ETV Bharat / opinion

ভিছাৰ এটা ক্ষুদ্ৰ পদক্ষেপ, ভাৰত-বাংলাদেশ সম্পৰ্কত এক ডাঙৰ কূটনৈতিক সংকেত

ভাৰতে পৰ্যটন ভিছা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে । এই সিদ্ধান্তই বাংলাদেশৰ সৈতে সম্পৰ্কত কূটনৈতিক নৰম অৱস্থা আৰু কৌশলগত ব্যৱহাৰিকতাৰ ক্ষেত্ৰত মনোনিবেশৰ সংকেত দিছে ।

INDIA BANGLADESH RELATIONS
বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্ত দীনেশ ত্ৰিবেদী ফাইল ফটো (AP)
author img

By Aroonim Bhuyan

Published : June 26, 2026 at 5:23 PM IST

10 Min Read
Choose ETV Bharat

নতুন দিল্লী : বাংলাদেশত ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ বাবে দক্ষিণ এছিয়াৰ অন্যতম ব্যস্ত 'জনসাধাৰণৰ মাজত সম্পৰ্ক' স্থাপনৰ পথ হিচাপে এটা ভ্ৰমণৰ ক্ষেত্ৰত ব্যাঘাত জন্মোৱাৰ প্ৰায় দুবছৰৰ পাছত ভাৰতে বাংলাদেশী নাগৰিকৰ বাবে পৰ্যটন ভিছা প্ৰদান পুনৰ আৰম্ভ কৰিছে । এই সিদ্ধান্তই দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ ইংগিত দিছে ।

বাংলাদেশত নৱনিযুক্ত ভাৰতীয় উচ্চায়ুক্ত দীনেশ ত্ৰিবেদীয়ে বৃহস্পতিবাৰে ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কৰ ইণ্ডিয়ান ভিছা আবেদন কেন্দ্ৰত এই সিদ্ধান্তৰ কথা ঘোষণা কৰে ।

INDIA BANGLADESH RELATIONS
বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্ত দীনেশ ত্ৰিবেদীয়ে বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনক প্ৰমাণ-পত্ৰ প্ৰদানৰ মুহূৰ্ত (IANS)

সাংবাদিকৰ আগত ত্ৰিবেদীয়ে কয়, "মই পুনৰ সাধাৰণ পৰ্যটন ভিছা মুকলি কৰাৰ কথা ঘোষণা কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ । ২৮ জুনৰ পৰা ভিছাৰ আবেদন দাখিল কৰিব পাৰিব । মানৱীয় কাৰণত জৰুৰী চিকিৎসা ভিছাৰ ব্যৱস্থা অব্যাহত থাকিব ।”

ডেইলী ষ্টাৰ নিউজ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, প্ৰথম অৱস্থাত ঢাকা, ৰাজশ্বাহী, চিটাগং, চিলেট আৰু খুলনা এই পাঁচটা কেন্দ্ৰৰ জৰিয়তে ভিছা প্ৰদান কৰা হ’ব আৰু ভৱিষ্যতে ইয়াৰ পৰিসৰ আৰু অধিক সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে । ত্ৰিবেদীৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে, "আমি আশা কৰিছোঁ যে ইয়াৰ দ্বাৰা আমাৰ দুয়োখন সাৰ্বভৌম ৰাষ্ট্ৰৰ মাজত জনসাধাৰণৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব ।"

INDIA BANGLADESH RELATIONS
বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্ত দীনেশ ত্ৰিবেদীয়ে ঢাকাৰ বংগ ভৱনত বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনক সাক্ষাতৰ মুহূৰ্ত (IANS)

ইয়াৰ পূৰ্বে ত্ৰিবেদীয়ে ঢাকাৰ বংগ ভৱনত বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনক নিজৰ প্ৰমাণ-পত্ৰ দাখিল কৰে । “উচ্চায়ুক্তগৰাকীয়ে ভাৰত চৰকাৰ আৰু ভাৰতৰ জনসাধাৰণৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে আৰু দুয়োখন সাৰ্বভৌম ৰাষ্ট্ৰৰ জনসাধাৰণৰ পাৰস্পৰিক কল্যাণৰ লক্ষ্যৰে ভাৰত-বাংলাদেশৰ বহুমুখী অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে ।” ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তই নিজৰ X হেণ্ডেলত এনেদৰে পোষ্ট কৰে ।

