ETV Bharat / lifestyle

টাইগাৰ পেৰেন্টিঙে শিশুক মানসিকভাৱে কৰিব পাৰে অসুস্থ! জানক গৱেষণাই কি কয়...

বহু অভিভাৱকে সন্তানৰ সৈতে কঠোৰ ব্যৱহাৰ কৰে, ইয়াৰ ফলত তেওঁলোকৰ ভৱিষ্যৎ উন্নত হ’ব বুলি তেওঁলোকে বিশ্বাস কৰে অৱশ্যে এক অধ্যয়নে ইয়াৰ বিপৰীত ফলাফলহে দেখুৱাইছে-

TIGER PARENTING
টাইগাৰ পেৰেন্টিঙে শিশুক মানসিকভাৱে কৰিব পাৰে অসুস্থ! জানক গৱেষণাই কি কয়... (Getty Images)
author img

By ETV Bharat Lifestyle Team

Published : December 18, 2025 at 1:06 PM IST

4 Min Read
Choose ETV Bharat

শেহতীয়াকৈ কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে, "টাইগাৰ পেৰেন্টিং" (Tiger Parenting) নামেৰে জনাজাত অত্যধিক কঠোৰ এই অভিভাৱকত্বই শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ এই ধৰণৰ অভিভাৱকত্বত ল’ৰা-ছোৱালীয়ে কোনো প্ৰশ্ন নকৰাকৈ পিতৃ-মাতৃৰ আদেশ মানি চলিব লাগে, কেতিয়াবা ভুল কৰিলে শাস্তি পাব লাগে আৰু তেওঁলোকৰ অনুভৱৰ কথাও বিবেচনা কৰা নহয় ৷

নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ নতুন গৱেষণাৰ পৰা দেখা গৈছে যে এনে পৰিৱেশত ডাঙৰ-দীঘল হোৱা শিশুৰ হতাশা, উদ্বেগ, মানসিক চাপৰ আশংকা অধিক ৷ হয়, এনে কঠোৰ অভিভাৱকত্বই শিশুৰ মানসিক স্বাস্থ্যত যথেষ্ট প্ৰভাৱ পেলায় ৷

  • অধ্যয়নে কি কয় ?

টাইগাৰ পেৰেন্টিংত কঠোৰ অনুশাসন (Strict Parenting), উচ্চ আশা আৰু "যি কৈছো তাকেই কৰা" মনোভাৱ জড়িত হৈ থাকে ৷ এই অভিভাৱকসকলে সাধাৰণতে সন্তানক ভাল ভৱিষ্যত নিশ্চিত কৰিবলৈ হেঁচা প্ৰয়োগ কৰে, কিন্তু এই হেঁচাই লাহে লাহে সন্তানৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷ অধ্যয়নত দেখা গৈছে যে এই ধৰণৰ অভিভাৱকত্বই শিশুক আৱেগিকভাৱে দুৰ্বল কৰি তুলিব পাৰে, কিয়নো তেওঁলোকে নিজৰ কথা প্ৰকাশ কৰাৰ সম্ভাৱনা কম বা ভুলৰ পৰা শিকিব পাৰে ৷

এই অধ্যয়নত ১০ৰ পৰা ১৮ বছৰ বয়সৰ ৫৮৩ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সাক্ষাৎকাৰ লোৱা হৈছিল ৷ তেওঁলোকক পিতৃ-মাতৃৰ আচৰণ আৰু নিজৰ মানসিক অৱস্থাৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল ৷ অধ্যয়নটোৰ মুখ্য লেখিকা ডাঃ অঞ্জলি ভাটৰ মতে, যিসকল শিশুৱে নিজৰ পিতৃ-মাতৃক “Authoritarian” বা অতি কঠোৰ বুলি বৰ্ণনা কৰিছিল, তেওঁলোকৰ হতাশা, উদ্বেগ আৰু মানসিক চাপৰ লক্ষণ দেখা দিয়াৰ সম্ভাৱনা বেছি ৷ ইফালে যিসকল শিশুৰ পিতৃ-মাতৃয়ে সহযোগিতা আগবঢ়াইছিল, তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল আৰু যুক্তিযুক্ত নিয়ম নিৰ্ধাৰণ কৰিছিল, তেওঁলোকৰ মানসিক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা কম আছিল ৷

