ETV Bharat / opinion

পূৰ্বৰ অনুমানৰ তুলনাত বহু বেছি উচ্চ হৈছে সাগৰৰ জলপৃষ্ঠ, অধ্যয়নত প্ৰকাশ

অধ্যয়নত পোৱা গৈছে যে সাগৰৰ জলপৃষ্ঠ পূৰ্বৰ অনুমানৰ তুলনাত বহু বেছি উচ্চ হৈছে, যি তথ্য গোলকীয় উষ্ণতা বৃদ্ধিত ভৱিষ্যতৰ প্ৰভাৱৰ মূল্যায়নৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

Sea Levels Far Higher Than Previously Understood
মুম্বাইৰ আৰব সাগৰৰ দৃশ্যৰ ফাইল ফটো (ANI)
author img

By C P Rajendran

Published : March 22, 2026 at 4:57 PM IST

5 Min Read
Choose ETV Bharat

শেহতীয়াকৈ নেচাৰ আলোচনীত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে বিশ্বজুৰি সাগৰৰ জলপৃষ্ঠ পূৰ্বৰ অনুমানৰ তুলনাত বহু বেছি উচ্চ হৈছে । নেদাৰলেণ্ডৰ ৱেগেনিংগেন বিশ্ববিদ্যালয়ৰ লেখিকা কেথাৰিনা ছিগাৰ আৰু ফিলিপ মিণ্ডাৰহাউডে সাগৰৰ জলপৃষ্ঠৰ কম অনুমানৰ কাৰণ আঁসোৱাহপূৰ্ণ ডিজাইন বুলি দোহাৰিছে ।

এই অধ্যয়নত উপকূলীয় উচ্চতা কেনেকৈ জুখিব পাৰি তাৰ এক কাৰিকৰী আঁসোৱাহৰ কথা পোহৰলৈ আহিছে ৷ তেওঁলোকে প্ৰত্যক্ষ কৰিছে যে ৯০%তকৈ অধিক অধ্যয়নতে সমুদ্ৰপৃষ্ঠৰ স্থানীয়, পোনপটীয়া জোখ-মাখ ব্যৱহাৰ কৰা হোৱা নাছিল । বৰঞ্চ তেওঁলোকে পৃথিৱীৰ মাধ্যাকৰ্ষণ আৰু ঘূৰ্ণনৰ ওপৰত ভিত্তি কৰি বিশ্বব্যাপী সমুদ্ৰপৃষ্ঠৰ অনুমানৰ উল্লেখ কৰি ভূমিৰ উচ্চতাৰ জোখ-মাখৰ ওপৰত বিশ্বব্যাপী জিঅ’ইড মডেলকহে নিৰ্ভৰ কৰিছিল । তেওঁলোকৰ পৰ্যালোচনাই দেখুৱাইছে যে স্থানভিত্তিক উচ্চতাৰ আৰ্হি ব্যৱহাৰ কৰি কৰা উলম্ব জোখ-মাখ কেইবা মিটাৰমানলৈকে শুদ্ধ নহ’বও পাৰে ।

Sea Levels Far Higher Than Previously Understood
পূব মেদিনীপুৰৰ দিঘাত বৰষুণৰ মাজতে ছাতি লৈ এজন মানুহে সাগৰলৈ চাই থকাৰ দৃশ্য (ANI)

‘‘শেহতীয়া সমুদ্ৰপৃষ্ঠ বৃদ্ধিৰ প্ৰভাৱ আৰু উপকূলীয় বিপদ মূল্যায়ন অধ্যয়নৰ মূল্যায়ন কৰি আমি দেখিলো যে এই গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ প্ৰায়ে বিবেচনা কৰা হোৱা নাছিল বা ভুলকৈ সম্পন্ন কৰা হোৱা নাছিল । প্ৰকৃত স্থানীয় সমুদ্ৰপৃষ্ঠৰ উচ্চতা বিবেচনা কৰাৰ পৰিৱৰ্তে উপকূলীয় সাগৰৰ জলপৃষ্ঠক অধিকাংশ সময়তে গ্লোবেল ডিজিটেল উচ্চতা মডেল(ডি ই এম) ত উল্লেখ কৰা (সততে পুৰণি) গোলকীয় জিঅ’ইডৰ বা কিছুমান ক্ষেত্ৰত এলিপছ’ইডৰ সমান বুলি ধৰা হয়’’ বুলি গৱেষকসকলে কয় ৷

শেহতীয়াকৈ কৰা অধ্যয়নত পোৱা গৈছে যে সাগৰৰ জলপৃষ্ঠ পূৰ্বৰ অনুমানৰ তুলনাত বহু বেছি, যি তথ্য গোলকীয় উষ্ণতা বৃদ্ধিত ভৱিষ্যতৰ প্ৰভাৱৰ মূল্যায়নৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

