ETV Bharat / lifestyle

বন্দে ভাৰত শ্লীপাৰ ৰে’লত যাত্ৰীক বগা ৰঙৰ পৰিৱৰ্তে ৰঙীণ কম্বল-বিচনা চাদৰ

পূৰ্বে যাত্ৰীসকলক বগা চাদৰ আৰু কম্বলৰ ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল ৷

VANDE BHARAT SLEEPER
বন্দে ভাৰত শ্লীপাৰ ৰে’ল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 18, 2026 at 6:16 PM IST

4 Min Read
Choose ETV Bharat

ভাৰতীয় ৰেলৱেই দ্ৰুতগতিত নিজৰ পৰিচয় সলনি কৰি আছে ৷ এই "নতুন ৰূপ"ৰ আটাইতকৈ পৰিচিত মুখখনেই হৈছে বন্দে ভাৰত শ্লীপাৰ ৰে’ল ৷ বিশেষকৈ ভাৰতীয় ৰে’লৱেই বন্দে ভাৰত শ্লীপাৰ ৰে’লত যাত্ৰীৰ আৰামৰ বাবে অভিনৱ উপায়ৰ পৰীক্ষা-নিৰীক্ষা চলাইছে ৷ শেহতীয়াকৈ ৰে’লৱেই বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছত কৰা এটা সৰু পৰিৱৰ্তন ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে ৷ বিশেষভাৱে ৰে’লৱেই এতিয়া যাত্ৰীসকলক সাধাৰণ বগা বিচনা চাদৰৰ সলনি নতুন, ৰঙীন চাদৰ আৰু কম্বলৰ ব্যৱস্থা কৰিছে ৷ পূৰ্বে যাত্ৰীসকলক বগা চাদৰ আৰু কম্বলৰ ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল, যিবোৰ তেওঁলোকে ৰেল যাত্ৰাৰ অবিচ্ছেদ্য অংশ বুলি গণ্য কৰিছিল যদিও এতিয়া ৰঙীন আৰু আকৰ্ষণীয় ডিজাইনত এইসমূহ উপলব্ধ হৈছে ৷

সাধাৰণতে ৰে’লৱেই এ চি দবাত যাত্ৰা কৰা যাত্ৰীসকলক কম্বল, গাৰু গিলিপ, চাদৰ প্ৰদান কৰে ৷ অৱশ্যে এইবোৰ আগতে সদায় বগা ৰঙৰ আছিল ৷ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী অইন্দ্ৰিলা দত্তই পোষ্ট কৰা এটা ভিডিঅ’ এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ৷ তেওঁৰ ভিডিঅ’টোৰ কেপচনত লিখিছে, “৩ এ চিৰ দবাত এতিয়া মৰ্গৰ দৰে পৰিৱেশ নাই ৷” তেওঁ কয় যে বগা চাদৰ আৰু কম্বলৰ কভাৰে আগতে সমগ্ৰ দবাটোক চিকিৎসালয়ৰ ৱাৰ্ড বা মৰ্গৰ দৰে কৰি তুলিছিল যদিও এতিয়া ৰঙীন, ক’লা ছপাযুক্ত কম্বলবোৰে দবাটোক নতুন আৰু সতেজ ৰূপ দিছে ৷

ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ প্ৰতিক্ৰিয়া, প্ৰশংসা আৰু সাৱধানতা

ৰে’লৱেই কৰা এই পৰিৱৰ্তনক লৈ ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কোনোৱে মন্তব্য কৰিছিল যে নতুন বেডশ্বীট আৰু কম্বলবোৰ অতি উষ্ণ, আৰামদায়ক আৰু আকৰ্ষণীয় দেখা গৈছে ৷ আনহাতে কোনোৱে আঙুলিয়াই দিছিল যে এই পৰিৱৰ্তন কৰা হৈছে যদিও দায়িত্ববোধ পালন কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ ব্যৱহাৰকাৰীসকলে জোৰ দি কয় যে ৰে’লৱেই প্ৰদান কৰা এই ৰঙীন কম্বল আৰু আঠুৱাবোৰ মানুহে ঘৰলৈ নিব নালাগে ৷ এজন ব্যৱহাৰকাৰীয়ে উদ্বেগ প্ৰকাশ কৰে যে যদি কোনো বস্তু হেৰাই যায় তেন্তে সেই বিশেষ দবাটো চোৱাচিতা কৰিবলৈ নিযুক্তি দিয়া ৰে’ল কৰ্মচাৰীসকলে তেওঁলোকৰ দৰমহাৰ পৰাই সেইবোৰৰ মূল্য দিব লাগিব ৷

