ঘাঁবোৰ ভাল হৈছে, আঘাতবোৰ কেঁচা হৈয়ে আছে: এয়াৰ ইণ্ডিয়া বিমান ১৭১ দুৰ্ঘটনাত প্ৰভাৱিত পৰিয়ালৰ মনত এতিয়াও সজীৱ বিভীষিকা
এয়াৰ ইণ্ডিয়া ১৭১ বিমান দুৰ্ঘটনাৰ এবছৰতকৈও অধিক সময়ৰ পাছতো যিসকলৰ আপোনজনক হেৰুৱাইছে তেওঁলোকৰ পৰিয়ালক দুখ, আঘাত আৰু বহু প্ৰশ্নই খেদি ফুৰিছে ।

By Bilal Bhat
Published : July 2, 2026 at 2:56 PM IST
আহমেদাবাদৰ এটা আৰ্দ্ৰ পুৱা, এজাক কুকুৰে ঘেৰি ধৰাত কৃষ্ণাবেনে নিজৰ পুত্ৰক মাত দিয়ে ৷ দিনটোৰ প্ৰথম আহাৰ গ্ৰহণৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল কুকুৰৰ জাকটোৱে । কৃষ্ণাবেনৰ পুত্ৰ নীৰৱ মোহনভাই দৌৰি আহি কুকুৰবোৰক খুৱাই মৰমেৰে সিহঁতৰ সৈতে ধেমালি কৰে আৰু সিহঁতেও সমান আনন্দৰে নীৰৱৰ সৈতে ওমলা দেখা যায় । যোৱা বছৰ আহমেদাবাদৰ উপকণ্ঠৰ মেঘনী নগৰ অঞ্চলৰ বিজে মেডিকেল কলেজৰ হোষ্টেল ভৱনত এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছৰে পৰা কুকুৰজাকৰ সৈতে নীৰৱৰ বন্ধুত্ব অধিক শক্তিশালী হৈ পৰিছে ।
২০২৫ চনৰ ১২ জুনত সংঘটিত হোৱা ভয়ানক বিমান দুৰ্ঘটনাৰ সাক্ষী হৈছিল এই অঞ্চলটো ৷ এতিয়া তাত শাৰী শাৰীকৈ থিয় হৈ আছে ওখ, খালী অট্টালিকা ৷ নিৰ্জন হৈ পৰা অঞ্চলটোত বাস কৰা স্থানীয় পশুপ্ৰেমীসকলে বহুদিনৰ পৰাই এই কুকুৰবোৰৰ যত্ন লৈ আহিছে ।

লণ্ডন অভিমুখী বিমানখন উৰণৰ কেইছেকেণ্ডমানৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়তে ৫০ বছৰীয়া কৃষ্ণাবেন আঘাতপ্ৰাপ্ত হয় ৷ উক্ত দুৰ্ঘটনাত বিমানখনত থকা ২৪১ জন যাত্ৰী তথা ক্ৰু আৰু অট্টালিকাটোত থকা আন ১৯ জন লোকৰ মৃত্যু হয় । যিহেতু বিমানখনে ৫০ হাজাৰ লিটাৰতকৈ অধিক জেট ইন্ধন কঢ়িয়াই লৈ গৈছিল, সেয়েহে সমগ্ৰ হোষ্টেল অঞ্চলটো জুইৰ শিখা আৰু ক’লা ধোঁৱাই আগুৰি ধৰিছিল ৷ এই দুৰ্ঘটনা বিশ্বৰ অন্যতম বৃহৎ বিমান দুৰ্যোগ হিচাপে পৰিগণিত হয় ।
সৌভাগ্যক্ৰমে কৃষ্ণবেনৰ আঘাত বেছি গুৰুতৰ নাছিল আৰু শাৰীৰিকভাৱে সুস্থ হ’বলৈ প্ৰায় দুমাহ সময় লাগিছিল । ঘাঁবোৰ ভাল হ’ল যদিও সেই আঘাতৰ চিন ৰৈ গৈছে । দুৰ্ঘটনাস্থলীৰ ওচৰৰ এটা তম্বুত তেওঁ থাকে, আৰু ওপৰৰ পৰা উৰা মৰা প্ৰতিখন বিমানে সেই কৰুণ দিনটোৰ জীয়া স্মৃতিবোৰ মনত সোঁৱৰাই দিয়ে ।
কৃষ্ণাবেনে বিমান দুৰ্ঘটনা আৰু ইয়াৰ ফলত অঞ্চলটোৰ মানুহৰ ওপৰত পৰা প্ৰভাৱৰ কথা মনত পেলাই কয়, ‘‘প্ৰতিবাৰে মূৰৰ ওপৰত বিমান উৰা মাৰিলেই ভয় লাগে । দুৰ্যোগৰ আগতে ই আনন্দৰ কথা আছিল, কিন্তু এতিয়া আমাৰ ওপৰেৰে বিমান উৰি গ’লে দুঃস্বপ্নৰ যেন লাগে ।’’
অঞ্চলটোত আন কেইজনমান লোকৰ ভিতৰত কৃষ্ণাবেন আৰু তেওঁৰ পুত্ৰও আছে যিয়ে বাটৰ কুকুৰবোৰক আহাৰ যোগান ধৰে । বিমান দুৰ্ঘটনাৰ প্ৰভাৱ মানুহৰ লগতে আন জীৱৰ ওপৰতো পৰে । অট্টালিকাবোৰৰ পিছফালে থকা বনাঞ্চলত বাস কৰা বহু চৰাই-চিৰিকটিও বিমান দুৰ্ঘটনাৰ ফলত সৃষ্টি হোৱা অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হয় ।

