ETV Bharat / politics

৬ জুলাইৰ পৰা ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশন: শনিবাৰে তৃতীয়খন কেবিনেট বৈঠক

বিত্ত মন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰিব জয়ন্ত মল্লবৰুৱাই ৷

16th Assam Legislative Assembly Budget Session to begin July 6 2026
অসম বিধানসভা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 5:28 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : অহা ৬ জুলাইৰ পৰা আৰম্ভ হ'ব ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশন । ইয়াৰ বাবে প্ৰয়োজনীয় অধিসূচনা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জাৰি কৰিলে ।

মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে পূৰ্ণাংগ মন্ত্রীসভা গঠন কৰি দপ্তৰ বিতৰণেৰে দায়িত্বভাৰ প্ৰদান কৰিছে । চৰকাৰ গঠনৰ পাছত এইখন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন । এই অধিৱেশনত চৰকাৰখনে পূৰ্ণাংগ বাজেট দাখিল কৰিব ।

16th Assam Legislative Assembly Budget Session to begin July 6 2026
ছয় জুলাইৰ পৰা ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশন (ETV Bharat Assam)

ৰাজ্যপালে জাৰি কৰা অধিসূচনাত কোৱা হয়, "অদ্যাৱধি সংশোধিত ভাৰতীয় সংবিধানৰ ১৭৪ অনুচ্ছেদৰ (১) দফা মতে ন্যস্ত ক্ষমতা অনুসৰি মই লক্ষ্মণ প্রসাদ আচাৰ্য, অসমৰ ৰাজ্যপালে ইয়াৰ দ্বাৰা ষষ্ঠদশ অসম বিধান সভাৰ বাজেট অধিবেশন ২০২৬ চনৰ ৬ জুলাই তাৰিখ সোমবাৰে পুৱা ৯:৩০ বজাত দিশপুৰত অৱস্থিত বিধানসভাৰ কক্ষত বহিবলৈ আহ্বান কৰিলো ।"

16th Assam Legislative Assembly Budget Session to begin July 6 2026
ছয় জুলাইৰ পৰা ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশন (ETV Bharat Assam)

লক্ষণীয় বিষয় যে এই অধিৱেশনতে প্ৰথমবাৰৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বাজেট দাখিল কৰিব । ইয়াৰ পূৰ্বে বিগত চৰকাৰৰ কাৰ্যকালত বিত্তমন্ত্রীৰ দায়িত্বত আছিল অজন্তা নেওগ । বিগত সময়ত মন্ত্রী অজন্তা নেওগে দাখিল কৰিছিল বাজেট । এইবাৰ প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰিব নতুনকৈ বিত্ত বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্রী জয়ন্ত মল্লবৰুৱাই ।

এইবাৰ মন্ত্রী অজন্তা নেওগক মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে । ইফালে এইবাৰ নতুনকৈ বিত্ত বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্রী জয়ন্ত মল্লবৰুৱাই দিছপুৰত বৈঠক কৰি প্ৰতিটো বিভাগক বাজেট দাখিল কৰিবলৈ নিৰ্দেশ দিছে । অহা ছয় জুলাইৰ পৰা অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিবেশনত নতুন চৰকাৰখনে প্ৰথমবাৰৰ বাবে দাখিল কৰিবলগীয়া বাজেটক লৈ ইতিমধ্যে প্রস্তুতি আৰম্ভ হৈছে ।

বৃহস্পতিবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰতিটো বিভাগকে নিজা নিজা বাজেট দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । বৈঠকত বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে বাজেটৰ প্ৰস্তুতি, প্রধান শিতানসমূহ আৰু ভৱিষ্যৎ ৰূপৰেখা সম্পৰ্কে মন্ত্রীগৰাকীক অৱগত কৰে ।

বৈঠকত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে বিত্তবিভাগৰ কাৰ্যাৱলীৰ সামগ্রিক বিৱৰণ সংক্ষিপ্ত ৰূপত দাঙি ধৰাৰ লগতে বিশেষভাৱে মনোনিৱেশ কৰিবলগীয়া বিষয়সমূহৰ সন্দৰ্ভত আলোকপাত কৰে । বিত্ত মন্ত্ৰীগৰাকীয়ে জনোৱা মতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভংগী আৰু অসমৰ ৰাইজৰ আকাংক্ষাক প্রাধান্য দি এক ভৱিষ্যতমুখী বাজেট প্রস্তুত কৰাৰ লক্ষ্য লোৱা হৈছে । যি অসমৰ বিকাশৰ হাৰ বহনক্ষম আৰু উন্নয়ন ত্বৰান্বিত কৰিবলৈ সক্ষম হ'ব ।

উল্লেখ্য যে, এইবাৰৰ বাজেটত ৰাজ্য চৰকাৰখনে বহুকেইখন নতুন আঁচনি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । বিশেষকৈ শিক্ষা, পর্যটন আৰু সমাজ কল্যাণ বিভাগৰ সৈতে জড়িত নতুন আঁচনি ঘোষণা কৰাৰ বাবে প্রস্তুতি চলাইছে বুলি জানিব পৰা গৈছে ।

ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মায়ো নৱনিযুক্ত বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক এখন জনমুখী বাজেট প্রস্তুত কৰাত সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত প্ৰতিটো বিভাগৰ লগতে অর্থনীতি বিশেষজ্ঞ সকলৰ সৈতেও আলোচনা কৰিবলৈ নিৰ্দেশ দিছে । এনে পৰিস্থিতিত অহা জুলাই মাহত প্ৰথমবাৰৰ বাবে বিত্তমন্ত্ৰী হিচাপে বিধানসভাত জয়ন্ত মল্লবৰুৱাই দাখিল কৰিবলগীয়া বাজেটখন লক্ষণীয় হ'ব ।

ইফালে বাজেট দাখিলৰ পাছতেহে ৰাজ্যৰ হিতাধিকাৰীসকলে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব । মুখ্যমন্ত্রীয়ে ইতিমধ্যে সদৰী কৰা অনুসৰি বাজেট দাখিলৰ পাছতে আগষ্ট মাহৰ পৰা ৰাইজে আঁচনিৰ সুবিধাসমূহ লাভ কৰিব ৷

আনহাতে, কাইলৈ অৰ্থাৎ শনিবাৰে দিনৰ এঘাৰ বজাত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৰ্তমানৰ চৰকাৰখনৰ তৃতীয়খন কেবিনেঠ বৈঠক ৷

লগতে পঢ়ক : বান-খহনীয়া সমস্যা প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি মন্ত্ৰী অজন্তা নেওগৰ

লগতে পঢ়ক : দেশৰ তুলনাত কৰ্কট ৰোগীৰ হাৰ বেছি অসমত: উদ্বিগ্ন স্বাস্থ্যমন্ত্রী অশোক সিংহল