ইৰাণ যুদ্ধৰ ফলত ব্যাহত ভাৰতৰ ইউৰিয়া যোগান, আমাৰ বিকল্প কি ? এক বিশ্লেষণ
সংঘাত অব্যাহত থাকিলে ভাৰতীয় কৃষকসকল ৰাসায়নিক সাৰৰ তীব্ৰ নাটনিৰ সন্মুখীন হ’ব পাৰে । আনহাতে, কৰদাতাসকলে যথেষ্ট পৰিমাণে ৰাজসাহায্যৰ বোজা ব’বলগীয়া হ’ব পাৰে ।

Published : March 31, 2026 at 6:56 PM IST
ইৰাণ যুদ্ধই ভাৰতৰ জটিল নাইট্ৰ’জেনযুক্ত কৃষি ৰাসায়নিক সাৰ ইউৰিয়াৰ যোগানত প্ৰভাৱ পেলাইছে । হৰমুজ প্ৰণালী আৰু কাষৰীয়া সাগৰীয় পথ অৱৰোধৰ বাবে সাৰৰ মূল্য শিখৰত উপনীত হৈছে । কিন্তু যিহেতু ইৰাণ আৰু বাহৰেইন, কুৱেইট, ওমান, কাটাৰ, চৌদি আৰব আৰু ইউ এ ইৰে গঠিত উপসাগৰীয় সহযোগিতা পৰিষদৰ (জিচিচি) আঞ্চলিক সংঘ দুয়োটাতে তেল আৰু গেছৰ আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে, সেয়েহে এলএনজি আৰু কৃষি ৰাসায়নিক পদাৰ্থৰ সামগ্ৰিকভাৱে বিশ্বজনীন উপলব্ধতা আৰু উৎপাদনত ডাঙৰ আঘাত হানিছে ।
বিগত বৰ্ষৰ বিপৰীতে বৰ্তমান ইৰাণৰ সৈতে জড়িত সংঘাতৰ তীব্ৰতা বৃদ্ধিয়ে সংকটটোক বহুত বেছি তাৎক্ষণিক আৰু বাস্তৱিক অনুভৱ কৰাইছে । কাটাৰকে ধৰি জিচিচিৰ দেশসমূহৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণ আৰু হৰমুজ প্ৰমালীৰ অৱৰোধে ভাৰতীয় কৃষককে ধৰি জনসাধাৰণৰ মাজত ব্যাপক উদ্বেগৰ সৃষ্টি কৰিছে ।

বিশ্বজনীন মূখ্য সাৰৰ মূল্য বৃদ্ধি পাইছে: ইউৰিয়াৰ মূল্য ৫০% বৃদ্ধি হৈ প্ৰতি টনত ৭২০ ডলাৰ হৈছে, এমোনিয়াৰ প্ৰতি টনত ৬০০ ডলাৰ হৈছে । বিশেষজ্ঞসকলে সকীয়াই দিছে যে ডাই-এমোনিয়াম ফছফেটৰ (DAP) দৰে জটিল সাৰৰ মূল্য প্ৰতি টনত ১০০০ ডলাৰ (FOB) হ’ব পাৰে । দীৰ্ঘম্যাদীভাৱে ইউৰিয়াৰ মূল্যয়ো ১০০০ ডলাৰৰ সীমা অতিক্ৰম কৰিব পাৰে ।
সাৰৰ বজাৰত ব্যাঘাত জন্মাটো অৱশ্যে এয়াই প্ৰথম নহয় । শেহতীয়া বছৰবোৰত ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতৰ বাবে মূল্য বৃদ্ধি পাইছে । কাৰণ ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰু কৃষ্ণ সাগৰ অঞ্চলৰ অস্থিৰতাই জটিল কৃষি সামগ্ৰীৰ ৰপ্তানিত ব্যাঘাত জন্মাইছে । ৰাছিয়া হৈছে ইউৰিয়া, পটাছ (পটাছৰ মিউৰিয়েট), ফছফৰাছ ভিত্তিক সামগ্ৰী, এনপিকে প্ৰস্তুতিৰ দৰে সাৰৰ প্ৰধান বিশ্বজনীন যোগানকাৰী । উক্ত সময়ছোৱাত যোগানৰ বিলম্ব আৰু উচ্চ ব্যয়ে ইতিমধ্যে কেইবাখনো দেশৰ কৃষি উৎপাদন ম্লান কৰি পেলাইছিল ।
ইউৰিয়া উদ্যোগত আঘাত