মাত্ৰ কেইশ মিটাৰমান দূৰৈত থকা এটা অট্টালিকাত বাস কৰে আকাশ পাটনীৰ পৰিয়ালটোৱে । সীতাবেন পাটনীয়ে তেওঁৰ ১২ বছৰীয়া পুত্ৰক বচাবলৈ চেষ্টা কৰোতে পোৱা শাৰীৰিক আঘাতৰ পৰা এতিয়াও সুস্থ হৈ উঠিছে । দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ এটা অংশ উফৰি আহি আকাশক খুন্দা মাৰে আৰু জুইৰ শিখাই আগুৰি ধৰাত আকাশৰ মৃত্যু হয় । সীতাবেনৰ দুটা বাহুত থকা আঘাতৰ দাগে তেওঁক মনত পেলাই দিয়ে নিজৰ পুত্ৰক জুইৰ শিখাৰ পৰা বচাবলৈ চেষ্টা কৰাৰ সময়ৰ ভয়াৱহতাৰ কথা ।

তেওঁ এতিয়াও নিজৰ ক্ষতি মানি ল’ব পৰা নাই, আজিও সেই অভিজ্ঞতাক সুঁৱৰি তেওঁ চকুলো টোকে । তেওঁৰ একমাত্ৰ ইচ্ছা পুত্ৰক আৰু এবাৰ চোৱা । ‘‘মই মোৰ ল'ৰাটোক জুইৰ শিখাই আগুৰি থকা দেখিলোঁ । সেইটো কথা মই পাহৰিব নোৱাৰো । মোৰ প্ৰতিটো উশাহতে মোৰ ল'ৰাটোৰ অভাৱ অনুভৱ কৰো আৰু তাৰ স্মৃতি মনৰ পৰা আঁতৰাই পেলোৱাটো মোৰ বাবে কঠিন ।’’
মৃত্যুৰ এবছৰতকৈও অধিক সময়ৰ পাছতো আকাশ নিজৰ পৰিয়ালৰ মনত জীয়াই আছে । তেওঁলোকৰ একক কোঠাৰ এপাৰ্টমেণ্টৰ ভিতৰত তেওঁৰ জীৱন্ত আকাৰৰ এখন ছবি ৰখা হৈছে, য’ত প্ৰতিদিনে তেওঁৰ বাবে প্ৰাৰ্থনা কৰা হয় । কোঠাটোৰ বাকী সৰু ঠাইখিনিত পৰিয়ালটোৱে থকা-শোৱা কৰে ।
পুত্ৰক হেৰুৱাই দিশহাৰা হৈ পৰা সুৰেশভাই পাটনীয়ে পৰিয়ালটোৰ ওপৰত হঠাৎ আহি পৰা আৰ্থিক বোজা লাঘৱ কৰাত সহায় কৰিবলৈ ডাঙৰ কন্যা নীলমৰ বাবে কৰ্মসংস্থাপন বিচাৰিছে । এই পৰ্যন্ত পৰিয়ালটোৱে ৬ লাখ টকা ক্ষতিপূৰণ লাভ কৰিছে, ইয়াৰে দুই লাখৰো অধিক টকা সীতাবেনৰ চিকিৎসাৰ বাবে ব্যয় কৰা হৈছে । তেওঁক এতিয়াও প্লাষ্টিক চাৰ্জাৰীৰ প্ৰয়োজন, যিটো খৰচ পৰিয়ালটোৱে বহন কৰিব নোৱাৰে ।
সুৰেশভাইয়ে কয়, ‘‘টাটাৰ মানুহ আহিছিল, নথি-পত্ৰ কৰিছিল আৰু আমাক কিছু টকা দিছিল, সেয়া অপৰ্যাপ্ত আছিল । চৰকাৰৰ পৰা কোনোৱে আমাক চাবলৈ নাহিল । কেৱল টাটাৰ বিষয়াসকলেহে আহি আমাক ছয় লাখ টকা দিছিল ।’’ তেওঁৰ মাতটো যন্ত্ৰণাৰে ভৰি পৰিছিল ।
আকাশৰ লগত কটোৱা শেষ মুহূৰ্তবোৰৰ কথা নীলমে মনত পেলায় । মাকৰ বাবে নীলমে প্ৰস্তুত কৰা দুপৰীয়াৰ আহাৰ নিবলৈ আহিছিল আকাশ । সি আইচক্ৰীম খাই আছিল আৰু নীলমে তাৰ পৰা একামোৰ দিবলৈ কৈছিল যদিও আকাশে দিবলৈ অমান্তি হৈছিল । সেই স্মৃতিয়ে এতিয়া হাঁহি আৰু অপৰিসীম যন্ত্ৰণা দুয়োটাই কঢ়িয়াই আনে তাইৰ মনত । বিশেষকৈ আকাশৰ লগত নীলমৰ ঘনিষ্ঠতা বেছি আছিল ।
চৌহদৰ সমীপৰ চাহ দোকানত জ্বলি যোৱা বিমানৰ এটা অংশই আকাশ আৰু মাতৃ সীতাবেনক খুন্দা মাৰে । পুত্ৰক জুইৰ লেলিহান শিখাই আগুৰি ধৰা দেখি সীতাবেনে উদ্ধাৰ কৰিবলৈ যায় আৰু আহত হয় । পুত্ৰৰ মৃত্যুৰ কথা ২৩ দিনৰ পিছতহে তেওঁ গম পাইছিল ।
এই শোকাৱহ দুৰ্ঘটনা প্ৰত্যক্ষ কৰাসকলৰ ভিতৰত বিজয় ভাই পাটনীও আছিল । চৌহদৰ বিপৰীত স্থানত তেওঁ চাহ আৰু জলপান খাই থকা অৱস্থাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । থিয় হৈ থকা ঠাইৰ পৰাই আকাশ আৰু আঘাতপ্ৰাপ্ত মাকক দেখি তেওঁ প্ৰবৃত্তিগতভাৱে সেই দৃশ্যটো মোবাইল ফোনত ৰেকৰ্ডিং কৰিছিল ।

