এইবাৰ ভোগালী বিহুত কি খাদ্য ৰন্ধাৰ কথা ভাবিছে ? এয়া লওক কিছু বিকল্প
ভোগালী মানেই ভিন্ন প্ৰাকাৰৰ খাদ্য়ৰ সমাহাৰ ৷ সেয়ে আপুনিও যদি ৰান্ধি ভাল পায় তেন্তে এইবাৰ ভোগালী বিহুত নিশা এই সোৱাদযুক্ত খাদ্যসমূহ প্ৰস্তুত কৰিব পাৰে-

Published : January 9, 2026 at 3:27 PM IST
ভোগালী মানেই ভিন্ন প্ৰাকাৰৰ খাদ্য়ৰ সমাহাৰ ৷ সমাগত উৰুকা, উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ খাবলৈ সাজু হৈছে সকলো ৷ এই দিনটোৰ পৰা প্ৰজিজনৰ অসমীয়াৰ ঘৰতে পাব পৰম্পৰাগত খাদ্য বা পিঠা, লাড়ু, সান্দহ, দৈ-চিৰা ইত্যাদি ৷ কেৱল এয়াই নহয়, আজি নিশা সকলোৱে বিভিন্ন ব্যঞ্জনেৰে লগে-ভাগে খাব এসাঁজ ৷ সেয়ে আপুনিও যদি ৰান্ধি ভাল পায় তেন্তে এইবাৰ ভোগালী বিহুত নিশা এই সোৱাদযুক্ত খাদ্যসমূহ প্ৰস্তুত কৰিব পাৰে ৷
হাঁহ আৰু কোমোৰা
প্ৰতিজন অসমীয়াৰ প্ৰিয় খাদ্য ৷ এই মাংস প্ৰস্তুত কৰিবলৈ হাঁহৰ মাংসখিনিত এচামুচ তেল, নিমখ , হালধি, নহৰু-আদা, গুড়ি মচলা, অলপ কুটা পিঁয়াজ সানি এঘণ্টামান থৈ দিব ৷ তাৰ পিছত এটা কেৰাহীত তেল গৰম কৰি পিঁয়াজ আৰু তেজপাত দি ভালকৈ ভাজি পিঁয়াজ কোমল হোৱাৰ পিছত মাংসখিনি দি দহ মিনিটমান ভাজি ঢাকোন লগাই দিয়ক ৷ পিছত জুই কমাই বিশ মিনিটমান ভাজি বাকী থকা মচলা সমূহ দি ভালদৰে লৰাই কোমোৰা টুকুৰা কেইটা দি অকণমান নিমখ দি কম জুইত ঢাকোন দি আধা ঘণ্টা ভাজিব লাগিব ৷ মাজে মাজে লৰাই থাকি কোমোৰা সম্পূৰ্ণ গলি গ’লে একাপমান পানী দি উতলাই ঘন হোৱাত অকণমান গৰম মচলা দি নমাই দিব ৷
পাৰ মাংস আৰু কলডিল বা জালুক
অসমীয়াৰ আন এবিধ প্ৰিয় খাদ্য হ’ল পাৰ মাংস ৷ সাধৰণতে আমাৰ গা বেয়া হ’লে অথবা নিম্ন ৰক্তচাপ হ’লে পাৰ মাংসৰ জালুকীয়া খুৱায় ৷ যিহেতু শীত, সেয়ে আপোনাৰ ঘৰতে থকা সামগ্ৰীৰে অধিক জুতি লগাই খাব পাৰে এই ব্যঞ্জন ৷ অসমীয়াৰ পাৰ মাংসত কেৱল জালুক, জলকীয়া আৰু জীৰাৰ ব্যৱহাৰ কৰা হয় ৷ কলডিল দি ৰন্ধা পাৰৰ মাংসও অসমীয়া খাদ্যৰ এক উল্লেখনীয় জুতি ৷
