"মোৰ কথাবোৰৰ ভুল বাখ্য়া হৈ আহিছে"-ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত ড৹ হীৰেন গোহাঁই
চিন্তাবিদ, লেখক এনে বহু অভিধাৰে বিভূষিত শ্ৰদ্ধাৰ ড৹ হীৰেন গোহাঁইৰ সৈতে ইটিভি ভাৰতৰ ডেপুটি নিউজ এডিটৰ শোণিত কুমাৰ গোস্বামীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ লিখিত ৰূপ ।

Published : April 10, 2026 at 7:51 PM IST
|Updated : April 10, 2026 at 8:01 PM IST
অসমীয়া সমাজ জীৱনৰ অভিভাৱকস্বৰূপ, চিন্তাবিদ, লেখক-সমালোচক, অধ্য়াপক ড৹ হীৰেন গোহাঁই সম্পৰ্কত অসমীয়া সমাজ জীৱনত আলোচনাৰ শেষ নাই । ৰাজনৈতিক বিশ্লেষণৰ পৰা আৰম্ভ কৰি সমাজ-সাহিত্য় সম্পৰ্কত সদৈৱ সক্ৰিয়তাৰে আগভাগ লৈ অহা ড৹ হীৰেন গোহাঁইৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সৱিশেষ পঢ়ুৱৈৰ বাবে আগবঢ়োৱা হ'লঃ
শোণিত কুমাৰ গোস্বামী: অসম বিধানসভাৰ নিৰ্বাচন সমাপ্ত হৈছে । নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰদৰ্শিত হোৱা ৰাজনৈতিক নেতাৰ বাকধাৰা ব্য়াপকভাৱে সলনি হোৱা পৰিলক্ষিত হৈছে । ৰাজনৈতিক নেতা তথা ৰাজনৈতিক দলৰ পৰিৱৰ্তিত মনস্তত্বৰ আধাৰত আপুনি এয়া বিশ্বাস কৰে নে যে অসমীয়া ৰাইজৰ ৰাজনৈতিক বিচাৰধাৰাত পৰিৱৰ্তন আহিছে ?

ড৹ হীৰেন গোহাঁই: নহয়, কথাটো ঠিক তেনেকুৱা নহয় । মই ভাৱো যে বৰ্তমান সময় অসমৰ ৰাইজৰ বাবে যথেষ্ট উদ্বিগ্ন হোৱাৰ মুহূৰ্ত । ৰাইজে উপলব্ধি কৰিছে যে দুবাৰকৈ বিজেপিক ভোট দিয়াৰ পিছত বিজেপিয়ে যিদৰে ৰাজ্য়খন চলাইছে তাৰ জৰিয়তে অসমৰ ভৱিষ্য়ৎ বেছি বিপদাপন্ন হ'বলৈ গৈ আছে । কোনো কথাৰেই নিশ্চয়তা নোহোৱা হৈছে । কৈ থকা হয় যে মিঞাৰ পৰা দেশখন ৰক্ষা কৰিব লাগে, দিনে নিশাই সেই কথাটো কৈ থকা হৈছে ।
মই ভাৱো যে সেইবোৰ কথাৰ কোনো ভিত্তি নাই । তেওঁলোকে সেইবোৰ কথা কৈ থাকি মানুহক ভয় খুওৱা, মানুহক প্ৰভাৱণ্বিত কৰিবলৈ যোৱা আদি কথাবোৰতহে তেওঁলোক আগ্ৰহী । সমস্য় এটা সমাধান কৰাৰ সলনি সমস্য়া এটা জীয়াই ৰখাটো তেওঁলোকৰ উদ্দেশ্য় হৈ পৰিছে যেন অনুভৱ হয় । এইবোৰ দেখি শুনি অসমীয়া ৰাইজৰ শংকা বৃদ্ধি পাইছে । সেয়েহে কওঁ যে বিগত বৰ্ষৰ নিৰ্বাচনবোৰ মই দেখিছোঁ । সেই নিৰ্বাচনবোৰৰ তুলনাত এইবাৰ নিৰ্বাচনটোৰ প্ৰতি ৰাইজৰ আগ্ৰহ বেছি হোৱা দেখিছোঁ ।
অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুনকী চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰত মানুহৰ আগমন বা প্ৰচাৰত অংশ লোৱা কথাটোৱে প্ৰমাণ কৰে যে ৰাইজ আগৰ দৰে নিৰ্লিপ্ত হৈ থকা নাই, ৰাইজ সক্ৰিয় হৈ পৰিছে । ৰাইজে নিজে এক পৰিৱৰ্তনৰ অংশ হৈ পৰিব বিচাৰিছে । এই সক্ৰিয় মানুহখিনি ৰাজ্য়ত কিমান শতাংশ হিচাপে আছে সেয়া ক'ব নোৱাৰিম কিন্তু এটা কথা বুজা যায় যে বৰ্তমানৰ শাসনক লৈ ৰাইজ উদ্বিগ্ন হৈছে । দ্বিতীয়তে অন্য় ৰাজনৈতিক দলবোৰো ৰাইজৰ সঁহাৰিত উৎসাহিত হৈ পৰিছে ।

শোণিত কুমাৰ গোস্বামী: মধ্য় গুৱাহাটীৰ প্ৰাৰ্থী হিচাপে কুনকী চৌধুৰী জনপ্ৰিয়তা বাঢ়িছে, মানুহ হৈছে, কিন্তু ৰাজ্য়ৰ প্ৰেক্ষাপটত শাসকীয় দল বিজেপিৰ সভা সমিতিবোৰতো যথেষ্ট সংখ্য়ক মানুহৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে । বিৰোধীয়ে সেয়া হিতাধিকাৰীৰ ভিৰ বুলি কয় কিন্তু বিজেপি দলৰ জনপ্ৰিয় ৰাজনীতিৰ পাছে পাছে মানুহ দৌৰিছে বুলিও সংবাদ মাধ্য়মত বাতৰি পৰিৱেশন হৈ আহিছে । এই সম্পৰ্কত আপোনাৰ মতামত কি ?
ড৹ হীৰেন গোহাঁই: কথাটো হয়, কিন্তু এইখিনিতে ক'ব লাগিব যে বিজেপি দলৰ হাতত ধন-বল প্ৰচুৰ আৰু সকলোৱে জানে যে মানুহ গোটাবলৈ অলপ পইচা খৰচ কৰিলেই হয়, সেয়া বৰ্তমান হৈ থকা নাই বুলি মোৰ মনে নকয় । আনহাতে মন কৰিব যে কংগ্ৰেছৰ সভাত, ৰাইজৰ দলৰ সভাত, লুৰীণজ্য়োতিৰ সভাতো মানুহ হৈছে, গতিকে এইটো কথা স্বীকাৰ কৰিব লাগিব যে অসমীয়া ৰাইজ পূৰ্বতকৈ অধিক ৰাজনৈতিকভাৱে সক্ৰিয় হৈছে ।
বিজেপিৰ সভাবোৰত মানুহ হোৱা কথাটোৰ সৈতে হিতাধিকাৰী জড়িত হৈ আছে, লগতে সাধাৰণ জনতাও গৈছে । কিন্তু এইখিনিতে ক'ব লাগিব যে মানুহে এক ডাঙৰ বিপদকালৰ উমান পাইছে আৰু কিবা এটা কৰিব লাগিব বুলি চিন্তা কৰিছে ।
শোণিত কুমাৰ গোস্বামী: নাগৰিক সমাজৰ সক্ৰিয় সদস্য় হিচাপে আপুনি সমাজ-ৰাজনীতিৰ দিশটোত আগভাগ লৈ অহাৰ লগতে ভোটৰ ৰাজনীতিতো এটা সময়ত সোমাই পৰিছিল । আপুনি এতিয়া কোনো নেতাক ভোট দিবলৈও আহ্বান জনাই আহিছে । বৰ্তমান সামাজিক মাধ্য়মৰ যুগ, এনে সময়ত ফেচবুকৰ লগতে অন্য় সামাজিক মাধ্য়মত আপোনাক লৈ সময়ে সময়ে বিৰূপ মন্তব্য় দেখিবলৈ পোৱা যায় । এগৰাকী ব্য়ক্তি হিচাপে আপুনি এই সমালোচনাক কিদৰে গ্ৰহণ কৰি আহিছে ?
