ইৰাণৰ ৰণকৌশল : নজিৰবিহীন নতুন মধ্য প্ৰাচ্যৰ সংঘাত
বৰ্তমানৰ যুদ্ধই মধ্য প্ৰাচ্যক সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে । কাৰণ কোনো পক্ষ পিছুৱাই অহাৰ বাবে আগ্ৰহী নহয় ।

By Vivek Mishra
Published : March 18, 2026 at 2:33 PM IST
ইৰাণৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ সামৰিক অভিযানে পূৰ্বৰ যুদ্ধৰ কথা মনত পেলাই দিবলৈ আৰম্ভ কৰিছে । তথাপিও এনে কিছুমান পাৰ্থক্য আছে যিয়ে বৰ্তমানৰ যুদ্ধখনক সম্পূৰ্ণ পৃথক কৰিছে । সাদৃশ্যৰ ফালৰ পৰা ইৰাণ-ইৰাক যুদ্ধ আৰু উপসাগৰীয় যুদ্ধত আমেৰিকাৰ হস্তক্ষেপৰ মাজত সমান্তৰালতা দেখা যায় । কিন্তু এইবাৰ ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযানৰ পৰিসৰ নজিৰবিহীন ।
বিগত বছৰ যেতিয়া ড'নাল্ড ট্ৰাম্প প্ৰশাসনে বাংকাৰ-বাষ্টাৰ বোমা ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল তেতিয়া উদ্দেশ্য আছিল যে তাৎক্ষণিকভাৱে লক্ষ্যত আঘাত কৰি বাহিৰলৈ ওলাই অহা । সেই সময়ত ধাৰণা আছিল যে দেশখনে জটিল পৰিস্থিতি বা ইৰাণৰ সৈতে দীৰ্ঘদিনীয়া যুদ্ধত জড়িত হ'ব নিবিচাৰে ।
কাৰণ চৰকাৰখনে এই প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ আহিছিল যে তেওঁলোকৰ কাৰ্যকালত কোনো নতুন যুদ্ধ আৰম্ভ হ'বলৈ নিদিয়ে । কিন্তু সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণ ৰক্ষা কৰিব পৰা নাই কিয়নো ট্ৰাম্প প্ৰশাসনে ইৰাণৰ বিৰুদ্ধে সামৰিক আক্ৰমণ চলাই সামৰিক ঘাটি আৰু মূল কেন্দ্ৰসমূহক লক্ষ্য কৰি লোৱাৰ সিদ্ধান্ত লৈছে । বৰ্তমানৰ যুদ্ধখন নিঃসন্দেহে এনে এক মুহূৰ্তত আছে যিয়ে মধ্যপ্ৰাচ্যক চিৰদিনৰ বাবে সলনি কৰাৰ সম্ভাৱনা আছে, কিয়নো এতিয়া পিছুৱাই যোৱাৰ সকলো পথ প্ৰায় বন্ধ হৈ পৰিছে । প্ৰথম আৰু প্ৰধান কথাটো হ'ল যে ইৰাণৰ ওপৰত আক্ৰমণ অতীতৰ তুলনাত যথেষ্ট পৃথক । লগতে এই যুদ্ধক বহুলাংশে ইচ্ছাকৃত বুলি গণ্য কৰা হৈছে, যাৰ বাবে কোনো এটা পক্ষ পিছুৱাই যোৱাত আগ্ৰহী নহয় ।
ইয়াৰ উপৰিও এই অঞ্চলত আক্ৰমণৰ লক্ষ্য আমেৰিকাৰ তুলনাত ইজৰাইলৰ কিছু পৃথক । যাৰ বাবে যুদ্ধ বন্ধ কৰাৰ ধাৰণাটোৰ ওপৰত তেওঁলোক একমত হোৱা অধিক কঠিন হৈ পৰিছে ।

