ETV Bharat / opinion

যুৱ-প্ৰজন্মৰ সুস্থ মানসিকতা গঢ়ি উঠাত আধ্যাত্মিকতাৰ প্ৰভাৱ

আধ্যাত্মিকতাই যুৱ মানসিকতাৰ ওপৰত কেনে প্ৰভাৱ পেলায় ? গৱেষণাই কি কয় ? আমাৰ পৰম্পৰা আৰু ৰীতি-নীতিয়েও সুস্থ মানসিকতা গঢ়ি উঠাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

YOUTH AND SPIRITUALITY
যুৱ মানসিকতা আৰু আধ্যাত্মিকতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 16, 2026 at 5:44 PM IST

|

Updated : June 16, 2026 at 6:08 PM IST

13 Min Read
Choose ETV Bharat

আজিজুৰ ৰহমান হাজৰিকা

বৰ্তমান ভোগসৰ্বস্ব সময়ত ভোগবাদী প্ৰৱণতাই সকলোকে গ্ৰাস কৰাৰ সৰ্বত্ৰে অভিযোগ । এই ভোগবাদী পৃথিৱীত চূড়ান্তভাৱে অৱনমিত হৈছে নৈতিকতা আৰু সামাজিক প্ৰমূল্যবোধ। আধুনিক সমাজ ব্যৱস্থা, অতি আধুনিক মনোভাব, তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ শীৰ্ষলৈ আৰোহণ, ব্যক্তিকেন্দ্ৰিকতা, ব্যক্তি স্বাৰ্থ আদিয়ে বৰ্তমান সমাজৰ একোটা একোটা নেতিবাচক উপাদান হিচাপে ক্ৰিয়া কৰিব লৈছে । যাৰ ফলত ক'ব নোৱৰাকৈয়ে আমি প্ৰতিদিনে তাৰ প্ৰতি মোহাচ্ছন্ন হৈ পৰিছোঁ । যিখন সমাজক আমি এটা বৃহত্তৰ পৰিয়াল হিচাপে এটা সময়ত গণ্য কৰিছিলোঁ, সেইখন সমাজ এতিয়া সংকীৰ্ণ হৈ পৰিছে । ইয়াৰ কাৰণ নিশ্চয় আমাৰ ব্যক্তিকেন্দ্ৰিক মানসিকতা ।

ভোগবাদী সমাজ আৰু যুৱপ্ৰজন্মৰ ভৱিষ্যৎ

কিন্তু বৰ্তমানৰ এই ভোগবাদী সমাজত যুৱপ্ৰজন্মৰ ভৱিষ্যৎ কি ? বহুতেই বৰ্তমান সময়ত যুৱ মানসিকতাৰ ওপৰত আলোচনা কৰে, যুৱ মানসিকতাৰ স্খলন হোৱা বুলি সমালোচনা কৰে । কিন্তু যুৱ মানসিকতাক সমালোচনা কৰাৰ পূৰ্বে সেই স্খলিত যুৱ মানসিকতাৰ বাবে ক্ৰিয়াশীল কাৰকসমূহ অনুধাৱন কৰাটো নিশ্চয় উচিত হ'ব ।

কাৰণ যুৱ মানসিকতাৰ বিপথগামিতাৰ অন্তৰালত নিহিত হৈ আছে ওপৰত উল্লিখিত উপদানবোৰ । গতিকে আমি সঠিক আৰু শুদ্ধ যুৱ মানসিকতা গঢ় দিবলৈ হ'লে প্ৰথমতে ইয়াত প্ৰভাৱ পেলাব পৰা কাৰকসমূহৰ বিষয়ে চর্চা কৰিব লাগিব, সেইবোৰৰ পৰা যুৱপ্ৰজন্মক কেনেদৰে আঁতৰাই ৰাখিব পাৰি তাৰ পথ উলিয়াব লাগিব । সুস্থ যুৱ মানসিকতাৰ বাবে সুস্থ দিকদর্শন দিব লাগিব ।