ত্ৰিবেদীৰ এই ঘোষণাৰ পৰা অনুমান কৰিব পাৰি যে বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তনৰ অনিশ্চয়তাৰ ঊৰ্ধ্বলৈ গৈ দুয়োখন চুবুৰীয়া দেশক একতাৰ ডোলেৰে বান্ধি ৰখা কৌশলগত আৱশ্যকতাসমূহৰ ওপৰত পুনৰ মনোনিবেশ কৰিবলৈ নতুন দিল্লী ক্ৰমান্বয়ে সাজু হৈছে ।

INDIA BANGLADESH RELATIONS
বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্ত দীনেশ ত্ৰিবেদীয়ে বাংলাদেশৰ ৰাষ্ট্ৰপতিক প্ৰমাণ-পত্ৰ প্ৰদান কৰি কৰমৰ্দনৰ মুহূৰ্ত (IANS)

কনছুলাৰ ব্যৱস্থাতকৈও ওপৰত এই পৰ্যটন ভিছা পুনৰ মুকলি কৰাটোৱে আস্থা পুনৰ স্থাপন, সমাজৰ সংযোগ পুনৰুজ্জীৱিত কৰা আৰু ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু আঞ্চলিক সংযোগৰ উচ্চাকাংক্ষা যে মুখ্য বিষয় হৈ আছে সেই সম্পৰ্কৰ গতি ত্বৰান্বিত কৰাৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে ।

প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ নেতৃত্বত বাংলাদেশৰ নতুন চৰকাৰে ক্ষমতা দখল কৰাৰ দুমাহ পাছত চলিত বৰ্ষৰ এপ্ৰিল মাহত বৈদেশিক মন্ত্ৰী খলিলুৰ ৰহমানে নতুন দিল্লী ভ্ৰমণৰ সময়ত ভাৰত চৰকাৰক বাংলাদেশী নাগৰিকক ভিছা প্ৰদানৰ ব্যৱস্থা স্বাভাৱিক কৰিবলৈ আহ্বান জনাইছিল ।

২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনাক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ আৰু তাৰ পিছত বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত দ্বিপাক্ষিক সম্পৰ্কৰ মাজত যি এক অচলাৱস্থাৰ সৃষ্টি হৈছিল তাৰ অন্যতম দৃশ্যমান প্ৰভাৱ হিচাপে পৰ্যটক ভিছা স্থগিত ৰখাটো আছিল । যদিও মেডিকেল ভিছা আৰু আন কিছুমান বিশেষ শিতানত ভিছা প্ৰদান চলি আছিল, তথাপিও পৰ্যটন ভিছা বন্ধ হোৱাৰ ফলত চৰকাৰতকৈ সাধাৰণ নাগৰিকসকল বেছিকৈ প্ৰভাৱিত হয় । যাৰ ফলত দুয়োখন চুবুৰীয়া দেশৰ মাজত মানুহৰ মাজৰ সংস্পৰ্শৰ অন্যতম গুৰুত্বপূৰ্ণ পথটোৰ পৰিসৰ হ্ৰাস পায় ।

সেয়েহে পৰ্যটন ভিছা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্তই দক্ষিণ এছিয়াৰ অন্যতম ঘনিষ্ঠ আৰু আন্তঃসংযোগী দ্বিপাক্ষিক সম্পৰ্কত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ আত্মবিশ্বাস গঢ়ি তোলা ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে । এই পদক্ষেপে ইংগিত দিয়ে যে ভাৰতে দ্বিপাক্ষিক সম্পৰ্কক ঘৰুৱা ৰাজনৈতিক পৰিঘটনাৰ পণবন্দী হৈ থাকিবলৈ দিয়াতকৈ বাংলাদেশৰ ২০২৪ চনৰ পিছৰ ৰাজনৈতিক ব্যৱস্থাৰ সৈতে ব্যৱহাৰিকভাৱে জড়িত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত নতুন দিল্লীৰ তাৎক্ষণিক চিন্তা আছিল বাংলাদেশৰ স্থিতিশীলতা আৰু সংখ্যালঘু সম্প্ৰদায় বিশেষকৈ হিন্দুসকলৰ সুৰক্ষা । কিন্তু সময়ৰ লগে লগে দুয়োখন দেশেই স্বীকাৰ কৰিছে যে ভূগোল, অৰ্থনীতি আৰু নিৰাপত্তাৰ আৱশ্যকতাসমূহৰ বাবে ৰাজনৈতিক পৰিৱৰ্তন নিৰ্বিশেষে দুয়োখন দেশ স্থায়ীভাৱে জড়িত হোৱাৰ প্ৰয়োজন ।

