টৰ্চ লাইট এৰি নাঙল ধৰিলে, জি এছ পিৰ ১৪ সদস্যৰ বি পি এফত যোগদান
বি পি এফ দলত যোগদানৰ জোৱাৰ । প্ৰাক্তন সাংসদ নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীত মোক্ষম আঘাত ।

Published : March 26, 2026 at 1:58 PM IST
কোকৰাঝাৰ: প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুল বাদশ্বাহসহ ১৪ জন শীৰ্ষ নেতাই বুধবাৰে আনুষ্ঠানিকভাৱে বি পি এফ দলত যোগদান কৰা কাৰ্যই জি এছ পিৰ বাবে এক মোক্ষম আঘাত ৷
হাব্ৰুবাৰীত বি পি এফৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এক যোগদান কাৰ্যসূচীত কোকৰাঝাৰ জিলা সভাপতি দেৰহাছৎ বসুমতাৰীৰ উপস্থিতিত গণ সুৰক্ষা পাৰ্টীৰ নেতৃবৃন্দই বি পি এফত যোগদান কৰে ৷ যোগদান কৰাৰ পাছত আব্দুল বাদশ্বাহে কয়, "হাগ্ৰামা মহিলাৰীয়ে বি পি এফ দলটোক নেতৃত্ব দি আগুৱাই লৈ যোৱা কাৰ্যই সমগ্ৰ অসমবাসীয়ে প্ৰশংসা কৰিছে । আমিও হাগ্ৰামা মহিলাৰীৰ ওপৰত আস্থা ৰাখিয়েই বি পি এফ দলত যোগদান কৰি দলটোক সহায় কৰাৰ উদ্দেশ্য যোগদান কৰিছোঁ ৷"
তেওঁ কয়,"বি টি চি নিৰ্বাচনৰ সময়ত বি পি এফ দলৰ সৈতে মিত্ৰতা থকাৰ বাবে দলটোক যথেষ্ট সহায় কৰিছিলোঁ ৷ বি পি এফ দলৰ নীতি-আদৰ্শ মানি আমাক কাম কৰিবলৈ যাতে সুযোগ দিয়ে তাৰ বাবে দলটোৰ শীৰ্ষ নেতৃত্বক আহ্বান জনাইছোঁ ৷ দলটোৰ প্ৰতি আমাৰ পূৰ্ণ সহযোগ থাকিব ৷"
জি এছ পিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অশোক ৰায়, সাংগঠনিক সম্পাদক দিগন্ত ৰায়, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি চন্দন চন্দ্ৰ বৰ্মন, সম্পাদক ৰতন নাথকে ধৰি ১৪ গৰাকী শীৰ্ষ নেতাই বি পি এফ দলত যোগদান কৰা কাৰ্যই গণ সুৰক্ষা পাৰ্টী অস্তিত্বহীন হৈ পৰাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজিৰ অনুষ্ঠানত বাওখুংগ্ৰী সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰায়, বি পি এফ দলৰ জ্যেষ্ঠ নেত্ৰী মালতী ৰাণী নাৰ্জাৰীকে ধৰি কেবাগৰাকী নেতা-কৰ্মী উপস্থিত আছিল ৷

