এইবাৰ কেতিয়া পালন কৰা হ’ব ভোগালী বিহু ? জানো আহক ইয়াৰ ইতিহাস তথা পৰম্পৰা
পুহ- মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় মাঘ বিহু, এই বিহুক লৈ সকলোৰে নিজা নিজা প্ৰস্তুতি, গাভৰুসকলে পিঠা পনা বনাই, ডেকাসকলে মেজি সাজে-

Published : January 5, 2026 at 3:56 PM IST
চেনেহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী ৷ ইংৰাজী নতুন বছৰটিক আদৰাৰ পাছতে এইবাৰ সকলোৱে প্ৰস্তুতি চলাইছে হেঁপাহৰ ভোগালী বিহুক (Bhogali Bihu 2026) আদৰাৰ ৷ আঘোণ, পুহ মাহত কৃষকে শস্য চপাই ভঁৰাল ভৰাই থয় ৷ এই সময়ত প্ৰায় প্ৰতিটো পৰিয়ালৰ ওচৰত দুমুঠি খাবলৈ থাকে ৷ যাৰ বাবে এই বিহুক মাঘ বিহু (Magh Bihu) বা ভোগালী বিহু বুলি কোৱা হয় ৷ পুহ- মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় মাঘ বিহু ৷ এই বিহুক লৈ সকলোৰে নিজা নিজা প্ৰস্তুতি ৷ গাভৰুসকলে পিঠা পনা বনাই, ডেকাসকলে মেজি সাজে ৷ মুঠতে ভোগালী মানে ভোগ আৰু আনন্দ ৷
কৃষিজীৱি অসমীয়াই বছৰজুৰি কৰা পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবলৈকে পালন কৰে ভোগৰ উৎসৱ ভোগালী ৷আঘোনৰ পথাৰ সোণোৱালী হোৱাৰ পাছত পুহত শালি ধান, মাহ, তিল, মগু আদি শস্য চপাই মানুহে ভঁৰাল ভৰায় ৷ এইখিনি সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত খাবলৈ দুমুঠি ধান-চাউল থাকে ৷ সেয়েহে এই বিহুত খোৱা-বোৱাত বেছি গুৰুত্ব দিয়া হয় ৷ এই বিহুত বিভিন্ন প্ৰকাৰৰ জলপান যেনে, চিৰা, সান্দহ,কোমল চাউল, ভজা চাউল, আখৈ, মুৰিৰ লগতে নানা ধৰণৰ পিঠা, লাডু আদি সকলোৰে ঘৰতে উভৈনদী হৈ পৰে ৷

মাঘ বিহু কেতিয়া ?
অসমীয়াই বছৰত তিনিটাকৈ বিহু পালন কৰে ৷ ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু ৷ প্ৰতিটো বিহুৰে নিজা নিজা বৈশিষ্ট তথা তাৎপৰ্য আছে ৷ ইয়াৰ ভিতৰত এটা হৈছে মাঘ বিহু ৷ এই বিহুটি কেৱল এক পৰম্পৰাই নহয়, চহা অসমীয়াৰ গৌৰৱ ৷ কপালৰ ঘাম মাটিত পেলাই পথাৰত ৰোৱা সোণগুটি ডৰা চপাই আনি ভঁৰালত থোৱাৰ পাছতে অসমীয়াই পালন কৰে হেঁপাহৰ ভোগালী ৷ প্ৰচণ্ড শীতৰ সেমেকা ৰ’দত সেই ধান শুকুৱাই প্ৰস্তুত কৰা হয় চাউল ৷ তাৰ পাছতে আৰম্ভ হয় ভোগালীৰ প্ৰস্তুতি ৷
প্ৰতিবছৰে অসমীয়াই অতি উলহ মালহেৰে মাঘ বিহু পালন কৰে ৷ এইবাৰ ১৩ জানুৱাৰী মঙলবাৰে মাঘ বিহুৰ উৰুকা আৰু ১৪ জানুৱাৰী বুধবাৰে পালন কৰা হ’ব মেজি জ্বলোৱা পৰ্ব ৷ তাৰ পিছতে ১৫ জানুৱাৰী বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব মাঘৰ মাহ ৷
ইতিহাস
মাঘ বিহু আদিম যুগৰ বড়ো মূলীয় লোক সকলৰ প্ৰধান উৎসৱ আছিল ৷ তেতিয়াৰে পৰাই এই বিহু সমগ্ৰ অসমত এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি অহা হৈছে ৷ চুতীয়া আৰু আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায় ৷ আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰা বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল ৷ৰজাসকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল ৷ আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল ৷ সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, মহ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জনা যায় ৷