এটা কথা মনত ৰখা ভাল যে কিশোৰ-কিশোৰীসকল হৈছে একপ্ৰকাৰ সাগৰত মেলি দিয়া গুৰিয়ালহীন নাৱৰ দৰে । যিফালেই বতাহৰ সোঁত বব, সেইফালেই নাৱে গতিপথ ল' ব। সেয়ে যুৱপ্ৰজন্মক গুৰিয়ালহীন নাৱৰ দৰে এৰি দিয়াটো উচিত নহয় । এইক্ষেত্ৰত পৰিয়াল তথা অভিভাৱকৰ যেনেদৰে দায়িত্ব আছে, ঠিক তেনেদৰে সমাজৰো দায়িত্ব আছে । পৰিয়াল তথা সমাজৰ যৌথ প্ৰচেষ্টাত এক সুস্থ যুৱ মানসিকতা গঢ়ি তোলাটো সম্ভৱ ।

যুৱপ্ৰজন্ম আৰু আধ্যাত্মিকতাৰ প্ৰভাৱ

যুৱপ্ৰজন্মৰ ওপৰত আধ্যাত্মিকতাই এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে । বিশেষকৈ তেওঁলেকৰ মানসিক স্বাস্থ্য আৰু তাৰ স্থিতিস্থাপকতা ৰক্ষাৰ ক্ষেত্ৰত । গৱেষণাত এই কথা প্ৰকাশ পাইছে যে যদি কিশোৰ-কিশোৰীসকল শক্তিশালী আধ্যাত্মিক আৰু ধৰ্মীয় দৃষ্টিভংগীসম্পন্ন হয়, তেন্তে তেওঁলোক মানসিক চাপ, উদ্বেগ আৰু হতাশাৰ নেতিবাচক প্ৰভাৱৰ পৰা ৰক্ষা পৰে । ইয়াৰ দ্বাৰা কিশোৰ-কিশোৰীসকলে জটিল প্ৰত্যাহ্বানৰ সন্মুখীন হ'লেও তাৰ বিৰুদ্ধে আৱেগক নিয়ন্ত্ৰণৰ ক্ষমতা লাভ কৰে ।

YOUTH AND SPIRITUALITY
যুৱপ্ৰজন্ম আৰু আধ্যাত্মিকতা (ETV Bharat Assam)

আনহাতে, কৈশোৰত কিশোৰ-কিশোৰীসকলে সঘনাই নিজৰ পৰিচয়ৰ সংকটত ভোগে । কিন্তু সুস্থ আধ্যাত্মিকতাই যুৱপ্ৰজন্মক জীৱনৰ গভীৰ অৰ্থ বিচাৰি নিজৰ মূল্য সন্দৰ্ভত বিমূৰ্ত প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱাত আৰু তেওঁলোকক নিজৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে সংপৃক্ত কৰাত সহায় কৰে ।

ইয়াৰ উপৰি যিসকল কিশোৰ-কিশোৰীয়ে আধ্যাত্মিক পদ্ধতি আঁকোৱালি লয় তেওঁলোকে ইতিবাচক আচৰণ প্ৰদৰ্শন কৰাৰ সম্ভাৱনাই বেছি । লগতে নিচাযুক্ত দ্ৰৱ্যৰ অপব্যৱহাৰ, হিংসা আৰু বিপজ্জনক যৌন আচৰণৰ দৰে অসামাজিক আৰু নিজৰ বাবেও মাৰাত্মক কাৰ্যকলাপত লিপ্ত হোৱাৰ সম্ভাৱনা কম ।

সকলোতকৈ ডাঙৰ কথা হৈছে, আধ্যাত্মিক চৰ্চাই ব্যক্তিক মানসিক চাপৰ সৈতে মোকাবিলা কৰাত সহায় কৰে । বিভিন্ন ধৰণৰ আধ্যাত্মিক কাৰ্য যেনে ধ্যান, তপ-জপ, প্ৰাৰ্থনা আদিয়ে যুৱপ্ৰজন্মক আৱেগ নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ লগতে পিতৃ-মাতৃৰ পৰা নিজৰ ব্যক্তিগত অস্থিৰতাক পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় লাভ কৰে ।

YOUTH AND SPIRITUALITY
যুৱপ্ৰজন্ম আৰু আধ্যাত্মিকতা (ETV Bharat Assam)

গৱেষণা-অধ্যয়নে কিয় কয়

'ACCENT JOURNAL OF ECONOMICS ECOLOGY & ENGINEERING'ৰ ২০২০ চনৰ মে' মাহৰ বিশেষ সংখ্যাত যুৱপ্ৰজন্মৰ ওপৰত আধ্যাত্মিকতাৰ প্ৰভাৱ সন্দৰ্ভত এক বিশেষ অধ্যয়ন প্ৰকাশ পাইছে ।

