ETV Bharat / opinion

অজিত পাৱাৰে মুখৰ আগতে সঁচা কথা কোৱাৰ বাবে মানুহে ভালো পাইছিল, বেয়াও পাইছিল

তেওঁ মানুহৰ সেৱাৰ বাবে সদায় উপলব্ধ আছিল । মুম্বাইৰ কাৰ্যালয়তেই হওক বা বাৰামতী, অজিত পাৱাৰ সকলোতে সদায় উপস্থিত আছিল ।

AJIT PAWAR PLANE CRASH
পুনেৰ বাৰামতীত বুথ কমিটী আৰু কৰ্মীৰ মাজত মত বিনিময় বৈঠকৰ সময়ত অজিত পাৱাৰৰ ফাইল ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : January 28, 2026 at 4:00 PM IST

8 Min Read
Choose ETV Bharat

নীতা কোলহাতকাৰ

মুম্বাই : মহাৰাষ্ট্ৰৰ বাবে বুধবাৰৰ দিনটো আছিল এটা ক'লা দিন । অজিত পাৱাৰ, বাৰামতীৰ দাদা আৰু নাই । তেওঁৰ জন্মস্থান আৰু ১৯৯১ চনৰ পৰা বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰা বাৰামতীত বুধবাৰে পুৱা এক বিমান দুৰ্ঘটনাত নিহত হয় ।

শৰদ পাৱাৰ আৰু অজিত পাৱাৰৰ দল দুটাৰ জোঁটবন্ধন হোৱাৰ পিছত হ'বলগা পৰৱৰ্তী ৰাজনৈতিক পৰিঘটনাক লৈ সকলোৱে আগ্ৰহেৰে বাট চাই আছিল । এই চৰ্চাও চলিছিল যে শৰদ পাৱাৰে অৱশেষত দলৰ বাঘজৰী কন্যা সুপ্ৰিয়া চুলে আৰু ভতিজা অজিতৰ হাতত অৰ্পণ কৰিব ।

জ্যেষ্ঠ পাৱাৰে জানিছিল যে অজিত পাৱাৰ এগৰাকী এনে ব্যক্তি আছিল, যিয়ে নিজৰ সমালোচক, বিৰোধী আৰু প্ৰতিদ্বন্দ্বী দলক কঠোৰ প্ৰত্যাহ্বান জনাব পাৰিছিল । বজ্ৰকণ্ঠ আৰু উচ্চ ব্যক্তিত্বৰে চহকী অজিত পাৱাৰ সকলো মহলৰ মাজতে সন্মানৰ পাত্ৰ আছিল ।

অৱশ্যে বহুতৰে বাবে পাৱাৰ আক্ৰমণাত্মক ব্যক্তি হিচাপে পৰিগণিত হ'ব পাৰে, কিন্তু তেওঁ জনসাধাৰণৰ মাজত বিশেষকৈ গ্ৰামাঞ্চলত বাস কৰা লোকসকলৰ মাজত পাৱাৰ অত্যন্ত জনপ্ৰিয় আছিল । তেওঁৰ কাৰ্যালয়টো সদায় এনেকুৱা মানুহেৰে ভৰি আছিল, যিয়ে এই আশা বুকুত বান্ধি বহু দূৰৈৰ আঙিছিল যে এইগৰাকী নেতাই নিশ্চিতভাৱে তেওঁলোকৰ কাম কৰিব আৰু তেওঁলোকক ন্যায় দিব ।

তেওঁৰ সমালোচকসকলে তেওঁক সদায় অভদ্ৰ আৰু আক্ৰমণাত্মক বুলি অভিযোগ কৰিছিল যদিও তেওঁ আছিল এনে এগৰাকী নেতা, যিয়ে পুৱাৰ পৰা গভীৰ নিশালৈকে সভা, কামত ব্যস্ত হৈ আছিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল জনসাধাৰণ আৰু দলৰ কৰ্মীৰ বাবে সময় উলিয়াবলৈ ব্যস্ত হৈ আছিল ।

