ETV Bharat / lifestyle

আপোনাৰ সন্তানে পঢ়াত ভালদৰে মনোযোগ দিব নোৱাৰে নেকি ? তেন্তে কি কৰিব জানেনে ?

সন্তানৰ পঢ়া-শুনাক লৈ আপুনি চিন্তিত নেকি ? এই সমস্যাৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব, জনালে জ্যোতিষী ডঃ পৰশমণি শৰ্মাই...

What to Do to Improve Your Child's Focus on Studies says astrologer dr  Parash Mani Sharma
সন্তানৰ পঢ়াশুনাৰ প্ৰতি আপুনি চিন্তিত নেকি ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 28, 2026 at 5:37 PM IST

3 Min Read
Choose ETV Bharat

বৰ্তমান প্ৰতিযোগিতাৰ যোগ ৷ এই সময়ত কোনে আগত যাব পাৰে তাৰে সকলোৰে মাজত অহৰহ এক যুদ্ধ চলি থাকে ৷ এই যুদ্ধ শিশুৰ পৰা জ্যেষ্ঠজনলৈকে - সকলোৰে থাকে ৷

শিশু অৱস্থাত বিদ্যালয়ত ভাল নম্বৰ পোৱা, সকলোতে আগত যোৱা বা ভাল ফলাফল কৰাৰ যুঁজ ৷ অভিভাৱকসকলৰ মনত নিজৰ সন্তানটোৱে কেনেকৈ আনতকৈ বেছিকৈ আগবাঢ়িব পাৰে, তাৰে যুঁজ এখন চলাই থাকে ৷ আনকি কৰ্মক্ষেত্ৰত কেনেকৈ আন সহকৰ্মীতকৈ নিজে আগত বা আপোনজন কেনেকৈ আগবাঢ়িব পাৰে, তলে তলে তাৰে যুদ্ধ চলি থাকে ৷

সন্তানৰ পঢ়াশুনাৰ প্ৰতি আপুনি চিন্তিত নেকি ? কি ক’লে জ্যোতিষী ডঃ পৰশমণি শৰ্মাই... (ETV Bharat Assam)

আজি আমি ক’বলৈ লৈছো শিশুৰ এই যুদ্ধৰ বিষয়ে ৷ বৰ্তমান সময়ত বহু অভিভাৱকৰে এটা সাধাৰণ অভিযোগ হৈছে তেওঁলোকৰ সন্তানে পঢ়াশুনাত মন নিদিয়ে বা পঢ়িবলৈ বহিলেও অলপ সময়তে অন্যমনস্ক হৈ পৰে । লগতে শিশুসকল মোবাইল, টিভি, গেম আদিৰ প্ৰতি অধিক আকৰ্ষিত হয় । বিশেষকৈ পৰীক্ষাৰ সময়ত এইসমূহ সমস্যাই অভিভাৱকসকলক বেছি চিন্তিত কৰি তোলে । এই সন্দৰ্ভত জ্যোতিষী ডঃ পৰশমণি শৰ্মাই কৰিলে কেতবোৰ মন্তব্য ৷

জ্যোতিষী ডঃ পৰশমণি শৰ্মাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, ‘‘আমাৰ ওচৰলৈ এনে বহুলোক আহে, যিয়ে কয় যে তেওঁলোকৰ সন্তানৰ
পঢ়াশুনাৰ সলনি মোবাইলৰ প্ৰতি আসক্তি দিনক দিনে বৃদ্ধি পাইছে । যাৰ সমাধান বিচাৰি বহুলোক আমাৰ ওচৰলৈ আহে ।’’

শৰ্মাই কয়, ‘‘পঢ়াশুনাৰ প্ৰতি মনোযোগ কমি যোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে । ইয়াৰ এটা প্ৰধান কাৰণ হৈছে অত্যধিক মোবাইল ব্যৱহাৰ, গেমৰ প্ৰতি আকৰ্ষণ বৃদ্ধি, লগতে ৰাতি দেৰিলৈকে থকা ৷ জাংক ফুড খোৱাৰ ফলটো ই আমাৰ শৰীৰৰ লগতে মগজুত বহু প্ৰভাৱ পেলায় ৷ লগতে ঘৰুৱা কিছু নিগেটিভ পৰিৱেশৰ (ঋণাত্মক প্ৰভাৱৰ) বাবেও এই সমস্যা হ’ব পাৰে ।’’

তেওঁ কয়, ‘‘জ্যোতিষশাস্ত্ৰ অনুসৰি যদি আমি চাওঁ শিক্ষাৰ বাবে মূল গ্ৰহকেইটা হৈছে বৃহস্পতি, বুধ আৰু চন্দ্ৰ গ্ৰহ । এই গ্ৰহসমূহ যদি দুৰ্বল হৈ থাকে তেন্তে মনোযোগ নথকা, এলাহ ভাব আদিৰ দৰে সমস্যা হব পাৰে ।’’

সন্তানক পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ বা এইসমূহ সমস্যাৰ পৰা হাত সাৰিবলৈ কি কৰিবলৈ ক’লে জ্যোতিষী ডঃ পৰশমণি শৰ্মাই-

১) প্ৰথমে বাস্তুৰ প্ৰতি গুৰুত্ব দিয়াটো অতি দৰকাৰী । ল’ৰা-ছোৱালীয়ে পূব নহ’লে উত্তৰ দিশে মুখ কৰি পঢ়িব লাগে । লগতে বিছনা বা ডাইনিং টেবুলত বহি কেতিয়াও পঢ়িব নালাগে ।

২) পঢ়া টেবুলখনত সেউজীয়া ৰঙৰ টেবুল ক্লথ ব্যৱহাৰ কৰিব পাৰে, এনে কৰিলে খুব ভাল‌ ।

৩) সনাতনী ধর্মত বিশ্বাসীসকলে পঢ়া টেবুলখনত সৰস্বতী বা গণেশৰ ফটো ৰাখিব পাৰিলে ভাল । লগতে শিক্ষাৰ বাবে তৈয়াৰ কৰা জ্যোতিষ সামগ্ৰীসমূহ ৰাখিব পাৰে ।

৪) পঢ়া কোঠাটো বহু বেছি ৰঙা ৰঙৰ কৰিব নালাগে । লগতে পঢ়া-টেবুলখন যিমান পাৰে চাফ-চিকুণকৈ ৰাখিব লাগে ।

৫) ‘‘ঔম ঐং সৰস্বতী দৈৱ্য নমঃ’’ বা নোৱাৰিলে ‘‘জয় সৰস্বতী মা’’ বুলি দৈনিক ২১ বাৰ জপ কৰিব পাৰে ।

৬) প্ৰতি বুধবাৰে দুখীয়া লোকক সেউজীয়া সামগ্ৰী দান কৰিব পাৰে ।

৭) সদায় সন্ধিয়া চন্দনৰ ধূপ বা কৰ্পূৰ লগাব পৰিলেও খুব ভাল ।

লগতে পঢ়ক : পঢ়াত ভালদৰে মনোযোগ দিব নোৱাৰে নেকি ? তেন্তে অনুসৰণ কৰক এই উপায়