ইন্দোৰৰ ছেণ্ট প'ল ইনষ্টিটিউট অব প্ৰফেছনেল ষ্টাডিজৰ (St. Paul Institute Of Professional Studies) অধ্যক্ষ ডঃ এলিচ থমাছৰ (Dr. Sr. Alice Thomas) A STUDY OF IMPACT OF SPIRITUALITY ON YOUTH অধ্যয়নটোত এই বিষয়ে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা হৈছে ।

YOUTH AND SPIRITUALITY
'ACCENT JOURNAL OF ECONOMICS ECOLOGY & ENGINEERING'ৰ ২০২০ চনৰ মে' মাহৰ বিশেষ সংখ্যাত যুৱপ্ৰজন্মৰ ওপৰত আধ্যাত্মিকতাৰ প্ৰভাৱ সন্দৰ্ভত এক বিশেষ অধ্যয়ন প্ৰকাশ পাইছে (Screen shot from the website)

অধ্যয়নটোৰ আৰম্ভণিতে তেওঁ লিখিছে যে যুগ যুগ ধৰি যিসকলে ভগৱানৰ ওপৰত বিশ্বাস কৰি আহিছে তেওঁলোকৰ বাবে আধ্যাত্মিকতা এক উল্লেখনীয় শক্তিৰ উৎস হৈ আহিছে ।

যুৱপ্ৰজন্মৰ ইতিবাচক বিকাশৰ এক অতি গুৰুত্বপূৰ্ণ অংশ হৈছে আধ্যাত্মিকতা । যুৱপ্ৰজন্মই আজিৰে পৰা দুই দশকমান পূৰ্বে যি পৰিস্থিতিৰ মুখামুখি হৈছিল, তাৰ তুলনাত বৰ্তমান বিশ্বত ভিন্ন আৰু জটিল সমস্যাৰ সন্মুখীন হৈছে । সেয়ে বৰ্তমানৰ যুৱপ্ৰজন্মই ইতিবাচক আৰু আধ্যাত্মিকভাৱে শক্তিশালী হৈ থাকিব লাগিব । ইয়াৰ জৰিয়তেহে তেওঁলোকে বিশ্বাস আৰু সঠিক জ্ঞান আহৰণ কৰিব পাৰে ।

আনহাতে, আধ্যাত্মিকতাৰ বিকাশত প্ৰাৰ্থনাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি অধ্যয়নটোত উল্লেখ কৰা হৈছে । শতাধিক যুৱক-যুৱতীৰ ওপৰত চলোৱা এই গৱেষণা-পত্ৰখনত যুৱক-যুৱতীসকলৰ আধ্যাত্মিক স্বাস্থ্য বিকাশত প্ৰাৰ্থনা আৰু আধ্যাত্মিকতাৰ প্ৰভাৱ কেনেধৰণৰ সেয়া বুজিবলৈ চেষ্টা কৰা হৈছে । অধ্যয়নটোৰ সামৰণিত দেখা গৈছে যে ৭৫% যুৱপ্ৰজন্মই তেওঁলোকৰ আধ্যাত্মিকতা বিকাশ আৰু সমস্যাৰ সমাধান অন্বেষণত প্ৰাৰ্থনাই সহায় কৰাৰ এক ইতিবাচক উত্তৰ ওলাইছে ।

যুৱপ্ৰজন্ম বিচ্ছিন্নতাবাদী হোৱাৰ কাৰণসমূহ

বৰ্তমান বিশ্ব জনসংখ্যাৰ সিংহভাগেই হৈছে নতুন প্ৰজন্ম । কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত তেওঁলোকৰ যাত্ৰাপথত বহু প্ৰত্যাহ্বানে দেখা দিছে । এই প্ৰত্যাহ্বানবোৰে তেওঁলোকক ঋণাত্মক দিশলৈ লৈ যাব পাৰে । তেনে ক্ষেত্ৰত যদি আধ্যাত্মিকভাৱে শক্তিশালী হৈ থাকিব পৰা যায়, তেন্তে ই মানসিক ভাৰসাম্যতা প্ৰদান কৰে আৰু জীৱন ধাৰণৰ শক্তি বৃদ্ধি কৰে । গৱেষণাটোত বৰ্তমানৰ যুৱপ্ৰজন্মৰ বিচ্ছিন্নতাবাদৰ কাৰণ হিচাপে তলৰ বিষয়বোৰ উল্লেখ কৰা হৈছে :

YOUTH AND SPIRITUALITY
যুৱপ্ৰজন্ম আৰু আধ্যাত্মিকতা (ETV Bharat Assam)
  • স্মাৰ্টফোনৰ ব্যৱহাৰ বৃদ্ধিয়ে ইয়াৰ ব্যৱহাৰকাৰীসকলক একাধিক কাম কৰাৰ সুবিধা প্ৰদান কৰাত যুৱপ্ৰজন্মৰ মাজত বিচ্ছিন্নতা বৃদ্ধি পাইছে ।
  • মেচিনৰ ওপৰত নিৰ্ভৰশীল যান্ত্ৰিক জীৱনৰ বাবে ১৩-২৪ বছৰৰ লোকসকলৰ কৰ্মৰ স্মৃতিশক্তি আৰু মনোযোগৰ ক্ষমতা কমাইছে ।
  • বৰ্তমানৰ জীৱনটোত বহুমুখী কৰ্মৰ দাবী উঠিছে । যুৱক-যুৱতীসকলে সম্পদৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব লাগে, নিজকে শ্ৰেষ্ঠ প্ৰমাণিত কৰিব লাগে, কম্পিউটাৰৰ দৰে কাম কৰিব লাগে । যাৰ ফলত তেওঁলোক অতি বিচ্ছিন্ন হৈ পৰে ।
  • আভ্যন্তৰীণ বিচ্ছিন্নতাও একাগ্ৰতা কম হোৱাৰ কাৰণ বুলি ক’ব পাৰি । মগজুটো নিজৰ বিষয়ে, পৰিয়াল, বন্ধু-বান্ধৱীৰ বিষয়ে চিন্তা, কামৰ চিন্তা আৰু অন্যান্য চিন্তাত অতিমাত্ৰা ব্যস্ত থাকে ।
  • বৰ্তমানৰ যুৱপ্ৰজন্মই বৰ্ধিত সামাজিক জটিলতা, বৌদ্ধিক প্ৰত্যাহ্বান আৰু স্মৃতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে ।
  • পূৰ্বৰ প্ৰজন্মৰ তুলনাত বৰ্তমানৰ যুৱপ্ৰজন্ম ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে, ঘৰ-পৰিয়াল, পিতৃ-মাতৃৰ সান্নিধ্যৰ পৰা বিচ্ছিন্ন হৈছে । এইটোৱে তেওঁলোকৰ ওপৰত এক মনোবৈজ্ঞানিক প্ৰভাৱ পেলাইছে।

প্ৰাৰ্থনাৰ ভূমিকা

  • প্ৰাৰ্থনাই নিঃসন্দেহে ভগৱানৰ সৈতে সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে ।
  • প্ৰাৰ্থনাই ভগৱানৰ যি এক প্ৰেমময় স্বভাৱ সেই বিষয়ে বুজাত সহায় কৰে । এজন ব্যক্তিয়ে যিমানেই প্ৰাৰ্থনা কৰে সিমানেই আধ্যাত্মিক হৈ পৰে ।
  • প্ৰাৰ্থনাই নিজৰ জীৱনৰ উদ্দেশ্য বুজি পোৱাত সহায় কৰে । প্ৰাৰ্থনাই ভগৱানৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰে । ফলত মানুহক সংযমী হোৱাত সহায় কৰে ।
  • প্ৰাৰ্থনাই জীৱনৰ দিশ অনুসন্ধান কৰাত সহায় কৰে । ই জীৱনৰ গুৰুতৰ সিদ্ধান্ত গ্ৰহণ আৰু তাৰ জৰিয়তে কাম কৰাত সহায় কৰে ।
  • প্ৰাৰ্থনাই জীৱনত প্ৰলোভনৰ পৰা হাত সাৰিবলৈ শক্তি প্ৰদান কৰে ।
  • প্ৰাৰ্থনাই মানসিক চাপৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি দিয়ে ।
  • আধ্যাত্মিকতাই মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰাৰ এক ঐশ্বৰিক উপায় প্ৰদান কৰে আৰু লগতে জীৱনৰ ইতিবাচক দিশবোৰত মনোনিবেশ কৰিবলৈ জ্ঞান প্ৰদান কৰে ।
  • প্ৰাৰ্থনাই হতাশা হ্ৰাস কৰে । প্ৰাৰ্থনাত মনোনিবেশ কৰাৰ সময়ত এজন ব্যক্তি ভগৱানৰ সান্নিধ্যত থাকে । তেনেক্ষেত্ৰত তেওঁ দুখ, অপৰাধবোধ আৰু আশাহীনতাৰ অনুভূতিৰ সৈতে যুঁজিবলৈ শক্তি পায় ।

অধ্যয়নত প্ৰকাশ পাইছে যে আধ্যাত্মিকতা আৰু প্ৰাৰ্থনাৰ প্ৰতি প্ৰবল ইচ্ছা থকা ব্যক্তিসকলৰ ৰক্তচাপ নিয়ন্ত্ৰিত কৰাৰ প্ৰৱণতা থাকে । উচ্চ ৰক্তচাপৰ মানসিক চাপৰ সৈতে ইতিবাচক সম্পৰ্ক আছে । আধ্যাত্মিক অনুশীলনৰ জৰিয়তে মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰিলে ৰক্তচাপ হ্ৰাস পাব পাৰে ।

YOUTH AND SPIRITUALITY
যুৱপ্ৰজন্ম আৰু আধ্যাত্মিকতা (ETV Bharat Assam)

আমাৰ পৰম্পৰা আৰু ৰীতি-নীতি

ঘৰৰ প্ৰভাৱ

এখন ঘৰৰ পৰিৱেশে কৈশোৰ অৱস্থাৰ পৰাই ল'ৰা-ছোৱালীক প্ৰভাৱিত কৰে । সুস্থ, সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰা এখন ঘৰৰ সন্তান কেতিয়াও বিপথগামী হ'ব নোৱাৰে । যিখন ঘৰত সদায় সুস্থ চিন্তা-চৰ্চা হয়, এটা সংস্কৃতিৱান পৰিৱেশ বিৰাজ কৰি থাকে, য'ত তন-মনৰ সুস্থ বিকাশ আৰু সামাজিক দায়বদ্ধতাৰ ওপৰত আধ্যাত্মিক দৰ্শন চৰ্চিত হয়, তেনে ঘৰৰ সন্তানৰ মানসিকতা সদায় উচ্চ স্তৰৰ হ'ব ।

পিতৃ-মাতৃৰ কৰ্তব্য

সেয়ে পিতৃ-মাতৃয়ে সন্তানৰ ক্ষেত্ৰত সদায় কেইটামান কথাত গুৰুত্ব প্ৰদান কৰিব লাগে । প্ৰথম কথাটো হৈছে চৰিত্ৰ পাঠ । সৎ চৰিত্ৰৰ লোকৰ মানসিকতাও সদায় সৎ হয় । সেয়ে চৰিত্ৰৰ ওপৰত অতি তীক্ষ্ণ দৃষ্টি ৰখাটো অভিভাৱকৰ কৰ্তব্য । কিন্তু কেৱল চৰিত্ৰৱান হ'বলৈ উপদেশ দিয়াটোৱেই শেষ দায়িত্ব নহয় । ইয়াৰ বাবে পিতৃ-মাতৃ তথা পৰিয়ালৰ সদস্যসকলেও এই আদৰ্শ প্ৰতিফলিত কৰিব লাগিব ।

সন্তানক সময় দিয়ক

সন্তানক যিমান সম্ভৱ অভিভাৱকে সময় দিব লাগে । কাৰণ অভিভাৱকৰ পৰা অৱহেলিত সন্তান সদায় বিপথগামী হোৱাৰ সম্ভাৱনা বেছি থাকে । বৰ্তমান কৰ্তব্যৰ অজুহাতত বহু পিতৃ-মাতৃয়ে নিজ সন্তানক আনৰ হাতত গতাই থৈ ঘণ্টাৰ পিছত ঘণ্টা আঁতৰত থাকে । আনকি কেতিয়াবা টোপনিৰ পৰা সাৰ নৌপাওঁতেই ঘৰৰ পৰা ওলাই গৈ পুনৰ বিছনাত পৰাৰ পিছতহে বহু অভিভাৱক আহি ঘৰ সোমায় । তেনে ক্ষেত্ৰত সন্তানৰ মানসিক অৱস্থাত বিৰূপ প্ৰভাৱ পৰে । সেয়ে যেনেদৰেই নহওক, অভিভাৱকে সন্তানৰ বাবে সময় উলিওৱাটো অন্যতম দায়িত্ব ।

