ভোগালী বিহুত বিশেষ গুৰুত্ব বহন কৰা এইকেইবিধ পিঠা আপোনাৰ প্ৰিয় নে ?
বিহু বুলি ক’লে প্ৰথমে আমাৰ মনলৈ অহা খাদ্যবিধ হৈছে পিঠা, বিহুত বিশেষ ভূমিকা পালন কৰা এনে কেইবিধমান পিঠাৰ বিষয়ে আজি জানো আহক-

Published : January 7, 2026 at 11:27 AM IST
Bhogali Bihu 2026: বিহু বুলি ক’লে প্ৰথমে আমাৰ মনলৈ অহা খাদ্যবিধ হৈছে পিঠা-পনা নহয়জানো!? ভোগালী বিহু আৰু ৰঙালী বিহুত পিঠা-পনা খোৱাৰ পৰম্পৰা আছে ৷ পিঠা হৈছে চাউলগুড়িৰ পৰা প্ৰস্তুত কৰা পাৰম্পৰিক অসমীয়া খাদ্য ৷ পিঠাৰ বিভিন্ন প্ৰকাৰ আছে আৰু অসমীয়া জনজীৱনত ইয়াৰ বিশেষ গুৰুত্ব আছে ৷ অসমীয়া ৰঙালী আৰু ভোগালী বিহুত বিভিন্ন প্ৰকাৰৰ পিঠা প্ৰস্তুত কৰি আলহীক আপ্যায়ন কৰাৰ লগতে অন্যান্য বিভিন্ন উৎসৱ বা ঘৰুৱা অনুষ্ঠানটো পিঠা পৰিৱেশন কৰা হয় ৷ ই এক স্বাস্থসন্মত খাদ্য আৰু অসমীয়া সমাজ আৰু সামাজিক প্ৰথাত ইয়াৰ এক বিশিষ্ট ভূমিকা আছে ৷
অৱশ্যে বৰ্তমান (২০১২ চন) ব্যস্ত জীৱনত ঘৰত পিঠা বনোৱাতকৈ বজাৰত কিনিবলৈ পোৱা পিঠা বহুতে ব্যৱহাৰ কৰে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত পিঠা আৰু আনুষংগিক মিঠাই যেনে তিলৰ লাড়ু আদি প্ৰস্তুতিকৰণে এক কুটিৰ শিল্পৰ ৰূপ লৈছে ৷ অৱশ্যে অসমৰ স্থান সাপেক্ষে যি কোনো মিঠাই জাতীয় খাদ্যক পিঠা বুলি কোৱা দেখা যায় ৷ তিল পিঠা, নাৰিকল পিঠা, চুঙা পিঠা, লাড়ু, সান্দহ আদি বিহুত খোৱাৰ পৰম্পৰা আছে (Til Pitha, Narikol Pitha, Sunga Pitha, Ghila Pitha, Tekeli Pitha) ৷ আজি জানো আহক বিহুৰ পিঠাৰ বিষয়ে ৷
- তিল পিঠা বা নাৰিকল পিঠা- কেঁচা পিঠাগুৰিৰ এটা পাতল প্ৰলেপ গৰম টাৱা, কেৰাহী বা তেনে জাতীয় ৰন্ধন পাত্ৰৰ ওপৰত মেলি তাৰ মাজত তিল আৰু গুড়ৰ মিশ্ৰণ দি দুয়োফালৰ পৰা ভাঁজ কৰি নুৰা বান্ধি এই পিঠা প্ৰস্তুত কৰা হয় ৷ পিঠাগুৰিৰ এই ভাঁজ নুৰা বন্ধা বা চুঙাৰ দৰে হ’লে তাক তিল পিঠা আৰু অৰ্ধচন্দ্ৰাকাৰ হ’লে তাক জোন পিঠা বোলে ৷ মাজত দিয়া মিশ্ৰণটো সলাই চেনি আৰু নাৰিকলৰ মিশ্ৰণো দিয়া হয় ৷ তেতিয়া এই পিঠাক