ETV Bharat / opinion

নতুন চৰকাৰৰ পৰা কি পাব অসমে ? বিজেপিৰ সংকল্প আৰু কংগ্ৰেছৰ গেৰাণ্টীৰ পৰা দূৰতে বিদূৰ অসম চুক্তি

অসম বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলসমূহে নিজৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাইজৰ মাজত প্ৰকাশ কৰিছে ৷ এই নিৰ্বাচনী প্ৰতিশ্ৰুতি সন্দৰ্ভত ৰাজ শইকীয়াৰ বিশ্লেষণ।

Assam Assembly Election 2026
নতুন চৰকাৰৰ পৰা কি পাব অসমে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 1, 2026 at 5:10 PM IST

11 Min Read
Choose ETV Bharat

পূৰ্বতকৈ অধিক আকৰ্ষণীয় ৰূপত এইবাৰ অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে অসম বিধানসভা নিৰ্বাচনৰ যুঁজখন ৷ অহা ৯ এপ্ৰিলত একক পৰ্যায়ত অসমৰ ১২৬ টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ যাৰ বাবে এতিয়া ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ উঠি-পৰি লাগিছে ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকল ৷

এইবাৰ অসম বিধানসভা নিৰ্বাচনত মুঠ ১২৬ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ৭২২ গৰাকী প্ৰাৰ্থীয়ে । ইয়াৰ ভিতৰত শাসকীয় এন ডি এ মিত্ৰজোঁটৰ বিগ ব্ৰাডাৰ বিজেপিয়ে ৯০ খন আসনত প্ৰাৰ্থী আগবঢ়াইছে । আনহাতে বিৰোধী ঐক্যমঞ্চৰ মুখ্য শক্তি কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৯৯ খন আসনত । অৱশ্যে বৰপেটা আসনখন ইতিমধ্যেই কংগ্ৰেছৰ হাতৰ পৰা ওলাই গৈছে । মনোনয়নত ভুল হোৱাৰ বাবেই বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ সৰকাৰৰ মনোনয়ন বাতিল হয় । এতিয়া ৯৮ খন আসনৰ বাবে মৰণপণ যুঁজ দিছে কংগ্ৰেছে ।

নিৰ্বাচন বুলি ক’লেই ৰাজনৈতিক মহল তথা সাধাৰণ ৰাইজে এটা বিষয়ত চকু ৰাখে ৷ সেয়া হৈছে কোন দলে কি ধৰণে ৰাইজৰ প্ৰতিশ্ৰুতি দিছে বা চৰকাৰ গঠনৰ পাছত কি কি কৰাৰ বাবে সংকল্পবদ্ধ হৈছে ৷ ইতিমধ্যেই কংগ্ৰেছে অসমৰ ৰাইজক পাঁচটা গেৰাণ্টী দিয়াৰ বিপৰীতে বিজেপি দলে ৩১ টা প্ৰতিশ্ৰুতিৰে সংকল্প পত্ৰ প্ৰকাশ কৰিছে ৷ তেওঁলোকৰ এই প্ৰতিশ্ৰুতিসমূহত কি কি বিষয়ে স্থান পাইছে ? সেই সম্পৰ্কে জানো আহক এই প্ৰতিবেদনৰ দ্বাৰা ৷

প্ৰথমেই আহোঁ বিজেপিৰ সংকল্প পত্ৰৰ বিষয়লৈ ৷ ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কংগ্ৰেছক শাসনৰ পৰা উৎখাত কৰি ক্ষমতালৈ আহিছিল বিজেপি দল ৷ মোদীৰ ঢৌত সেই নিৰ্বাচনত প্ৰায় তচনচ হৈছিল কংগ্ৰেছ ৷ সেই সময়তেই মোদীয়ে অসমত ঘোষণা কৰিছিল যে ১৬ মে’ৰ পাছত অসমৰ পৰা বাংলাদেশীয়ে তালি-টোপোলা বান্ধি পলাব লাগিব ৷ ২০১৬ চনত অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰথমবাৰলৈ ক্ষমতালৈ আহে বিজেপি দল ৷ তেতিয়াও বিকাশৰ লগতে অবৈধ বাংলাদেশীক অসমৰ পৰা খেদোৱাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি দলে ৷

