গায়ক হিচাপে নহয় গীতিকাৰ হিচাপেও অনন্য জুবিন গাৰ্গ
জুবিন গাৰ্গ কেৱল নিজৰ যাদুকৰী গায়নশৈলীৰেই নহয় বৰঞ্চ তেওঁ লিখা গীতৰ দ্বাৰাও অনুৰাগীৰ হৃদয়ত স্থান দখল কৰিছে, আজি তেওঁৰ এনে কিছুমান গীতৰ বিষয়েই জানো আহক-

Published : November 18, 2025 at 4:51 PM IST
‘পাখি পখি এই মন’, ‘ভবা কথা নহয় সিদ্ধি ‘, বৰষুণ বৰষুণ’ আৰু যে কত কি গীতিকাৰ হিচাপে জুবিন অনন্য! শব্দ আৰু ভাষাৰ বলিষ্ঠ প্ৰয়াস তেওঁৰ গীতবোৰত লক্ষ্য কৰা যায় ৷ জুবিনৰ যাদুকৰী গায়নশৈলীৰ লগতে গীতৰ বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি তাৰ সুবিন্যস্ত কথাভাগত অপূৰ্ব সুৰ সংযোজন কৰিব পৰা আছে এক অনন্য ক্ষমতা ৷ কেতিয়াবা যদি প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত প্ৰেমৰ সন্ধান বিচাৰি ‘কঁকাল খামুচীয়া গাল গুলপীয়া/তুমি কোন সৰগৰ পৰী’ৰ দৰে গান লিখিছে কেতিয়াবা আকৌ সোণৰ অসম গঢ়াৰ আহ্বান গীতৰ মাজেৰেই প্ৰকাশ কৰিছে !
কেতিয়াবা আকৌ তেওঁ নিজকে এগৰাকী গাঁৱৰ সাধাৰণ ছোৱালী হিচাপে কল্পনা কৰি প্ৰেমৰচেতনাক সুন্দৰভাৱে প্ৰকাশ কৰিছে ‘শালিকী পুৱা’ শীৰ্ষক গীতটোৰে ৷
“শালিকী পুৱাৰ ৰ’দালি দেখিলেই
তোমালৈয়ে মোৰ মনত পৰে
বুকুৰ উশাহ হিম হৈয়ে থাকে
কিজানে তোমাতেই গলিব পাৰে…৷”
(বোলছবি: গানে কি আনে-২০১৬, কণ্ঠ: মহালক্ষ্মী আয়াৰ, সুৰ:জুবিন গাৰ্গ)
আনফালে বিভিন্ন কাৰণবশত: ইতিহাস হৈ পৰা প্ৰিয়জন বা প্ৰিয়জনক কাষত নোপোৱাৰ যি প্ৰেম-বিৰহ সেই দুখানুভূতিৰ সাৰ্থক প্ৰকাশ ঘটিছে তলত উল্লেখ কৰা তেওঁৰ কেইটামান গীতৰ মাজেদি–
”এতিয়াও সাৰে আছোঁ মই
ধূসৰ প্ৰভাতৰ ক্ষণ গণি…
ধুমুহাৰ নিশা আজিও
বাৰে বাৰে দিয়েহি আমনি
কাষত স্মৃতিৰ অলেখ সমাধি
হৃদয়ৰ হাহাকাৰ কিদৰে শুনাও মই
এই পৃথিৱীক…৷”
(শ্ৰব্যকেছট:জুবিনৰ গান-১৯৯৫-৯৬, সুৰ-কন্ঠ: জুবিন)
“আজিও যে নুবুজোঁ একোকে
কাৰ বাবে আছোঁ যে ৰৈ
জানিছিলোঁ তুমি মোৰ নোহোৱা
তথাপিতো মই ৰওঁ…
দূৰে দূৰে থাকিবা কিমান আৰু
জ্বলাই একুৰা জুই হৃদয়ত
নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ
প্ৰাণৰ ভাষাৰে ক’ব খোজোঁ ৷”
(শ্ৰব্যকেছেট: মায়া-১৯৯৪,সুৰ-কণ্ঠ-জুবিন গাৰ্গ)
”ইপাৰ সিপাৰ অচিনা অচিনা
সমুখত নেদেখো তো মই
জহি যায় খহি যায়
প্ৰতিদিন প্ৰতিপল
জীৱন নদীৰ দুয়োটি পাৰ
দুখৰে চকুলো গৰকি বৰষি
ধূসৰ বলকাই , এতিয়া ৰিঙিয়াই…৷”
(বোলছবি: জীৱন নদীৰ দুটি পাৰ-২০০১-২০০২,সংগীত পৰিচালনা: জুবিন)