আন এক উল্লেখযোগ্য কাৰক হ'ল ইৰাণৰ 'প্ৰক্সি'ৰ বিৰুদ্ধে সামৰিক শক্তি ব্যৱহাৰ কৰাটো এটা কথা আছিল যদিও ইৰাণৰ বিৰুদ্ধে প্ৰত্যক্ষ যুদ্ধ চলোৱা এক সম্পূৰ্ণ পৃথক কথা । ট্ৰাম্প প্ৰশাসনে হয়তো এই ধাৰণাটো লৈছিল যে ইৰাণ আটাইতকৈ দুৰ্বল পৰিস্থিতিত আছে আৰু তেওঁলোকৰ প্ৰক্সি বা সমৰ্থন ধ্বংস হৈ গৈছে । সেয়ে আক্ৰমণ কৰাৰ ইয়াতকৈও উত্তম সুযোগ নাথাকিব ।

কিন্তু ইৰাণৰ ওপৰত হোৱা আক্ৰমণে প্ৰাচীন সভ্যতাৰ অস্তিত্বৰ শিপাক জোকালি গৈছে, কেৱল সাৰ্বভৌমত্ব উলংঘাই নহয়, অপমানৰ প্ৰতিশোধৰ ইচ্ছাৰো জন্ম হৈছে । আভ্যন্তৰীণভাৱে বাহ্যিক ভাবুকিৰ বিৰুদ্ধে দেশখনক একত্ৰিত কৰাৰ বাবে এনে আৱেগ অতি প্ৰয়োজনীয় বিশেষকৈ যিসময়ত দেশখনৰ শীৰ্ষ ধৰ্মীয় নেতাক হত্যা কৰা হৈছে ।

ইৰাণ আৰু আমেৰিকা দুয়োখন দেশেই এনে পৰিস্থিতিত আবদ্ধ হৈ আছে যাৰ পৰা পিছুৱাই অহাতো অত্যন্ত কঠিন হ'ব ৷ যুদ্ধৰ অন্ত পেলোৱাৰ বাবে ইৰাণে নিৰ্ধাৰণ কৰা ৩ টা পূৰ্ব চৰ্তই হয়তো এই যুদ্ধ আশা কৰাতকৈ বেছি দিন যে চলি থাকিব তাৰ এক ইংগিত দিব পাৰে । ভৱিষ্যতৰ আক্ৰমণৰ বিৰুদ্ধে অধিকাৰ, ক্ষতিপূৰণ বা নিশ্চয়তাৰ স্বীকৃতিৰ দৰে ইৰাণৰ চৰ্তসমূহত আমেৰিকা বা ইজৰাইলে একমত হোৱাৰো সম্ভাৱনা নাই । ইৰাণৰ বাবে এই চৰ্তসমূহেই হৈছে চৰম সীমা আৰু ভৱিষ্যতৰ সংকটৰ বিৰুদ্ধে একমাত্ৰ সুৰক্ষামূলক ঢাল ।

বায়ু প্ৰতিৰক্ষাত প্ৰৱেশ কৰি ইউ এ ইৰ দৰে অৰ্থনৈতিক কেন্দ্ৰকে ধৰি অঞ্চলটোৰ অন্যান্য দেশ আৰু আমেৰিকাৰ অংশীদাৰক আক্ৰমণ কৰাৰ ইৰাণৰ ক্ষমতাই অঞ্চলটোত এতিয়ালৈকে কেতিয়াও নেদেখা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । যাৰ বাবে কেৱল অঞ্চলটোৱেই নহয় বিশ্বৰ অন্যান্য দেশে ভোগ কৰিব লাগিব । বিশেষকৈ হৰমুজ প্ৰণালীত অৱৰোধৰ আশংকাই এই প্ৰত্যাহ্বানক আৰু অধিক গুৰুতৰ কৰি তুলিছে ।
ইৰাণৰ প্ৰতি আমেৰিকাৰ দৃষ্টিভংগী ভুল হিচাপে দেখা গৈছে । ইফালে ইৰাণৰ সংকটময় পৰিস্থিতিৰ পৰা ওলাই আহিব পৰাকৈ আমেৰিকাৰ গভীৰতা আছে । আনফালে এই সংঘৰ্ষৰ পৰা মৰ্যাদাৰে ওলাই আহিবলৈ ইৰাণে এক ঐতিহাসিক মুহূৰ্তৰ সন্মুখীন হৈছে ।