ড৹ হীৰেন গোহাঁই: মোৰ ভাগ্য়ৰ কথা যে মই ফেচবুক নাচাওঁ । গতিকে কোনে কি কৈছে সেয়া মই গম নাপাওঁ । মাজে মাজে মোক বিভিন্নজনে কথাবোৰ জনাই আহিছে, কিন্তু গম নাপাওঁ । তথাপি কেতিয়াবা চকুত পৰে কথাবোৰ, সেইবোৰক মই নিম্নস্তৰৰ চিন্তাধাৰা বুলি অভিহিত কৰোঁ । কোনো চিন্তা-চৰ্চা নোহোৱাকৈ তেনেকুৱা বিৰূপ মন্তব্য় কৰে । মই মানুহজনক বহুতে বেয়া পায় ।
মোৰ কথা বহুতে শুনিব নিবিচাৰে । গতিকে বিদ্বেষ, বিদ্ৰুপ কৰি সেয়া বুজাই দিয়ে । অৱশ্য়ে এইবোৰৰ কোনো লাভালাভ নাই । মূল কথাটো হৈছে যে মই যিবোৰ কথা উল্লেখ কওঁ সেইবোৰ যুক্তিপূৰ্ণ হৈছে নে নাই ? কথাবোৰৰ মূল্য় আছে নে নাই ? সেয়া বিচাৰ কৰিব লাগে । মানুহজন কেনেকুৱা সেয়া নহয়, মোৰ কথাখিনি যুক্তিপূৰ্ণ হয় নে নহয়, সেয়া বিচাৰ কৰিব লাগে ।

শোণিত কুমাৰ গোস্বামী: এইখিনিতে প্ৰশ্ন কৰিব বিচাৰোঁ যে আপুনি অসমত জন্ম হোৱা বুলি নিজক কেতিয়াবা দুৰ্ভগীয়া বুলি অনুভৱ কৰে নেকি ? আপুনি কোৱা কথাবোৰ, লেখি থকা কথাবোৰ গ্ৰহণ কৰিব পৰা বা সেইবোৰ আলোচনা কৰিব পৰা অসমীয়া মানুহৰ অভাৱ বুলি আপুনি ভাৱে নেকি ?
ড৹ হীৰেন গোহাঁই: তেনেকুৱা নহয়, মানুহ আছে । সেয়া সীমিতও নহয়, যথেষ্টসংখ্য়ক লোক আছে, আজিকালি হৈছে । কিন্তু মানুহে কেতিয়াবা কাণদুখন বন্ধ কৰি ৰাখে আৰু কেতিয়াবা খোলা কৰি ৰাখে । মোৰ কথাবোৰ পূৰ্বতে সন্মান দিয়া নাছিল কিন্তু এতিয়া বিৰোধীয়েও সন্মানসহ মোৰ কথাবোৰ উপস্থাপন কৰে ।
পূৰ্বতকৈ মানুহৰ মাজত মোৰ গ্ৰহণযোগ্য়তা বাঢ়িছে বাবেই তেওঁলোকে গুৰুত্ব দিয়ে । এইখিনিতে মই কওঁ যে, মই হৈছো এতিয়া এজন কলা মানুহ, কাণেৰে কম শুনোঁ । গতিকে ৰাইজে যদি মোক গালি পাৰিছে, সমালোচনা কৰিছে তেন্তে সেয়া শুনা নাপাওঁ । গতিকে সামাজিক মাধ্য়মৰ ক্ষেত্ৰত মই এজন কলা মানুহ ।
শোণিত কুমাৰ গোস্বামী: আপুনি কংগ্ৰেছৰ শাসন দেখিছে । আজি বিজেপিৰ যিদৰে জয় জয় ময় ময় অৱস্থা, এটা সময়ত কংগ্ৰেছে তেনে এটা অৱস্থা আছিল । আপোনাক সুধিব বিচাৰোঁ যে সেই সময়ত কংগ্ৰেছৰ যি দপদপনি আছিল আৰু আজিৰ বিজেপিৰ দপদপনিৰ মাজত কিবা পাৰ্থক্য় অনুভৱ কৰিছে নেকি ?