পৰ্যটক ভিছা পুনৰ আৰম্ভ কৰাৰ জৰিয়তে এটা বাৰ্তা প্ৰেৰণ কৰা হয় যে চৰকাৰী যোগাযোগৰ মাধ্যমসমূহ সুস্থিৰ হৈছে আৰু দুয়োপক্ষই পুনৰ আস্থা গঢ়ি তুলিবলৈ বিচাৰিছে । ইয়াৰ হয়তো আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিব জনসাধাৰণৰ সম্পৰ্কত । পৰ্যটন ভিছা স্থগিত ৰখাৰ পূৰ্বে বিশ্বজুৰি ধাৰাবাহিকভাৱে ভাৰতীয় ভিছা লাভ কৰা দেশসমূহৰ ভিতৰত বাংলাদেশ আছিল । বছৰি লাখ লাখ বাংলাদেশীয়ে পৰ্যটন, বজাৰ-সমাৰ, শিক্ষা, পৰিয়ালৰ ভ্ৰমণ আৰু ধৰ্মীয় কামত ভাৰত ভ্ৰমণ কৰিছিল ।

কলকাতা, দিল্লী, চেন্নাই, বেংগালুৰু, হায়দৰাবাদ আদি চহৰ বাংলাদেশী পৰ্যটকৰ বাবে অন্যতম প্ৰধান গন্তব্যস্থান হৈ পৰিছিল । কিন্তু পৰ্যটক ভিছাত অহা বাধাৰ বাবে দশক দশক ধৰি গঢ় লৈ উঠা পৰিয়ালভিত্তিক সংযোগ আৰু সাংস্কৃতিক আদান-প্ৰদানত ব্যাঘাত জন্মাইছিল । এতিয়া এই ভিছা প্ৰদান ব্যৱস্থা পুনৰ আৰম্ভ কৰাটোৱে দ্বিপাক্ষিক সম্পৰ্কৰ অন্যতম শক্তিশালী ভেটি সামাজিক সংযোগক পুনৰুদ্ধাৰ কৰিছে ।

নতুন দিল্লীস্থিত ৰিছাৰ্চ এণ্ড ইনফৰ্মেচন ঠিষ্টেম ফৰ ডেভেলপিং নেচনছ (আৰআইএছ) থিংক টেংকৰ অধ্যাপক তথা বাংলাদেশৰ অৰ্থনীতি আৰু ৰাজনীতিৰ বিশেষজ্ঞ প্ৰবীৰ দে'য়ে বাংলাদেশী নাগৰিকক পুনৰ পৰ্যটন ভিছা প্ৰদান আৰম্ভ কৰাৰ ভাৰতৰ সিদ্ধান্তক এক 'গুৰুত্বপূৰ্ণ পদক্ষেপ' বুলি অভিহিত কৰে ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "ইয়াৰ দ্বাৰা ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ ‘সোণালী অধ্যায়’ শক্তিশালী হ’ব । ইয়াৰ দ্বাৰা জনসাধাৰণৰ সংস্পৰ্শ বৃদ্ধি পোৱাৰ লগতে স্বাস্থ্য খণ্ডত ভাৰত-বাংলাদেশৰ সহযোগিতাৰ ক্ষেত্ৰতো সহায়ক হ’ব ।”

এই সিদ্ধান্তৰ উল্লেখযোগ্য অৰ্থনৈতিক প্ৰভাৱো আছে । বাংলাদেশী পৰ্যটকে হোটেল, খুচুৰা ব্যৱসায়, পৰিবহণ আৰু স্বাস্থ্য সেৱাৰ বাবে কৰা ব্যয়ৰ জৰিয়তে ভাৰতৰ সীমান্তৱৰ্তী ৰাজ্য আৰু মহানগৰসমূহৰ স্থানীয় অৰ্থনীতিত যথেষ্ট অৰিহণা যোগায় । বিশেষকৈ বাংলাদেশী পৰ্টকৰ দ্বাৰা পশ্চিমবংগ উপকৃত হয় । কিয়নো ইয়াৰে বহুতেই বজাৰ আৰু অৱসৰ বিনোদনৰ বাবে ৰাজ্যখন ভ্ৰমণ কৰে । দুয়োখন দেশৰ মাজত চলাচল কৰা বিমান সংস্থাসমূহেও যাত্ৰীৰ যাতায়াত বৃদ্ধিৰ ফলত লাভৱান হোৱাৰ সম্ভাৱনা আছে ।