প্ৰথমে পাৰ যোৰ ভালদৰে পৰিষ্কাৰ কৰি লৈ সৰু সৰু টুকুৰা কৰি কাটি ল’ব ৷ নিমখ-হালধি আৰু আটাইখিনি মছলা, লগতে অকণমান তেল দি মাংসখিনি ভালদৰে সানিব ৷ আলুকেইটা বাকলি গুচাই সৰু সৰুকৈ কাটি ল’ব ৷ কলডিলটোৰ ডাঠ বাকলিখিনি আঁতৰাই কোমল অংশ উলিয়াই মিহিকৈ কাটি ল’ব ৷ অলপমান নিমখ-পানীত কলডিলখিনি মোহাৰি চেপি ল’ব ৷ জুইত কেৰাহি তুলি দি তেল গৰম কৰি লওক ৷ তেল গৰম হ’লে পাঁচফোৰণ ফুটাই চেনি এচামুচ দি মাংসখিনি দি সঘনে লৰাই থাকিব ৷ মাংসৰ পানী শুকাই আহিলে তাতে কলডিল আৰু আলুখিনি দি লৰাই ঢাকোন মাৰি দিব ৷ অলপ সময়ৰ পিছত হিচাপ মচে গৰমপানী দি জুই বঢ়াই দি উতলিবলৈ দিয়ক ৷ মাংস আৰু আলু সিজি অলপমান জোল থাকোঁতে গৰম মছলা দি নমাই থ’ব ৷ ইচ্ছা কৰিলে জোল নাৰাখি শুকান কৰিবও পাৰে ৷
পাতত দিয়া মাছ
প্ৰথমতে সৰু মাছ ধুই চাফা কৰি ল’ব ৷ ইয়াৰ পিছত তাত আদা জলকীয়া আৰু নিমখ দি ভালকৈ অলপ সময় থৈ দিয়ক ৷ ইয়াৰ পিছত কলপাত কাটি জুইত লেৰেলাই লৈ মাছখিনি মেৰিয়াই তপত ফুটছাই আৰু আঙঠাৰ তলত দি পাতত দিয়া মাছ প্ৰস্তুত কৰা হয় ৷ আধুনিক কালত তাৱা বা কেৰাহীত খোলাত দিও পাতত দিয়া খাদ্য ৰন্ধা হয় ৷
মিচিং লোকসকলে কলপাতৰ সলনি তৰাগছৰ পাতেৰে মেৰিয়াইয়ো পাতত দিয়া খাদ্য প্ৰস্তুত কৰে ৷ পাতত দিয়া খাদ্য আমিষ বা নিৰামিষ দুয়োপ্ৰকাৰৰ হ’ব পাৰে ৷ ভাৰতৰ অন্যান্য প্ৰান্ত বা এছিয়া আৰু অন্য মহাদেশৰ বিভিন্ন অঞ্চলত কলপাতেৰে মাছ বা মাংস মেৰিয়াই ভাপত দি সিজোৱা হয় ৷ ইয়াৰ পৰিৱৰ্তে অসমত সাধাৰণতে ভাপত দিয়াৰ সলনি কলপাতৰ টোপোলা বান্ধি জুইত পুৰি পাতত দিয়া খাদ্য প্ৰস্তুত কৰা হয় ৷ গুজৰাটী ৰন্ধনশৈলীতো পাতত দিয়া পদ্ধতিৰ প্ৰয়োগ দেখা যায় ৷
অমিতাৰ সৈতে ছাগলীৰ মাংস
প্ৰথমে আপোনাক লাগিব ছাগলী মাংস আধা কেজি আৰু এটা অমিতা আৰু আলু ৷ প্ৰয়োজন অনুসৰি আপুনি ছাগলী মাংস ল’ব পাৰে ৷ প্ৰথমে এটা বাটিত ধনিয়াৰ গুড়ি, গৰম মছলা গুড়ি, জলকীয়াৰ গুড়ি, জাইফলৰ গুড়ি একেলগে মিহলাই পেষ্ট তৈয়াৰ কৰি লওক ৷ এতিয়া কটা পিঁয়াজখিনি কেৰাহীত তেলত ভাজি লওক আৰু তাত ছাগলী মাংস, অমিতা,জলকীয়াৰ গুৰি আৰু আদা-নহৰুৰ পেষ্ট দিব ৷ তাত পৰ্যাপ্ত পৰিমাণ অনুসৰি নিমখ দিব ৷ একেদৰে পানী দি শুকাই যোৱালৈকে ৰান্ধি থাকিব ৷ পানী শুকাই গ’লে ধনিয়াৰ পাত দিব ৷ ইয়াৰ পিছতে আপুনি সহজ পদ্ধতিৰে ঘৰতে ৰন্ধা ছাগলী মাংসৰ ৰেচিপি সোৱাদ ল’ব পাৰিব ৷
লাই আৰু গাহৰি
