ETV Bharat / lifestyle

কিয় শিশুৰ শৰীৰত দেখা দিয়ে বৃক্কৰ ৰোগ, প্ৰতিকাৰ কি ?

শিশুৰ বৃক্ক ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰোৱা উচিত ? শিশুৰ ক্ষেত্ৰত বৃক্কৰোগৰ লক্ষণ কি ? জনালে জনালে বৃক্ক ৰোগ বিশেষজ্ঞই ।

Why do kidney diseases occur in child and how can their treatment be improved
কিয় শিশুৰ শৰীৰত দেখা দিয়ে বৃক্কৰ ৰোগে, প্ৰতিকাৰ কি ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 20, 2026 at 6:57 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : বৰ্তমান সময়ত বয়সীয়াল লোকসকলৰ সমান্তৰালকৈ শিশুসকলৰ দেহটো বৃক্কজনিত বিভিন্ন সমস্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । বৃক্কজনিত কিছুমান সমস্যা শিশুসকলৰ ক্ষেত্ৰত খুব কম বয়স অৰ্থাৎ ২ ৰ পৰা ১০ বছৰৰ বয়সৰ ভিতৰৰ দেখা যায়, যাক নেফ্ৰোটিক চিণ্ড্ৰম বুলি কোৱা হয় ।

ইয়াৰ পৰা কেনেকৈ লাভ কৰিব পৰিত্ৰাণ ? শিশুক সুস্থ কৰি ৰাখিবলৈ কি কি খাদ্য খুৱাব লাগে ? কিয় শিশুৰ ক্ষেত্ৰতো বৃদ্ধি পাইছে বৃক্কজনিত সমস্য়া ? সকলো জনালে বৃক্ক ৰোগ বিশেষজ্ঞ ডাঃ তনু ৰেখা হাজৰিকাই ।

শিশুৰ বৃক্ক ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰোৱা উচিত ? (ETV Bharat Assam)

নেফ্ৰোটিক চিণ্ড্ৰমৰ লক্ষণ কি ?

যদি কোনো এগৰাকী শিশুৰ দেহত এই সমস্যা হয় তেন্তে হাত-ভৰিবোৰ ফুলি যাব । যদিহে সময়মতে ইয়াৰ চিকিৎসা কৰা হয় তেন্তে ঔষধৰ দ্বাৰাই এই সমস্যাৰ পৰা হাত সাৰিব পৰা যাব ।

এই সমস্যাসমূহ কিয় বৃদ্ধি পাইছে ?

চিকিৎসকে জনোৱা অনুসৰি শিশুৰ দেহত কিছুমান সমস্যা কম বয়সতে হোৱাৰ এটা মূল কাৰণ হৈছে অপৰিবৰ্তীত জীৱনশৈলী । জাংক ফুডৰ প্ৰতি শিশুসকলৰ আকৰ্ষণ বৃদ্ধি পাইছে, অভিভাৱকসকলেও শিশুসকলক এনেধৰণৰ খাদ্য অতি কম বয়সৰ পৰাই খাবলৈ দিয়ে । যিয়ে শিশুসকলৰ দেহত অপকাৰ সাধন কৰে ।

সমান্তৰালভাৱে মোবাইলৰ প্ৰতি শিশুসকলৰ আকৰ্ষণ বৃদ্ধি হৈছে । সমনীয়া বা বাহিৰলৈ ওলাই গৈ খেলাৰ পৰিবৰ্তে ম'বাইলতে ব্যস্ত হৈ থকা দেখা যায় । বাহিৰৰ কাৰ্যকলাপসমূহ কমি যোৱাৰ ফলত পানীখোৱাৰ অভ্যাসটোও কমি গৈছে । যাৰ ফলত আজি কালি শিশুসকলৰ দেহটো পাথৰ হোৱা দেখা গৈছে । আনহাতে মেদবহুলতাৰ বাবেও শিশুসকলৰ ক্ষেত্ৰত অতি কম বয়সতে উচ্চ ৰক্তচাপ, ডায়েবেটিচ আদিকে ধৰি বিভিন্ন ৰোগ হোৱা দেখা যায় । যিয়ে বৃক্কটো প্ৰভাৱ পেলাই ।

চকু ফুলা বৃক্কৰোগৰ লক্ষণ নেকি ?

চকু ফুলাও বৃক্ক ৰোগৰে এটা লক্ষণ । চকু ফুলাৰ সমান্তৰালকৈ ভৰিৰ পতা ফুলা, প্ৰস্ৰাৱত ফেন যোৱা এই ৰোগৰ লক্ষণ ।

শিশুৰ দৈনিক কিমান গ্ৰাম প্ৰ'টিনযুক্ত খাদ্য খুৱাব লাগে ?

মাছ-মাংসৰ পৰা আহৰণ কৰা প্ৰ'টিনতকৈ শাক-পাচলিৰ পৰা আহৰণ কৰা প্ৰ'টিন আমাৰ শৰীৰৰ বাবে বেছি উপকাৰী । শিশুসকলৰ ক্ষেত্ৰত প্ৰটিন যথেষ্ট প্ৰয়োজনীয়, প্ৰতিগৰাকী শিশুক শৰীৰৰ ওজনৰ প্ৰতি কেজি হিচাপত ১ গ্ৰাম দৈনিক প্ৰ'টিনযুক্ত খাদ্য প্ৰদান কৰিব পাৰে ।

অৰ্থাৎ যদি ২০ কেজি ওজনৰ যদি শিশুটো হয় তেন্তে ২০ গ্ৰাম প্ৰ'টিন দিব পৰা যায় । উল্লেখ্য যে, শিশুসকলক এই ৰোগৰ পৰা বচাই ৰাখিবলৈ হ'লে ডাঙৰৰ দৰে খাদ্যত নিমখ আৰু চেনীৰ কম পৰিমাণে দিব লাগে । দৈনিক ফল-মূল খাবলৈ দিব লাগে । পানী খাবলৈ দিব লাগে ।

লগতে পঢ়ক: কণীৰ পৰাও হ'ব পাৰে টাইফয়েড : জনালে বিশিষ্ট চিকিৎসকে

মূৰৰ ওকণিয়ে প্ৰাণ কাঢ়িলে ১২ বছৰীয়া শিশুৰ : জানি লওক ওকণি কেনেদৰে প্ৰাণনাশক হ'ব পাৰে