তাৰ পাছত লুইতৰ বুকুৰে বহু পানী বৈ গ’ল ৷ ২০১৯ আৰু ২০২৪ ত দুয়োটা নিৰ্বাচনতে পুনৰ দেশৰ শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিবলৈ সক্ষম হ’ল বিজেপি নেতৃত্বাধীন এন ডি এ ৷ অসমতো ২০২১ চনত পুনৰ এবাৰ বিজেপি তথা এন ডি এৰ সপক্ষে জনাদেশ দিয়ে অসমৰ জনতাই ৷ মুখ্যমন্ত্ৰীৰ আসনত বহে হিমন্ত বিশ্ব শৰ্মা ৷ ৰাইজৰ আশা আছিল বিকাশ তৰান্বিত হ’ব, বাংলাদেশী নোহোৱা হ’ব ৷ খিলঞ্জীয়া অসমত সুৰক্ষিত হ’ব ৷ চৰকাৰেও বিভিন্ন সভাই-সমিতিয়ে নিজৰ ভাষণত এই বিষয়কেইটা দোঁহাৰিছিল ৷

২০২১ ৰ নিৰ্বাচনী প্ৰেক্ষাপটত আছিল সম্পূৰ্ণ সুকীয়া ৷ কিয়নো কেন্দ্ৰৰ বিজেপি চৰকাৰে ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ ফলত ব্যাপক আন্দোলন চলে ৰাজ্যত ৷ তাৰিখ আছিল ১০ ডিচেম্বৰ, লোকসভাত গৃহীত হয় নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ । তাৰ পাছদিনা অৰ্থাৎ ১১ ডিচেম্বৰত ৰাজ্যসভাতো এই বিধেয়ক গৃহীত হয় ধ্বনি ভোটৰ দ্বাৰা । ১২ ডিচেম্বৰত তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সেই বিধেয়কত স্বাক্ষৰ কৰে আৰু এই বিধেয়ক আইনত পৰিণত হয় । ২০২০ বৰ্ষৰ ১০ জানুৱাৰীৰ পৰা বলবৎ হৈছিল এই আইন ।

নাগৰিকত্ব সংশোধনী আইনত কোৱা হ’ল যে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ’ব ৷ ইয়াকে লৈ অসমৰ সৰ্বত্ৰে ব্যাপক গণ আন্দোলন দেখা যায় ৷ ঠিক অসম আন্দোলনৰ সময়ৰ দৰেই এক পৰিস্থিতিৰ সৃষ্টি হয় অসমত ৷

এই আন্দোলন প্ৰতিহত কৰিবলৈ চৰকাৰে ৰাজ্যৰ বিভিন্ন স্থানত তেতিয়াৰ ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰা আৰোপ কৰে । ৰাজ্যত প্ৰতিবাদকাৰীক দমন কৰিবলৈ নামি পৰে নিৰাপত্তা বাহিনী । দিল্লীৰ পৰা আনি অসমত আন্দোলন দমনৰ সম্পূৰ্ণ দায়িত্ব দিয়া হয় জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক । পাঁচজনকৈ প্ৰতিবাদকাৰীৰ আৰক্ষীৰ গুলীত মৃত্যু হয় ৷ তাৰ পাছতেই ক্ৰমান্বয়ে স্তিমিত হয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৷

সেই আন্দোলনৰ এবছৰ পাছত ২০২১ চনত অসমত অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন ৷ বহুতেই ভাবিছিল কা বিৰোধী আন্দোলনৰ প্ৰভাৱ পৰিব সেই নিৰ্বাচনত ৷ কিন্তু সেই নিৰ্বাচনতো বিজেপিয়ে জয়লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় ৷ এইবাৰ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হয় হিমন্ত বিশ্ব শৰ্মা ৷ নিৰ্বাচনৰ সময়ত তেওঁ প্ৰতিশ্ৰুতি দিছিল যে অসমৰ ১ লাখ নিবনুৱাক চৰকাৰী সংস্থাপন দিয়া হ’ব ৷ সুৰক্ষিত কৰা হ’ব অসমৰ জাতি-মাটি-ভেটি ৷ সেই নিৰ্বাচনক কোৱা হৈছিল শৰাইঘাটৰ শেষ ৰণ ৷

