ETV Bharat / lifestyle

এগৰাকী পত্নীয়ে স্বামীৰ পৰা কি বিচাৰে ? জানেনে বাৰু আপুনি ?

মহিলাসকল বহুত বেছি আৱেগিক, গতিকে শাৰীৰিক সুখতকৈ মানসিক সুখহে বেছিকৈ বিচাৰে ৷ আজি জানক এগৰাকী পত্নীয়ে স্বামীৰ পৰা কি কি বিচাৰে-

RELATIONSHIP TIPS
এগৰাকী পত্নীয়ে স্বামীৰ পৰা কি বিচাৰে ? (Getty Images)
author img

By ETV Bharat Lifestyle Team

Published : October 14, 2025 at 7:42 PM IST

5 Min Read
Choose ETV Bharat

স্বামী-স্ত্ৰীৰ সম্পৰ্ক আন সকলো সম্পৰ্কতকৈ পৃথক ৷ প্ৰেমৰ বাহিৰেও আন বহু কথাই সেই সম্পৰ্ক দীৰ্ঘম্যাদী কৰে ৷ সম্পৰ্ক এটাক সফল কৰিবলৈ হ’লে ইজনে সিজনৰ প্ৰতি অনুভৱ থকাটোৱেই যথেষ্ট নহয়, উত্থান-পতন ইজনে সিজনক ভাল পোৱা আৰু বিশ্বাসে ধৰি ৰাখে ৷ এনে পৰিস্থিতিত যদি আপুনি বিবাহিত, তেন্তে জানি লওক আপোনাৰ মানুহজনীয়ে আপোনাৰ পৰা কি আশা কৰিব পাৰে ৷

মহিলাসকল বহুত বেছি আবেগিক, গতিকে শাৰীৰিক সুখতকৈ মানসিক সুখহে বেছি বিচাৰে ৷ আজি জানক এগৰাকী পত্নীয়ে স্বামীৰ পৰা কি বিচাৰে-