নাৰিকল দিয়া তিল পিঠা বুলিও কোৱা হয় ৷ তিল পিঠাৰ পিঠাগুৰি খুন্দি মিহি চালনিৰে চলাৰ পাছত সেমেকা ভাৱটো নাযাবৰ বাবে সাৱধান হ’ব লাগে ৷ পিঠাগুৰিখিনি শুকাই গ’লে বা খৰচীয়া হ’লে পিঠা সাজিবলৈ অসুবিধা হয় ৷ পুৰণি বৰা চাউল হ’লেও তিল পিঠা সাজিবলৈ অসুবিধা ৷ টিলখিনি প্ৰথমে ভাজি লৈ সামান্য খুন্দি লোৱা হয় ৷
এই তিলৰ গুৰাৰ সৈতে বালি অঁহিয়া গুৰ মিহিকৈ কাটি মিশ্ৰণ কৰা হয় ৷ নতুবা নাৰিকল ৰুকি ইয়াৰ পৰা ৰসখিনি চেপি উলিয়াই লৈ চেনিৰ সৈতে মিশ্ৰণ কৰা হয় ৷ অতীজত ইয়াক মাটিৰ খোলাত বনাইছিল বাবে ইয়াক খোলাচপৰীয়া পিঠাও বোলা হয় ৷ কাঠ খৰিৰ জুইত বনোৱা হয় বাবে তিল পিঠাত এক জুইৰ ধোঁৱাৰ বিশেষ সোৱাদ মিহলি হয় ৷ তেল নোহোৱাকৈ বনোৱা হয় বাবে পিঠা গুৰিৰ টো খাবলৈ মচমচিয়া হয় আৰু ভিতৰৰ তিল গুৰ বা নাৰিকল চেনিৰ মিশ্ৰণটোৱে জিভালৈ মিঠা সোৱাদ আনে ।
- লুথুৰী পিঠা- পিঠাগুড়ি, এৱা গাখীৰৰ সৈতে গুড় বা চেনি মিহলাই থপথপীয়াকৈ সিজোৱা পিঠাই হৈছে লুঠুৰী পিঠা ৷ বহু ক্ষেত্ৰত লুঠুৰী পিঠাক অকল লুঠুৰী বুলিয়েই কোৱা হয় ৷
- চুঙা পিঠা আৰু চুঙা চাউল- কুমলীয়া বাঁহ এপাব কাটি চুঙা বনাই এই চূঙাত চুঙা পিঠা প্ৰস্তুত কৰা হয় ৷ কোনোৱে চুঙাৰ পিঠি বখলিয়াই বুকু উলিয়াই লয়, কোনোৱে নলয় ৷ গুড়, গাখীৰ মিশ্ৰিত পিঠাগুড়ি বা বৰজহা চাউল বা বৰা চাউল এই চুঙাত দি চুঙাৰ মুখখন কলপাতেৰে সোপা দি জুইৰ তাপত সিদ্ধ কৰি এই পিঠা প্ৰস্তুত কৰা হয় ৷ চাউলেৰে বনালে ইয়াক চুঙা চাউল বোলে ৷ ইয়াক সৰ থকা গাখীৰ আৰু গুৰৰ লগত খাবলৈ সৰ্বোত্তম ৷
- সুতুলি পিঠা- এই পিঠাৰ আকৃতি সুতুলি নামৰ বাদ্যটোৰ দৰে দেখিবলৈ একে বাবে সুতুলি পিঠা বোলে ৷ প্ৰথমে বৰা চাউলৰ পিঠাগুড়ি পানী মিহলাই লাৰু বনায় ৷ ইয়াৰ অন্তত হাতেৰে চেপেটা কৰি তিল আৰু গুড় দি তেলত ভজা হয় ৷
- ঘিলা পিঠা- এই পিঠাৰ আকৃতি ঘিলাটোৰ দৰে হোৱাৰ বাবে ইয়াক ঘিলা পিঠা বোলে ৷ সাধাৰণতে এই পিঠা প্ৰস্তুত কৰিবলৈ আৰৈ চাউলৰ পিঠাগুড়িৰ লগত বৰা চাউলৰ পিঠাগুড়ি মিহলি কৰি লোৱা হয় ৷
লগতে পঢ়ক