Sea Levels Far Higher Than Previously Understood
বিপদৰ মূল্যায়নত সাধাৰণতে বিবেচনা কৰা উপকূলীয় সাগৰপৃষ্ঠৰ উচ্চতা আৰু জুখি উলিওৱা স্থানীয় সমুদ্ৰপৃষ্ঠৰ উচ্চতাৰ মাজৰ অমিল (Nature.com)

বিশ্বজুৰি কৰা অধ্যয়নৰ পৰা দেখা গৈছে যে পূৰ্বতে অনুমান কৰাতকৈ সাগৰৰ জলপৃষ্ঠ গড়ে ৩০ ছেণ্টিমিটাৰ বেছি । দক্ষিণ-পূব এছিয়া আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলকে ধৰি গ্ল’বেল ছাউথৰ একাংশ অঞ্চলত এই পাৰ্থক্য আৰু অধিক স্পষ্ট ৷ তাত প্ৰকৃত সমুদ্ৰপৃষ্ঠ পূৰ্বৰ অনুমানতকৈ ১০০-১৫০ ছেণ্টিমিটাৰ বেছি হ’ব পাৰে ।

এই আঁসোৱাহপূৰ্ণ পদ্ধতিৰ ফলত এক মাৰাত্মক ভুলৰ সৃষ্টি হ’ল । মিণ্ডাৰহাউডে ব্যাখ্যা কৰা অনুসৰি, ‘‘বাস্তৱিকতে সাগৰৰ জলপৃষ্ঠ যেনে - বতাহ, সাগৰৰ সোঁত, সাগৰৰ পানীৰ উষ্ণতা আৰু লৱণীয়তা আদি অতিৰিক্ত কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় । এই স্থানীয় আৰু আঞ্চলিক কাৰকসমূহৰ হিচাপ নিদিয়াৰ ফলতে পূৰ্বৰ গৱেষণাই পদ্ধতিগতভাৱে প্ৰকৃত সমুদ্ৰপৃষ্ঠৰ মূল্য কম কৰিছিল ।

Sea Levels Far Higher Than Previously Understood
মুম্বাইৰ সাগৰত মাছমৰীয়াই মাছ ধৰা দৃশ্য (ANI)

এই অধ্যয়নত ২০০৯-২০২৫ চনৰ ভিতৰত প্ৰকাশিত ৩৮৫ টা সমীক্ষাৰ দ্বাৰা পৰ্যালোচিত বৈজ্ঞানিক সাহিত্য বিশ্লেষণ কৰি সাধাৰণতে ধাৰণা কৰা আৰু প্ৰকৃততে জুখি উলিওৱা উপকূলীয় সাগৰৰ জলপৃষ্ঠৰ মাজৰ পাৰ্থক্য গণনা কৰা হৈছে । এই বিস্তৃত পৰ্যালোচনাই পূৰ্বৰ মডেলসমূহ পদ্ধতিগতভাৱে অৱজ্ঞা কৰাটোক উন্মোচিত কৰে ৷

সাগৰৰ জলপৃষ্ঠ বৃদ্ধিয়ে ইতিমধ্যে বিশ্বজুৰি উপকূলীয় সম্প্ৰদায়সমূহৰ বাবে এক গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে । ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ আন্তঃৰাষ্ট্ৰীয় চৰকাৰী পেনেলে(IPCC) অনুমান কৰিছে যে ২১০০ চনৰ ভিতৰত বিশ্বৰ গড় সাগৰৰ জলপৃষ্ঠ ২৮–১০০ চেণ্টিমিটাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । নতুন গৱেষণাৰ পৰা দেখা গৈছে যে এক ভিত্তিৰেখাৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ষেপণ যিটো নিজেই পূৰ্বতে স্বীকৃতি পোৱাতকৈ যথেষ্ট বেছি, ইতিমধ্যে ভয়ংকৰ ৰূপে পৰিচিত হৈছে ।

Sea Levels Far Higher Than Previously Understood
উপকূলীয় সমুদ্ৰপৃষ্ঠৰ উচ্চতা আৰু সমগ্ৰ বিশ্বতে সৰ্বাধিক ব্যৱহৃত জিঅ'ইডৰ মাজৰ পাৰ্থক্য (Nature.com)

