১৯৮০ত কাশ্মীৰলৈ আহি শ্ৰীনগৰত ভাষণ দিছিল; ৩৭০ অনুচ্ছেদ কৰ্তনৰ সমালোচনা আয়াতোল্লা আলি খামেইনীৰ
১৯৭৯ চনৰ ইৰাণৰ গণ বিপ্লৱৰ এটা বছৰৰ পাছতেই খামেইনীয়ে কাশ্মীৰ ভ্ৰমণ কৰি শ্ৰীনগৰৰ জামা মছজিদত ৰাজহুৱা সভা সম্বোধন কৰিছিল, ভাৰতৰ সৈতে ইৰাণৰ সুসম্পৰ্ক আছিল ৷

Published : March 2, 2026 at 3:41 PM IST
|Updated : March 2, 2026 at 4:01 PM IST
শ্ৰীনগৰঃ পশ্চিম এছিয়াত এগৰাকী গুৰুত্বপূৰ্ণ নেতা হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ বহু পূৰ্বেই আয়াতোল্লা আলি খামেইনীয়ে কাশ্মীৰ ভ্ৰমণ কৰিছিল ৷ তেওঁ সেই কাশ্মীৰ ভ্ৰমণৰ সময়ত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি অঞ্চলটোৰ মুছলমানসকলৰ অৱস্থাৰ ওপৰত ভাষণ ৰাখিছিল ৷ সেই ভ্ৰমণৰ এটা দশকৰ পাছত তেওঁ ইৰাণৰ সৰ্বোচ্চ নেতা হৈ ভাৰতৰ কাশ্মীৰ বিষয়টোক লৈ মন্তব্য় কৰিছিল আৰু শেহতীয়াকৈ ভাৰত চৰকাৰে ২০১৯ চনত ৰাজ্য়খনৰ পৰা ৩৭০ অনুচ্ছেদ কৰ্তন কৰাৰ সিদ্ধান্তক সমালোচনা কৰিছিল ৷
ঐতিহাসিক তথ্য় মতে, খামেইনীয়ে ১৯৮০ চনত কাশ্মীৰলৈ আহিছিল, ১৯৭৯ চনত ইৰাণত হোৱা গণ বিপ্লৱৰ এটা বছৰৰ পাছতেই তেওঁ কাশ্মীৰ ভ্ৰমণ কৰি শ্ৰীনগৰৰ জামা মছজিদত ৰাজহুৱা সভা সম্বোধন কৰিছিল ৷
অৱশ্য়ে কাশ্মীৰৰ ৰাজনৈতিক আৰু ধৰ্মীয় ইতিহাসত খামেইনীৰ সেই সময়ৰ ভ্ৰমণটো বিশেষভাৱে চৰ্চিত নোহোৱাকৈ ৰৈ গৈছিল ৷ ১৯৮০ সময়ত ৪১ বছৰীয়া আয়াতোল্লা আলি খামেইনী ইৰাণৰ ইছলামিক বিপ্লৱৰ পিছত এগৰাকী গুৰুত্বপূৰ্ণ নেতা হিচাপে প্ৰতিষ্ঠিত হৈছিল ৷ উল্লেখ্য় যে, ১৯৭৯ চনত শ্বাহৰ শাসন (মহম্মদ ৰেজা পহলাভি) ওফৰাই ইৰাণত হোৱা গণবিপ্লৱে ৰাজনৈতিক পট পৰিৱৰ্তন ঘটাইছিল ৷
শ্ৰীনগৰৰ জামা মছজিদত দিয়া ভাষণত খামেইনীয়ে বিশ্বজুৰি মুছলমান লোকসকলে সম্মুখীন হৈ অহা ৰাজনৈতিক আৰু সামাজিক প্ৰত্য়াহ্বানৰ ওপৰত আলোকপাত কৰিছিল আৰু সহমৰ্মিতা প্ৰদৰ্শন কৰিছিল ৷ ১৯৮০ চনত কাশ্মীৰত খামেইনীয়ে দিয়া ভাষণে সেই সময়ৰ ধৰ্মীয় আৰু ৰাজনৈতিক বিশ্লেষকসকলক আকৰ্ষিত কৰিছিল কিয়নো তেওঁলোকে ইৰাণত আয়াতোল্লা ৰুহোল্লাহ খ‘মেইনীৰ নেতৃত্বত হোৱা গণ আন্দোলনক ওচৰৰৰ পৰা পৰ্য্য়বেক্ষণ কৰি আছিল ৷
আয়াতোল্লা আলি খামেইনীৰ সেই কাশ্মীৰ ভ্ৰমণৰ সময়ত তেওঁ শ্ৰীনগৰৰ জাদিবল ইমামবৰাত উপস্থিত থকা ছিয়া জনতাকো উদ্দেশ্য় কৰি ভাষণ দিছিল তথা তেওঁ হজৰতবল দৰগাহ আৰু বুধগামলৈ গৈ আঘা পৰিয়াল এটাৰ আতিথ্য় গ্ৰহণ কৰিছিল ৷
সেই যাত্ৰাক গণবিপ্লৱৰ পাছত প্ৰাৰম্ভিক পৰ্য্য়ায়ত ইৰাণে গ্ৰহণ কৰা আদৰ্শগত প্ৰচাৰ কাৰ্য্য়সূচীৰ অংশস্বৰপে অভিহিত কৰিব পাৰি ৷ বিশ্বজুৰি থকা ইছলাম ধৰ্মালম্বীসকলৰ সৈতে গণ সংযোগ স্থাপন কৰাৰ বাবে ইৰাণে ১৯৭৯ৰ পিছত বিশেষ আদৰ্শগত কাৰ্য্য়সূচী গ্ৰহণ কৰিছিল ৷