উৰুকা
মাঘ বিহু আগদিনা ৰাতি সকলো অসমীয়াই উৰুকা পালন কৰে ৷ গাঁৱৰ সকলোয়ে মিলি উমৈহতীয়াকৈ ভেলাঘৰ সাজি তাতে ৰাতি ভোজ-ভাত খায় উৰুকা পালন কৰে ৷ এই ভেলাঘৰ সমূহ খেৰৰ নৰাৰে হয় ৷ সাধাৰণতে খেৰ-নৰাৰে সজা ভেলাঘৰৰ দীঘ-প্ৰস্থ সমান হয় ৷ কিন্তু ঠাইভেদে ভেলাঘৰৰ আকাৰ ভিন্ন হোৱা দেখা যায় ৷ কোনো কোনো ঠাইত শংকু আৰু আয়তাকাৰ আকৃতিৰ মেজিঘৰৰ নিৰ্মাণ কৰাও দেখা যায় ৷ তদুপৰি নামনি অসমৰ কিছু কিছু অঞ্চলত কলপাতেৰেও ভেলাঘৰ সজা হয় ৷ ঠাই বিশেষে আৰু জনগোষ্ঠীভেদে মেজিৰ আকাৰ তথা আকৃতিৰ ভিন্নতা দেখা যায় ৷ইফালে, জনমত অনুসৰি খেতি চপোৱাৰ সময়ত বন্য পশুৰ উপদ্ৰৱ বৃদ্ধি পায় ৷বন্য জন্তুয়ে পকা ধান আৰু শস্য বিনষ্ট কৰে ৷ যাৰ ফলত গৰখীয়া বা খেতিয়কে জুই জ্বলায় আৰু পানীহিলৈ ফুটায় ধাননি আৰু পথাৰসমূহ ৰক্ষা কৰে ৷ পিছলৈ ইয়ে বিৱৰ্তন বা ৰূপান্তৰ ঘটি উৰুকাৰ নাম পায় ৷
উৰুকাত মাছ ধৰা, নিশাৰ পৰম্পৰা
বিহুৰ উৰুকাৰ দিনা বিল, নদী, পুখুৰী, জান জলাশয় আদিত একোটা চুবুৰি বা একোখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰে ৷ জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকে এই মাছ ধৰা উৎসৱত অংশগ্ৰহণ কৰে ৷ এই প্ৰথা অনুসৰি, বিল, নদী, পুখুৰী আদিত জাল, পল, জুলুকিলৈ মাছ মাৰি ৰাইজে সেই মাছৰ ভাগ-বিতৰা কৰি তাৰেই নিশা ভোজ খায় ৷

আনহাতে, পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি তথা দোমাহীৰ আগদিনা উৰুকা উদ্যাপন কৰা হয় ৷ উৰুকাৰ নিশা বন্ধু-বান্ধুৱী তথা আপোনজনৰ লগত ভাতসাজ আনন্দৰে খোৱা হয় ৷ ভোজ-ভাত খাবলৈ গোট খোৱা যুৱকসকলে গাঁৱৰ মানুহৰ বাৰীৰ পৰা খৰি, শাক-পাচলি কুকুৰা-পাৰ, জেওৰা-জপনা, আলু-কবি আদি চুৰি কৰি লৈ যায় ৷ এই প্ৰথাৰ বাবেই গৃহস্থয়ো ঘৰৰ বাৰী, চৌহদ আদি ৰখি গোটেই নিশাটো উজাগৰে কটাবলগীয়া হয় ৷
মাঘ বিহু

বিহুৰ দিনা পুৱা সকলোৱে স্নান কৰি উৰুকাৰ দিনা সজা ভেলাঘৰ মেজিত জুই লগাই সমাজৰ অমংগল দূৰ কৰিবৰ বাবে প্ৰৰ্থনা জনায় ৷ মেজিৰ জুইত মাতি মাহ, মগু, পিঠা, চাউল, ঘিউ আদি দি অগ্নিক সেৱা কৰে ৷ মেজি পুৰি শেষ হলে সেই ছাঁইৰে সকলোৱে ফোঁট লয় ৷ অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায় ৷ এই বিহুৰ মেজি পোৰা অগ্নি পূজাৰেই নামান্তৰ বুলিব পাৰি ৷ মেজি ঘৰ দাহনৰ পিছত আধাপোৰা বাঁহচালি লাগনী গছত ওলোমাই দি উদ্ভিদৰ বৃদ্ধিৰ কামনা কৰা হয় ৷
বিহুৰ খাদ্য

মাঘ বিহুক ভোগালী অৰ্থাৎ ভোগৰ উৎসৱ বুলি কোৱা হয় ৷ এই বিহুত সকলো অসমীয়াই ঘৰে ঘৰে বিভিন্ন ধৰণৰ জলপান, পিঠা-পনা তথা লাডু আদি প্ৰস্তুত কৰে ৷ এই উৎসৱৰ বিশেষ পিঠা হৈছে চুঙা পিঠা আৰু তিল পিঠা ৷ তদুপৰি মাঘ বিহুত পানী পিঠা, টেকেলী পিঠা, পানী পিঠা, চুঙা পিঠা, ঘিলা পিঠা, সুতুলী পিঠা, তেল পিঠা, হেঁচা পিঠা, ডেকা পিঠা, মালপোৱা, কল পিঠা, ভুৰভুৰী পিঠা আদিও বনোৱা হয় ৷ ভজা চাউল, হুৰুম, কোমল চাউল, চিৰা, সান্দহ, মুড়ী, আখৈ, চুঙা চাউল ইত্যাদি জলপানো বিহু বিশেষ ৷ বিভিন্ন দৈ যেনে টেঙা দৈ, চুঙা দৈ, এঠা দৈ, মাখনৰে আলহী অতিথিক আপ্যায়ন কৰা হয় ৷
লগতে পঢ়ক