  • শিশুৱে অকলশৰীয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰে

অধ্যয়নটোত এইটোও দেখা গৈছে যে, কঠোৰ পিতৃ-মাতৃৰ সন্তানৰ আত্মসন্মান অলপ বেছি হ’ব পাৰে যদিও এই সুবিধা তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱৰ দ্বাৰা আগুৰি ধৰে ৷ অহৰহ হেঁচা আৰু ভয়ৰ মাজত জীৱন শিশুৱে নিজকে বিচ্ছিন্ন আৰু অসহায় অনুভৱ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ আৱেগিক সুস্থতা আৰু বেয়া হ’ব পাৰে ৷

  • স্কুলত হুমকি দিলে মানসিক স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে

গৱেষণাৰ পৰা আন এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে ৷ স্কুলত কোনোবাই হুমকি দিলে(Bullying) শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰে ৷ যিসকল শিশুক অন্য শিশুৱে হুমকি দিয়া বুলি জানিব পৰা গৈছিল, তেওঁলোকৰ হতাশা আৰু উদ্বেগত ভোগাৰ সম্ভাৱনা দুগুণৰ পৰা ডেৰ-দুগুণ বেছি আছিল ৷ ইয়াৰ পৰা স্পষ্টকৈ প্ৰমাণিত হৈছে যে শিশুৰ সামাজিক পৰিৱেশ, বিশেষকৈ তেওঁলোকৰ বিদ্যালয়ৰ অভিজ্ঞতাই তেওঁলোকৰ মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায় ৷

  • ডি এন এও প্ৰভাৱিত হয়

তদুপৰি কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে, কঠোৰ অভিভাৱকত্বৰ প্ৰভাৱ শিশুৰ ডি এন এ স্তৰলৈকে প্ৰতিফলিত হ’ব পাৰে ৷ ব্ৰিটিছৰ এক অধ্যয়নত দেখা গৈছে যে অত্যধিক কঠোৰ অভিভাৱকত্বই শিশুৰ জিনত পৰিৱৰ্তন ঘটাব পাৰে যাৰ ফলত মানসিক চাপৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা হ্ৰাস পায় ৷ এই ধৰণটো হতাশাত আক্ৰান্ত প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰতো দেখা গৈছে ৷

  • নিয়মৰ লগতে বুজাবুজিও গুৰুত্বপূৰ্ণ

বিশেষজ্ঞসকলে কয় যে, শিশুৰ বাবে নিয়ম গুৰুত্বপূৰ্ণ, কিন্তু যোগাযোগ আৰু বুজাবুজিও ঠিক তেনেকুৱাই গুৰুত্বপূৰ্ণ ৷ যেতিয়া অভিভাৱকসকলে নিয়মৰ আঁৰৰ কাৰণবোৰ বুজাই দিয়ে, সেইবোৰ শুনিব আৰু সহযোগিতামূলক মনোভাৱৰ অভ্যাস কৰে তেতিয়া শিশুৰ আত্মবিশ্বাস আৰু মানসিক স্বাস্থ্যৰ উন্নতি হয় ৷ স্পষ্টভাৱে কঠোৰতা আৰু প্ৰেমৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটোৱেই হৈছে সুখী আৰু সুস্থ অভিভাৱকত্বৰ চাবিকাঠি ৷

লগতে পঢ়ক

  1. ২১ দিনলৈ অভিভাৱকে সন্তানৰ ওপৰত চিঞৰ-বাখৰ নকৰিলে কেনে প্ৰভাৱ পৰিব ? ফলাফল দেখি হৈ পৰিব আচৰিত!
  2. ‘মিলেনিয়াল ডেড’: সন্তান লালন-পালনৰ পৰা ঘৰুৱা দায়িত্বলৈকে এওঁলোকে লিখিছে নতুন অংশীদাৰিত্বৰ কাহিনী
  3. অক্ষয় তনয়াৰ পৰা চাইবাৰ অপৰাধীয়ে বিচাৰিলে নগ্ন ছবি! ডিজিটেল যুগত আপোনাৰ সন্তানটিক কিদৰে ৰাখিব সুৰক্ষিত ?