আনহাতে, বাংলাদেশৰ বাবেও এই সহজ ভ্ৰমণৰ সুবিধাই ব্যৱসায়িক নেটৱৰ্কক সমৰ্থন কৰে আৰু দুয়োখন দেশৰ অৰ্থনীতিৰ মাজত পাৰস্পৰিক বাণিজ্যিক ক্ৰিয়াকলাপ শক্তিশালী কৰে । যদিও স্থগিত ৰখাৰ সময়ছোৱাত মেডিকেল ভিছা প্ৰদান কৰা হৈছিল, কিন্তু ভিছাৰ বিস্তৃত নিষেধাজ্ঞাই পৰিয়ালৰ সদস্যসকলৰ বাবে ভ্ৰমণ পৰিকল্পনাক জটিল কৰি তুলিছিল আৰু অনা চিকিৎসা ভ্ৰমণত যতি চিহ্ন লগাইছিল ।

নিচেই কাষত অৱস্থিত হোৱাৰ বাবে, কম ব্যয় আৰু বিশেষ চিকিৎসা সুবিধা উপলব্ধ হোৱাৰ বাবে বাংলাদেশী ৰোগীৰ বাবে ভাৰত অন্যতম পছন্দৰ গন্তব্যস্থান । একেদৰে ভাৰতীয় বিশ্ববিদ্যালয়সমূহতো বাংলাদেশী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে ।

পৰ্যটন ভিছা পুনৰ মুকলি কৰাটোৱে দ্বিপাক্ষিক সদিচ্ছাৰ ওপৰত ভিত্তি কৰা শিক্ষা আৰু স্বাস্থ্যসেৱাৰ বিনিময়ৰ বিশাল পৰিৱেশতন্ত্ৰ পুনৰ নিৰ্মাণত অৰিহণা যোগাব । ভাৰতৰ দৃষ্টিকোণৰ পৰা বাংলাদেশৰ সৈতে শক্তিশালী সংযোগ ইয়াৰ পূবৰ চুবুৰীয়া কৌশলৰ মুখ্য বিষয় হৈ আছে ।

বাংলাদেশ হৈছে ভাৰতৰ বাবে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সৈতে মূল ভাৰতক সংযোগ কৰি এক গুৰুত্বপূৰ্ণ ভৌগোলিক স্থান দখল কৰিছে । পথ, ৰে'ল, আভ্যন্তৰীণ জলপথ আৰু উপকূলীয় জাহাজ চলাচলৰ সৈতে জড়িত সংযোগৰ পদক্ষেপসমূহ ভাৰত-বাংলাদেশৰ সুস্থিৰ সম্পৰ্কৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল ।

সেয়েহে ভিছাৰ সিদ্ধান্তক ৰাজনৈতিক মতানৈক্যই যাতে দীৰ্ঘম্যাদী কৌশলগত সহযোগিতাত ক্ষতিগ্ৰস্ত নকৰে তাৰ বাবে নতুন দিল্লীয়ে গ্ৰহণ কৰা বিস্তৃত প্ৰচেষ্টাৰ অংশ হিচাপে গণ্য কৰিব পাৰি । এই পদক্ষেপৰ ভূ-ৰাজনৈতিক প্ৰভাৱো আছে । বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তনৰ পিছৰে পৰা ভাৰতৰ পৰম্পৰাগত প্ৰভাৱ হ্ৰাস কৰিব পৰাকৈ ঢাকাই বাহ্যিক অংশীদাৰিত্বৰ বৈচিত্ৰ্য বৃদ্ধিৰ সম্ভাৱনাক লৈ ভাৰতত সময়ে সময়ে উদ্বেগ প্ৰকাশ পাইছে ।

পৰ্যটকৰ ভিছা পুনৰ মুকলি কৰাটো এনে এক পদক্ষেপ যাৰ জৰিয়তে এফালে তুলনামূলকভাৱে খৰচ কম হয়, কিন্তু ই যথেষ্ট চৰ্চাত থাকে । ইয়াৰ জৰিয়তে সাধাৰণ বাংলাদেশীৰ মাজত সদ্ভাৱনা বৃদ্ধি হয় আৰু আলোচনাৰ পথ মুকলি ৰখাৰ বাবে ভাৰতৰ সদিচ্ছাকো প্ৰদৰ্শন কৰে । বাংলাদেশত 'ছফ্ট পাৱাৰ' আৰু সামাজিক সম্পৰ্ক ঐতিহাসিকভাৱে ভাৰতৰ আটাইতকৈ শক্তিশালী ক্ষমতাৰ ভিতৰত অন্যতম । এতিয়া ভিছা সেৱা পুনৰ প্ৰৱৰ্তনে সেই সুবিধাসমূহ অধিক শক্তিশালী কৰিব ।