বিজেপি চৰকাৰ নাহিলে অসমত বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব বুলি এক বাৰ্তা প্ৰচাৰ কৰিছিল বিজেপি দলে ৷ অৱশেষত বিজেপি পুনৰ ক্ষমতালৈ আহিল ৷ প্ৰতিশ্ৰুতি মতেই প্ৰায় ডেৰ লাখ নিবনুৱাক চৰকাৰী চাকৰিও দিয়া হ’ল ৷ জাতি-মাটি-ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাৰখনে অসমৰ বিভিন্ন বনভূমি, চৰকাৰী ভূমি, সত্ৰভূমিৰ পৰা উচ্ছেদ কৰিলে বেদখল কৰি থকা একাংশ বংগমূলীয় মুছলমানক ৷ উচ্ছেদ কৰা হ’ল ঠিকেই কিন্তু এই মানুহখিনি ক’লৈ গ’ল? তাৰ উত্তৰ কিন্তু নাই চৰকাৰৰ হাতত ৷ ঘৰ-বাৰী ভাঙি উচ্ছেদ কৰাৰ পাছত এই মানুহবোৰে পুনৰ আন ঠাইত বসতি কৰিবলৈ আৰম্ভ কৰে ৷

ভাৰত-বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা কৰা একাংশ বাংলাদেশীক বিগত সময়ত চৰকাৰে ওভতাই পঠিয়াইছে যদিও, অসমৰ ভিতৰত থকা আৰু বিজেপি চৰকাৰে বিদেশী বা অচিনাকী মানুহ বুলি অভিহিত কৰা মিঞা মুছলমানক এতিয়াও কিন্তু খেদিব পৰা নাই ৷ মুখ্যমন্ত্ৰীয়ে এইবাৰ সদম্ভে ঘোষণা কৰিছে যে যোৱাবাৰ মিঞাৰ হাত-ভৰি ভাঙিলে, এইবাৰ ৰাজহাঁড় ভাঙিব ৷ কিন্তু সেই প্ৰতিশ্ৰুতি এতিয়া সুদূৰ পৰাহত ৷

জাতি-মাটি-ভেটি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আন এটা কথা মন কৰিবলগীয়া ৷ সেয়া হৈছে বহিঃৰাজ্যৰ পৰা অহা হিন্দীভাষী লোকৰ অসমত প্ৰভূত্ব ৷ গুৱাহাটীৰ লগতে তিনিচুকীয়া, যোৰহাট, ডিব্ৰুগড় আদি বহু ঠাইৰ চহৰীয়া অঞ্চলত এতিয়া দেখা যায় এই হিন্দীভাষী লোকৰ দপদপনি ৷ বাংলাদেশী খেদিব খোজা বিজেপি চৰকাৰ কিন্তু এইসকল লোকৰ ক্ষেত্ৰত নীৰৱ ৷ এনে ক্ষেত্ৰত জাতি-মাটি-ভেটি সুৰক্ষাৰ বিষয়টো এক বুমেৰাং বুলিও বহুতেই সমালোচনা কৰি আহিছে ৷

Assam Assembly Election 2026
বিজেপিৰ সংকল্প পত্ৰ প্ৰকাশ (Facebook Assam BJP)

এইবাৰ বিজেপিয়ে নিৰ্বাচনী সংকল্প পত্ৰত কি কৈছে ?

বিজেপিয়ে ৩১ মাৰ্চত প্ৰকাশ কৰা নিৰ্বাচনী সংকল্প পত্ৰত মুঠ ৩১ টা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ তাৰেই প্ৰথমটো হৈছে ভূমি বেদখলমুক্ত কৰা ৷ অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্ত কৰি বিতাড়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি দিছে গেৰুৱা বাহিনীয়ে ৷ এক ইঞ্চি ভূমিও বিদেশীক বিশেষকৈ মিঞাক নিদিয়াৰ সংকল্প লৈছে বিজেপিয়ে ৷ এই একেটা কথাই যোৱা দহ বছৰে বিজেপি নেতাৰ মুখত আখৈ ফুটা দি ফুটি আহিছে ৷

তাৰ পাছত সম নাগৰিক সংহিতাৰ কথা উল্লেখ কৰা হৈছে ৷ ষষ্ঠ অনুসূচীৰ অঞ্চল আৰু জনজাতীয় লোকসকলক বাদ দি সম নাগৰিক সংহিতা(ইউ চি চি) ৰূপায়ণৰ দিশত কাম কৰিব বিজেপিয়ে ৷ লাভ জেহাদ আৰু ভূমি জেহাদৰ বিপদ মোকাবিলা কৰাৰ বাবে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি বিজেপিৰ । তেওঁলোকৰ সংকল্পপত্ৰত থকা আন কেইটামান প্ৰতিশ্ৰুতি হৈছে-