অকালতে মাতৃহাৰা হোৱা জুবিনে নিজৰ অৱেগ-অনুভূতিক সামৰি একে নিশাই ৰচনা কৰিছিল “গুপুতে গুপুতে অকলে এৰি থয়…” শীৰ্ষক সেই বিখ্যাত গীতটো ৷ গীতটোৰ প্ৰথম অন্তৰাটো ইমান আৱেগিক হয় লিখিছে যে প্ৰতিজন সংবেদনশীল শ্ৰোতাৰ হৃদয় চুই যাব! —
“চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি
গধূলি গোলাপ মোৰ শুই থকা জননী
নতুন ফাগুন মোৰ হেৰোৱা সপোন মোৰ
তোমাৰেই পাৰিজাত তোমাকে সামাৰি …৷”
(শ্ৰব্যকেছেট: পাখি-২০০০,সুৰ-কণ্ঠ-জুবিন গাৰ্গ)
গীতিকাৰজনৰ গীতবোৰত ৰোমান্টিক কল্পনা থাকিলেও অতি সচেতনভাৱে প্ৰয়োগ কৰা শব্দ আৰু সুৰৰ মায়াজালে এক সৌন্দৰ্য দান কৰিছে ৷ যাৰ কাৰণেই যুৱচামে প্ৰেম বিচ্ছেদ, নিৰাশাৰ আৱেগ-অনুভূতিবোৰ বিচাৰি পাই জুবিনৰ ৰোমান্টিক গীতবোৰত ৷ তলত উল্লেখ কৰা গীতৰ অংশই যেন তাকেই প্ৰমাণ কৰে ৷
“এতিয়া কাষত হেঁপাহৰ ফুলনী,ওপচা ফাগুন হৈ ৰয়
মেঘে মেঘে মন,উৰি ফুৰে দূৰণীত,নীলাৰে মাজত তুমি মই…৷”
(শ্ৰব্যকেছেট:ৰং-১৯৯৬, সুৰ:জুবিন)
“জ্বলি উঠা জুই হয় জ্বলোৱা মোৰ কামনা
ফুলিৰুৱা ফুল হৈ বয় আহক বাসনা
দূৰণি হওঁক বেদনা ফুলক হাঁহিৰ ফুলনি
কুঁৱলি হওঁক চেতনা জ্বলক প্ৰেমৰ অগ্নি…৷”
(শ্ৰব্যকেছেট: মেঘৰ বৰণ-১৯৯৯, সুৰ-কণ্ঠ-জুবিন গাৰ্গ)
সঁচাকৈ জুবিনৰ সৃষ্টিত প্ৰেমৰ চিত্ৰণ অসাধাৰণ ৷ প্ৰেমৰ জয়গান গোৱা গীতিকাৰ, সুৰকাৰ হিচাপে যেন জুবিন অনন্য ৷ “তুমি মোৰ মাথোঁ মোৰ” শীৰ্ষ গীতটিৰ কোনোবা এটা অন্তৰাত আকৌ জুবিনৰ প্ৰেমিক হৃদয়ৰ কাব্য প্ৰকাশ এনেধৰণৰ—
“তুমি সৃষ্টিৰ অনুভৱ
তুমি পোহৰৰ উপহাৰ
শেষ হ’ম মই তোমাতে
মৃত্যুৰো নাই অধিকাৰ…”
জুবিন গাৰ্গৰ গীতত অকল যে প্ৰেম ভালপোৱাৰ কথাই প্ৰকাশ পায় তেনে নহয় ৷ প্ৰতি দুবছৰৰ মূৰে মূৰে ওলোৱা তেওঁৰ নিজা এলবামবোৰত সন্ত্ৰাসবাদ আৰু স্বদেশ প্ৰেমমূলক গীতৰ উদাহৰণো পাব পাৰি ৷বিভিন্ন সময়ত সন্ত্ৰাসবাদে সৃষ্টি কৰা অসমৰ অৰাজক পৰিস্থিতিলৈ জুবিনে নিজৰ ক্ষোভৰ বহিঃপ্ৰকাশ কৰিছিল এনে কিছুমান গীতৰ জৰিয়তে–
“শান্তি দিয়া,মুক্তি দিয়া
সোণৰ অসম ৰচিবলৈ
সেউজ দিয়া, শস্য দিয়া
চিৰকাল ফুলিবলৈ
গুলি বাৰুদ,ধোঁৱা উৰুৱাই
নিৰপৰাধ শিশুক কন্দুৱাই
ঘৰে ঘৰে মৰম নচুৱাই
কিনো পালা তুমি
কিনো দিলা কোৱা…?”
(শ্ৰব্যকেছেট: শিশু-২০০২, সুৰ-কণ্ঠ-জুবিন গাৰ্গ)
কেতিয়াবা অসমী আইক সোণৰ লগত তুলনা কৰি আৱেগিক প্ৰশ্ন কৰিছে
“সোণেৰে সজোৱা পঁজা জহি খহি যায়/ কোনে আজি সাজিবহি পাৰিব দুনাই…?”
শীৰ্ষ গীতটোৰ প্ৰথম অন্তৰাটোত সেইসময়ৰ অৰাজকতাৰ কথা খুব সুন্দৰকৈ প্ৰকাশ কৰিছে —
“বুঢ়ী আইৰ জুহালতে চকুলো শুকাই
দেউতাৰো একে দশা পদূলিলে’ চাই
বহুদিন হ’ল সৰুবোপাৰ মুখ দেখা নাই
চেনেহীৰ আকাশত আজি জোনতৰা নাই… ৷”
(মুক্তি-১৯৯৮,সুৰ-কণ্ঠ-জুবিন গাৰ্গ)
জুবিনে বিভিন্ন সময়ত বিভিন্ন গীতৰ মাজেৰেই শাসক পক্ষৰ ওপৰতো ক্ষোভ উজাৰিছে –
“মৰণ যজ্ঞৰ ধোঁৱা
স্বাধীনতা বুলি কোৱা
কাৰ বাবে কোৱা… ?”
(শ্ৰব্যকেছেট: যন্ত্ৰ-২০০৪, সুৰ-কণ্ঠ-জুবিন গাৰ্গ)
আকৌ “অন্ধ আকাশ” শীৰ্ষ গীতটোৰ এটা অন্তৰাত ক্ষোভৰ প্ৰতিবাদ এনেধৰণৰ–
“অন্ধ শাসন ভন্দ শাসক, অৰ্থ লোভৰ নগ্ন যুঁজত
জীৱন মৰণৰ স্বপ্ন বাহক,মগ্ন বিভোৰ অন্ধ সুখত
ক্লান্ত জীৱন আজি, ক্লান্ত দিঠক আজি …৷৷”
(শ্ৰব্যকেছেট: মুক্তি-১৯৯৮, সুৰ:জুবিন, কণ্ঠ-জুবিন গাৰ্গ- জংকী)
বহুতেই জানে জুবিন নিজেই এজন কবি ; সেইহে তেওঁৰ গীতবোৰতো কাব্যিকতাৰ প্ৰকাশ অতুলনীয় ৷ তলৰ গীত কেইটাই যেন তাৰেই কিছু আভাস দিছে ৷
”মোৰ গানত আছে বৰষাৰ অনল
সেমেকা শীতৰ ৰ’দালি কোমল
মোৰ গানে দিব নতুন ভাষা
নতুনৰ জোনাক বুকুজুৰি ব’ব
সৃষ্টিৰ এই অমল বতাহ
আশা মোৰ আশা…৷”
(শ্ৰব্যকেছেট:আশা-১৯৯৫ ,সুৰ-কণ্ঠ-জুবিন গাৰ্গ, শীৰ্ষগীত: আশা মোৰ আশা)
“অসীমত হেৰালে আজি আশা
মৰমত হেৰালে আজি ভাষা
লুপ্ত তোমাৰে যে বুকুতে
প্ৰতিপল বাঢ়ি যায় মাথোঁ তৃষা
নাজানো এয়া দিন নে নিশা
তোমাতেই অনুভৱ মোৰ হেৰালে…৷”
(বোলছবি-গানে কি আনে-২০১৬, শীৰ্ষ গীত: জানো জানো)
“প্ৰতিটো প্ৰহৰ প্ৰতিটো সময়
প্ৰতিটো পলে চিঞৰে আজি
প্ৰতিটো দুখৰ প্ৰতিটো শোকৰ
প্ৰতিটো ক্ষোভৰ মূল্য সুঁৱৰি…৷”
(মুক্তি-১৯৯৮, সুৰ-কণ্ঠ-জুবিন গাৰ্গ)
জুবিন নিভাঁজ অসমীয়া ভাষাৰ গীতিকাৰ ৷ তেওঁ সৃষ্টি কৰা প্ৰতিটো গীতেই যেন একো একোটা মুকুতা!
দুটা দশক ধৰি অলেখ অপূৰ্ব গীত ৰচনাৰ পাছতো কিন্তু জুবিনৰ গীত আজিও উচিত সমালোচনা, মূল্যায়ণ হোৱা দেখা নাই! এইক্ষেত্ৰত সমাজৰ মুধাফুটা সমালোচকসকলো যেন নিৰ্বিকাৰ ! জুবিন গাৰ্গ একেৰাহে গীতিকাৰ সুৰকাৰ,বাদ্যযন্ত্ৰী তথা কন্ঠশিল্পী ৷ সঁচাকৈ জুবিন গাৰ্গ
“তুমি সুবাস অসমীৰে /তুমি সুবাস সৃষ্টিৰে…!!”
লগতে পঢ়ক