ড৹ হীৰেন গোহাঁই: এইটা ভাল প্ৰশ্ন । সেই সময়ত যেতিয়া কংগ্ৰেছৰ দপদপনি আছিল তেতিয়াও আমি অনুভৱ কৰিছিলোঁ যে কিবা এটা অভাৱ হৈছে ? এইবোৰ দপদপনি বাহ্য়িক আছিল আৰু অনুভৱ হয় যে ভিতৰত কিবা এটা পচিছে, মই সদায় কংগ্ৰেছৰ অনুৰাগী নাছিলোঁ ।
জীৱনৰ বেছিভাগ সময় মই কংগ্ৰেছ দলক সমালোচনা কৰিছোঁ । কংগ্ৰেছ খুব বেছি তীব্ৰ সমালোচনা কৰিছিলোঁ । কংগ্ৰেছৰ মুখ্য়মন্ত্ৰী হিতেশ্বৰ শইকীয়াই মোক বেয়া পাইছিল, তৰুণ গগৈয়েও মোক বেয়া পাইছিল । কিন্তু এতিয়া পৰিস্থিতিৰ পাকত পৰি মই সেই কংগ্ৰেছে সমৰ্থন কৰি আছোঁ । কাৰণ বিজেপিৰ বিকল্প দল এটা লাগে বুলি মই অনুভৱ কৰোঁ ।
বিজেপিৰ যি দপদপনি দেখিবলৈ পোৱা গৈছে, সেইবোৰক লৈ মানুহ অতিষ্ঠ হৈ পৰিছে । এজন ব্য়ক্তি যি মানেই বিজেপি তেনে এজন ব্য়ক্তিৰ দপদপনি বাঢ়িছে । এই গোটেইবিলাক চিঞৰ বাখৰ, আস্ফালন, এইবিলাকৰ মাজত কিন্তু অনুভৱ হয় যে কিবা এটাৰ যেন অনুভৱ ঘটিছে । এসময়ত কংগ্ৰেছৰ ক্ষেত্ৰত যি হৈছিল সেয়া এতিয়া আকৌ অনুভৱ হৈছে । এতিয়া সাধাৰণ মানুহ অতিষ্ঠ হৈ পৰিছে ।
শোণিত কুমাৰ গোস্বামী: ২০১৪ চনৰ পাছৰ পৰা দেশত আন্তঃগাঁথনিমূলক কামকেই ধৰি একাধিক উন্নয়নমূলক কাম হোৱা বুলি দাবী কৰি অহা হৈছে । পূৰ্বৰ কেন্দ্ৰৰ মাহী আইৰ দৃষ্টিৰ অভিযোগো এতিয়া সম্পূৰ্ণৰূপে আঁতৰ হোৱা বুলি কোৱা হয় । বিগত দশকটোত দেশত ৰাষ্ট্ৰবাদৰ চৰ্চাও অধিক বৃদ্ধি পাইছে । আপোনাক বামপন্থাত বিশ্বাসী এগৰাকী ব্য়ক্তি হিচাপে সুধিব বিচাৰিছোঁ যে ৰাষ্ট্ৰবাদৰ উত্থানে জাতীয়তাবাদক নিঃশেষ কৰি দিয়ে উত্থাপিত অভিযোগ কিমান সঁচা ?
ড৹ হীৰেন গোহাঁই: ৰাষ্ট্ৰবাদৰ উত্থানে জাতীয়তাবাদৰ প্ৰতি সংকট আনে বুলি কোৱা কথাটো মই অস্বীকাৰ নকৰোঁ । আমি যি ৰাষ্ট্ৰবাদৰ কথা কওঁ সেয়া হৈছে এক শক্তিশালী মহলৰ মতাদৰ্শৰ অংশ, এক দৃষ্টিভংগী । সেই শক্তিশালী মহলটোৱে অসমৰ মানুহৰ কি হৈছে বা নহৈছে সেয়া গুৰুত্ব নিদিয়ে, কেৰেপ নকৰে ।
অসমৰ ৰাইজে বিচাৰ বা নিবিচৰা নহয়, তেওঁলোকে বিচৰা বস্তুবোৰহে আমাক দিয়ে । সোৱণশিৰি প্ৰকল্পৰ আমাৰ মানুহে বিচৰা নাই কিন্তু তেওঁলোকে দিছে । গতিকে আমাক দিয়া বুলি যিবোৰ বস্তু দিছে সেইবোৰ বিষয়ত আমি ভবা উচিত, কিন্তু তেওঁলোকে ভাৱে বুলি মোৰ মনে নধৰে ।
