বৰদিন উপলক্ষে জানো আহক যীশুখ্ৰীষ্টৰ কেইটামান অমূল্য বাণী
যীশুখ্ৰীষ্টৰ বাণীসমূহে সকলোকে এক নতুন প্ৰেৰণা যোগায়, গতিকে বৰদিনৰ শুভ ক্ষণত যীশুই কৈ যোৱা কেইটামান অমূল্য বাণী তলত উল্লেখ কৰা হ’ল-

Published : December 25, 2025 at 1:06 PM IST
বৰদিন! প্ৰতিবছৰে ২৫ ডিচেম্বৰৰ দিনটোত সমগ্ৰ বিশ্বই পালন কৰে পবিত্ৰ বৰদিন (Merry Christmas) ৷ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মূল ধৰ্মীয় উৎসৱ বৰদিন ৷ অৱশ্যে কেৱল খ্ৰীষ্টান ধৰ্মৰ লোকসকলেই নহয়, বিভিন্ন প্ৰান্তৰ বহু মানুহে এই দিনটো পালন কৰে ৷ মান্যতা অনুসৰি, এই দিনটোতে প্ৰভু যীশু (Jeasus Christ)ৰ জন্ম হৈছিল ৷ যাৰ বাবে এই দিনটোত বৰদিন পালন কৰা হয় ৷ বৰদিন উপলক্ষে খ্ৰীষ্টান ধৰ্মৰ লোকসকলে ঘৰৰ সন্মুখত খ্ৰীষ্টমাছ ট্ৰী লগায় ৷ ৰঙীন লাইট, ষ্টাৰ আদিৰে ঘৰ সজাই তোলে ৷ প্ৰতিটো গীৰ্জা ঘৰত শুনিবলৈ পোৱা যায় কেৰলৰ ধ্বনি ৷
কোৱা হয়, যীশুখ্ৰীষ্ট আছিল খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক ৷ তেওঁৰ ধৰ্মৰ বাণীসমূহ পাছলৈ বাইবেল হিচাপে ৰূপান্তৰিত হয় ৷ মানৱ প্ৰেম হৈছে খ্ৰীষ্টান ধৰ্মৰ মূল বাণী ৷ গতিকে বৰদিনৰ শুভ ক্ষণত যীশুই কৈ যোৱা কেইটামান অমূল্য বাণী তলত উল্লেখ কৰা হ’ল-
- যীশুৱে কৈছিল, মোৰ পিতৃয়ে মোক যেনেকৈ প্ৰেম কৰে তেনেকৈ মইও তোমালোকক প্ৰেম কৰিম ৷
- যীশুৱে কৈছিল, এটা সঁচা কথা কও ৷ ধনী মানুহে স্বৰ্গত প্ৰৱেশ কৰাতকৈ উটৰ বেজীৰ চকুৰে যোৱাটো সহজ ৷
- নিজৰ ভগৱানক সমস্ত হৃদয়, মনেৰে প্ৰেম কৰা ৷
- যিসকলে শৰীৰক হত্যা কৰে, সেইসকলক ভয় নকৰিবা ৷ তেওঁলোকে আত্মাক হত্যা কৰিব নোৱাৰে ৷ ইয়াৰ সলনি নৰকত আত্মা আৰু শৰীৰ উভয়কে ধ্বংস কৰিব পৰাজনক ভয় কৰিবা ৷
- মানুহে সহায় সত্যৰ সৈতে জীয়াই থাকিব লাগে আৰু ইয়াক জীৱনত সৰ্বোচ্চ স্থান দিয়া উচিত ৷ সত্যই মানুহক শক্তিশালী কৰে আৰু নেতিবাচক প্ৰভাৱৰ পৰা ৰক্ষা কৰে ৷
- ভুল কৰাতকৈ ক্ষমা কৰাজন ডাঙৰ ৷ ক্ষমা পৃথিৱীৰ আটাইতকৈ ডাঙৰ বস্তু আৰু ই প্ৰায়ে শত্ৰুৰ হৃদয়ো কোমল কৰি তুলিব পাৰে ৷
- মানুহ কেতিয়াও পৰাজিত হ’ব নোৱাৰা এক চিৰন্তন সত্তা ৷ কিন্তু দুৰ্বল ব্যক্তিয়ে সদায় সহায়ৰ আশা কৰে, যাৰ বাবে তেওঁ নিজৰ শক্তি,সামৰ্থ চিনি নাপায় ৷
- কেতিয়াও আনৰ বিচাৰ নকৰিবা, নহ’লে তোমাৰ বিচাৰ হ’ব ৷
- পৃথিৱীত জন্ম লোৱা প্ৰতিগৰাকী ব্যক্তিৰ কৰ্তব্য হ’ল আনৰ সেৱা কৰা ৷ সেয়া লাগিলে দুখীয়া মানুহৰ হওক, জীৱ-জন্তু হওক, চৰাই হওক, গছ-গছনি হওক, উদ্ভিদ হওক বা আন কিবা ৷
- সকলো মানুহে জীৱনত বিফলতাৰ সন্মুখীন হয় ৷ কিন্তু বিফলতাক ভয় কৰা উচিত নহয় ৷ ই সফলতাৰ প্ৰথম পদক্ষেপ ৷ যদি ইয়াৰ পৰা শিক্ষা লৈ আগবাঢ়ি যায় তেন্তে নিশ্চয় এদিন সফলতা লাভ কৰিব ৷
লগতে পঢ়ক