এই সিদ্ধান্তই ভাৰতীয় বৈদেশিক নীতিৰ এক ডাঙৰ নীতিও প্ৰতিফলিত কৰিছে যে ঘৰুৱা ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে চুবুৰীয়া দেশৰ সৈতে সম্পৰ্ক অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিব নোৱাৰি । পৰ্যটক ভিছা পুনৰ আৰম্ভ কৰি ভাৰতে এইটো সংকেত দিছে যে তেওঁলোকে চৰকাৰ পৰিৱৰ্তন হোৱা সত্ত্বেও বাংলাদেশৰ সৈতে সুস্থিৰ আৰু দীৰ্ঘম্যাদী চৰকাৰী সম্পৰ্ক বিচাৰিছে । এনে ধৰণৰ দৃষ্টিভংগীয়ে আঞ্চলিক কূটনীতিত ভৱিষ্যত সম্পৰ্কে পূৰ্বানুমান কৰাৰ ক্ষমতাক বৃদ্ধি কৰে আৰু এক দায়িত্বশীল আঞ্চলিক অংশীদাৰ হিচাপে ভাৰতৰ ভাবমূর্তি শক্তিশালী কৰে ৷

বাংলাদেশৰ সাংবাদিক ছাইফুৰ ৰহমান তপনৰ মতে, নতুন দিল্লীৰ এই সিদ্ধান্তই ভাৰত-বাংলাদেশৰ সম্পৰ্কত এক ভাল লক্ষণ প্ৰতিফলিত কৰিছে, বিশেষকৈ দক্ষিণ এছিয়াৰ দুয়োখন চুবুৰীয়া দেশৰ মাজত শেহতীয়াকৈ সীমান্তত দেখা দিয়া উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ।

ঢাকাৰ পৰা ইটিভি ভাৰতক ফোনযোগে তপনে কয়, "আমাৰ প্ৰধানমন্ত্ৰীয়ে (ৰহমান) কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণৰ গন্তব্যস্থান হিচাপে চীনক বাছি লোৱাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।" তেওঁ কয় যে পুনৰ পৰ্যটন ভিছা প্ৰদানৰ কাম আৰম্ভ হ’লে বাংলাদেশৰ জনসাধাৰণৰ মনত ইতিবাচক প্ৰভাৱ পৰিব ।

“ভাৰত আমাৰ নিকটতম প্ৰতিবেশী ।” এইবুলি উল্লেখ কৰি তপনে ব্যাখ্যা কৰে, "ভাৰতৰ সহায় অবিহনে বাংলাদেশে বহু কাম কৰিব নোৱাৰে । বাংলাদেশী লোকসকল যাতে ভাৰতলৈ সহজে প্ৰৱেশ কৰিব পাৰে সেইটো অতি প্ৰয়োজনীয় । পৰ্যটন ভিছা প্ৰদান পুনৰ আৰম্ভ কৰাটো আমাৰ জনসাধাৰণৰ বাবে এক ডাঙৰ বিষয় ।" পৰ্যটন ভিছা পুনৰ আৰম্ভ হোৱাৰ অৰ্থ এইটো নহয় যে সকলো দ্বিপাক্ষিক মতানৈক্য নাইকিয়া হৈছে । সীমান্ত ব্যৱস্থাপনা, সংখ্যালঘু নিৰাপত্তাৰ চিন্তা, বাণিজ্যিক ভাৰসাম্যহীনতা আৰু ৰাজনৈতিক ধাৰণা সম্পৰ্কীয় বিষয়সমূহ সাৱধানে চম্ভালাৰো প্ৰয়োজন হৈ আছে ।

লগতে পঢ়ক :বিদ্যালয় আৰু শিশুক লক্ষ্য কৰি লোৱাসকলক জবাবদিহি কৰিব লাগে: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰত
লগতে পঢ়ক :বৃদ্ধি পালে পাছপ’ৰ্টৰ আবেদন মাচুল : কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী ?