ভাৰতৰ আন্তঃগাঁথনিৰ উত্থান আৰু নীৰৱে হৈ অহা শ্ৰমিক সংকট
অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ উন্নয়নৰ ভিত্তি প্ৰদান কৰা কৰ্মশক্তিত ওড়িশা, ঝাৰখণ্ড, বিহাৰ, পশ্চিমবংগ, অসম আৰু ছত্তীশগড়ৰ দৰে ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকৰ আধিপত্য আছে ।

Published : May 11, 2026 at 3:29 PM IST
দশক দশক ধৰি ভাৰতে এক অদৃশ্য আন্তঃগাঁথনিৰ পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়ি আহিছে । বিশেষকৈ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত পথ, ৰে'লপথ, বিমানবন্দৰ, বন্দৰ, জলসিঞ্চন প্ৰকল্প আৰু নতুন নগৰীয়া কেন্দ্ৰ দ্ৰুতগতিত বৃদ্ধি পাইছে । অমৰাৱতীত ৰাজধানী নিৰ্মাণ, পোলাভাৰম জলসিঞ্চন আঁচনি, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ, বন্দৰৰ উন্নয়ন আৰু হায়দৰাবাদৰ আৱাসিক আৰু বাণিজ্যিক আন্তঃগাঁথনিৰ ঊৰ্ধ্বগামী বিকাশ আদিয়ে এক সাহসী অগ্ৰগতিৰ সংকেত দিয়ে ।
কিন্তু এই দৃশ্যমান বিকাশৰ আঁৰত এটা গাঁথনিগত সমস্যা নিহিত হৈ আছে য'ত জৰুৰীভাৱে মনোযোগ দিয়াৰ প্ৰয়োজন । সেয়া হৈছে দক্ষ আৰু অৰ্ধ-দক্ষ শ্ৰমিকৰ বৰ্ধিত অভাৱ, বিশেষকৈ স্থানীয় সম্প্ৰদায়ৰ মাজৰ পৰা ।
ক্ৰমাৎ বৃদ্ধি পোৱা শ্ৰমিকৰ ব্যৱধান
অভিলাষী প্ৰকল্প সত্ত্বেও নিৰ্মাণৰ দৰে শাৰীৰিকভাৱে শ্ৰমদান কৰিবলগীয়া খণ্ডত স্থানীয় শ্ৰমিকৰ অংশগ্ৰহণ গুৰুত্বপূৰ্ণভাৱে কম । ইয়াৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ উন্নয়নৰ আধাৰ প্ৰদান কৰা কৰ্মশক্তিত ওড়িশা, ঝাৰখণ্ড, বিহাৰ, পশ্চিমবংগ, অসম আৰু ছত্তীশগড়ৰ দৰে ৰাজ্যৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিকৰ আধিপত্য আছে ।
এই পৰিঘটনা আনকি হায়দৰাবাদ আৰু বিশাখাপট্টনতো প্ৰতিফলিত হৈছে, য’ত ডেভেলপাৰ আৰু ঠিকাদাৰে স্থানীয়ভাৱে উপলব্ধ প্ৰশিক্ষিত শ্ৰমিক যেনে ৰাজমিস্ত্ৰী, ইলেক্ট্ৰিচিয়ান আৰু বিশেষজ্ঞ কাৰিকৰৰ অভাৱৰ বাবে নিৰন্তৰ বিলম্ব বৰ্ধিত খৰচৰ বিষয়ে অভিযোগ কৰি আহিছে । বিশাখাপট্টনমত উদ্যোগ জগতৰ নেতাসকলে এইটো স্বীকাৰ কৰিছে যে দক্ষ শ্ৰমিকৰ নাটনিৰ বাবে নির্মাণ ক্ষেত্ৰৰ গতি লেহেমীয়া হৈছে ৷
জনগাঁথনি আৰু প্ৰব্ৰজনৰ ধৰণ
অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা দুয়োখন ৰাজ্যতে কৰ্মক্ষম বয়সৰ জনসংখ্যা অতি বেছি । ইয়াৰে মুঠ জনসংখ্যাৰ ৭০% তকৈ অধিক ১৫-৫৯ বছৰৰ ভিতৰত । আনহাতে, ৰাষ্ট্ৰীয় গড় হৈছে প্ৰায় ৬৬ % । তাত্ত্বিকতভাৱে ইয়াৰ দ্বাৰা এক শক্তিশালী শ্ৰমিক শক্তি উপলব্ধ হ'ব লাগে । কিন্তু বাস্তৱ ছবিখন ইয়াতকৈ পৃথক । বহু স্থানীয় শ্ৰমিকে বিশেষকৈ যুৱসকলে, নিৰ্মাণ আৰু কৃষিৰ দৰে শ্ৰম-প্ৰধান কামত নিয়োজিত নহ’বলৈ নিবিচাৰে । কিছুমানে আকৌ গিগ ৱৰ্ক, খুচুৰা বিক্ৰীৰ দৰে বিকল্প নিয়োগৰ সন্ধান কৰি আছে বা অঞ্চলটোৰ বাহিৰৰ শাৰীৰিক শ্ৰম নোহোৱা কাম পছন্দ কৰিছে । আন কিছুমানে বিদেশলৈ প্ৰব্ৰজন কৰে; বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত কেৱল অন্ধ্ৰপ্ৰদেশৰ পৰাই ৭৬ হাজাৰতকৈ অধিক শ্ৰমিকে বহিঃৰাষ্ট্ৰত কাম কৰিবলৈ প্ৰব্ৰজনৰ অনুমতি লাভ কৰিছিল । তাৰে ভিতৰত মূলতঃ উপসাগৰীয় দেশসমূহত ।
এই বাহ্যিক প্ৰব্ৰজনে উপলব্ধ স্থানীয় কৰ্মশক্তি আৰু অধিক হ্ৰাস কৰে, ঠিক এনে সময়ত য'ত শ্ৰমিকৰ চাহিদা বৃদ্ধি পাই আছে ।
নিবনুৱা আৰু দক্ষতাৰ মাজত সাদৃশ্য নোহোৱা
পশ্চিম আৰু দক্ষিণৰ ৰাজ্যসমূহে প্ৰব্ৰজিত শ্ৰমিকক আকৰ্ষণ কৰাৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশেও নিবনুৱা সমস্যাৰ নিজস্ব প্ৰত্যাহ্বানৰ সৈতে যুঁজি আহিছে । চৰকাৰী সমীক্ষা অনুসৰি, লাখ লাখ বাসিন্দাই নন-মেনুৱেল বা ঘৰৰ পৰা কৰিব পৰা কামৰ চাকৰিৰ (Work from home) প্ৰতি আগ্ৰহ প্ৰকাশ কৰে । ই চাকৰিৰ আকাংক্ষা আৰু নিৰ্মাণ আৰু কৃষিৰ দৰে পৰম্পৰাগত খণ্ডত উপলব্ধ সুযোগৰ মাজত মিল নথকাৰ ইংগিত দিয়ে ।
স্থানীয় নিবনুৱা সমস্যাৰ তথ্যয়ো ধাৰাবাহিক নিবনুৱা সমস্যাৰ কথা আঙুলিয়াই দিয়ে । বিশাখাপট্টনম, কুৰ্নুল আৰু কড়প্পাৰ দৰে জিলাত নিৰ্মাণ প্ৰকল্পৰ উত্থানৰ সময়তো লাখ লাখ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছে । নিবনুৱা সমস্যা, আকাংক্ষিত পৰিৱৰ্তন আৰু দক্ষতাৰ ব্যৱধানৰ এই সংমিশ্ৰণৰ অৰ্থ হ'ল স্থানীয় শ্ৰমিকসকলে প্ৰায়ে শাৰীৰিকভাৱে চাহিদাপূৰ্ণ চাকৰিত প্ৰৱেশ নকৰে বা তাত টিকি নাথাকে, যদিও প্ৰকল্পসমূহ প্ৰচুৰ মাত্ৰাত আছে ।
ব্যাপক অৰ্থনৈতিক প্ৰভাৱ
প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীলতা কেৱল নিৰ্মাণৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয় । সমগ্ৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ খেতিপথাৰত বীজ সিঁচা, ৰোপণ আৰু শস্য চপোৱাৰ বাবে প্ৰবাসী শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল । হোটেল, ৰেষ্টুৰেণ্ট, নিৰাপত্তা সেৱা, গুদাম আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানত পূৰ্বোত্তৰৰ ৰাজ্যৰ পৰা বৃহৎসংখ্যক প্ৰব্ৰজনকাৰীয়ে কাম কৰে । ইয়াৰ দ্বাৰা স্থানীয় লোকসকলৰ মাজত শ্ৰমিকৰ অভাৱ প্ৰতিফলিত কৰাই নহয়, ৰাজ্যসমূহৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা আৰ্থ-সামাজিক পৰস্পৰ নিৰ্ভৰশীলতাকো প্ৰতিফলিত কৰে ।
ঠিকাদাৰ আৰু উদ্যোগ সংস্থাসমূহে ৰাজহুৱাভাৱে সতৰ্ক কৰি দিছে যে শ্ৰমিকৰ নাটনিৰ বাবে প্ৰকল্প ৰূপায়ণৰ সময়সীমাত বিলম্ব হৈছে আৰু বিশেষকৈ দক্ষ শ্ৰমিকৰ বাবে মজুৰিৰ খৰচ বৃদ্ধি পাইছে ।
ভাৰতৰ ভৱিষ্যতৰ বাবে ইয়াৰ অন্তৰ্নিহিত অৰ্থ কি
ভাৰতৰ শ্ৰমিকৰ নাটনি কোনো হ্ৰস্বম্যাদী সমস্যা নহয়, ই বিকাশ, সমতা আৰু আঞ্চলিক অৰ্থনীতিৰ বাবে গুৰুতৰ পৰিণতিৰ সৈতে এক গাঁথনিগত পৰিৱৰ্তন হ'ব:
- প্ৰকল্প ৰূপায়ণত বিলম্ব আৰু ব্যয়ৰ মুদ্ৰাস্ফীতি
শ্ৰমিকৰ অভাৱ পোনপটীয়াকৈ প্ৰকল্পৰ সময়সীমাত বিলম্বতা আৰু মজুৰি বৃদ্ধিৰ কাৰণলৈ পৰিণত হয়, যিয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ দুয়োটা প্ৰকল্পতে প্ৰভাৱ পেলায় ।
- দক্ষতাৰ অভাৱ আৰু উৎপাদনশীলতাৰ ব্যৱধান
প্ৰশিক্ষিত স্থানীয় শ্ৰমিকৰ পৰ্যাপ্ত সংখ্যা নোহোৱা বাবে উৎপাদনশীলতা ক্ষতিগ্ৰস্ত হয় আৰু উন্নয়নৰ গতি লেহেমীয়া হয় ।
- প্ৰব্ৰজনৰ চাপ আৰু সামাজিক প্ৰভাৱ
প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীলতাই গৃহ নিৰ্মাণ, কল্যাণ, সম্প্ৰদায়ৰ সংহতি আৰু শ্ৰমিকৰ অধিকাৰৰ বিষয় উত্থাপন কৰে । আনহাতে, স্থানীয় সম্প্ৰদায়সমূহে নিয়োগৰ সুযোগ হেৰুৱায় ।
আগবাঢ়ি যোৱাৰ বাবে পথ প্ৰশস্ত কৰা
এই ভাৰসাম্যহীনতাক দূৰ কৰিবলৈ ভাৰতে এনে সামগ্ৰিক সমাধান গ্ৰহণ কৰিব লাগিব, যিয়ে শ্ৰম পৰিকল্পনাক উন্নয়ন কৌশলত একত্ৰিত কৰে:
- চাহিদাৰ সৈতে সংগতি ৰাখি দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে মিল থাকিব লাগিব আৰু ঘাইপথ আৰু স্মাৰ্ট চহৰৰ পৰা আৰম্ভ কৰি জলসিঞ্চন আৰু গৃহ নিৰ্মাণলৈকে প্ৰকৃত প্ৰকল্পৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হ'ব লাগিব ।
- স্থানীয় যুৱক-যুৱতীসকলৰ বাবে কেৰিয়াৰ প্ৰৰোচনা: নিৰ্মাণ, কৃষি আৰু সংশ্লিষ্ট ব্যৱসায়ক আকৰ্ষণীয় কৰি তুলিবলৈ উন্নত মজুৰি, সুৰক্ষাৰ মান, মৰ্যাদা আৰু স্পষ্ট কেৰিয়াৰ পথৰ প্ৰয়োজন ।
- প্ৰযুক্তি আৰু যান্ত্ৰিকীকৰণ: আধুনিক নিৰ্মাণ পদ্ধতি, প্ৰিকাষ্ট প্ৰযুক্তি আৰু যান্ত্ৰিকীকৰণত বিনিয়োগ কৰিলে উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে হাতৰ শ্ৰমৰ ওপৰত অতিৰিক্ত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰি ।
- প্ৰব্ৰজিত শ্ৰমিকক আনুষ্ঠানিক কৰা: সামাজিক সুৰক্ষা, শ্ৰমিক পঞ্জীয়ন ব্যৱস্থা আৰু কল্যাণমূলক ব্যৱস্থাই কৰ্মশক্তিক সুস্থিৰ কৰি তুলিব পাৰে আৰু ঠিকাদাৰসকলক দক্ষ শ্ৰমিক ধৰি ৰখাত সহায় কৰিব পাৰে ।
উপসংহাৰ
ভাৰতৰ আন্তঃগাঁথনি সম্পৰ্কীয় উচ্চাকাংক্ষা সাহসী আৰু অপৰিহাৰ্য । কিন্তু আন্তঃগাঁথনি কেৱল কংক্ৰিট আৰু তীখাতে সীমাবদ্ধ নহয়, ই হৈছে মানৱ মূলধন । অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত বৰ্তমানৰ শ্ৰমিক স্থিতিৰ বাস্তৱতাই চাহিদা আৰু যোগান, আকাংক্ষা আৰু সুযোগ, প্ৰশিক্ষণ আৰু চাকৰিৰ মাজত এক জৰুৰী মিল নোহোৱাটো উন্মোচন কৰে ।
যদিহে নীতি নিৰ্ধাৰক, উদ্যোগ আৰু সমাজে এতিয়াই শ্ৰম নীতি, দক্ষতা বিকাশ আৰু কৰ্মশক্তিৰ মৰ্যাদাৰ ওপৰত পুনৰ চিন্তা কৰিবলৈ কাম নকৰে, তেন্তে ভাৰতৰ বিকাশৰ কাহিনীয়ে ইয়াৰ সামৰ্থ্যহীন অভাৱৰ বাবেই ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে । মানৱ পুঁজিৰ নিৰ্মাণ ৰাষ্ট্ৰীয় আন্তঃগাঁথনিৰ দৰেই সমান তৎপৰতাৰে গঢ়ি তুলিব লাগিব ।