YOUTH AND SPIRITUALITY
যুৱপ্ৰজন্ম আৰু আধ্যাত্মিকতা (ETV Bharat Assam)

সন্তানক বুকুৰ উমেৰে জীপাল কৰি ৰাখক

সন্তান যিমানেই ডাঙৰ নহওক কিয়, পিতৃ-মাতৃয়ে অন্তত দিনটোত এবাৰ হ'লেও বুকুৰ মাজত সুমুৱাই লৈ সাৱটি ধৰিব লাগে । সন্তানৰ বুকুৰ উমে পিতৃ-মাতৃক আৰু পিতৃ-মাতৃৰ বুকুৰ উমে সন্তানক এক অনাবিল আনন্দ আৰু অনন্য প্ৰশান্তি দিয়ে । লগতে তেনে কৰিলে সন্তানৰ পৰা বিচ্ছেদিত হোৱাৰ সম্ভাৱনীয়তাও বহুখিনি কমে । এয়া গৱেষণাৰ পৰা লাভ কৰা তথ্য ।

অশুভ পৰম্পৰা পৰিত্যাগ কৰক

আজিকালি আধুনিকতাৰ নামত আমাৰ প্ৰায়বোৰ ঘৰতে কিছুমান অশুভ পৰম্পৰাই গা কৰি উঠিছে । সেইবোৰৰ পৰা যিমান পাৰি আঁতৰি থাকিব লাগে । মনত ৰাখিব, ঘৰত আয়োজিত অনুষ্ঠানবোৰত সদায় সুস্থ সাংস্কৃতিক বাতাৱৰণ অক্ষুণ্ণ থাকিব লাগে । যিকোনো বিজতৰীয়া উপাদানৰ পৰা সন্তানক আঁতৰাই ৰাখিব লাগে ।

সন্তানে পিতৃ-মাতৃ তথা জ্যেষ্ঠজনৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লোৱাটো আমাৰ ভাৰতীয় সংস্কৃতিৰ এক অনন্য পৰম্পৰা । এই পৰম্পৰাৰ আঁৰত লুকাই আছে অন্য এক দর্শনো ।

জ্যেষ্ঠজনক ভৰি চুই সেৱা কৰাৰ পৰম্পৰা ৰক্ষা কৰিব পাৰিলে যুৱপ্ৰজন্মৰ অৱক্ষয় ৰোধ কৰিব পৰা যাব বুলি বিভিন্ন দৰ্শনত ইতিমধ্যে প্ৰকাশ পাইছে । সেয়ে ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত সন্তানক এবাৰ বুকুৰ সংস্পৰ্শলৈ অনা বা সন্তানে সেৱা জনোৱাটো দৈনন্দিন অভ্যাসত পৰিণত কৰিব লাগে ।

নিজৰ বাসগৃহটোৰ প্ৰতি আনুগত্য প্ৰকাশ

সন্তানে হওক বা ঘৰৰ অন্য সদস্য, ঘৰৰ পৰা ক'ৰাবলৈ ওলাই যোৱাৰ সময়ত ঘৰটোৰ ফালে চাই এটা প্ৰণাম জনোৱাটো এক আধ্যাত্মিক দৰ্শন । ইয়াৰ দ্বাৰা নিজৰ ঘৰখনৰ প্ৰতি এইটো কৃতজ্ঞতা প্ৰকাশ কৰা হয় যে 'তোমাৰ ছত্রছায়াতে কুশলে আছোঁ আৰু ভালে-কুশলে আহি যেন পুনৰ তোমাৰ ছত্রছায়াতে থাকিব পাৰোঁ' । এই আধ্যাত্মিক দৰ্শনে মানুহক বিপথগামিতাৰ পৰা বহুখিনি ৰক্ষা কৰে বুলি কোৱা হয় ।

ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি সন্মান প্ৰদৰ্শন

আমাৰ প্ৰায়বোৰ ঘৰতে নামঘৰ, মন্দিৰ বা চুবুৰী বা গাঁৱত নামঘৰ, মন্দিৰ বা মছজিদ আদি আছে । আমি জ্যেষ্ঠসকলে কৰাৰ দৰে কনিষ্ঠসকলকো উক্ত উপাসনাস্থলীবোৰক শ্ৰদ্ধা আৰু প্ৰণিপাত জনাবলৈ শিকাব লাগে । পুৱা-গধূলি বা প্ৰয়োজনীয় সময়ত উপাসনাস্থলীত গৈ নিৰ্দিষ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰা, ঘৰৰ পৰা ওলোৱা-সোমোৱা কৰোতে সেইবোৰৰ প্ৰতি শ্ৰদ্ধাশীলভাৱে শিৰ নত কৰা অভ্যাস গঢ় দিবলৈ চেষ্টা কৰিব লাগে ।

আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন

আনহাতে, ঘৰত মাজে-সময়ে কিছুমান আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰি থাকিব লাগে আৰু তাত সন্তানৰ অংশগ্ৰহণ নিশ্চিত কৰিব লাগে । আধ্যাত্মিক দৰ্শনৰ চর্চা, তাত অংশগ্ৰহণ আৰু বিভিন্ন চৰিত্ৰ গঠনমূলক আধ্যাত্মিক কাহিনীয়ে সন্তানৰ চৰিত্ৰ গঠনত সহায় কৰে । সেয়ে আমাৰ যিসমূহ মহান আধ্যাত্মিক গ্ৰন্থ আছে তাৰ কাহিনী, সাৰমৰ্ম, মহৎ বাণীসমূহ সন্তানক অৱগত কৰাব লাগে।

ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা

এটা নিৰ্দিষ্ট বয়সত সন্তানক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা দিব লাগে । এই সুবিধা পৰিয়াল তথা সমাজ দুয়োফালৰ পৰা দিব লাগে । সামাজিক দায়বদ্ধতা গ্ৰহণ কৰিলে তেওঁলোক পৰিপক্ব হৈ উঠিব আৰু সামাজিক অৰিহণা আগবঢ়াবলৈ উৎসুক হ'ব ।

বিজ্ঞান মনস্ক আধ্যাত্মিকতাৰ চৰ্চা

আধ্যাত্মিক জ্ঞানৰ চর্চা এনে পৰ্যায়ত হ'ব লাগে, যাতে সেয়াই অতি ধৰ্মান্ধতাৰ পৰিৱৰ্তে বিজ্ঞান মনস্ক আধ্যাত্মিকতা প্ৰদান কৰে । এনেকুৱা আধ্যাত্মিক জ্ঞান প্ৰদান কৰিব লাগে যাতে তাৰ পৰা তেওঁলোকৰ সামাজিক প্ৰমূল্যবোধৰ সৃষ্টি হয় । পৰিয়াল তথা সমাজৰ বাবে চিন্তা কৰাৰ শক্তি আৰ্জিত হয় ।

আধ্যাত্মিক দৰ্শনৰ চৰ্চা আৰু তাক নিজৰ ৰক্তত প্ৰবাহিত কৰিব পাৰিলে যুৱপ্ৰজন্মই নিজক সঠিক পথত পৰিচালিত কৰাত কোনো সমস্যাৰে সৃষ্টি হ'ব নোৱাৰে । এক কথাত ক'বলৈ হ'লে এক সুস্থ মানসিকতা গঢ়ি উঠাত আধ্যাত্মিক দৰ্শনৰ এক সুদূৰ প্ৰসাৰী প্ৰভাৱ আছে । কিন্তু সেই আধ্যাত্মিকতা আমি কোনটো পৰ্যায়ত প্ৰদান কৰিব লাগিব সেই দিশটোৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব ।

লগতে পঢ়ক :দূৰদৰ্শী, নিৰ্ভীক সাংবাদিক, সফল উদ্যোগী ৰামোজী ৰাওলৈ শ্ৰদ্ধাঞ্জলি
লগতে পঢ়ক :ফিফা বিশ্বকাপ : ইতিহাসৰ পৰা বিতৰ্ক, অভিলেখৰ পৰা আধুনিকীকৰণ; এক অৱলোকন
Last Updated : June 16, 2026 at 6:08 PM IST