ডেংগু-মেলেৰিয়া আপোনাৰ পৰিয়ালৰ পৰা থাকিব দূৰত! মাত্ৰ ঘৰত ৰোপণ কৰক এইকেইবিধ গছ
বতৰ পৰিৱৰ্তনৰ লগে লগে ডেংগু-মেলেৰিয়াৰ দৰে মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ আশংকাও বৃদ্ধি পাবলৈ আৰম্ভ কৰে সেয়ে আপোনাৰ ঘৰতে উপলব্ধ কেইবিধমান ঔষধি গছৰ দ্বাৰাই পাওক সুফল

Published : November 22, 2025 at 5:26 PM IST
বতৰ সলনি হোৱাৰ লগে লগে মহৰ আতংক বাঢ়ি যায় ৷ বিশেষকৈ বাৰিষাৰ সময়ত ডেংগু, মেলেৰিয়াৰ দৰে ৰোগৰ আশংকা দ্ৰুতগতিত বৃদ্ধি পায় ৷ মহৰ পৰা হাত সাৰিবলৈ আমি প্ৰায়ে বজাৰত উপলব্ধ ৰাসায়নিক সামগ্ৰী বা কীটনাশক ব্যৱহাৰ কৰো, কিন্তু আপুনি জানেনে যে আপোনাৰ ঘৰতে উপলব্ধ থকা কিছুমান সেউজীয়া পাত ব্যৱহাৰ কৰি আপুনি মহক নিজৰ পৰা আঁতৰাই ৰখাতো ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে ৷
বৰ্তমান অসমত মহৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, এই সময়ত মহৰ সংখ্যা খুবেই বাঢ়ি যায় আৰু ডেংগু আৰু মেলেৰিয়াৰ আশংকা যথেষ্ট বৃদ্ধি পায় ৷ বৰ্তমান পৰিস্থিতি এনেকুৱা হৈছে যে সাধাৰণ বৃষ্টিপাত হ’লেও মহৰ উৎপাত বৃদ্ধি পায় ৷ সন্ধিয়া খিৰিকী-দৰ্জা বন্ধ নাৰাখিলে বা সাৱধানতা অৱলম্বন নকৰিলে আপুনি কোন সময়ত কি ৰোগত ভুগিব পাৰে তাৰো কোনো গেৰাণ্টি নাই ৷
বিশেষকৈ শিশু, সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো বিশেষ যতন লোৱাটোও খুবেই জৰুৰী কাৰণ তেওঁলোকে এই বিষয়ে ভালদৰে নাজানে আৰু নিজাববীয়াকৈ সঠিক যতন ল’ব নোৱাৰে ৷ ডেংগু, চিকুংগুনিয়া আৰু মেলেৰিয়া আদি কিছুমান বিপজ্জনক ৰোগ যিবোৰ মহৰ ফলত হয় এনে ৰোগৰ পৰা আপুনি নিজকে তথা আপোনাৰ সন্তানটিৰ লগতে নিজক আৰু আপোনাৰ পৰিয়ালটিক ৰক্ষা কৰাৰ ক্ষেত্ৰত আপোনাৰ আশে-পাশে থকা কিছুমান সেউজীয়া পাতে সহায় কৰিব পাৰে হয়, আপুনি ঠিকে শুনিছে প্ৰাকৃতিক প্ৰতিকাৰ কেৱল নিৰাপদ হোৱাই নহয়, অত্যন্ত ফলপ্ৰসূও ৷ এই সেউজীয়া পাতবোৰৰ বিষয়ে আৰু ইয়াৰ ব্যৱহাৰ কেনেদৰে কৰিব পাৰি জানো আহক-
Attention Residents of Guwahati!
— Chief Minister Assam (@CMOfficeAssam) October 27, 2024
If you are facing any of the symptoms mentioned below, contact your nearest Dengue Testing Centre.@nhm_assam pic.twitter.com/mwu0OEUvNC
কোনবোৰ পাত উপকাৰী ?
১) নিমৰ পাত
নিমৰ গুণৰ কথা ক’বলৈ গ’লে ই এক প্ৰকাৰৰ ঔষধি গছ যাক আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰো ৷ আপোনালোক সকলোৱে নিশ্চয় শুনিছে ৷ নিমৰ পাতত এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল আৰু এন্টিভাইৰেল গুণ থাকে, যিয়ে মহক আঁতৰাই ৰখাত সহায় কৰে ৷ নিমৰ পাত জ্বলাই ঘৰত ইয়াৰ ধোঁৱা বিয়পাই দিলে মহ ওচৰলৈ আহিব নোৱাৰে ৷ নিমৰ তেলো এনে ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে ৷ নিম তেল নাৰিকল তেলৰ লগত মিহলাই ছালত লগালে মহৰ কামোৰৰ পৰা বাচি থাকিব পাৰি ৷
২) তুলসীৰ পাত
তুলসী এনে এক বনৌষধি যাৰ ধৰ্মীয় মহত্ব থকাই নহয় মহ প্ৰতিৰোধতো ফলপ্ৰসূ ৷ হয়, ঘৰত তুলসী গছ ৰোপণ কৰিলে মহ আঁতৰি থাকে ৷ ইয়াৰ উপৰিও তুলসীৰ পাতৰ ৰস উলিয়াই ছালত লগালে মহৰ পৰাও সুৰক্ষা পোৱা যায় ৷ তুলসী পাতৰ ৰস ডেংগু আৰু মেলেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায়ক ৷
৩) পদিনা পাত
পদিনা পাতত থকা মেন্থলৰ গোন্ধই মহৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷ পদিনা পাতৰ ৰস উলিয়াই পানীত মিহলাই ঘৰত ছটিয়াই দিব ৷ ইয়াৰ ফলত মহ আপোনাৰ পৰা আঁতৰি থকাই নহয়, আপোনাৰ ঘৰখনো সতেজ হৈ থাকিব ৷ ইচ্ছা কৰিলে পদিনা তেলো ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াক শৰীৰত প্ৰয়োগ কৰিলে মহক আপোনাৰ পৰা আঁতৰাই ৰাখে আৰু ডেংগু আৰু মেলেৰিয়াৰ সম্ভাৱনা কম হয় ৷
৪) লেমনগ্ৰাছৰ পাত
লেমনগ্ৰাছ এবিধ প্ৰাকৃতিক মহ বিকৃত উদ্ভিদ ৷ ইয়াৰ পাতত চিট্ৰনেলা নামৰ এবিধ মৌল পোৱা যায়, যিয়ে মহক আঁতৰাই ৰখাত সহায় কৰে ৷ ঘৰৰ আশে-পাশে লেমনগ্ৰাছৰ পাত ৰোপণ কৰিলে মহ আঁতৰি থাকে ৷ ইচ্ছা কৰিলে লেমনগ্ৰাছ তেলো ব্যৱহাৰ কৰিব পাৰে ৷ এইবিধ পাতক ছালত লগালে মহে আক্ৰমণ নকৰে আৰু আপুনি সুৰক্ষিত হৈ থাকিব পাৰে ৷
এই পাতবোৰ কেনেকৈ ব্যৱহাৰ কৰিব ?
- এই পাতবোৰ পানীত সিজাই সেই পানী ঘৰত ছটিয়াওক ৷
- এই পাতৰ তেল ডিফিউজাৰত ভৰাই ব্যৱহাৰ কৰিব পাৰে ৷
- এই গছবোৰ আপোনাৰ ঘৰ বা বাগিচাত ৰোপণ কৰক ৷
- এই পাতবোৰ আঁঠুৱাতো বান্ধি ৰাখিব পাৰে ৷
লগতে পঢ়ক