অসমৰ জলবায়ু এতিয়াও বেছি প্ৰদূষিত হোৱা নাই । গতিকে এনে প্ৰেক্ষাপটত ছেমিকণ্ডাক্টৰৰ দৰে প্ৰকল্প, ইষ্ট-ৱেষ্ট কৰিড'ৰ স্বৰূপ পথ-যোগাযোগ ব্য়ৱস্থাই এটা সময়ত অসমক যথেষ্ট গুৰুত্বপূৰ্ণ স্থান হিচাপে বিবেচিত কৰিব । গতিকে আন্তঃগাঁথনিমূলক উন্নয়নৰ জৰিয়তে বৃহৎ কৰ্পৰেট গোষ্ঠীৰ বাবে এক পৰিকাঠামো তৈয়াৰ কৰা হৈছে । কিন্তু এইবোৰৰ পৰা সাধাৰণ মানুহৰ কি লাভ লোকচান হৈছে সেইবোৰ কোনেও আলোচনা কৰা নাই । উন্নয়নে যাতে সাধাৰণ মানুহক একাষৰীয়া কৰি নাযায় সেয়া বিবেচনা কৰিব লাগিব ।
এটা উদাহৰণ দি কওঁ যে প্ৰকাণ্ড প্ৰকাণ্ড ওখ ছয়পথ যুক্ত ৰাষ্ট্ৰীয় ঘাইথথ নিৰ্মাণ কৰা কৰা হৈছে । সেইবোৰৰ কাষত গাঁৱবোৰ নাই, গ্ৰামাঞ্চল এলেকাবোৰ তলত, আন্ধাৰত পৰি আছে । সেই ছয় পথযুক্ত ঘাইপথ কিন্তু গাঁৱৰ মানুহে ব্য়ৱহাৰ নকৰে । গ্ৰামাঞ্চলবাসীৰ নিজৰ প্ৰয়োজনৰ কামবোৰ তেওঁলোকে সেই পথ ব্য়ৱহাৰ নকৰে । সেই গ্ৰামাঞ্চলবাসীৰ মূল সমস্য়া যেনে খোৱাপানীৰ সমস্য়া, কৰ্মসংস্থাপন, ব্য়ৱসায়ৰ উন্নয়ন আদিবোৰৰ ক্ষেত্ৰত কাম কৰা হৈছে নে নাই সেইবোৰ দিশত প্ৰশ্ন কৰাৰ প্ৰয়োজনীয়তা আছে ।
বৰ্তমান হৈ থকা উন্নয়নে আমাৰ মানুহক কিমান সহায় কৰিছে বা সাধাৰণ মানুহ কিমান উপকৃত হৈছে ? কৰ্পোৰেট কেপিটেল ব্য়ৱস্থাত সাধাৰণ মানুহৰ জীৱনৰ মান কেনেকুৱা হৈছে সেয়া আলোচনা কৰাৰ আৱশ্য়কীয়তা আছে ।
শোণিত কুমাৰ গোস্বামী: ছেমিকণ্ডাক্টৰ, পেপছিকো, সৌৰ উদ্য়োগ আদিবোৰৰ দৰে ৰাজ্য়ত হোৱা উদ্য়োগখণ্ডই অসমৰ মানুহক উপকৃত নকৰিব নে ?
ড৹ হীৰেন গোহাঁই: আমাৰ মাজত দক্ষতা সম্পন্ন মানুহৰ অভাৱ । দক্ষতা থকা স্থানীয় লোকৰ অভাৱৰ ফলত সেই উদ্য়োগবোৰত বাহিৰৰ মানুহ আনিবলৈ চৰকাৰ বাধ্য় হৈ পৰিব । মই শুনামতে চৰকাৰে ২৪জন মান যুৱ প্ৰজন্মৰ প্ৰতিনিধিক ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে প্ৰশিক্ষণ দি আছে । যি ৰাজ্য়ত লাখ লাখ নিবনুৱা আছে তেনে ৰাজ্য়ত এই ২৪টা পদে কি কৰিব ।
আমি নিজৰ মানুহৰ কাৰণে কি কৰিছোঁ সেই কথাটোত আমি গুৰুত্ব দিয়া উচিত । ৰাষ্ট্ৰবাদৰ অধীনত আমাৰ মাটি দিয়েই কাম খালাচ কৰিলে কেনেকৈ কাম চলিব । আমাৰ মানুহৰ বাবে কি কৰিব পৰা যায় সেইবোৰ কথা ভাৱিব লাগে । মুঠতে মই বিশ্বাস কৰোঁ যে আমাৰ চৰকাৰখনো এতিয়া কৰ্পোৰেট লবীৰ হাতৰ মুঠিত বন্দী হৈছে ।
শোণিত কুমাৰ গোস্বামী: অসমীয়াৰ সংজ্ঞাক লৈ আপোনাৰ মন্তব্য় কি ? বাংলাদেশৰ প্ৰব্ৰজনৰ জৰিয়তে হোৱা সমস্য়াৰ আধাৰত অসমীয়াৰ সংজ্ঞাক লৈ এই সমস্য়া এনেকৈ চলি থাকিব নে ইয়াৰ কিবা সমাধান আছে ?
ড৹ হীৰেন গোহাঁই: এই ক্ষেত্ৰত কওঁ যে সমাধানৰ ক্ষমতা অসমীয়াৰ হাতত নাই । সমাধানৰ ক্ষমতা অসমীয়াৰ হাতত থাকিলে কিবা এটা হ'লহেঁতেন কিন্তু সেয়া নোহোৱাৰ ফলত আমি এনেকৈ সময় অতিবাহিত কৰিবলগীয়া হৈছে । বৃটিছৰ দিনত যিবোৰ প্ৰব্ৰজন হৈছেলে সেইবোৰ বৃটিছৰ ইচ্ছা নাথাকিলে হ'ব নোৱাৰে ।
হিন্দু-মুছলমান যিসকল আহিছিল সেয়া উপনিৱেশবাদী ইংৰাজৰ ইচ্ছা নাথাকিলে সম্ভৱ নহ'লহেঁতেন । ছাদুল্লা, গোপীনাথ বৰদলৈ আদিবোৰে একো কৰিব নোৱাৰিলে, আজিও যিবোৰ প্ৰব্ৰজন হৈছে সেইবোৰৰ আঁৰত কেন্দ্ৰ চৰকাৰৰ সদিচ্ছা আছে । এইধৰণে মানুহ অহা কথাটো কেন্দ্ৰ চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত বাঞ্চা কৰে । কা আইনখন শেহতীয়া উদাহৰণ ।
শোণিত কুমাৰ গোস্বামী: কেন্দ্ৰই এনেকুৱা কিয় কৰি আহিছে ?
ড৹ হীৰেন গোহাঁই: ইয়াৰ অন্তৰালত কেতবোৰ কথা আছে যেনে বাংলাদেশত ধৰ্মান্ধবোৰে হিন্দু মানুহৰ ওপৰত কৰা অত্য়াচাৰ আদিৰ ফলত ইচ্ছা নথকা স্বত্তেও বাংলাদেশৰ নাগৰিক আমাৰ ইয়ালৈ আহি আছে, আহি থাকিব । কেন্দ্ৰ চৰকাৰেও সেইসকলক গ্ৰহণ কৰিবলৈ বাধ্য় হৈ পৰিছে। বাংলাদেশী প্ৰব্ৰজনৰ সমস্য়া সমাধান হোৱা নাই, তাৰ ফলত অসমত সম্পদৰ নাটনি হ'ব, ভাষাৰ বিপদ আহিব ।
শোণিত কুমাৰ গোস্বামী: অসমীয়া ভাষাৰ ভৱিষ্য়তক লৈ আপুনি কি ভাৱে ? বাঙালীৰ আগ্ৰাসনৰ পৰা আমাৰ ভাষা জীয়াই থাকিবনে ?
ড৹ হীৰেন গোহাঁই: অসমীয়া মানুহৰ ইতিহাসত অনেক কথা লুকাই আছে । আমি বুৰঞ্জীক যিদৰে চাব বিচাৰোঁ তেনেদৰে চাইছোঁ । বাংলা ভাষা অসমীয়াৰ ওপৰত বৃটিছে জাপি দিয়াৰ ঐতিহাসিক কথাটো একেবাৰে সত্য় নহয় । কিয়নো বৃটিছে প্ৰথমতে অসমীয়া ভাষাকেই প্ৰৱৰ্তন কৰিব বিচাৰিছিল কিন্তু সেইসময়ত অসম প্ৰদেশৰ কেইবাখনো জিলাৰ মানুহে ক'লে যে অসমীয়া নালাগে, বাংলা লাগে ।
তুমি জানি আচৰিত হ'বা যে শিৱসাগৰৰ এশগৰাকী ভদ্ৰলোকে স্বাক্ষৰ কৰি দিছিল যে অসমীয়া নালাগে, বাংলা লাগে । তেনেকুৱা এক পৰিৱেশ অসমত আছিল । পাছলৈ অসমীয়াৰ মাজত জাতীয়তাবাদী মনোভাৱ অহাৰ পাছতহে অসমীয়া ভাষাক লৈ সচেতনতা বৃদ্ধি পায় ।
শোণিত কুমাৰ গোস্বামী: ভাষাক লৈ দোমোজা নে অন্য় কিবা আছিল যাৰ ফলত স্বয়ং অসমীয়াই তেনেকুৱা কাম কৰিছিল ?
ড৹ হীৰেন গোহাঁই: ভাষাটোক লৈ দোমোজা নাছিল, ভাষাটো প্ৰচলিত হৈ আছিল কিন্তু ভাষাটো তেনেকৈ উন্নত হোৱা নাছিল । জাতীয় ভাৱটো গঢ়ি উঠাৰ লগে লগেহে অসমীয়া ভাষাটো শক্তিশালী হ'বলৈ আৰম্ভ হয় । শুনি আচৰিত হ'বা যে ১৮৯১ চনত সম্পন্ন হোৱা লোকপিয়লত নিজকে অসমীয়াভাষী হিচাপে পৰিচয় দিয়া ব্য়ক্তি কেৱল এক হাজাৰহে আছিল ।
সেই সময়ত অসম প্ৰদেশৰ লোকে মই বামুণ, মই কায়স্থ, মই আহোম আদিবোৰ ভাৱলৈহে আছিল । অসমীয়া শব্দটো বৰ আচহুৱা আছিল । গুৰুত্বপূৰ্ণ কথা যে আগতে জাতি আছিল কিন্তু জাতীয়তাবাদ নাছিল । যাৰ ফলত মাত্ৰ এহেজাৰ শিক্ষিত মানুহে নিজক অসমীয়া বুলি পৰিচয় দিছিল ।
আমাৰ অসমীয়া ভাষাটো অতীজৰে পৰা আছে কিন্তু মানুহৰ মাজত জাতীয়তাবাদটো নাছিল বাবেই অসমীয়া ভাষাটোক লৈ জাতীয়তাবাদ গঢ় লোৱা নাছিল । অসমীয়া বুলি চেতনা নাছিল । সময়ৰ বিৱৰ্তনত এতিয়াহে সেই জাতীয়তাবাদ গঢ় লৈছে ।
শোণিত কুমাৰ গোস্বামী: অসমীয়া সাহিত্য় চৰ্চা সম্পৰ্কত আপুনি এতিয়া কিমান খবৰ ৰাখিছে ?
ড৹ হীৰেন গোহাঁই: শেহতীয়াকৈ নতুন ল'ৰা-ছোৱালীবোৰে কি চৰ্চা কৰি আছে, সেই খবৰ মই এতিয়া নাপাওঁ কিন্তু শক্তিশালী, সাহসী লেখক-লেখিকা আছে বুলি মোৰ বিশ্বাস । সাহিত্য় আছে কিন্তু পাঠকৰ সংখ্য়া হ্ৰাস পাইছে । আগতে মানে আমি সৰু থাকোতে এখনেই অসমীয়া আলোচনী 'ৰামধেনু' আছিল, সেয়া সকলোৱে আগ্ৰহৰে পঢ়ে ।
কাৰ লেখনি ওলাইছে, কাৰ কবিতা ওলাইছে সেয়া সকলোৱে খবৰ ৰাখে, কিন্তু সেই দিন এতিয়া নাই । অসমীয়া সাহিত্য়ৰ প্ৰতি সেই আগ্ৰহ এতিয়া কমিছে । এয়া ভাল কথা নহয়, দক্ষিণ ভাৰতীয় ভাষাবোৰত মানুহবোৰ নিজৰ ভাষা সংস্কৃতিক লৈ কিমান আগ্ৰহী, কিমান সজাগ, কিমান সক্ৰিয় কিন্তু আমাৰ ইয়াত মই সাহিত্য়-ভাষা সচেতনতা মই দেখা নাই ।