যদিহে বৰ্তমানৰ সমুদ্ৰপৃষ্ঠ ইতিমধ্যে মডেলসমূহে ভৱিষ্যদ্বাণী কৰাতকৈ ৩০-১৫০ চেণ্টিমিটাৰ বেছি হয়, তেন্তে ভৱিষ্যতে সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ প্ৰভাৱ আৰু অধিক ভয়াৱহ হ’ব । উপকূলীয় প্লাৱন, নিমখীয়া পানীৰ বৃদ্ধি, খহনীয়া আদি বৰ্তমান প্ৰক্ষেপণে ইংগিত দিয়াতকৈ অধিক পৰিমাণে দ্ৰুত আৰু তীব্ৰতাৰে হ’ব । নিম্নভূমিৰ দেশ আৰু ঘন জনবসতিপূৰ্ণ উপকূলীয় অঞ্চলৰ বাবে অভিযোজনৰ সময় এতিয়া যথেষ্ট হ্ৰাস পাইছে ।

এই সংশোধনসমূহে সাম্ভাৱ্য বিপদৰ প্ৰতি আমাৰ মনোভাৱৰ মৌলিক পৰিৱৰ্তন ঘটায় । নতুন অধ্যয়নত প্ৰকাশ পাইছে যে মাত্ৰ ১ মিটাৰ আপেক্ষিক সমুদ্ৰপৃষ্ঠ বৃদ্ধিৰ পিছত অতিৰিক্ত ৩৭% উপকূলীয় অঞ্চল সমুদ্ৰপৃষ্ঠৰ তললৈ নামিব, যাৰ ফলত অতিৰিক্ত ১৩.২ কোটি লোক প্ৰভাৱিত হ’ব ৷

Sea Levels Far Higher Than Previously Understood
মেৰিন ড্ৰাইভৰ সাগৰৰ পাৰত স্থাপন কৰা হৈছে টেট্ৰাপড (ANI)

শেহতীয়া সমুদ্ৰপৃষ্ঠৰ জোখ-মাখৰ সৈতে বিশ্বৰ উপকূলীয় উচ্চতাৰ তথ্য একত্ৰিত কৰা এই অধ্যয়নত বৰ্তমানৰ উপকূলীয় বিপদৰ অধ্যয়ন আৰু পদ্ধতিসমূহৰ পুনৰ মূল্যায়নৰ আহ্বান জনোৱা হৈছে, যাতে জলবায়ু পৰিৱৰ্তনৰ নীতিসমূহ যাতে ভাবুকিৰ প্ৰকৃত পৰিসৰৰ ওপৰত ভিত্তি কৰি সঠিকভাৱে ডিজাইন কৰা হয় ।

লেখকসকলে এই সিদ্ধান্তত উপনীত হৈছে, ‘‘আমাৰ এই তথ্যই বিশেষকৈ উপগ্ৰহৰ পৰা আহৰণ কৰা উচ্চতাৰ তথ্যৰ ওপৰত ভিত্তি কৰি বৰ্তমানৰ উপকূলীয় অভিযোজন, সুৰক্ষা আৰু বিপদ হ্ৰাস কৌশলৰ ওপৰত বিস্তৃত প্ৰভাৱ পেলাব পাৰে ।”

Sea Levels Far Higher Than Previously Understood
আৰৱ সাগৰত অহা জোৱাৰ ভাটাৰ দৃশ্য (ANI)

এই কামৰ বাবে আৰু সাগৰৰ জলপৃষ্ঠৰ তথ্যৰ সৈতে জড়িত সমস্যাসমূহ চিনাক্ত আৰু সংশোধন কৰিবলৈ বৰ্তমানৰ উপকূলীয় বিপদৰ মূল্যায়নৰ জৰুৰী পুনৰ মূল্যায়নৰ প্ৰয়োজন । যদি এই ত্ৰুটিপূৰ্ণ মূল্যায়নসমূহে বৰ্তমানৰ সিদ্ধান্ত গ্ৰহণত প্ৰভাৱ পেলাইছে, তেন্তে উপকূলীয় অভিযোজন কৌশলসমূহ আপডেট কৰিব লাগিব আৰু ইয়াৰ ৰূপায়ণৰ সময়সীমা ক্ষীপ্ৰ কৰিব লাগিব ।

ঘন জনবসতিপূৰ্ণ উপকূলীয় অঞ্চল আৰু নিম্নভূমি দ্বীপ লক্ষদ্বীপ আৰু আন্দামান-নিকোবৰ, সাগৰীয় বেদখলৰ বাবে দুৰ্বল ভাৰতৰ দৰে দেশৰ বাবে সংশোধিত সমুদ্ৰপৃষ্ঠৰ তথ্য প্ৰৱৰ্তনৰ লগে লগে অভিযোজনৰ মাত্ৰা যথেষ্ট হ্ৰাস হৈছে । এতিয়া প্ৰশ্নটো হ’ল পানী বঢ়াৰ পূৰ্বেই নীতিসমূহে বাস্তৱৰ সৈতে খাপ খাব পাৰিবনে ?

লগতে পঢ়ক: ইৰাণৰ ৰণকৌশল : নজিৰবিহীন নতুন মধ্য প্ৰাচ্যৰ সংঘাত