  • পাঁচ লাখ কোটি টকাৰ আন্তঃগাঁথনি বিনিয়োগ
  • চেটেলাইট টাউনশ্বিপ
  • দুই লাখ চৰকাৰী চাকৰি
  • দহ লাখ যুৱক-যুৱতীক ৫ লাখকৈ টকা
  • বিনামূলীয়া ৰেচন
  • এক জিলা এক বিশ্ববিদ্যালয়
  • অৰুণোদয় হিতাধিকাৰীক মাহে ৩০০০ কৈ টকা
  • থলুৱা সংস্কৃতিৰ সুৰক্ষা
  • ক্ষুদ্ৰ আৰু উপান্ত কৃষকলৈ ১১ হাজাৰকৈ টকা
  • মীন পালকলৈ সাহায্য
  • আধুনিক কৃষি আন্তঃগাঁথনি
  • জনজাতীয় ব্লকৰ সুৰক্ষা
  • জনজাতীয় স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা
  • চাহ শ্ৰমিকলৈ ৫০০ টকাৰ মজুৰি
  • প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত ১৫ লাখ ঘৰ
  • দহ লাখ শিপিনীলৈ বিত্তীয় সাহায্য
  • ২০৩৬ চনৰ ভিতৰত ৩০০ বিলিয়ন ডলাৰ অৰ্থনীতি
  • দহ হাজাৰ টকাৰ মজুৰি ৰাজসাহায্য
  • ৫০ হাজাৰ টকাৰ স্বাস্থ্য আন্তঃগাঁথনি পুঁজি
  • পৰ্যটন খণ্ডৰ বিকাশ
  • চুক্তিৰ সময়সাপেক্ষ ৰূপায়ণ
  • অষ্টম দৰমহা আয়োগ কাৰ্যকৰীকৰণ
  • ক্ৰীড়াৰ সামগ্ৰিক উন্নয়ন
  • ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীৰূপে প্ৰতিষ্ঠা
  • বৰাক উপত্যকাৰ উন্নয়ন

এই সংকল্প পত্ৰত থকা আন তিনিটা প্ৰতিশ্ৰুতি হৈছে বানমুক্ত অসম, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সাত জনগোষ্ঠীৰ বাবে কেন্দ্ৰীয় অ' বি চি তালিকা । এইকেইটা বিষয়ৰ ভিতৰত বানমুক্ত অসম আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিগত সময়ছোৱাত এক বৃহৎ প্ৰহসনত পৰিণত হৈছে ৷

বানমুক্ত অসমৰ প্ৰতিশ্ৰুতিও দীৰ্ঘদিন ধৰি প্ৰতিখন চৰকাৰেই দি আহিছে যদিও আজিকোপতি সেয়া সফল হোৱা নাই । পূৰ্বতকৈ মথাউৰি নিৰ্মাণ, দলং নিৰ্মাণ আদি কামবোৰে কিছু গতি লাভ কৰিছে যদিও প্ৰতি বাৰিষাতেই বানে জুৰুলা কৰি আহিছে অসমৰ ৰাইজক । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান নিয়ন্ত্ৰণৰ বাবে অমৃত সৰোবৰ খন্দাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু বান নিৰ্মূলৰ সুদূৰপ্ৰসাৰী ব্যৱস্থা আজিলৈকে কোনো চৰকাৰেই গ্ৰহণ নকৰিলে ।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ অসমৰ এক দীৰ্ঘদিনীয়া দাবী । মৰাণ, মটক, টাই আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনজাতিৰ লোকসকলে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী তুলি আহিছে । কিন্তু প্ৰতিখন চৰাকেৰই নিৰ্বাচনৰ সময়ত এই প্ৰতিশ্ৰুতিক এক টোপ হিচাপে ব্যৱহাৰ কৰি আহিছে । এইবাৰ বিজেপিয়ে এই জনগোষ্ঠী কেইটাৰ জনজাতিকৰণৰ বাবে মন্ত্ৰীগোট গঠনৰ প্ৰতিশ্ৰুতি দিছে ।

তাৰোপৰি ৰাজ্যিক অ'বিচি তালিকাত থকাৰ দৰেই বিষ্ণুপ্ৰিয়া মণিপুৰী, ভৰ বা ৰাজভৰ, নেৱাৰ, ভূজেল, চবৰ, সতনামী আৰু কিৰণ শ্বেইখ - এই সাতটা সম্প্ৰদায়ক কেন্দ্ৰীয় অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে ৷

