২১ দিনলৈ অভিভাৱকে সন্তানৰ ওপৰত চিঞৰ-বাখৰ নকৰিলে কেনে প্ৰভাৱ পৰিব ? ফলাফল দেখি হৈ পৰিব আচৰিত!
বহু অভিভাৱকে ভাবে যে তেওঁলোকৰ সন্তানক চিঞৰি কথা ক’লেহে তেওঁলোকে কথা শুনে কিন্তু গৱেষণাই কয় যে ইয়াৰ ফলত আপোনাৰ সন্তানটিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে-

Published : December 16, 2025 at 5:20 PM IST
আমি সকলোৱে শৈশৱতে ভাবিছিলো যে যেতিয়া আমি নিজে পিতৃ-মাতৃ হ’ম তেতিয়া আমি কেতিয়াও নিজৰ সন্তানৰ সৈতে উচ্চস্বৰত বা চিঞৰি কথা নকও, কাৰণ আমি নিজেই নিবিচাৰিলো যে কোনো আমাক চিঞৰি কথা কওক ৷ কিন্তু আমি নিজেই অভিভাৱকত্ব আৰম্ভ কৰাৰ লগে লগে আমি সোনকালে এই কথা বুজি পালো যে আমি ভবাৰ দৰে কামবোৰ সহজ নহয় বাস্তৱ আমি ভবাতকৈ একেবাৰেই পৃথক ৷
এজন অভিভাৱকে যিমানেই পজিটিভ বা জেন্টেল অভিভাৱকত্ব অনুসৰণ নকৰক কিয় পৰিস্থিতি এনেকুৱা হৈ যায় যে, অভিভাৱকে নিজৰ সন্তানক মাজে মাজে কেতিয়াবা গালি-সপনি পৰা বা উচ্চ স্তৰত কথা কোৱা দেখা যায় ৷ আমি যিমানেই ভিডিঅ’ নাচাওঁ বা লেখা নপঢ়ো কিয় তৎস্বত্বেও এটা সময় আহে যেতিয়া আমাৰ ধৈৰ্যৰ সকলো সীমা হেৰাই পেলাও আৰু সন্তানক টানকৈ ক’বলৈ আৰম্ভ কৰো ৷ এতিয়া প্ৰশ্ন হয়, অভিভাৱকে কিয় সন্তানক উদ্দেশ্যি চিঞৰ কথা কয় ? কিয় অভিভাৱকে ভাবে যে চিঞৰি কথা নকলে শিশুৱে কথা নুশুনে ? ইয়াৰ আঁৰত বহু কাৰণ আছে, যিটো বুজাটো খুবেই জৰুৰী ৷

আমাৰ শৈশৱে আজিও আমাক চলাই আছে

জীৱনৰ প্ৰথম সাত বছৰত আমি বাস কৰা পৰিৱেশৰ ওপৰত ভিত্তি কৰি আমাৰ মগজু "প্ৰগ্ৰেমিং" হৈ পৰে ৷ এই প্ৰগ্ৰেমিঙে আমাৰ ৯৫ শতাংশ সিদ্ধান্তক চিন্তা নকৰাকৈয়ে পৰিচালিত কৰে ৷ গতিকে, যদি আমাক সৰুতে আমাক মা-দেউতাই বহুত চিঞৰিছিল, তেন্তে আমাৰ মগজুৱে ধৰি লয় যে এইটোৱেই পৰিস্থিতি চম্ভালিব পৰাৰ সঠিক উপায় আৰু আমি মানসিক চাপৰ সময়ত সেই আৰ্হিটো পুনৰাবৃত্তি কৰাৰ প্ৰৱণতা ৰাখোঁ ৷ মানসিক চাপ বাঢ়িলে মগজুৰ যি অংশই আমাক চিন্তা আৰু বুজাত সহায় কৰে, সেই অংশ পিছুৱাই যায় ৷ শান্তভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে আমি ভয়, উত্তেজনা আৰু খৰখেদাকৈ আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ ৷
সন্তানৰ ওপৰত চিঞৰ-বাখৰ কৰাৰ প্ৰভাৱ

গৱেষণাৰ পৰা দেখা গৈছে যে, চিঞৰ-বাখৰ কৰিলে শিশুৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰে, য’ত আছে:
- শিশুৰ আচৰণ লাহে লাহে বেয়া হ’বলৈ আৰম্ভ কৰে
- আক্ৰমণাত্মক মানসিকতা বৃদ্ধি কৰে
- শিশুৰ শিক্ষণ আৰু আত্ম-যত্ন হ্ৰাস কৰে
- পিতৃ-মাতৃ-শিশুৰ মাজৰ বান্ধোন দুৰ্বল কৰে
- মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়
- আৰু যদি চিঞৰ-বাখৰত অপমান বা কঠোৰ ভাষা জড়িত হৈ থাকে তেন্তে গভীৰভাৱে সন্তানৰ ক্ষতি হয় ৷
২১ দিন সন্তানক উদ্দেশ্যি চিঞৰ-বাখৰ নকৰিলে কি হ’ব ?
যদি প্ৰত্যেকগৰাকী অভিভাৱকে নিজৰ জীৱনত এই ২১ দিনীয়া সূত্ৰটো প্ৰয়োগ কৰে তেন্তে সন্তানৰ পঢ়া-শুনা, লিখা, আৰু বহুতো কামৰ বাবে; ইয়াক যথেষ্ট ফলপ্ৰসূ বুলি গণ্য কৰা হয় ৷ কিন্তু অভিভাৱকে নিজৰ সন্তানৰ ওপৰত যদি ইয়াক প্ৰয়োগ কৰে তেন্তে তেওঁলোকৰ জীৱনত ইয়াৰ বিশেষ প্ৰভাৱ পৰিব পাৰে ৷ এই সন্দৰ্ভত shikainnamacchhanএ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ২১ দিন ধৰি আপোনাৰ সন্তানক উচ্চ স্বৰত কথা নকলে কেনেধৰণৰ প্ৰভাৱ পৰে সেই বিষয়ে ব্যাখ্যা কৰে ৷ তেওঁৰ মতে ইয়াৰ দ্বাৰা-

- ৭ম দিনত চিন্তাশীল মগজু পুনৰ সক্ৰিয় হৈ উঠে ৷
- ১৪ দিনলৈকে শিশুটিৰ Trust Circuit শক্তিশালী হ’বলৈ আৰম্ভ কৰে ৷
- ২১ দিনলৈ শিশুটিৰ আচৰণ সলনি হ’বলৈ আৰম্ভ কৰে ৷
- ইয়াৰ আটাইতকৈ বিশেষ কথাটো হ’ল যে ভয়ৰ বাবে নহয়, শক্তিশালী সংযোগৰ জৰিয়তেহে এয়া সম্ভপৰ হৈ উঠে ৷
লগতে পঢ়ক