লাই শাকৰ সৈতে গাহৰি মাংসৰ আঞ্জাখন ৰান্ধিবলৈ বৰ বেছিকৈ উপকৰণো নালাগে ৷ লাই শাক, গাহৰি মাংস, আলু (প্ৰয়োজন অনুসৰি), পিয়াজ, নহৰু, আদা, জলকীয়া, নিমখ, হালধি লাগিব ৷ কেৰাহি গৰম হোৱাত গাহৰিৰ চৰ্বি থকা মাংস কেইডোখৰ মান দি গাহৰি তেল উলিয়াই ল’ব পাৰে নতুবা সামান্য পৰিমাণে মিঠাতেল দিয়ক ৷ তেল গৰম হ’লে পিয়াজ ৰঙচুৱা হোৱাকৈ ভাজক ৷ কাটি ধুই থোৱা গাহৰি মাংসখিনি দি দিয়ক আৰু সোৱাদ অনুসৰি নিমখ দি ভালদৰে ভাজক ৷ তাৰ পিছত হালধি,আদা-নহৰুৰ খুন্দি থোৱা মিশ্ৰণখিনি দি লৰাই লৰাই ভাজক ৷ লক্ষ্য কৰিব যে মাংসখিনি জুইত জ্বলি নাযায় ৷ মাংসৰ পৰা যেতিয়া নিজে নিজে তেল ওলাবলৈ আৰম্ভ কৰিব তেতিয়া জলকীয়া, আলু, লাই পাত দি দিয়ক আৰু ভাজক ৷ সকলোখিনি সিজাৰ অনুমান পালে জুইৰ পৰা নমাই থওক আৰু গৰম ভাতৰ সৈতে পৰিৱেশন কৰক ৷
খৰিচা-মাছ বইল
আজিকালি বহুলোকে তেল বা মছলা খোৱা এৰিছে ৷ তেনে লোকসকলে উৰুকাৰ নিশা খৰিচা-মাছ বইল আঞ্জাখন খাব পাৰে ৷ মাছ আৰু খৰিচা বনাবলৈ প্ৰথমে যিকোনো মাছ, খৰিচা, আদা, নহৰু, জলকীয়া, নিমখ, মান ধনীয়া, নগা ধনীয়াৰ পাত, পিয়াঁজ, জালুক লাগিব ৷ কেৰাহিত পৰিমাণ অনুসৰি পানী দিয়ক ৷খুন্দি থোৱা আদা নহৰু জলকীয়াৰ সংমিশ্ৰণ খিনি, মিহি মিহিকৈ কাটি থোৱা পিয়াঁজ খিনি, কাটি থোৱা বিলাহীখিনি পানীত দি দিয়ক ৷ উতলি সিজিবলৈ অলপ সময় ঢাকোন মাৰি ৰাখক ৷ আধা সিজাৰ উমান পালে মাছৰ টুকুৰাবোৰ দি দিয়ক আৰু সোৱাদ অনুসৰি নিমখ দিয়ক ৷ জলকীয়া দি আকৌ সিজিবলৈ ঢাকোন মাৰি দিয়ক ৷ ৩০ মিনিটৰ পিছত ঢাকোন খুলি চাওক ৷ সিজা যেন অনুমান পালে মান ধনীয়াৰ পাত দি দিয়ক ৷ এনেদৰে হৈ গ’ল আপোনাৰ খৰিচা টেঙাৰ সৈতে মাছৰ আঞ্জা ৷ তাৰপিছত কেৰাহি জুইৰ পৰা নমাই থওক ৷ গৰমে গৰমে ভাতৰ সৈতে পৰিৱেশন কৰক ৷
বিলাহীৰ সৈতে মাছ
মাছৰ সৈতে বিলাহী ৰান্ধিবলৈ মাছৰ টুকুৰাবোৰ প্ৰথমে ভাজি লওক ৷ তাৰ পিছত আলু সিজাই লওক আৰু ইয়াৰ পিছত তেলত পিঁয়াজ, নহৰু, কেঁচা জলকীয়া আদি দি বিলাহীখিনি দি ভাজি লও ৷ তাৰ পিছত সিজাই থোৱা আলুখিনি দি অলপ ভাজি পানী দি দিয়ক ৷ এতিয়া ইয়াত ভজা মাছখিনি যোগ কৰি উতলিবলৈ দিয়ক ৷ এনেদৰে কিছুসময় উতলোৱাৰ পিছত বিলাহীৰ সৈতে মাছ ভাতৰ সৈতে পৰিৱেশন কৰিব পাৰে ৷
লগতে পঢ়ক

