ইৰাণৰ সৈতে ইজৰাইল-আমেৰিকাৰ যুদ্ধই মুকলি কৰিছে নতুন আন্তঃৰাষ্ট্ৰীয় সমীকৰণ
ইৰাণে চুবুৰীয়া অন্য় ইছলামিক দেশবোৰত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ঘাটিত কৰি থকা আক্ৰমণে মধ্য় প্ৰাচ্য়ত আঞ্চলিক সংঘাত বৃদ্ধি কৰিছে ৷


By Bilal Bhat
Published : March 4, 2026 at 5:31 PM IST
-বিলাল ভাট
ইৰাণৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰই ইজৰাইলৰ সৈতে মিলি আৰম্ভ কৰা আক্ৰমণে এতিয়া সমগ্ৰ মধ্য় প্ৰাচ্য়ৰ দেশবোৰত বিভীষিকাৰ সৃষ্টি কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰই আৰম্ভ কৰা এই যুদ্ধৰ মূল উদ্দেশ্য় মূলতঃ ইৰাণৰ শাসন পৰিৱৰ্তন কিন্তু এই যুদ্ধই দেশখনত ধৰ্মীয় ভাৱাপন্ন নেতৃত্বৰ মাজত নতুনকৈ কথাবোৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সুবিধাৰ সৃষ্টি কৰিছে ৷ হঠাৎ আৰম্ভ হোৱা যুদ্ধখনে দেশখনত ইতিপূৰ্বে চলি থকা গণ-আন্দোলন স্তিমিত কৰিছে আৰু ধৰ্মীয় নেতাসকলক কথাবোৰ পুনঃ বিবেচনা কৰিবলৈ সময় দিছে ৷ উল্লেখ্য় যে, কেইবাবছৰ পূৰ্বে হিজাব নিপিন্ধাৰ বাবে অভিযুক্ত হৈ জেলত থকা এগৰাকী যুৱতী জিম্মাত থকাৰ অৱস্থাতে মৃত্য়ুক সাবটি ল'ব লগা হোৱা ঘটনাৰ পাছত দেশখনত ব্য়াপক আন্দোলন আৰম্ভ হৈ চলি আছিল ৷
সেই গণআন্দোলন প্ৰতিৰোধ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত ইৰাণ আৰক্ষী আগ্ৰাসী হৈ জপিয়াই পৰিছিল ৷ এই যুৱচামে সৰ্বোচ্চ ধৰ্মীয় গুৰু আয়াতোল্লা আলি খোমেইনীয়ে প্ৰৱৰ্তন কৰা কেতবোৰ কঠোৰ ইছলামিক নীতি নিয়ম মানি চলিবলৈ অবাধ্য় হৈ আন্দোলনৰ কাৰ্য্য়সূচী লৈ ৰাজপথলৈ আহিছিল ৷ ইৰাণৰ নিৰাপত্তাৰক্ষীসকলে এই আন্দোলন মষিমূৰ কৰিবলৈ বল প্ৰয়োগ কৰিছিল, সেই সময়ত দেশখনৰ বিভিন্ন অঞ্চলত অনেক প্ৰতিবাদকাৰীৰ মৃত্য়ু হৈছিল ৷ আন্তঃদেশীয় আৰু আঞ্চলিক প্ৰতিবাদৰ ৰূপত আৰম্ভ হোৱা সেই প্ৰতিবাদ অধিক ক্ষিপ্ৰতাৰে সমগ্ৰ দেশলৈ বিয়পি ৰাষ্ট্ৰীয় প্ৰতিবাদলৈ ৰূপান্তৰিত হৈছিল, পাছলৈ সেই ঘটনাপ্ৰৱাহে সমগ্ৰ বিশ্বৰো দৃষ্টি আকৰ্ষণ কৰিছিল ৷ সেই জন আন্দোলনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পকো নিৰস্ত্ৰ জনতাৰ ওপৰত বল প্ৰয়োগ নকৰিবলৈ সকিয়নী দিয়াৰ সুযোগ দিছিল ৷
ইৰাণত অব্য়াহত থকা সেই প্ৰতিবাদ বিশেষত বিগত ২০২৫ বৰ্ষৰ জানুৱাৰী মাহত হোৱা বিশাল প্ৰতিবাদৰ সময়তো আমেৰিকাই কেৱল বাক্য়বাণেৰে আক্ৰমণ কৰাতহে সীমাৱদ্ধ আছিল ৷ ইৰাণত পৰিস্থিতি যথেষ্ট প্ৰতিকূল হৈ থকাৰ সময়ত ড'নাল্ড ট্ৰাম্পে ব্য়ৱস্থা গ্ৰহণ নকৰি এনে সময়ত আক্ৰমণ কৰিলে যি সময়ত তেওঁলোকৰ হাতত কেৱল দেশখনে নিউক্লীয়াৰ বোমা তৈয়াৰ কৰি থকাৰ অভিযোগ উত্থাপন কৰি আহিছিল ৷ ইৰাণৰ জনতাই খোমেইনীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়ত যদিহে আমেৰিকাই আক্ৰমণ কৰি হস্তক্ষেপ কৰিলেহেঁতেন তেতিয়া কিজানি দেশৰ জনতাৰ সমৰ্থন পাবলৈ সক্ষম হ'লহেঁতেন কিন্তু তেনে নকৰি এতিয়া কৰা আক্ৰমণ আৰু খোমেইনীৰ মৃত্য়ু ট্ৰাম্পৰ বাবে এক 'নিমিলা অংক' হৈ পৰিছে ৷ ইৰাণত ক্ষমতা পৰিৱৰ্তনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰচেষ্টা এতিয়া শেষত গৈ দেশখনৰ সাৰ্বভৌমত্বক প্ৰত্য়াহ্বান জনোৱা এক আক্ৰমণতহে পৰিণত হৈছে ৷ মন কৰিবলগীয়া কথা এয়াই যে যুক্তৰাষ্ট্ৰই কৰা এই আক্ৰমণে ইৰাণৰ বহুধা বিভক্ত হৈ থকা জনতাক একত্ৰিতহে কৰিছে আৰু শাসকৰ প্ৰতি সমৰ্থন বৃদ্ধি কৰিছে যি আজি এমাহ আগলৈ ঘৰুৱা কন্দলৰ পৰিস্থিতিৰে সম্পূৰ্ণ বিপৰীত আছিল ৷
অন্য় ৰাষ্ট্ৰতকৈ ইৰাণৰ সামৰিক শক্তি একাধিক দিশত জটিল হয় ৷ দেশখনৰ সামৰিক ব্য়ৱস্থা ইমানেই পাকলগা যে কেতিয়াবা সেই ব্য়ৱস্থা বহিঃ শক্তিৰ চিকাৰ হোৱাৰ সম্ভাৱনা আছিল ৷ ইৰাণৰ টেহৰাণত থকা ইছলামিক ৰিভ'লিউশ্ব'নেৰী গাৰ্ড কৰ্পছৰ মুখ্য় কাৰ্য্য়লয়ত থকা খোমেইনীক বিচাৰি সেই ঠাইত মিছাইল আক্ৰমণেৰে হত্য়া কৰা কথাটোৱে সামৰিক ব্য়ৱস্থাটোৰ সুৰঙাবোৰ জাহিৰ কৰিছে ৷ উল্লেখ্য় যে ইতিমধ্য়ে ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্ৰমণত খোমেইনীসহ একাধিক সামৰিক নেতাৰো নিধন হৈছে ৷ দেশখনত বাহাল থকা সামৰিক ব্য়ৱস্থাটো এনে পৰ্য্য়ায়ত জটিল যে ব্য়ৱস্থাটোত তখা ভিন্ন প্ৰধানবোৰে সমান্তৰালভাৱে কাম কৰে আৰু এইবোৰৰ ভিতৰত থকা মুখ্য় গোট হৈছে ইছলামিক ৰিভ'লিউশ্ব'নেৰী গাৰ্ড কৰ্পছ, এই গোটৰ অধীনত আছে 'বাছিজ' (Basij), এই গোট তেতিয়া সক্ৰিয় হৈ পৰে যেতিয়া দেশত কন্দল, প্ৰতিবাদ, আক্ৰমণ আদিৰ জৰিয়তে শাসনলৈ সংকট নামি আহে ৷ এই গোটে দেশত প্ৰয়োজন অনুসাৰে শাসন ব্য়ৱস্থাক শক্তিশালী কৰি তোলা তথা সেই অনুপাতে ইৰাণৰ শাসন ব্য়ৱস্থাটোক সুৰক্ষা দিয়াৰ কাম কৰে ৷ দেশৰ সামৰিক ব্য়ৱস্থা এক মকৰাজালৰ দৰে কাম কৰে আৰু প্ৰতিদ্বন্দী বা বিপক্ষৰ শত্ৰুৰ বাবে এয়া জনাটো কঠিন হৈ পৰে যে দেশৰ পৰৱৰ্তী পৰিকল্পনা বা শাসকীয় কাৰ্য্য়-কৌশল কোনে কেনেকৈ নিৰ্ধাৰণ কৰিব ৷
শুনা কথা মতে, জনতা বা অন্য়ই মূলতঃ ৰাষ্ট্ৰখনৰ বাস্তৱতাত যি দেখে তাৰ আধাৰত ৰাজনৈতিক প্ৰেক্ষাপটতো বুজাৰ চেষ্টা কৰে ৷ ইৰাণৰ সমাজ অনেক ক্ষেত্ৰত বহুধা বিভক্ত কিন্তু বৈদেশিক আগ্ৰসন বা দেশলৈ বিপদ আহিলে আনকি উদাৰপন্থী লোকসকলেও ধৰ্মীয় ৰাষ্ট্ৰবাদৰ প্ৰতি সঁহাৰি জনোৱা পৰিলক্ষিত হয় ৷ এনে সময়ত দেশৰ জনতাই সেই শাসন ব্য়ৱস্থা যাৰ অধীনত দেশখন পৰিচালিত হৈ আহিছে, তেনে ব্য়ৱস্থাটোৰ প্ৰতি আনুগত্য় প্ৰকাশ কৰে ৷ দেশখনত ইতিপূৰ্বে চলি থকা ব্য়াপক প্ৰতিবাদ আৰু ক্ৰমাগত বৃদ্ধি পোৱা সেই ৰাষ্ট্ৰীয় প্ৰতিবাদে হয়তো শাসকৰ স্বাভাৱিক পৰিৱৰ্তন সাধন কৰিলেহেঁতেন, আৰু সকলো সেই দিশতে গতি কৰি আছিল ৷ এই খিনিতে উল্লেখ কৰাৰ প্ৰয়োজন আছে যে ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই গ্ৰহণ কৰা সামৰিক আক্ৰমণে বিশেষত অন্য় পৰোক্ষ শক্তিবোৰৰ পৰা প্ৰত্যাহ্বান পাব বুলি ভাবিছিল কিন্তু সেয়া হোৱা নাই ৷