সেই ভ্ৰমণৰ কেইটামান দশকৰ অন্তত ২০১৯ চনত ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বিলুপ্ত কৰাৰ সিদ্ধান্তক খামেইনীয়ে মুকলিকৈ সমালোচনা কৰিছিল ৷ ২০১৯ চনৰ সিদ্ধান্তমৰ্মে সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলুপ্ত কৰি জম্মু-কাশ্মীৰৰ বিশেষ মৰ্য্য়দা কৰ্তন কৰাৰ লগতে দুটাকৈ কেন্দ্ৰীয় শাসিত অঞ্চল সৃষ্টি কৰিছিল ৷
We’re concerned about Muslims’ situation in #Kashmir. We have good relations with India, but we expect the Indian government to adopt a just policy towards the noble people of Kashmir and prevent the oppression & bullying of Muslims in this region.
— Khamenei.ir (@khamenei_ir) August 21, 2019
সেই সময়ত তেওঁ দিয়াৰ সামাজিক মাধ্য়মৰ পোষ্টত লিখিছিলঃ
"আমি কাশ্মীৰৰ মুছলমান লোকসকলৰ অৱস্থাক লৈ চিন্তিত, ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক ভাল, তথাপি কওঁ যে, ভাৰতে এনে এক নীতি গ্ৰহণ কৰা উচিত যি নীতিয়ে সেই অঞ্চলৰ ইছলামধৰ্মীৰ বিৰুদ্ধে হৈ থকা শোষণ প্ৰতিহিত কৰে ৷"
তেওঁ আকৌ কৈছিল, "কাশ্মীৰৰ বৰ্তমান পৰিস্থিতি তথা ভাৰত-পাকিস্তানৰ মাজৰ বাদানুবাদ মূলত ভাৰতীয় উপমহাদেশ এৰি যোৱাৰ পূৰ্বে বৃটিছ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলাফল ৷ বৃটিছে জানি বুজি সেই ঘা টুকুৰা এৰি গৈছিল যাৰ ফলত কাশ্মীৰৰ মাধ্য়মত দুয়ো দেশৰ মাজত বিতৰ্ক অব্য়াহত থাকক ৷"
ভাৰতৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখা দেশ হিচাপে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতোল্লাই প্ৰদান কৰা সেই মতামতে কূটনৈতিক তথা ৰাজনৈতিক মহলত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ তিনিটা দশক পূৰ্বে অৰ্থাৎ ১৯৯০ৰ সময়ত খামেইনীয়ে বিশ্বৰ প্ৰেক্ষাপটত মুছলমানসকলৰ কথা উল্লেখ কৰাৰ সময়ত কাশ্মীৰ অঞ্চলৰ প্ৰসংগ উত্থাপন কৰিছিল আৰু কৈছিলঃ
"চোৱা, সমগ্ৰ বিশ্বত য'ত ইছলামধৰ্মী লোক আছে তেওঁলোকক অন্য়তকৈ বেছি বেয়া ব্য়ৱহাৰ কৰি অহা হৈছে ৷ কাশ্মীৰ হৈছে তেনে এক সমসাময়িক উদাহৰণ ৷" এই মন্তব্য়ই সেই সময়ত অত্য়াধিক চৰ্চা লাভ কৰিছিল ৷
তেওঁ কৈছিল যে কাশ্মীৰৰ মুছলমানসকলে নিজৰ অধিকাৰৰ বাবে মাত মাতি আহিছে আৰু সেই দাবীক তেওঁ নায্য়তা প্ৰদান কৰিছিল ৷
"যিসকলে কাশ্মীৰত হৈ থকা ঘটনাপ্ৰৱাহ সম্পৰ্কত জ্ঞাত তেওঁলোকে জানে যে অঞ্চলটোৰ ইছলামধৰ্মীসকলে যি কৈ আছে সেয়া সত্য় আৰু ন্য়ায়সংগত ৷" তেওঁ আৰু কৈছিল, "যি সকলে এই কণ্ঠ ৰোধ কৰাৰ চেষ্টা চলাই আছে তেওঁলোকৰ উদ্দেশ্য় সঠিক নহয় ৷ যি সকলে কাশ্মীৰৰ ইছলামধৰ্মীক আক্ৰমণ কৰিছে তেওঁলোকে বেয়া কাম কৰি আছে ৷ বিশ্বৰ সকলোৱে এই কৰ্মকাণ্ডত এক্য়মতত পৰ্য্য়বেক্ষণ কৰি আছে ৷"
আয়াতোল্লা আলি খামেইনীৰ এনেবোৰ মন্তব্য়ৰ পিছতো ভাৰত আৰু ইৰাণৰ মাজত সৌহাদ্য়মূলক আৰু সহযোগিতামূলক সম্পৰ্ক বৰ্তি আছিল ৷
উল্লেখ্য় যে, ইৰাণৰ সীমা পাকিস্তানৰ সৈতে লাগি আছে আৰু দেশখনে আফগানিস্তানক লৈ কৌশলগত গুৰুত্ব ৰাখে তথা সমগ্ৰ কেন্দ্ৰীয় এছিয়াৰ দেশবোৰৰ সৈতে বাণিজ্য়িক সম্পৰ্ক বৰ্তাই ৰাখি দক্ষিণ এছিয়াৰ দেশবোৰৰ সৈতেও সহযোগিতামূলক সম্পৰ্ক ৰাখি আহিছে ৷
১৯৯০ৰ প্ৰাৰম্ভিক সময়ত পাকিস্তানে কাশ্মীৰত মানৱ অধিকাৰ ভংগ হৈ অহাৰ অভিযোগ আনি ভাৰতৰ বিৰুদ্ধে এক প্ৰস্তাৱ গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় ইছলামিক সহযোগিতামূলক সংস্থাৰ কাষ চাপিছিল ৷ যদিহে সেই প্ৰস্তাৱ গৃহীত হ‘লহেঁতেনে তেন্তে তেতিয়া ভাৰতে আন্তঃৰাষ্ট্ৰীয় হেঁচা আৰু নিষেধাজ্ঞা লাভ কৰিলেহেঁতেন ৷
তদানীন্তন প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাওৱে এই কূটনৈতিক আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ততাতৈয়াকৈ ইৰাণৰ সহযোগিতা বিচাৰি সেই সময়ৰ কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী দীনেশ সিঙক দেশখনলৈ পঠিয়াইছিল ৷ ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীক ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে ব্য়ক্তিগতভাৱে বিমানবন্দৰত আদৰণি জনাইছিল আৰু সেই পদক্ষেপে সূচনা কৰিছিল যে ভাৰতক লৈ দেশখনে কিমান বন্ধুত্বমূলক সম্পৰ্ক বজাই ৰাখিছিল ৷
যেতিয়া বিষয়টো ইছলামিক সহযোগিতাৰ আন্তৰাষ্ট্ৰীয় সংস্থাত পাকিস্তানে উত্থাপন কৰিছিল আৰু যি প্ৰস্তাৱনাই ভাৰতে কাশ্মীৰত মানৱ অধিকাৰ ভংগ কৰি থকা তথা তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় হেঁচা আৰু নিষেধাজ্ঞাৰ পোষকতা কৰিছিল, তেতিয়া সেই প্ৰস্তাৱনাক ইৰাণে সমৰ্থন নজনোৱাৰ ফলত প্ৰস্তাৱনাটোৱে বিশেষ গুৰুত্ব লাভ নকৰি ৰাষ্ট্ৰসংঘৰ মজিয়া নাপালে ৷
ঘোষণা: এই লেখাত প্ৰকাশ কৰা মতামতসমূহ লেখকৰ সম্পূৰ্ণ নিজস্ব । ইয়াত প্ৰকাশ কৰা তথ্য আৰু মতামতত ইটিভি ভাৰতৰ মতামত প্ৰতিফলিত হোৱা নাই ।
লগতে পঢ়কঃ
ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ আগ্ৰাসন: অব্যাহত থাকিব যুদ্ধ আৰু প্ৰতিৰোধৰ ধাৰা
বাজেট ২০২৬ আৰু ভাৰতীয় ষ্টাৰ্টআপ : সংকেত, নীৰৱ বিষয় আৰু কৌশলগত ব্যৱধান