  • ছোৱালীয়ে নিজৰ সংগীৰ সময় বিচাৰে, ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি তেওঁলোকক দামী ঠাইলৈ লৈ যাব লাগে ৷ তেওঁলোকে মাত্ৰ বিচাৰে যে এনেকুৱা এটা সময় হওক য’ত স্বামী আৰু তেওঁ একেলগে বহুত কথা পাতিব পাৰে ৷ লং ড্ৰাইভত যাব পাৰে ৷ আনকি সৰু সৰু বস্তু যেনে- চাহ খোৱা, ফুচকা বা আইচক্ৰীম একেলগে খোৱাটোও মহিলাৰ বাবে যথেষ্ট ৷
  • পুৰুষৰ দৰে বেছিভাগ মহিলাইও কাম কৰি আছে আৰু তেওঁলোকে আশা কৰে যে তেওঁলোকৰ সংগীয়ে তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰিব ৷ প্ৰায়ে দেখা যায় যে বহু সময়ত ছোৱালীয়ে কেৱল বিয়া হোৱাৰ বাবেই সপোন আৰু চাকৰি এৰিবলগীয়া হয় আৰু তেওঁলোকৰ সংগীয়ে ভাল নাপায় যে তেওঁৰ পত্নীয়ে কোনো কাম কৰাটো ৷ যদি আপুনি সেই পুৰুষসকলৰ মাজৰ এনে এজন হয় যিয়ে নাৰীক আগবাঢ়ি যাবলৈ সমৰ্থন কৰে, তেন্তে আপোনাৰ সম্পৰ্কটো বৰ ভাল হ’ব ৷
  • সম্পৰ্কটোক আগুৱাই নিয়া আৰু সুদৃঢ় কৰি ৰখাৰ উপৰিও সন্মানেই আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ প্ৰতিগৰাকী পত্নী বা প্ৰেমিকাই আশা কৰে যে তেওঁৰ সংগীয়ে সন্মান দিব ৷ ইয়াত অতি সৰু সৰু কথাবোৰ মনত ৰাখিব লাগে, যেনে ব্যক্তিগত কথাবোৰ আনৰ লগত ভাগ নকৰা ৷ আনৰ আগত নিজৰ সংগীৰ লগত জোৰেৰে বা খঙেৰে কথা নাপাতিব ৷
  • এগৰাকী মহিলাই কেতিয়াও ঘৰৰ কামৰ পৰা কোনো সময় ছুটী নাপায় আৰু কাম কৰি থাকিলেও ঘৰত অধিক দায়িত্ব থাকে ৷ এনে পৰিস্থিতিত মহিলাসকলে বিচাৰে যে তেওঁলোকৰ সংগীয়ে তেওঁলোকক ঘৰুৱা দায়িত্বত অধিক বা সমানে নহ’লেও অলপ হ’লেও সহায় কৰক ৷
  • মহিলাসকলে নিজৰ সংগীৰ পৰা আৱেগিক সমৰ্থন আশা কৰে ৷ যেনেকৈ দৈনন্দিন কথা-বতৰা, সুখ-দুখ আপোনাৰ সংগীৰ সৈতে ভাগ-বতৰা কৰা ৷ সহজ ভাষাত ক’বলৈ গ’লে মহিলাসকলে তেওঁলোকৰ সংগীত এনে এজন বন্ধু বিচাৰে যাৰ লগত তেওঁলোকে সকলো কথা মুকলিকৈ শ্বেয়াৰ কৰিব পাৰে আৰু যিয়ে সকলো সময়তে তেওঁক সমৰ্থন কৰে ৷
  • মানুহবোৰে ইজনে সিজনৰ লগত মুকলিকৈ কথা পাতিলেহে সম্পৰ্কত সুখ থাকে ৷ বিশেষকৈ স্বামী-স্ত্ৰীৰ সম্পৰ্কত মুকলিকৈ কথা পতোটো গুৰুত্বপূৰ্ণ ৷ আপোনাৰ সম্পৰ্ক আৰু সমস্যাৰ বিষয়ে মুকলিকৈ কথা পাতিলে প্ৰেম বাঢ়ে ৷ সংগীৰ লগত কথা পাতিলে লেপটপ, মোবাইল আৰু অন্যান্য বস্তুৰ পৰা আঁতৰি থাকিব ৷
  • প্ৰায়ে কোৱা হয় যে ঝুঠা খালে প্ৰেম বৃদ্ধি পায় ৷ এতিয়া একেলগে খোৱাটোৱে প্ৰেম বৃদ্ধি কৰে নে নকৰে ক’ব নোৱাৰি ৷ ভাগৰুৱা দিনটোৰ পাছত যেতিয়া দুজন সংগীয়ে একেলগে খাদ্য গ্ৰহণ কৰে তেতিয়া মনলৈ শান্তি আনে ৷ সম্পৰ্ক শক্তিশালী কৰে, কেৱল খোৱাই নহয় ৰন্ধা-বঢ়াও পাৰিলে একেলগে কৰিব ৷
  • যদি কিবা এটাই আপোনাৰ মনটোক আমনি কৰি আছে তেন্তে নিশ্চিতভাৱে সেই কথাটোৰ সন্মুখীন হওক মুকলিকৈ ৷ কিছুদিনলৈ সৰুকৈ কাজিয়া হ’ব পাৰে, কিন্তু সেই কথাটো আপোনাৰ মনত লাগি নাথাকিব ৷ পুৰণি কথাবোৰ মনত পৰিলে সম্পৰ্ক দুৰ্বল হোৱাই নহয় দূৰত্বও বৃদ্ধি পায় ৷
  • আপুনি জনা উচিত যে যিকোনো সম্পৰ্কত বিশ্বাস অতি গুৰুত্বপূৰ্ণ ৷ মাত্ৰ এবাৰৰ বাবেই বিশ্বাস লাভ কৰিবলৈ চেষ্টা নকৰিব, দিনক দিনে আস্থা বৃদ্ধি কৰিবলৈ চেষ্টা কৰক ৷ আপোনাৰ সংগীক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিয়ক আৰু সেইবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰক ৷
  • গোটেই জীৱন সম্পৰ্কটো সুদৃঢ় কৰি ৰাখিবলৈ সন্মানৰ অনুভূতিটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় ৷ দুয়োজন মানুহে যদি সম্পৰ্কটোক সন্মান কৰে তেন্তে সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব পাৰে ৷ ইয়াৰ ফলত দুয়োৰে কোনোৱেই আঘাত পোৱাৰ সম্ভাৱনা বেছি ৷

মনত ৰাখিব, যিকোনো সম্পৰ্কত পাৰস্পৰিক বুজাবুজি, যোগাযোগ আৰু আৱেগ অতি প্ৰয়োজনীয় । এইবোৰ নহ’লে সম্পৰ্ক এটা কেতিয়াও দীৰ্ঘস্থায়ী নহয় ।

লগতে পঢ়ক

  1. অক্ষয় তনয়াৰ পৰা চাইবাৰ অপৰাধীয়ে বিচাৰিলে নগ্ন ছবি! ডিজিটেল যুগত আপোনাৰ সন্তানটিক কিদৰে ৰাখিব সুৰক্ষিত ?
  2. সম্পৰ্কত সুখী নহ’লেই গঢ়ি উঠে নেকি পৰকীয়া প্ৰেম ? জানি লওক আঁসোৱাহবোৰ
  3. একেটা অফিচতে আছে নেকি স্বামী-স্ত্ৰী ? এনেদৰে ব্যক্তিগত আৰু পেছাদাৰী জীৱনক কৰি ৰাখক পৃথক