Assam Assembly Election 2026
কংগ্ৰেছৰ পাঁচ গেৰাণ্টী অসমৰ ৰাইজক (Facebook Assam Congress)

কংগ্ৰেছৰ পাঁচ গেৰাণ্টী

এতিয়া আহোঁ কংগ্ৰেছৰ গেৰাণ্টীলৈ । কংগ্ৰেছে অসমৰ ৰাইজক পাঁচটা বিশেষ গেৰাণ্টী দিছে । এই পাঁচটা গেৰাণ্টী হৈছে-

  • প্ৰতিগৰাকী মহিলাক ৫০ হাজাৰকৈ টকা প্ৰদান
  • প্ৰতিটো পৰিয়ালৰ বাবে ২৫ লাখকৈ টকাৰ স্বাস্থ্য বীমা
  • ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদান
  • দহ লাখ ভূমিপুত্ৰ স্থায়ী ভূমি পট্টা প্ৰদান
  • ১২৫০ টকাকৈ বৃদ্ধ পেঞ্চন

নিৰ্বাচনী প্ৰতিশ্ৰুতিত জুবিন গাৰ্গৰ বিষয়টো আনি ইতিমধ্যেই সমালোচনাৰ সন্মুখীন হৈছে কংগ্ৰেছ । জুবিন গাৰ্গক লৈ কংগ্ৰেছে ৰাজনীতি কৰা বুলি বিজেপিয়ে অভিযোগ তোলাৰ লগতে সচেতন মহলেও বিষয়টোক ইতিবাচকভাৱে চোৱা নাই । আনহাতে বিগত সময়ছোৱাত বিজেপিয়ে কংগ্ৰেছক মিঞা মুছলমানৰ প্ৰতি অনুকম্পা থকা দল বুলি প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰি আহিছে । সেই ক্ষেত্ৰত কিছু পৰিমাণে সফলো হৈছে গেৰুৱা দলটো । এতিয়া কংগ্ৰেছে ১০ লাখ ভূমিপুত্ৰক ভূমি পট্টা দিয়াৰ যি গেৰাণ্টী দিছে তাত কেনেবাকৈ মিঞা মুছলমানকো অন্তৰ্ভুক্ত কৰা হৈছে নেকি বুলি বহুতেই সন্দেহ প্ৰকাশ কৰিছে । এই ক্ষেত্ৰত এক ধাৰণা বিয়পাই দিয়াৰো চেষ্টা কৰিছে বিজেপিয়ে ।

কংগ্ৰেছ আৰু বিজেপিয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিত অন্তৰ্ভুক্ত নহ’ল অসম চুক্তিৰ কথা ৷ যি অসম চুক্তিক লৈ অসম গণ পৰিষদ শাসনলৈ আহিছিল সেই অসম গণ পৰিষদো এতিয়া বিজেপিত লীন যোৱাৰ দৰেই হৈছে ৷ অসমত অসম চুক্তি ৰূপায়ন দপ্তৰ এটা আছে আৰু এই দপ্তৰৰ মন্ত্ৰীও আছে ৷ কিন্তু যোৱা সময়ছোৱাত অসম চুক্তি ৰূপায়নৰ বিষয়টো স্থবিৰ হৈ ৰৈছে ৷

পূৰ্বে কংগ্ৰেছ তাৰ পাছত বিজেপি চৰকাৰে অসম চুক্তি আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও অসম চুক্তি ৰূপায়ণ এতিয়া সুদূৰ পৰাহত ৷ অসমৰ সীমা সমস্যা আজিও সমাধান হোৱা নাই ৷ নাগালেণ্ড, মেঘালয়, অৰুণাচলৰ সীমান্ত এতিয়াও বিভিন্ন সময়ত উদ্ভৱ হৈ আহিছে সীমাকেন্দ্ৰিক সংঘাত ৷ চৰকাৰে কেবাটাও পৰ্যায়ত এই সমস্যা সমাধানৰ বাবে কাম কৰি থকা বুলি কৈ আহিছে যদিও তাৰ ফল ৰাইজে এই পৰ্যন্ত ভোগ কৰিব পৰা নাই ৷

লগতে পঢ়ক:

কি কি আছে বিজেপিৰ ৩১ দফীয়া সংকল্প পত্রত ?

অসম বিধানসভা নিৰ্বাচন ২০২৬: মল্লিকাৰ্জুন খাৰ্গেই অসমৰ ৰাইজক দিলে পাঁচটা গেৰাণ্টী