল নাৰী, সুৰক্ষিত শিশু' ৷ পঞ্চায়তত মহিলাৰ ৩৩ শতাংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰা হ'ব ৷ বিধানসভাত মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব ৷ মহিলা উদ্যোগীৰ বাবে সহজ ঋণ আৰু 'অসম মহিলা উদ্যোগ পুৰস্কাৰ' প্ৰৱৰ্তন কৰা হ'ব ৷ প্ৰতিখন জিলাত মহিলাৰ বিৰুদ্ধে অপৰাধৰ বাবে 'ফাষ্ট ট্ৰেক কোৰ্ট' গঠন কৰা হ'ব ৷ প্ৰতিটো গাঁৱত 'গ্ৰামীণ মহিলা সুৰক্ষা দল' গঠন কৰা হ'ব ৷

  • বান আৰু খহনীয়া :

'ব্ৰহ্মপুত্ৰৰ সন্তানক ব্ৰহ্মপুত্ৰৰ আশীৰ্বাদ' ৷ বান-গৰাখহনীয়াক 'ৰাষ্ট্ৰীয় দুৰ্যোগ' হিচাপে স্বীকৃতি আদায় কৰা হ'ব ৷ 'National Brahmaputra River Basin Project' আৰম্ভ কৰিবলৈ কেন্দ্ৰক বাধ্য কৰা হ'ব ৷ চীন-ভূটানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় নদী ব্যৱস্থাপনা চুক্তি কৰা হ'ব ৷ ড্ৰোণ প্ৰযুক্তিৰে Real-time পূৰ্বসতৰ্কতা ব্যৱস্থা গঢ়ি তোলা হ'ব ৷

  • বিদ্যুৎ উৎপাদন আৰু বিতৰণ :

'নিজৰ পোহৰত নিজক উজলাওঁ'

নবীকৰণযোগ্য শক্তি সম্প্ৰসাৰণত গুৰুত্ব দিয়া হ'ব ৷ ১০০ শতাংশ বিদ্যুৎ সংযোগ আৰু ২৪ ঘণ্টা নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান নিশ্চিত কৰা হ'ব ৷ Smart Meter আৰু ডিজিটেল নিৰীক্ষণ ব্যৱস্থা পুনৰীক্ষণ কৰা হ'ব ৷

  • নগৰ-চহৰ-গাঁৱৰ উন্নয়ন :

'সেউজীয়া, সুন্দৰ আৰু সুস্থ অসম'

৫ বছৰত ১০০খন আদৰ্শ চহৰৰ পৰিকল্পনা ৰূপায়ণ কৰা হ'ব ৷ '১,০০০ সেউজীয়া গাঁও' আঁচনিৰে কঠোৰ বৰ্জ্য ব্যৱস্থাপনা আৰু প্লাষ্টিকমুক্ত পৰিৱেশ গঢ়া হ'ব ৷ প্ৰতিখন পঞ্চায়তত যুৱ কেন্দ্ৰ, খেলপথাৰ, পুথিভঁৰাল, কম্পিউটাৰ কেন্দ্ৰ, যোগ কেন্দ্ৰ স্থাপন কৰা হ'ব ৷ প্ৰতি বছৰে প্ৰতিখন গাঁৱলৈ পকী পথ সংযোগ নিশ্চিত কৰা হ'ব ৷

  • পৰিবহণ আৰু যোগাযোগ :

'সংযুক্ত অসম, ঐক্যবদ্ধ অসম'

ৰাজ্যিক ঘাইপথ ৩,১৩৪ কিলোমিটাৰৰ পৰা ১০ হাজাৰ কিলোমিটাৰলৈ সম্প্ৰসাৰণ কৰা হ'ব ৷ পাহাৰ-সীমান্ত অঞ্চলত ৰেল সংযোগ সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰক হেঁচা দিয়া হ'ব ৷ ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, শিলচৰৰ বিমানবন্দৰ উন্নয়ন কৰা হ'ব ৷ প্ৰতিখন গাঁৱত পৰ্যায়ক্ৰমে High-Speed Broadband দিয়া হ'ব ৷

  • পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন :

'সেউজীয়া অসম, সুস্থ অসম' ৷ 'অসম জলবায়ু কাৰ্যপৰিকল্পনা' প্ৰস্তুত কৰা হ'ব ৷ বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ'ব ৷ Single-use plastic সম্পূৰ্ণ নিষিদ্ধ কৰা হ'ব ৷ পাঠ্যক্ৰমত পৰিৱেশ শিক্ষা বাধ্যতামূলক কৰা হ'ব ৷

  • গৃহ বিভাগ আৰু আইন-শৃংখলা :

'নিৰাপদ অসম, ন্যায়সংগত অসম'

আৰক্ষী বিভাগক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰা হ'ব ৷ বদলি-পদোন্নতি সম্পূৰ্ণ স্বচ্ছ আৰু মেধাভিত্তিক কৰা হ'ব ৷ নাৰী সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ'ব ৷ 'নাৰী সুৰক্ষা বাহিনী' গঠন কৰা হ'ব ৷

  • সামাজিক সম্প্ৰীতি আৰু জাতীয় ঐক্য :

'এক অসম, এক পৰিয়াল' ৷ ধৰ্ম-জাতি-সম্প্ৰদায়ৰ নামত ঘৃণা বিয়পোৱাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ 'অসম সম্প্ৰীতি আয়োগ' গঠন কৰি সাম্প্ৰদায়িক উত্তেজনাত ৪৮ ঘণ্টাত মধ্যস্থতা বাধ্যতামূলক কৰা হ'ব ৷ শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী দৰ্শনক ৰাজ্যৰ সামাজিক নীতিৰ আদৰ্শ ঘোষণা কৰা হ'ব ৷

  • জনজাতীয় সমস্যা আৰু অধিকাৰ :

'ভূমিপুত্ৰৰ মৰ্যাদা, জনজাতিৰ পৰিচয়' ৷ জনজাতীয় সমস্যাক 'জাতীয় সমস্যা' হিচাপে গ্ৰহণ কৰা হ'ব ৷ জনজাতীয় ভূমি সুৰক্ষাৰ বাবে সুদৃঢ় আইনী কাঠামো গঢ়া হ'ব ৷ ছয়টা জনগোষ্ঠীক জনজাতিকৰণৰ বাবে কেন্দ্ৰক হেঁচা দিয়া হ'ব ৷ প্ৰতিটো জনগোষ্ঠীৰ পূৰ্ণাংগ ইতিহাস ৰচনা কৰা হ'ব ৷

  • সংস্কৃতি, ভাষা আৰু ঐতিহ্য :

'আমাৰ শিপা, আমাৰ গৌৰৱ' ৷

অসমীয়া ভাষাক সৰ্বোচ্চ চৰকাৰী মৰ্যাদা দিয়া হ'ব ৷ ডিজিটেল প্লেটফৰ্মত অসমীয়া ভাষাৰ বাধ্যতামূলক ব্যৱহাৰ নিশ্চিত কৰা হ'ব ৷ 'অসমীয়া ভাষা সংৰক্ষণ নিধি' গঠন কৰা হ'ব ৷ বিহু, বাগুৰুম্বা আদি জনজাতীয় নৃত্যকলাক UNESCO স্বীকৃতিৰ বাবে প্ৰচেষ্টা কৰা হ'ব ৷

  • চলচ্চিত্ৰ, সংগীত আৰু সাংস্কৃতিক উদ্যোগ :

'জুবিন গাৰ্গ ফিল্ম চিটী' স্থাপন কৰা হ'ব ৷ অসমীয়া চলচ্চিত্ৰ নিৰ্মাণত ৰাজ্যিক অনুদান দিয়া হ'ব ৷ গ্ৰামাঞ্চলত ১০০ আসনৰ 'মিনি চিনেমা হল' নিৰ্মাণ কৰা হ'ব ৷ 'অসম ক্ৰিয়েটিভ ইণ্ডাষ্ট্ৰিজ স্কিল মিছন'ৰ জৰিয়তে ৫ বছৰত ৫০ হাজাৰ কৰ্মসংস্থান সৃষ্টি কৰা হ'ব ৷

  • ডিজিটেল অসম আৰু আই টি নীতি :

'প্ৰযুক্তিৰে সমৃদ্ধ অসম' ৷ 'অসম IT আৰু Start-up নীতি'ৰে প্ৰথম ৫ বছৰ কৰ মুক্ত, বিনামূলীয়া Co-working Space দিয়া হ'ব ৷ 'অসম ই-সেৱা পৰ্টেল'ৰে সকলো চৰকাৰী সেৱা এটা ঠাইৰ পৰাই পোৱাৰ সুবিধা দিয়া হ'ব ৷ কৃষি-স্বাস্থ্য-দুৰ্যোগ ব্যৱস্থাপনাত AI-ৰ ব্যৱহাৰ নিশ্চিত কৰা হ'ব ৷

  • ক্ৰীড়া নীতি :

'বিশ্বৰ ছন্দে...' ৷ 'অসম ক্ৰীড়া নীতি' প্ৰণয়ন কৰা হ'ব ৷ প্ৰতিখন জিলাত বহুমুখী ক্ৰীড়া একাডেমী স্থাপন কৰা হ'ব ৷ গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব ৷ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদসকলৰ বাবে মহিলা বৃত্তি, প্ৰশিক্ষণ ব্যয় আৰু চিকিৎসা সুবিধা দিয়া হ'ব ৷

  • সকলোৰে সম উন্নয়ন :

'কোনো নাগৰিক পিছ পৰি নাথাকিব'

পথ ব্যৱসায়ীসকলৰ বাবে Vending Zone, স্বাস্থ্য বীমা, দুৰ্ঘটনা বীমা আৰু সহজ ক্ষুদ্ৰঋণ দিয়া হ'ব ৷ প্ৰতিটো উন্নয়ন খণ্ড এলেকাত 'প্ৰবীণ সেৱা কেন্দ্ৰ' স্থাপন কৰা হ'ব ৷ সংখ্যালঘু নিৰাপত্তা আৰু নিয়োগ-পদোন্নতিত প্ৰতিনিধিত্ব নিশ্চিত কৰা হ'ব ৷ অসম জনসেৱাৰ অধিকাৰ আইন ২০১২-ৰ সফল ৰূপায়ণ - অভিযোগ ৩০ দিনৰ ভিতৰত নিষ্পত্তি কৰা হ'ব ৷

লগতে পঢ়ক : ন্যায় প্ৰদানৰ পৰিৱৰ্তে বিজেপি-মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ চৰিত্ৰহননত নামিছে : গৌৰৱ গগৈ