ইফালে একাংশ ব্যৱহাৰকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে যে ৰে’লৱেই হয়তো এই সামগ্ৰীসমূহ সঠিকভাৱে ধোৱা নাই ৷ ব্যৱহাৰকাৰীসকলে যুক্তি দিছিল যে যিহেতু কম্বলবোৰ ৰঙীন, গতিকে মলি আৰু দাগ তৎক্ষণাত দেখা নাযায় ৷ একাংশ নেটিজেনে আঙুলিয়াই দিয়ে যে এইটো মনত ৰখাটো গুৰুত্বপূৰ্ণ, এই সুবিধা কেৱল বন্দে ভাৰত শ্লীপাৰ ৰে’লতহে উপলব্ধ, আৰু এই ৰে’লসমূহৰ টিকটৰ মূল্য নিয়মীয়া ৰে’লৰ তুলনাত যথেষ্ট বেছি ৷

উচ্চমানৰ খাদ্য যোগান

কেৱল বিচনাৰ কাপোৰেই নহয়, বন্দে ভাৰত শ্লীপাৰত খাদ্য যোগানৰ সন্দৰ্ভতো কঠোৰ নিয়ম মানি চলিছে আই আৰ চি টি চিয়ে ৷ শেহতীয়াকৈ ভাইৰেল হোৱা আন এটা ভিডিঅ’ত ৰে’ল কৰ্মচাৰীয়ে কেপ, ফেচ মাস্ক, গ্ল’ভছ পিন্ধি অতি পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে খাদ্য পৰিবেশন কৰা দেখা গৈছে ৷ সামগ্ৰিকভাৱে ৰে’লৱেৰ এই নতুন ধাৰাটোৱে যাত্ৰীসকলক এক নতুন অভিজ্ঞতা প্ৰদান কৰিছে ৷

ভাৰতীয় ৰে’লৱেই দীৰ্ঘ দূৰত্বৰ যাত্ৰাত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে ৷ ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল মুকলিৰ লগে লগে যাত্ৰীসকলে তীব্ৰ গতি, উন্নত সুৰক্ষা, আৰু আধুনিক সুবিধাসমূহ উপভোগ কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৭ জানুৱাৰীত এই তীব্ৰবেগী ৰেলখনৰ ফ্লেগ অফ কৰিছিল ৷ হাওৰা আৰু গুৱাহাটী (কামাখ্যা)ৰ মাজত নিয়মীয়াকৈ চলাচল কৰে এই তীব্ৰবেগী শ্লীপাৰ ৰে’লখনে (ট্ৰেইন নম্বৰ ২৭৫৭৬) ৷ তাৎপৰ্যপূৰ্ণভাৱে এই ৰে’লে ৰাজধানী আৰু অন্যান্য ছুপাৰফাষ্ট ৰে’লৰ তুলনাত কম সময়তে অধিক দূৰত্ব অতিক্ৰম কৰে, যাৰ ফলত যাত্ৰীসকলক বিলাসী অথচ সুলভ মূল্যৰ ভ্ৰমণ বিকল্প প্ৰদান কৰা হৈছে ৷ ২২ জানুৱাৰীত ৰে’লখন মুকলি কৰা হয়, আৰু ১৯ জানুৱাৰীৰ পৰা বুকিং আৰম্ভ হয় ৷ বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ প্ৰথম বাণিজ্যিক যাত্ৰা ২০২৬ চনৰ ২২ জানুৱাৰীৰ পৰা আৰম্ভ হয়, এখন ৰে’ল হাওৰাৰ পৰা কামাখ্যালৈ আৰু আন এখন ৰে‘ল কামাখ্যা ষ্টেচনৰ পৰা হাওৰালৈ যাত্ৰা কৰে ৷

লগতে পঢ়ক:

ৰাষ্ট্ৰীয় নিদ্ৰা সংকট : ভাল টোপনিৰ চহৰৰ ৰেংকিঙৰ শীৰ্ষত চেন্নাই