তেওঁ পুৱা ৭ বজাৰ পৰা সদায় উপলব্ধ আছিল । মুম্বাইৰ কাৰ্যালয়তেই হওক বা বাৰামতী, অজিত পাৱাৰ ৰাইজৰ বাবে সদায় উপস্থিত আছিল । তেওঁ এবাৰ মোক পুৱাতেই ফোন কৰি হাঁহি হাঁহি সোধে, "আপুনি এই সময়ত সাৰ পায়নে ?" তেওঁ জানিছিল যে সাংবাদিকসকলে গভীৰ নিশালৈকে কাম কৰে ।

তেওঁ নিজৰ স্বাস্থ্যৰ অতি যত্ন লৈছিল । খোৱা খাদ্যৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিছিল আৰু বহু ৰাজনৈতিক নেতাৰ দৰে কেতিয়াও সুৰাপান কৰা নাছিল । তেওঁৰ কেৰিয়াৰত উত্থাপন-পতনৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । এনে লাগিছিল যে তেওঁ যেন শিখৰত উপনীত হ’বলৈ, নিজৰ প্ৰিয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ’বলৈ ব্যাকুল হৈ আছিল । এইটো কোৱাটো কঠিন হ'ব যে তেওঁ এই কথাৰ আভাস পাইছিল নেকি যে তেওঁৰ হাতত বেছি সময় নাই । তেওঁৰ এইটোৱেই ষ্টাইল আছিল, সদায় দৌৰা-দৌৰি কৰি থকা ।

তেওঁ সংসদ সদস্য হিচাপে নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল । কিন্তু তেওঁৰ হৃদয়খন সদায় বাৰামতীতে আছিল । কেনেবাকৈ মুম্বাই আৰু দিল্লীৰ দায়িত্ব সুপ্ৰিয়া চুলেলৈ আহিছিল, আনহাতে বাৰামতী, পুনে আৰু ৰাজ্যখনৰ দায়িত্ব অজিত পাৱাৰৰ হাতত আছিল । এয়া দুই ভাই-ভনীৰ মাজত পাৰিবাৰিক বুজাবুজি যেন লাগিছিল ।

অজিত পাৱাৰ মানুহৰ প্ৰতি সহানুভূতিশীল আছিল । এবাৰ এন চি পি দলৰ নিৰ্বাচনৰ সময়ত, ২০০৮ চনত আৰ পাটিলক ৰাজ্যিক সভাপতি নিযুক্তি দিয়াৰ সময়ত অজিত পাৱাৰৰ লগত মত বিনিময় কৰি বহু সময় কটাবলৈ পাইছিলো । তেওঁৰ বিৰুদ্ধে বহু জ্যেষ্ঠ নেতাই প্ৰকাশ কৰা সমালোচনাৰ বিষয়ে তেওঁক সুধিছিলো ।

তেওঁ জনসাধাৰণৰ সন্মুখত মুকলিকৈয়ে ক'ব পাৰিছিল যে তেওঁলোকৰ সমস্যা সমাধান কৰিব নোৱাৰিব । পাটিলে এবাৰ কৈছিল, "এয়া ঠিক নহয়, তেওঁলোকে অপমানিত অনুভৱ কৰিব পাৰে । তেওঁ তেওঁলোকক আশ্বাস দিব লাগে ।" যেতিয়া মই অজিতক এই বিষয়ে সুধিলো, তেতিয়া তেওঁ এনেধৰণৰ পৰামৰ্শবোৰ মুকলিকৈ নাকচ কৰি সিংহ গৰ্জনেৰে উত্তৰ দিয়ে ।

"আপুনি জানেনে এই গাঁৱৰ মানুহবোৰে কেৱল মোৰ পৰা উত্তৰ পাবৰ বাবে মন্ত্ৰালয় বা আমাৰ পাৰ্টীৰ কাৰ্যালয়লৈ আহিবলৈ কিমান দিন কটাবলগীয়া হয় ? কমেও তিনি-চাৰি দিন । তেওঁলোকে আগতীয়াকৈ খাদ্য ৰান্ধিব লাগে, শুকান ভাকৰি খাব লাগে, কিছু জলকীয়া আৰু পিঁয়াজ লৈ আহে । কিয় তেওঁলোকে এয়াই খাব লাগে নেকি ? তেওঁলোকে ৰাজপথত থাকিব লাগে আৰু তাৰ পিছত আপোনালোক চহৰৰ মানুহবোৰেই অভিযোগ কৰে । ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হয় । তেওঁলোক স্বাভিমানী সৰু জমিদাৰ বা শ্ৰমিক । তেওঁলোকে নিশ্চিতভাৱে বহু আশাৰে আহে । সেইকাৰণেই মই তেওঁলোকক স্পষ্টভাৱে জনাওঁ যে তেওঁলোকে নিজৰ কাম ক'ত কৰাব লাগে । মই তেওঁলোকৰ আগত মিছা কিয় ক'ব লাগে ?

তেওঁ আনকি জ্যেষ্ঠ নেতাসকলকো ৰেহাই নিদিয়ে । "তেওঁলোক এই লোকসকলৰ প্ৰতি অধিক সহানুভূতিশীল হোৱাটো প্ৰয়োজন । ইয়ালৈ যাত্ৰা কৰাৰ সময়ত তেওঁলোকে নিজৰ সন্তানক কাৰ ওচৰত এৰি থৈ আহে সেইটো কোনোবাই চিন্তা কৰেনে ? আৰু তেওঁলোকে মোক দিব বিচৰা এই ভুৱা প্ৰতিশ্ৰুতিটো কি ? তেওঁলোকে পাহৰি যায় যে পাঁচ বছৰৰ পাছত এই লোকসকলে আমাৰ ভুৱা প্ৰতিশ্ৰুতিবোৰ মনত পেলাব আৰু আমাক এটা শিক্ষা দিব ।" তেওঁ কৈছিল ।

অজিত পাৱাৰে নিজৰ গৃহ চহৰ বাৰামতীক বৰ ভাল পাইছিল আৰু তালৈ যোৱাৰ সুযোগ কেতিয়াও হেৰুৱাব নিবিচাৰিছিল, লাগিলে এদিনৰ বাবেই নহওক কিয় । খুড়াকৰ পিছত অজিত পাৱাৰে অঞ্চলটো খবৰ লৈছিল আৰু তাৰ শিপাৰ লগত এক দৃঢ় বান্ধোন গঢ়ি তুলিছিল । ইয়াৰ সুফল তেওঁ ভালদৰেই পাইছিল । কিয়নো তেওঁ বাৰে বাৰে আৰু বিশাল ব্যৱধানত জয়ী হৈছিল । ২০১৯ চনত তেওঁ ১,৬৫,২৬৫ টাতকৈও অধিক ভোটত আৰু ২০২৪ চনত ১,০০,৮৯৯ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ।

অজিত পাৱাৰে সদায় মাৰাঠী ভাষাত কথা পাতিছিল আৰু ইংৰাজী উচ্চাৰণেৰে মাৰাঠী কোৱা আমাক ঠাট্টা কৰিছিল । ২০১৯ চনৰ ফলাফলৰ পিছত বিধানসভাৰ প্ৰথম অধিৱেশনত যেতিয়া আমি ৰাজ্যিক বিধানসভাৰ খটখটিত থিয় হৈ আছিলো তেতিয়া তেওঁ ইংৰাজীত কথা কোৱা শুনি কাৰোবাক সুধিছিলো, "এইজনেই সেইজন অজিত দাদা নে ?"

তেওঁ মোৰ কথা শুনি জোৰেৰে কৈছিল, "হয়, মই সেইজনেই । একচ (মাত্ৰ এজন) দাদা, অজিত দাদা আৰু মই ইংৰাজীত কথা পাতো ।" সকলোৱে জোৰে হাঁহিবলৈ ধৰিছিল আৰু মই শিৰোনামটোৰ বাবে তেওঁক ধন্যবাদ দিওঁ ।

খবৰ দিয়াৰ দক্ষতা তেওঁৰ আছিল । নিজৰ খুড়াকৰ বিপৰীত, তেওঁ নিজৰ প্ৰতিক্ৰিয়া আৰু মন্তব্যত সামঞ্জস্য বজাই ৰাখিছিল । অৱশ্যে দুয়োৰে নিজৰ ভাৱনা সলনি কৰাৰ দক্ষতা আছিল ।

শৰদ পাৱাৰৰ দৰে অজিত পাৱাৰেও দুবাৰকৈ এন চি পিৰ পৰা বিচ্ছিন্ন হৈছিল । শৰদ পাৱাৰেও প্ৰথমে ১৯৭৮ চনত কংগ্ৰেছ দলৰ পৰা বিচ্ছিন্ন হৈ জনতা পাৰ্টীৰ সৈতে কংগ্ৰেছ (ইউ) গঠন কৰিছিল আৰু পিছলৈ ১৯৯৯ চনত এন চি পি গঠন কৰিছিল ।

এগৰাকী সাংবাদিক হিচাপে মই ইয়াত এনে এগৰাকী ৰাজনীতিবিদক প্ৰত্যক্ষ কৰো, যিগৰাকী অত্যন্ত সৎ আছিল । এই সততাই মানুহৰ হৃদয় জয় কৰিছিল আৰু মানুহে অনুভৱ কৰিছিল যে তেৱেঁই তেওঁলোকক সঠিক পথ দেখুৱাব পাৰে । অজিত পাৱাৰে যিকোনো বৈঠকৰ পূৰ্বে সকলো কাগজ-পত্ৰ নিজৰ হাতত ৰাখিছিল, বিষয়বোৰ অধ্যয়ন কৰিছিল আৰু সম্পূৰ্ণ তথ্য যোগাৰ কৰিছিল ।

তেওঁৰ কৰ্মচাৰীকে ধৰি সকলো বিষয়ায়েই সাজু হৈ থাকিব লাগিছিল । প্ৰশাসনৰ ওপৰত তেওঁৰ অপৰিসীম নিয়ন্ত্ৰণ আছিল আৰু এই সকলো দক্ষতা তেওঁ খুড়াক শৰদ পাৱাৰৰ পৰা অৰ্জন কৰিছিল ।

তেওঁৰ বিৰোধীসকল এইগৰাকী ওখ-পাখ ব্যক্তিৰ সন্মুখীন হ’বলৈ ভয় কৰিছিল । কিয়নো তেওঁ সকলোতকৈ বহু ওখ আছিল । তেওঁ হাস্যৰসিকো আছিল, যাৰবাবে বেছিভাগ গ্ৰাম্য লোকেই তেওঁক ভাল পাইছিল । তেওঁ কোনো চিন্তা-ভাৱনা নকৰাকৈয়ে কথা কৈছিল, যাৰ বাবে তেওঁ বেছিভাগ সময়তে বিপদত পৰিছিল ।

এবাৰ বান্ধত পানী শুকাই যোৱাৰ সময়ত এক ৰেলীত ভাষণ দি থকাৰ সময়ত তেওঁ সুধিছিল, "আমি তাত প্ৰস্ৰাৱ কৰিব লাগে নেকি ?" অৱশ্যে গাঁৱৰ মানুহে তেওঁৰ এই মন্তব্যত হাস্যৰস পালেও তেওঁৰ বিৰোধী আৰু সংবাদ মাধ্যমে তেওঁক ৰেহাই দিয়া নাছিল ।

তেওঁ যথেষ্ট দুষ্ট স্বভাৱৰ আছিল। এবাৰ যেতিয়া মই নিয়মিত বাতৰি সংগ্ৰহৰ বাবে গৈ মন্ত্ৰণালয়ৰ চৌহদত খোজকাঢ়ি আছিলো, তেতিয়া অজিত পাৱাৰে নিজৰ গাড়ীত উঠাৰ পূৰ্বে মোক দেখিছিল । তেওঁ গাড়ীৰ দৰ্জাখন খুলি মূৰটো উলিয়াই ধেমালি কৰি ক'লে, "কি ? আপুনি আপোনাৰ মিডিয়াৰ প্ৰিয় আবা (আৰ আৰ পাটিল)ক লগ কৰিবলৈ গৈছিল নেকি ?"

লগতে পঢ়ক :অভিশপ্ত হৈ পৰিল বুধবাৰ, বিমান দুৰ্ঘটনাত চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল উপ-মুখ্যমন্ত্ৰী
লগতে পঢ়ক :ভাৰতীয় ৰাজনীতিৰ উজ্জ্বল নক্ষত্ৰ : তৃণমূল পৰ্যায়ৰ পৰা মহাৰাষ্ট্ৰ ক্ষমতাৰ কেন্দ্ৰলৈ অজিত পাৱাৰৰ উত্থান