প্ৰত্য়াহ্বানৰ সেই কেন্দ্ৰবোৰ অৱশ্য়ে ইতিপূৰ্বে গ্ৰহণ কৰা প্ৰণালিগঁত ব্য়ৱস্থা আৰু ইজৰাইলী সামৰিক শক্তিৰে নিস্ক্ৰিয় কৰা হৈ গৈছে ৷ ২০২৩ চনৰ ৭ অক্টোবৰ সেই আক্ৰমণৰ পাছত ইজৰাইলে গ্ৰহণ কৰা সামৰিক স্থিতিয়ে গাজাত ধ্বংসযজ্ঞ, হিজবুল্লাৰ শীৰ্ষ নেতৃত্বক নিস্ক্ৰিয় কৰা তথা ছিৰিয়াত আছাদ শাসনক দুৰ্বল কৰি তোলা আদি কাৰ্য্য়ই ইৰাণক ইতিমধ্য়ে অকলশৰীয়া কৰি তুলিছিল ৷ ইৰাণে পূৰ্বতে এই পৰোক্ষ শক্তিবোৰক ইন্ধন দি আহিছিল, যি এতিয়া সম্পূৰ্ণৰূপে নিস্ক্ৰিয় ৷ হামাছ নিজৰ অস্তিত্বৰ যুঁজত ব্য়স্ত, হিজবুল্লাৰ কেডাৰ হ্ৰাস পোৱা তথা আত্মসমৰ্পন, আছাদ অদৃশ্য় হৈ পৰা, হুটীৰ স্থিতি থৰকবৰক আদি কথাবোৰে বৰ্তমান চলি থকা যুদ্ধখনত পৰোক্ষভাৱে প্ৰভাৱ পেলাইছে ৷
ইৰাণৰ বাবে দেশখনৰ ভৌগলিক স্থিতিয়েই ইয়াৰ শক্তি, আৰু লগতে দেশখনৰ সম্পদ ৷ পশ্চিমৰ দৃষ্টিভংগীত যদিহে ইৰাণে তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় বেপাৰ-বাণিজ্য়ত সহায় কৰে তেন্তে আঞ্চলিক নিয়ন্ত্ৰণ সম্ভৱ ৷ বৰ্তমান সময়ত ইৰাণৰ সহযোগত চীনৰ সামগ্ৰী ইউৰোপৰ বজাৰলৈ নিৰৱচ্ছিন্নভাৱে গৈ আছে, ইৰাণ হৈছে চীন বেল্ট আৰু পথ উদ্য়োগৰ অংশ ৷ ফলস্বৰূপে অবাধ্য় আৰু বৈৰী ইৰাণক পশ্চিমে আন্তঃৰাষ্ট্ৰীয় বজাৰত এক বাধা হিচাপে জ্ঞান কৰি আহিছে ৷ এয়া অনুভৱ হয় যে ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই মিলি ইৰাণৰ ওপৰত কথা আক্ৰমণ মূলতঃ শাসকৰ পৰিৱৰ্তনেই আছিল কিন্তু এতিয়া সেই ইস্পিত লক্ষ্য় ধূসৰ হৈ পৰিছে ৷ অৱশ্য়ে এই মুহূৰ্তত এটা কথা আকৰ্ষণীয় হৈ পৰিছে যে ইজৰাইল-আমেৰিকাৰ আক্ৰমণৰ প্ৰত্য়ুত্তৰত ইৰাণী সামৰিক বাহিনীয়ে দেশখনৰ প্ৰতিৱেশী দেশ যিবোৰে আমেৰিকাৰ সৈন্য় ঘাটি স্থাপনৰ অনুমতি দিছে সেইবোৰক আক্ৰমণৰ লক্ষ্য় কৰি লৈছে আৰু তাৰ ফলত মধ্য় প্ৰাচ্য়ৰ আঞ্চলিক কৃটনীতি সলনি হৈছে ৷ ইৰাণৰ এই আক্ৰমণৰ পদক্ষেপে হয় প্ৰতিৱেশী ৰাষ্ট্ৰবোৰক ইজৰাইল-আমেৰিকাৰ কাষ চপাই নিব নতুবা এক নিৰপেক্ষ স্থিতিলৈ আগবঢ়াই নিব ৷ এই সকলো অৱশ্য়ে আগন্তুক পৰিস্থিতিয়ে স্পষ্ট কৰিব ৷
লগতে পঢ়কঃ