ইতিমধ্যে ভাৰতে পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছ লাভৰ বাবে সংগ্ৰাম কৰি থকাৰ সময়তে ঘৰুৱা ইউৰিয়া উদ্যোগসমূহৰ বাবে পৰিস্থিতি আৰু অধিক ভয়ানক হৈ পৰিছে । কাৰণ এই উদ্যোগবোৰ প্ৰায় সম্পূৰ্ণৰূপে উপসাগৰীয় অঞ্চলৰ পৰা মূল সামগ্ৰী হিচাপে অহা এলএনজিৰ ওপৰত নিৰ্ভৰশীল । যোগান বিঘ্নিত হোৱাৰ লগে লগে উৎপাদন হ্ৰাস পাইছে আৰু এলএনজিৰ নাটনি এনেদৰে থাকিলে সম্পূৰ্ণৰূপে বন্ধ হৈ যাব পাৰে । ইতিমধ্যে চুবুৰীয়া দেশসমূহতো একেধৰণৰ বিঘিনি দেখা গৈছে, বাংলাদেশ আৰু পাকিস্তানৰ কেইবাটাও উদ্যোগৰ কাম বন্ধ হৈ পৰিছে ।

ভাৰতেও এলএনজি যোগানৰ বাবে উপসাগৰীয় অঞ্চল বিশেষকৈ কাটাৰ আৰু উপসাগৰীয় অঞ্চলৰ ওপৰত নিৰ্ভৰশীল, যিটো আমাৰ মুঠ ব্যৱহাৰৰ ৬০-৭০% । এতিয়া ব্যৱসায়ত ব্যাঘাত জন্মাৰ লগে লগে ভাৰতীয় ইউৰিয়া আৰু সাৰ উদ্যোগসমূহেও কম ক্ষমতাত কাম কৰিবলৈ আৰম্ভ কৰিছে । চলিত যুদ্ধৰ প্ৰাৰম্ভিক দিনত সেইবোৰে উৎপাদন ক্ষমতা ৭০% লৈ হ্ৰাস কৰি এতিয়া নিজৰ ক্ষমতাৰ আধাতে কাম কৰি আছে । যদিহে এই সংঘাত স্থায়ী হয় তেন্তে ভাৰতে সাৰ উৎপাদন যথেষ্ট হ্ৰাসৰ সন্মুখীন হ’ব পাৰে আৰু অৱশেষত অহা বছৰ অত্যাৱশ্যকীয় কৃষি ৰাসায়নিক পদাৰ্থৰ নাটনিৰ বাবে খাদ্য ৰপ্তানিৰ ৩০-৪০% হ্ৰাস পোৱাৰ সম্ভাৱনা দেখা যাব পাৰে ।
ছালফাৰ আন এক জটিল খনিজ যিটো উপসাগৰৰ পৰা, মূলতঃ চৌদি আৰবৰ পৰা আহৰণ কৰা হয় । আমাৰ মুঠ প্ৰয়োজনীয়তাৰ প্ৰায় ৮০% পশ্চিম এছিয়াৰ আমদানিৰ দ্বাৰা পূৰণ কৰা হয় ।
২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ভাৰতে ইউৰিয়া সাৰৰ প্ৰায় ৪৯% উপসাগৰীয় অঞ্চলৰ পৰা আহৰণ কৰা বুলি অনুমান কৰা হৈছে । কেৱল ২০২৫ চনত এই অঞ্চলটোৰ পৰা সাৰ আমদানিৰ মূল্য আছিল প্ৰায় ৩.৭ বিলিয়ন ডলাৰ । ইয়াৰে মিশ্ৰিত সাৰ (এনপিকে) ২.২ বিলিয়ন ডলাৰ আৰু ই হৈছে আমদানিৰ ৩১.১% । আনহাতে, নাইট্ৰ'জেন ভিত্তিক সাৰৰ বাবে বিনিয়োগ ১.৫ বিলিয়ন ডলাৰ বা ৩০.৩% ।
যদিহে সংঘাত অব্যাহত থাকে, তেন্তে ভাৰতীয় কৃষকসকল ৰাসায়নিক সাৰৰ তীব্ৰ নাটনিৰ সন্মুখীন হ’ব পাৰে । আনহাতে, কৰদাতাসকলে যথেষ্ট বেছি ৰাজসাহায্যৰ বোজা ব’বলগীয়া হ’ব পাৰে । সাৰৰ নাটনিক লৈ কৃষকৰ প্ৰতিবাদ ইতিমধ্যে যোৱা বছৰ দেখা পোৱাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি বিশেষভাৱে উদ্বেগজনক হৈ আছে । বৰ্তমানৰ পৰিস্থিতিত এই বছৰ ইউৰিয়াৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা অতিশয় বেছি যেন লাগে ।

এলএনজি আমদানি
