ৰাখীবন্ধন ২০২৬ : পবিত্ৰ দিনটোত মৰমৰ ভগ্নীক কি উপহাৰ দিব ?
ৰখীবন্ধনৰ বাবে প্ৰিয় ভনী বা ভাইটিক কি উপহাৰ দিব ? আপোনাৰ পৰিকল্পনা কি ? বিভ্ৰান্ত নহ’ব, জানো আহক উপহাৰ সন্দৰ্ভত নজনা কিছু কথা...

Published : August 28, 2026 at 7:01 AM IST
ৰাক্ষবন্ধন উৎসৱটিক ভাতৃত্ববোধ আৰু বিশ্বাসৰ প্ৰতীক হিচাপে গণ্য কৰা হয় । আজিৰ দিনটোত ভনীয়েকে ভায়েকৰ হাতত ৰাখী বান্ধি তেওঁৰ শ্ৰীবৃদ্ধি কামনা কৰে ৷ ভাতৃসকলেও ভগ্নীৰ সুখ আৰু অনন্দ প্ৰকাশৰ বাবে উপহাৰ দিয়ে ।
ৰখীবন্ধন উদযাপনৰ লগতে উপহাৰৰ ক্ষেত্ৰটো বহুতো ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে । আচাৰ্য বিজয় কুমাৰৰ মতে, সনাতন ধৰ্মত কিছুমান বস্তু দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয় যদিও কিছু বস্তু উপহাৰ হিচাপে দিয়াৰ পৰা সকলোৱে বিৰত থাকিব লাগে ৷
- ক’লা বস্তু উপহাৰ দিয়াৰ পৰা বিৰত থাকক
আচাৰ্য বিজয় কুমাৰৰ মতে, ভাতৃদ্বয়ে ৰখীবন্ধনৰ দিনা ভগ্নীক ক’লা সামগ্ৰী উপহাৰ দিয়াৰ পৰা বিৰত থাকিব লাগে । ধৰ্মীয় বিশ্বাসত ক’লা ৰং শনি গ্ৰহৰ সৈতে জড়িত বুলি গণ্য কৰা হয় ।

শনিৰ লগত জড়িত নেতিবাচকতাক দূৰ কৰিবলৈ ক’লা বস্তু দান কৰাটো এক পৰম্পৰা । গতিকে ভাই-ভগ্নীৰ সম্পৰ্কত তেওঁলোকক উপহাৰ দিয়াৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । কেৱল ক’লা বস্তু নহয়, ক’লা কাপোৰো ৰখীবন্ধনৰ দিনা ভগ্নীসকলক উপহাৰ হিচাপে নিদিব ৷ শনি গ্ৰহৰ লগত জড়িত বস্তু যোগ্য ৰীতিপৰায়ণ ব্ৰাহ্মণক দান কৰাৰহে বিধান আছে ৷
- ধাৰ বাে চোকা বস্তু উপহাৰ নিদিব
আচাৰ্য বিজয় কুমাৰে বৰ্ণনা দি কয় যে ৰখীবন্ধনৰ দিনা ভগ্নীক চোকা বা তীক্ষ্ন বস্তু উপহাৰ দিয়াৰ পৰা বিৰত থাকিব লাগে । যেনে কটাৰী, কেঁচী বা তেনেধৰণৰ অন্যান্য বস্তু । ধৰ্মীয় বিশ্বাস মতে, এনে বস্তু উপহাৰ হিচাবে দিলে অশুভ বুলি গণ্য কৰা হয় । গতিকে এই বস্তুবোৰৰ ঠাইত ভগ্নীৰ পছন্দৰ আন কিবা ব্যৱহাৰযোগ্য বস্তু উপহাৰ হিচাবে দিব পাৰে ।

কাঁচৰ বস্তুৰ ক্ষেত্ৰতো একেধৰণৰ ধৰ্মীয় বিশ্বাস প্ৰযোজ্য । আচাৰ্য বিজয় কুমাৰৰ মতে, ৰখীবন্ধনৰ দিনা নিজৰ ভগ্নীক কাঁচৰ বস্তু উপহাৰ দিয়াৰ পৰা বিৰত থাকিব । তেওঁ লগতে কয় যে জ্যোতিষশাস্ত্ৰ মতে, ৰাহুৰ লগত কাঁচৰ বস্তু জড়িত থাকে বুলি গণ্য কৰা হয় ৷ ই ঋণাত্মক শক্তি সঞ্চাৰণ কৰে বুলি বিশ্বাস কৰা হয় ৷
- উপহাৰ দিওঁতে মনত ৰাখিবলগীয়া কথা
ৰাখীবন্ধনৰ দিনা ভাই-ভনীসকলে নিজৰ পছন্দৰ কাপোৰ, মিঠাই, কিতাপ, গহনা বা আন উপযোগী বস্তু উপহাৰ দিব পাৰে । ধৰ্মীয় বিশ্বাস অনুসৰি উপহাৰৰ উদ্দেশ্য প্ৰেম আৰু শুভেচ্ছা হ’ব লাগে । ক’লা, চোকা বস্তু, কাঁচ থকা উপহাৰ সম্পৰ্কীয় নিষেধাজ্ঞা ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে ৷ ইয়াক বিশ্বাস আৰু পৰম্পৰাৰ প্ৰেক্ষাপটতেৰে চোৱা উচিত ।
স্পষ্টীকৰণ : এই লেখাটো ধৰ্মীয় বিশ্বাস আৰু জ্যোতিষৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে । ইয়াত উপস্থাপন কৰা তথ্যসমূহক বৈজ্ঞানিক তথ্য বা প্ৰমাণিত পৰামৰ্শ হিচাপে ধৰিব নালাগে । উপহাৰক কেন্দ্ৰ কৰি থকা বিশ্বাসবোৰ এজন ব্যক্তিৰ বিশ্বাস আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰে ।