এই পৰিৱেশে এনে এক জটিল পৰিস্থিতিৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে যে দুয়োপক্ষই নিজৰ বিশ্বাসযোগ্যতা ৰক্ষা কৰি পিছুৱাই যোৱাটো কঠিন হৈ পৰিছে । ইয়াৰ ওপৰত জিচিচিৰ (গাল্ফ ক'অপাৰেশ্যন কাউন্সিল) ৰাষ্ট্ৰসমূহ আৰু বিস্তীৰ্ণ মুছলমান বিশ্বৰ সংহতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অঞ্চলটোত আমেৰিকাৰ মিত্ৰ দেশসমূহৰ ওপৰত অদম্য আক্ৰমণৰ কৌশলে আঞ্চলিক সম্পৰ্ক পৰিচালনাৰ লগতে আমেৰিকাৰ নিজৰ কৌশলগত ভংগীমাৰ ক্ষেত্ৰতো নতুন অসুবিধাৰ সৃষ্টি কৰিছে ।
ড'নাল্ড ট্ৰাম্পে নিজেই এই কথা স্বীকাৰ কৰিছে । আনহাতে হৰমুজ প্ৰণালী বন্ধ কৰাৰ কথাটো পূৰ্বে চিন্তা কৰা হোৱা নাছিল । ভাৰতৰ দৃষ্টিকোণৰ পৰা এইটো এক অভূতপূৰ্ব পৰিস্থিতি । কেৱল শক্তি সুৰক্ষাৰ ক্ষেত্ৰতে নহয়, মধ্যপ্ৰাচ্যৰ দেশসমূহৰ সৈতে ইয়াৰ সম্পৰ্কৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ।

যদি শক্তিৰ বাবে ৰাছিয়াৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতাই কৌশলগত স্বায়ত্তশাসনৰ সৈতে কঠিন কূটনৈতিক সম্পৰ্কৰ ভাৰসাম্য ৰক্ষাৰ পৰীক্ষা হিচাপে কাম কৰে তেন্তে ইৰাণৰ সৈতে আমেৰিকাৰ সংঘাতৰ এই বৰ্তমানৰ পৰিস্থিতিয়ে সেই সুক্ষ্ম ভাৰসাম্যক আৰু অধিক কঠিন পৰীক্ষাৰ সন্মুখীন কৰাইছে ।

হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজৰ নিৰাপদ যাত্ৰা নিশ্চিত কৰাৰ অংশ হিচাপে ইৰাণৰ সৈতে ফলপ্ৰসূ আলোচনা বজাই ৰাখি ভাৰতে সফল হোৱাটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু ঘৰুৱা শক্তি সুৰক্ষা দুয়োটাৰে বাবে অপৰিসীম তাৎপৰ্যপূৰ্ণ । এই সংঘাত দীৰ্ঘদিন ধৰি চলি থাকিলে ভাৰতত এল পি জিৰ নাটনি অধিক হোৱাৰ আশংকা আহি পৰিছে । পক্ষ নোলোৱাকৈয়ে অস্তিত্বৰ সংকটৰে যুঁজি থকা ইৰাণৰ সৈতে ভাৰতৰ সুষম সংযোগ বজাই ৰখাৰ ক্ষমতাই এক ধৰণৰ কৌশলগত ভাৰসাম্যতাক বুজাইছে যিটো হয়তো ইয়াৰ পূৰ্বে খুব কমেইহে দেখা গৈছে ।
(ঘোষণা : এই প্ৰতিবেদনত প্ৰকাশ কৰা মতামতসমূহ লেখকৰ । ইয়াত প্ৰকাশ কৰা তথ্য আৰু মতামতে ইটিভি ভাৰতৰ মতামত প্ৰতিফলিত নকৰে)
লগতে পঢ়ক :
ইৰাণ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আমি গেছ স্বৰাজ নীতিৰ কথা ভাবিব পাৰো নেকি ?