বিজয়ৰ বাবে চৌহদটো আছিল গাড়ী ধুব পৰা কৰ্মক্ষেত্ৰ, কিয়নো চিকিৎসা মহাবিদ্যালয়খনৰ আৱাসিক কোৱাৰ্টাৰত বহু ডাক্তৰ আৰু চিকিৎসা কৰ্মীয়ে বাস কৰিছিল । দুৰ্ঘটনাৰ কিছু মুহূৰ্তৰ পিছতে জুইৰ লেলিহান শিখাই অট্টালিকাবোৰ আগুৰি ধৰাৰ লগে লগে তেওঁ নিজৰ ফোনটো উলিয়াই কি হৈ আছে ৰেকৰ্ডিং কৰাৰ বাহিৰে একো ভাবিব পৰা নাছিল বুলি কয় ।
জুই নুমাল বিমানৰ অৱশিষ্ট আঁতৰোৱা হ’ল, কিন্তু পৰিয়ালবোৰৰ বাবে আৰম্ভ হ’ল এক ক্লান্তিকৰ দুঃস্বপ্নৰ সময় ৷ কেইবা সপ্তাহ ধৰি অপেক্ষা কৰি থকাৰ সময়তে ফৰেনছিক দলসমূহে কষ্টৰে ধ্বংসাৱশেষৰ পৰা অৱশিষ্টখিনি সংগ্ৰহ কৰি ভুক্তভোগীসকলক চিনাক্ত কৰিছিল । ডি এন এৰ নমুনা সংগ্ৰহ কৰাটো এটা ডাঙৰ কাম আছিল । নমুনা সংগ্ৰহত বহু দিন লাগিছিল, আনহাতে কিছুমান পৰিয়ালক মৃতদেহ হস্তান্তৰ কৰাত কেইবা সপ্তাহো লাগিছিল ।
এবছৰৰ পাছতো পৰিয়ালকেইটাই দুৰ্ঘটনাৰ আঁৰৰ সত্যৰ বাবে অপেক্ষা কৰি আছে, উত্তৰ বিচাৰিছে আৰু তেওঁলোকৰ জীৱনটোক ছিন্নভিন্ন কৰা ঘটনাৰ বাবে জবাবদিহিতাৰ দাবী জনাইছে ।
লগতে পঢ়ক: ভিছাৰ এটা ক্ষুদ্ৰ পদক্ষেপ, ভাৰত-বাংলাদেশ সম্পৰ্কত এক ডাঙৰ কূটনৈতিক সংকেত