যদি ভাৰতে আমেৰিকাৰ পৰা এলএনজি আমদানিৰ দিশত স্থানান্তৰিত হ’বলৈ বাধ্য হয়, তেন্তে ব্যয় আৰু সামগ্ৰী বহন বহুত বেছি প্ৰত্যাহ্বানজনক হৈ পৰিব । উপসাগৰীয় অঞ্চলৰ পৰা এলএনজি পৰিবহণৰ বাবে সাধাৰণতে মালবাহী আৰু বীমাৰ বাবে প্ৰতি টনত প্ৰায় ২০ ডলাৰ খৰচ হয় । আনহাতে, আমেৰিকাৰ পৰা চালানৰ বাবে প্ৰতি টনত প্ৰায় ৮০ ডলাৰ খৰচ হ’ব পাৰে । ট্ৰেনজিটৰ সময়ো তীব্ৰভাৱে বৃদ্ধি পায় । এই ক্ষেত্ৰত উপসাগৰৰ পৰা প্ৰায় ৮-১০ দিন লাগে, কিন্তু আমেৰিকাৰ পৰা ৪৫-৬০ দিনৰ দৰে দীঘলীয়া সময়ৰ প্ৰয়োজন ।
চৰকাৰে এতিয়া ৰাছিয়া, বেলাৰুছ আনকি চীনৰ পৰাও নতুন যোগান বিচাৰি হাবাথুৰি খাইছে, য’ত জটিল কৃষি ৰাসায়নিক পদাৰ্থ আৰু লগতে জীৱাশ্ম ইন্ধনৰ যথেষ্ট ভঁৰাল আছে । দুৰ্ভাগ্যজনকভাৱে আমেৰিকাৰ হেঁচাত ৰাছিয়া আৰু চীনৰ সৈতে ভাৰতৰ সম্পৰ্কত টান পৰিছে আৰু আমি এসময়ত ৰাছিয়াৰ পৰা পোৱা জীৱাশ্ম ইন্ধন আৰু কৃষি ৰাসায়নিক পদাৰ্থৰ ৰেহাই লাভ কৰাত অসুবিধা পাইছোঁ । এই অতিৰিক্ত বোজাই ভাৰতত খাদ্য অধিক ব্যয়বহুল কৰি তুলিব ।
আনকি ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থায়ো সকীয়াই দিছে যে বৰ্তমানৰ সংকটটো 'কৃষকৰ বাবে দুগুণ আঘাত' আৰু ইয়াৰ “মধ্যম্যাদী প্ৰভাৱ আগন্তুক বতৰত বিশ্বজুৰি কৃষকসকলে অনুভৱ কৰিব ।”

তেনেহ'লে আমাৰ বিকল্প কি ?
প্ৰথমতে ,আমি ৰাছিয়া আৰু ইৰাণ আৰু চীনকে ধৰি আমাৰ অন্যান্য ব্ৰিকছৰ অংশীদাৰ দেশসমূহৰ সৈতে অতি আগ্ৰাসীভাৱে আমাৰ সম্বন্ধৰ শুধৰণি কৰিব লাগিব । অৰ্থাৎ ইউক্ৰেইনৰ সৈতে আমি যি নীতি গ্ৰহণ কৰিছিলোঁ, তাৰ দৰেই আমাৰ নীতি থাকিব লাগিব । ভাৰতে সমগ্ৰ সময়ছোৱাত ৰাছিয়াৰ সৈতে থিয় দিছিল আৰু আমেৰিকাৰ হেঁচাত পৰাৰ সময়ত কেতিয়াবা ৰাছিয়াৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত আছিল ।
একেদৰে আমি ইৰাণৰ যুদ্ধক গৰিহণা দি ইৰাণৰ সৈতে তেল আৰু গেছ টেংকাৰৰ সৈতে খাদ্যৰ বিনিময় আৰম্ভ কৰিব লাগিব । ভাৰতৰ কৃষি আৰু খাদ্য শক্তি আছে, যাক ঘৰুৱা মূল্য হ্ৰাস ৰোধ কৰাৰ বাবে লিভাৰ হিচাপে ব্যৱহাৰ কৰা উচিত আৰু লগতে আমাৰ সভ্যতাৰ অংশীদাৰ ইৰাণক সহায় কৰা উচিত ।
চীনৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰি ইজৰাইলৰ প্ৰতি নিৰপেক্ষ হৈ থকাৰ সময়ো আহি পৰিছে । নিঃসন্দেহে ইজৰাইলে আমাক জটিল দিশত সহায় কৰিছে, কিন্তু ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ সেৱা কৰিবলৈ আমেৰিকাক বিশ্বাস কৰিব নোৱাৰি । ট্ৰাম্প শাসনে ভাৰতৰ ওপৰত গুণ্ডাগিৰি কৰি আহিছে, তাৰ বাবে আমি যথেষ্ট মূল্য দিছোঁ । এইবাৰ ভাৰতে ব্ৰিকছৰ আয়োজন কৰা বুলি লক্ষ্য কৰি আমি জীৱাশ্ম ইন্ধন, কৃষি ৰাসায়নিক পদাৰ্থ, খাদ্য আৰু পানীৰ মুক্ত বাণিজ্য অনুমোদনৰ বাবে অৰাজনৈতিক কৃষি মঞ্চৰ প্ৰস্তাৱ দিয়া উচিত । এই মঞ্চই ডলাৰক বুঢ়া আঙুলি দেখুৱাই সকলো দেশৰ খাদ্য সুৰক্ষা সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰীয় বা ব্ৰিকছৰ মুদ্ৰা বাছি ল’ব লাগে ।

আচৰিত কথাটো হ’ল, ইউৰিয়া শব্দটো ফৰাচী ভাষাৰ ইউৰে শব্দৰ পৰা আহিছে । ই গ্ৰীক ভাষাৰ ইউৰ’ন ভাষাৰ পৰা উদ্ভৱ হৈছে । ইয়াৰ মূল অৰ্থ হৈছে ‘প্ৰস্ৰাৱ’ । সৌভাগ্যক্ৰমে ১.৫ বিলিয়ন জনসংখ্যা আৰু বৰ্ধিত গৰুৰ সৈতে আমাৰ হাতত প্ৰচুৰ প্ৰস্ৰাৱ আছে । এতিয়া পুৰণিকালত প্ৰস্ৰাৱৰ পৰা ইউৰিয়া নিষ্কাশন কৰাটো এটা জটিল আৰু ব্যয়বহুল প্ৰক্ৰিয়া আছিল যদিও যোৱা বছৰহে নতুন প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে এই কৌশলটো অতি সস্তা আৰু সহজ হৈ পৰিছে । ইয়াৰ বাবে মাত্ৰ ১০০ বৰ্গমিটাৰ মাটি আৰু প্ৰস্ৰাৱৰ যোগান ধৰিবলৈ প্ৰায় ২০ হাজাৰ লোকৰ প্ৰয়োজন । ইয়াতেই আমাৰ আধুনিক মেট্ৰ’ চহৰবোৰে ভূমিকা ল’ব পাৰে । দিল্লী, মুম্বাই, বেংগালুৰু আদিৰ দৰে ডাঙৰ নগৰ কেন্দ্ৰসমূহ ইউৰিয়া উৎপাদনৰ প্ৰধান কেন্দ্ৰ হ’ব পাৰে ।
পৰীক্ষামূলক ভিত্তিত ভাৰত চৰকাৰে দিল্লী, মুম্বাই আৰু বেংগালুৰু বিমানবন্দৰত এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰিব লাগে, য’ত দৈনিক ১ লাখ ৫০ হাজাৰৰো অধিক লোক উপস্থিত হয় । প্ৰস্ৰাৱগাৰৰ ব্যৱস্থাত সৰল পৰিৱৰ্তন কৰি এই বিমানবন্দৰসমূহে প্ৰস্ৰাৱ পৃথক কৰি ওচৰৰ কেন্দ্ৰসমূহলৈ পাইপযোগে প্ৰেৰণ কৰিব পাৰে আৰু তাত সতেজ প্ৰস্ৰাৱক সৰল বিদ্যুৎ ৰাসায়নিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পাৰকাৰবামাইড, পেৰাক্সাইডলৈ ৰূপান্তৰিত কৰিব পাৰি ।
গো-পামসমূহেও একে ধৰণেৰে গো-মূত্ৰক নাইট্ৰ’জেনযুক্ত সাৰলৈ ৰূপান্তৰিত কৰিবলৈ একে প্ৰক্ৰিয়া গ্ৰহণ কৰিব পাৰে । যদি চৰকাৰে গো-কল্যাণক প্ৰসাৰিত কৰিবলৈ আগ্ৰহী, তেন্তে বহু জিলাত বায়’-চিএনজিৰ পৰা ইউৰিয়ালৈ উদ্যোগ গঢ়ি তুলিব পৰা যাব । এই পদক্ষেপে বাটত চৰি ফুৰা গৰু-ম’হৰ সমস্যা সমাধান কৰিব আৰু লগতে ভাৰতক ইউৰিয়া উৎপাদনত অধিক স্বাৱলম্বী হোৱাত সহায় কৰিব ।
(ঘোষণা : এই লেখাত প্ৰকাশ কৰা মতামতসমূহ লেখকৰ সম্পূৰ্ণ নিজস্ব । ইয়াত প্ৰকাশ কৰা তথ্য আৰু মতামতসমূহে ইটিভি ভাৰতৰ মতামত প্ৰতিফলিত নকৰে)

