ETV Bharat / lifestyle

যৌৱন আৰু সৌন্দৰ্য ধৰি ৰাখিবৰ বাবে গ্ৰহণ কৰিব পাৰে এই খাদ্যসমূহ

আপোনাৰ যৌৱন আৰু সৌন্দৰ্য ধৰি ৰাখিবৰ বাবে খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এই ৫বিধ পানীয়-

ANTI AGING TIPS
যৌৱন আৰু সৌন্দৰ্য ধৰি ৰাখিবৰ বাবে গ্ৰহণ কৰিব পাৰে এই খাদ্যসমূহ (CANVA)
author img

By ETV Bharat Lifestyle Team

Published : December 18, 2025 at 5:22 PM IST

3 Min Read
Choose ETV Bharat

বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ প্ৰভাৱ শৰীৰত দেখা যায় ৷ ইয়াৰ প্ৰথম লক্ষণ দেখা যায় ছাল আৰু চুলিত ৷ কিন্তু খাদ্যাভ্যাসৰ জৰিয়তে শৰীৰটো সতেজ কৰি ৰাখিব পাৰে ৷ সঠিক খাদ্য, পানীয়, ব্যায়ামৰ দ্বাৰা আপুনি আপোনাৰ যৌৱনকাল ধৰি ৰাখিব পাৰে ৷ আপোনাৰ ৪০-৫০ বছৰ হ’লেও আপোনাক দেখাত তেনেকুৱা নালাগিব ৷ কোনেও নকয় যে, আপোনাৰ ইমান বয়স হৈছে ৷ আপোনাৰ যৌৱন আৰু সৌন্দৰ্য ধৰি ৰাখিবৰ বাবে খাদ্যৰ তালিকাত এই ৫ বিধ পানীয় ৰাখিব পাৰে ৷ এই পানীয় দৈনিক সেৱন কৰিলে অধিক সুফল পাব ৷

গ্ৰীণ টি: ইয়াত নিয়মীয়া চাহতকৈ কেইবাগুণ বেছি এন্টিঅক্সিডেন্ট থাকে ৷ গ্ৰীণ টিত পলিফিনল, ইজিচিজি থাকে, যিয়ে শৰীৰৰ বাবে ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে, প্ৰদাহ কমায়, শৰীৰক সুস্থ কৰি ৰাখে, আৰু যৌৱন কাল বজাই ৰাখে ৷ ইয়াত থকা EGCG নামৰ এন্টি-ইনফ্লেমেটৰী উপাদানটোৱে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব পাৰে ৷ এই পানীয় তেজত চুগাৰৰ মাত্ৰা বজাই ৰখা আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধিৰ বাবেও উপকাৰী ৷

জোল: কুকুৰা মাংসৰ জোল শৰীৰৰ বাবে অতি উপকাৰী ৷ হাড়ত থকা পুষ্টিকৰ উপাদানবোৰ ইয়াত মিহলি হৈ থাকে ৷ কুকুৰাৰ মাংস পানীত সিজাই জোল তৈয়াৰ কৰি বা চুৰুহা বনাই খাব পাৰে ৷ শীতকালত কুকুৰাৰ মাংস জোল খালে শৰীৰটো গৰম কৰি ৰখাৰ লগতে সতেজ হৈ থাকিব ৷ ইয়াত কেলচিয়াম, জিংক, মেগনেছিয়াম, ফছফৰাছ থাকে ৷ ইয়াত থকা এমিনো এচিডে কলাজেন উৎপাদন বজাই ৰখাত সহায় কৰে ৷ যিটো ছালৰ বাবে এতি উপকাৰী ৷

নাৰিকল পানী: সস্বাস্থ্যৰ বাবে নাৰিকলৰ পানী খাব পাৰে ৷ ই শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰাই নহয়, শৰীৰৰ পানীৰ প্ৰয়োজনীয়তাও পূৰণ কৰে ৷ ইলেক্ট্ৰলাইটে ছালৰ আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে, ফলত ছালখন সতেজ আৰু কোমল হৈ থাকে ৷

বীটৰ ৰস: বীটৰ ৰসৰ ছালৰ বাবে অতি উপকাৰী ৷ ই প্ৰচুৰ পৰিমাণে ভিটামিন চি, আইৰণ, আৰু নাইট্ৰেট সমৃদ্ধ ৷ এই উপাদানবোৰে তেজৰ সঞ্চালন উন্নত কৰাৰ লগতে শৰীৰটোক বিষমুক্ত কৰাত অৰিহণা যোগায় ৷ উন্নত ৰক্ত সঞ্চালনৰ অৰ্থ হ’ল ছালৰ কোষবোৰলৈ অধিক অক্সিজেন প্ৰেৰণ কৰা ৷ ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে ৷

হালধি গাখীৰ: হালধি গাখীৰ কেৱল চৰ্দিৰ প্ৰতিকাৰ নহয়, ই ঘৰতে বনাব পৰা আটাইতকৈ শক্তিশালী প্ৰদাহ নিবাৰণকাৰী পানীয়ৰ ভিতৰত অন্যতম ৷ হালধিত থকা সক্ৰিয় যৌগ কাৰকুমিনে দীৰ্ঘদিনীয়া প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে, যিটো কোষীয় পৰ্যায়ত বয়স বৃদ্ধিৰ অন্যতম ডাঙৰ চালক ৷

উল্লেখ্য যে, সুস্বাস্থ্য বজাই ৰাখিবলৈ দৈনিক শৰীৰ চৰ্চা কৰাটো অতি প্ৰয়োজন ৷ শৰীৰটো সতেজ আৰু শক্তিশালী কৰি ৰাখিবলৈ খাদ্যাভ্যাসৰ লগতে শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব দিব লাগে ৷ দৈনিক ৰাতিপুৱা সোনকালে উঠিব লাগে আৰু ৩০ মিনিটৰ পৰা ১ ঘণ্টা ব্যায়াম বা যোগাসনৰ লগতে প্ৰাণায়ম কৰিব পাৰে ৷ এই অভ্যাসে বিভিন্ন ৰোগৰ পৰাও শৰীৰটোক ৰক্ষা কৰিব ৷

লগতে পঢ়ক

  1. শালমন আৰু ফোঁহাৰ হোমিঅ’পেথি চিকিৎসা কি ? কি কয় বিশেষজ্ঞই
  2. সুন্দৰ হোৱা কিমান ব্যয়বহুল ? ছালৰ বিশেষজ্ঞই গ্লুটাথাইয়ন থেৰাপী ফলপ্ৰসূ নে বিপজ্জনক
  3. গৰমৰ এই সময়ছোৱাত এনেদৰে লওক ছালৰ যতন