ETV Bharat / lifestyle

নামনি অসমৰ লোক উৎসৱ মহোহো; এই উৎসৱ কেনেকৈ পালন কৰা হয় ?

প্ৰতিবছৰে আঘোণৰ পূৰ্ণিমাৰ দিনা মহোহো পালন কৰা হয় । বিশেষকৈ নামনি অসমত মহোহো উৎসৱৰ প্ৰচলন বেছি । জানো আহক এই উৎসৱত বিশেষত্ব তথা তাৎপৰ্য-

Moh-Kheda (Moh-Ho-Ho) Festival of Assam
নামনি অসমৰ লোক উৎসৱ মহোহো; এই উৎসৱ কেনেকৈ পালন কৰা হয় ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : December 4, 2025 at 4:00 PM IST

6 Min Read
Choose ETV Bharat

অ' হো হো মহো হো ৷

মহ খেদবা টাঙোন লৌ ৷

মহে বোলে মল্লুদে ৷

টেপল পুৰা খালুদে ৷

টেপলত নহ'ল নুন ৷

চাউল লাগে দোন দোন ...

নামনি অসমৰ ঠাই বিশেষে প্ৰচলিত এক বিশেষ লোক উৎসৱ হৈছে মহো-হো বা মহখেদা উৎসৱ ৷ আঘোণ মাহৰ পূর্ণিমা তিথিত এই উৎসৱ পালন কৰা হয় ৷ এই উপলক্ষে গধূলি গাঁৱৰ চেমনীয়াসকলে হাতত লাঠি লৈ চোতালত ঘূৰি ঘূৰি বিভিন্ন প্রক্রিয়াৰে মহ খেদা গীত গাই গৃহস্থৰ কুশল-মংগল কামনা কৰে আৰু আশীর্বাদ দিয়ে ৷ নামনি অসমৰ ঠাই বিশেষে আজি মহোহো বা মহ খেদা উৎসৱ পালন কৰা হ’ব । আঘোণ মাহৰ পূর্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। এই উপলক্ষে গধূলি গাঁৱৰ চেমনীয়াসকলে হাতত লাঠি লৈ চোতালত ঘূৰি ঘূৰি বিভিন্ন প্রক্রিয়াৰে মহ খেদা গীত গাই গৃহস্থৰ কুশল-মংগল কামনা কৰে আৰু আশীৰ্বাদ দিয়ে । লোকবিশ্বাস মতে মহ খেদাৰ পাছত লাহে লাহে মহবোৰ কমি যায় । জানো আহক এই উৎসৱত বিশেষত্ব তথা তাৎপৰ্য-

কেনেকৈ পালন কৰা হয় এই উৎসৱ ?

এই উৎসৱটো কৃষিভিত্তিক সমাজৰ বিশ্বাস আৰু পৰম্পৰাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত ৷ ইয়াৰ মূল উদ্দেশ্য হৈছে খেতি-পথাৰৰ শস্যক অনিষ্টকাৰী কীট-পতংগ, মহ, আৰু কেতিয়াবা বন্য জন্তুৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰা আৰু গোটেই সমাজখনৰ পৰা অপায়-অমংগল দূৰ কৰা ৷

মহ খেদা গীতবোৰ গালে মহবোৰ ভয়ত আঁতৰি যায় বুলি কোৱা হয় আৰু লগতে গৃহস্থক আশীৰ্বাদ দি চাউল-পইচা লোৱা হয় ৷ লোক বিশ্বাস মতে মহোহো উৎসৱৰ পিছত মহবোৰ লাহে লাহে কমি নাইকিয়া হয় ৷ মহ খেদোতাসকলে যি চাউল বা পইচা পায়, সেই চাউল-পইচাৰে পিছত সকলোৱে লগ লাগি ভোজ-ভাত খায় ৷ আঘোণ মাহত অনুষ্ঠিত মহোহো উৎসৱ গাঁৱৰ গৰখীয়া আৰু চেমনীয়া ল’ৰাবোৰৰ আনন্দময় উৎসৱ ৷ এই উৎসৱত গোৱা গীতক ‘ভাল হওক দিয়া’ বা ভাওল দিয়া গীতো বোলা হয় ৷ এই গীতবোৰৰ লগত উজনিৰ হুঁচৰি গীত, গোৱালপাৰাৰ এউৰিমগা গীত আৰু বাস্কা অঞ্চলৰ বাম্বোল পিটা গীতৰ কিছু সাদৃশ্য আছে ৷ নামনি অসমৰ ভিন্‌ ভিন্‌ অঞ্চলত প্ৰচলিত মহোহো গীতবোৰ একে ধৰণৰ; কেৱল ঠাই বিশেষে দুই-চাৰিটা শব্দ, পদ আৰু সুৰৰ ক্ষেত্ৰত কিছু অমিল লক্ষ্য কৰা যায় ৷ আঘোণী পূৰ্ণিমাৰ প্ৰাণময় উৎসৱ মহোহো বা মহখেদা অ-জনজাতি সকলৰ লগতে জনজাতীয় লোকসকলৰ মাজতো আদৰণীয় ৷

সাধাৰণতে আঘোনত খেতি চপোৱাৰ আগতে বা শস্য বৃদ্ধি পোৱাৰ সময়ত, যি সময়ত বতৰৰ পৰিৱৰ্তনৰ ফলত কীট-পতংগৰ উপদ্ৰৱ বাঢ়ি আহে, সেই সময়তে এই উৎসৱ পালন কৰা হয় ৷ বিভিন্ন অঞ্চলত ইয়াৰ পালনৰ দিন বেলেগ বেলেগ হ’ব পাৰে, কিন্তু মূলতঃ এই উৎসৱটো সমগ্ৰ গাঁওবাসীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় ৷

কেনেকৈ আহিল শব্দ

প্ৰচলিত কথা অনুসৰি অসমীয়াৰ ‘মহ’ আৰু বড়ো ভাষাৰ ‘হো’ শব্দ লগ হৈ মহোহো শব্দৰ সৃষ্টি হৈছিল । ঠাইভেদে ইয়াৰ নাম বেলেগ বেলেগ আছে । গোৱালপাৰৰ কিছু অংশত ইয়াক এউৰি বা ওৰি মাগা বুলি জনা যায় । ঠিক তেনেকৈ দৰঙত মহৌ খেদা মইহ খেদা বা মহ খেদা বুলি জনা যায় । আনহাতে কামৰূপত মহৌ-হৌ, নলবাৰীত ভালোক দিয়া বা ভাল-ভৌলকা বা মহোহো, বৰপেটাৰ ঠাইবিশেষে ভাওল দিয়া বা ভাও লালীয়া, বজালীত মহোহো আদি বিভিন্ন নামেৰে জনা যায় ।

মহোহো খেদা উৎসৱৰ আচাৰ-অনুষ্ঠানসমূহ আনন্দ আৰু নিৰ্দিষ্ট লোক-সংস্কৃতিৰে ভৰা ৷ গাঁৱৰ যুৱক-যুৱতী আৰু কিশোৰসকলে একত্ৰিত হৈ এই অভিযানৰ নেতৃত্ব দিয়ে ৷ তেওঁলোকে ঢোল, পেঁপা, তাল আদি লোক-বাদ্যৰ লগতে ঘৰুৱা কাঁহী, বাটি বা বাঁহৰ লাঠিৰে জোৰেৰে শব্দ সৃষ্টি কৰে ৷ এই শব্দৰ দ্বাৰা অপদেৱতা বা অনিষ্টকাৰী জীৱ-জন্তুবোৰক খেদি পঠিয়াবলৈ চেষ্টা কৰা হয় বুলি লোকবিশ্বাস আছে ৷

এই উৎসৱৰ লগত জড়িত কিছুমান নিৰ্দিষ্ট লোকগীত (মহোহো খেদা গীত) গোৱা হয় ৷ এই গীতবোৰত অপায়-অমংগল দূৰ কৰাৰ বাবে আৰু খেতিৰ মংগলৰ বাবে প্ৰাৰ্থনা জনোৱা হয় ৷ উৎসৱ পালনকাৰী দলটোৱে গাঁৱৰ প্ৰতিটো ঘৰৰ খেতি-পথাৰ আৰু বাৰী চুকত গৈ গীত গাই শব্দ কৰে, যাতে অনিষ্টকাৰী শক্তিসমূহ গাঁও এৰি আঁতৰি যায় ৷

এই সামূহিক প্ৰচেষ্টাৰ অন্তত গাঁৱৰ ৰাইজে উমৈহতীয়াভাৱে এটি ভোজৰ আয়োজন কৰে, যিয়ে সমাজৰ বন্ধন আৰু ঐক্য শক্তিশালী কৰে ৷ মহোহো খেদা উৎসৱ কেৱল এটি কৃষিভিত্তিক ৰীতি নহয়, বৰঞ্চ ই অসমীয়া লোক-সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ ৷

এই উৎসৱে পৰিৱেশৰ সৈতে মানুহৰ সহজীয়া সম্পৰ্কক প্ৰতিফলিত কৰে আৰু কঠিন সময়ত সমাজক একত্ৰিত কৰাত সহায় কৰে ৷ আধুনিকতাৰ সোঁতত এই লোক-উৎসৱৰ কিছু কিছু ঠাইত প্ৰচলন কমি আহিছে যদিও, এতিয়াও বহু গ্ৰামাঞ্চলত ই এক সজীৱ পৰম্পৰা হিচাপে জীয়াই আছে ৷ তাৰোপৰি, এই পৰাম্পৰা যেন হেৰাই যাবলৈ নিদিয়ে সচেতন ৰাইজ তথা দল সংগঠনে ৷

এই খিনিতে উল্লেখ কৰা প্ৰয়োজন যে, মহ খেদা উৎসৱটি কোনো ধৰ্মীয় উৎসৱ নহয় ৷ জাতি-ধৰ্ম নিবিশেষে অসমৰ সকলো ধৰ্মৰ লোকেই এই উৎসৱত ভাগ লয় ৷ নামনি অসমৰ অবিভক্ত কামৰূপ, গোৱালপাৰা, নলবাৰী, দৰং, বৰপেটা আদিত ইয়াৰ প্ৰচলন অধিক ৷ ঠাই বিশেষ ইয়াক মহখুন্দা,ভাল ভৌলকা,এউৰিমাগা,ভাউল হোল, ওৰি মান্দি আদি নামেৰে জনা যায় ৷ ৰাভা সকলে এই মহ খেদা উৎসৱটি তিনিদিনীয়াকৈ পালন কৰে ৷

লগতে পঢ়ক

  1. অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰো প্ৰিয় ভূত জলকীয়াৰ আচাৰ, জানো আহক ইয়াক তৈয়াৰ কৰাৰ পদ্ধতি
  2. ডেংগু-মেলেৰিয়া আপোনাৰ পৰিয়ালৰ পৰা থাকিব দূৰত! মাত্ৰ ঘৰত ৰোপণ কৰক এইকেইবিধ গছ
  3. আজি লাচিত দিৱস: সাহস তথা বীৰত্বৰ অমৰগাঁথাক ৰাজ্যজুৰি সোঁৱৰণ