বলীউডৰ আটাইতকৈ ওখ অভিনেত্ৰীগৰাকী কোন বাৰু আপুনি জানেনে ?
এইসকল অভিনেত্ৰীৰ উচ্চতাই তেওঁলোকৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে ৷ পিছে, বলীউডৰ আটাইতকৈ ওখ অভিনেত্ৰী কোন জানেনে ?

Published : November 17, 2025 at 5:15 PM IST
বলীউডৰ প্ৰতিগৰাকী অভিনেত্ৰীয়েই অতুলনীয় সৌন্দৰ্যৰ অধিকাৰী ৷ এই কথাত হয়তো কাৰো দ্বিমত নাই ৷ এইসকল অভিনেত্ৰীয়ে দৰ্শকক আকৰ্ষিত কৰাৰ আন এক দিশ হৈছে তেওঁলোকৰ উচ্চতা ৷ হয়, এইসকল অভিনেত্ৰীৰ উচ্চতাই তেওঁলোকৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে ৷ পিছে, বলীউডৰ আটাইতকৈ ওখ অভিনেত্ৰী কোন জানেনে ?
বলীউডৰ আটাইতকৈ ওখ অভিনেত্ৰী যুক্তা মূখে
অভিনেত্ৰী তথা ১৯৯৯ ৰ ‘মিছ ৱৰ্ল্ড’ যুক্তা মুখেই বহুত ওখ ৷ তেওঁক বলীউডৰ আটাইতকৈ ওখ অভিনেত্ৰী হিচাপে গণ্য কৰা হয় ৷ যুক্তা মূখেইৰ উচ্চতা ৫ ফুট ১১ ইঞ্চি ৷ অৱশ্যে, বহু বছৰ ধৰি এইগৰাকী অভিনেত্ৰী বলীউডৰ পৰা আঁতৰি আছে ৷

কেটৰিনা কাইফ
বলীউডৰ অভিনেত্ৰী কেটৰিনা কাইফৰ উচ্চতাও বহুত ৷ কেটৰিনা ৫ ফুট ৯ ইঞ্চি ওখ ৷ সকলোৰে পছন্দৰ কেটৰিনা কাইফক অভিনেতা বিজয় ছেঠুপথীৰ সৈতে শ্ৰীৰাম ৰাঘৱনৰ ছবি ‘মেৰী ক্ৰীছমাছ’ত শেষৰবাৰৰ বাবে দৰ্শকে দেখা পাইছিল ৷
অনুষ্কা শৰ্মা
‘ৰব নে বানা দি জ’ড়ী’ৰ জৰিয়তে ২০০৮ ত বলীউডত প্ৰৱেশ কৰা অনুষ্কা শৰ্মাৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই ৷ প্ৰযোজক হিচাপেও অনুষ্কাৰ আছে আন এক পৰিচয় ৷ বহু বছৰ ধৰি ছবিৰ পৰা আঁতৰি থকা অভিনেত্ৰীগৰাকীৰ উচ্চতা ৫ ফুট ৯ ইঞ্চি ৷
সুস্মিতা সেন
সুস্মিতা সেন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু মডেল ৷ ১৯৯৪ৰ ‘মিছ ইউনিভাৰ্ছ’ সুস্মিতাই ১৯৯৬ত ‘দস্তক’ ছবিৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল ৷ সকলো সময়তে চৰ্চাত থকা এইগৰাকী অভিনেত্ৰীৰ উচ্চতা প্ৰায় ৫ ফুট ৯ ইঞ্চি ৷ উল্লেখ্য যে, নৰ্গিছ ফখৰী, কৃতি ছাননৰ উচ্চতাও ৫ ফুট ৯ ইঞ্চি ৷
দীপিকা পাডুকন
বলীউডৰ শীৰ্ষ অভিনেত্ৰীসকলৰ অন্যতম দীপিকা পাডুকনৰ উচ্চতা ৫ ফুট ৮ ইঞ্চি ৷ বৰ্তমান কন্যা দুৱাৰ সৈতে সময় অতিবাহিত কৰি থকা দীপিকাৰ শেষৰখন মুক্তি পোৱা ছবি আছিল ‘সিংঘম এগেইন’ ৷
উৰ্বশী ৰাউটেলা
উৰ্বশী ৰাউটেলা এটা কোঠাত সোমাই যায়, আৰু সকলোৱে ঘূৰি তাইৰ ফালে চায়! ১৯৯৪ চনৰ ২৫ ফেব্ৰুৱাৰীত হৰিদ্বাৰত জন্মগ্ৰহণ কৰা এই অভিনেত্ৰীগৰাকী ৫ ফুট ১০ ইঞ্চি ওখ– ঠিক বাস্কেটবলৰ হুপৰ দৰে! তেওঁৰ উচ্চতা সম্পূৰ্ণ বেলেগ!
তাৰ পিছত ২০১৫ চনত এই অভিনেত্ৰীগৰাকীয়ে সৃষ্টি কৰিলে আলোড়নৰ! মিছ ডিভা ইউনিভাৰ্ছৰ মুকুট লাভ কৰাৰ লগতে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতৰ বাবে সন্মান কঢ়িয়াই আনিলে তেওঁ ৷ কিন্তু ইমানতেই শেষ নহয় ইয়াৰ পিছত তেওঁ ছানী দেউলৰ সৈতে "সিং চাহাব দ্য গ্ৰেট"ৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰে ৷ ইয়াৰ পিচতে বেক টু বেক "সনম ৰে"ত "হেট ষ্ট'ৰী ৪"ত তেওঁ নিজৰ অভিনয় প্ৰদৰ্শণ কৰে ।
এই অভিনেত্ৰীসকলো ওখ
ওপৰত উল্লেখিত সকলৰ লগতে বলীউডৰ আন আন ওখ অভিনেত্ৰীসকলৰ ভিতৰত আছে কৰীনা কাপুৰ খান, যাৰ উচ্চতা ৫ ফুট ৮ ইঞ্চি, দীশা পাটানি, যাৰ উচ্চতা ৫ ফুট ৮ ইঞ্চি, কংগনা ৰানাৱত, যাৰ উচ্চতা ৫ ফুট ৭ ইঞ্চি, জেক্যুলিন ফাৰ্নাণ্ডেজ, যাৰ উচ্চতা ৫ ফুট ৭ ইঞ্চি আৰু সোণম কাপুৰ, যাৰ উচ্চতা ৫ ফুট ৭ ইঞ্চি ৷
লগতে পঢ়ক

