ETV Bharat / lifestyle

দীপাৱলী উপলক্ষে বিভিন্ন ফুল-মিঠাইৰ আৰ্হিৰ ম'মবাতি প্ৰস্তুত কৰি গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিছে সুৰভিয়ে

বিভিন্ন ডিজাইনৰ এই ম'মবাতিয়ে দৃষ্টি আকৰ্ষণ কৰিব আপোনাৰো, ফুল-মিঠাইৰ আৰ্হিৰে ম'মবাতি প্ৰস্তুত কৰি কাৰুশিল্পী সুৰভিয়ে খুলিছে ব্যৱসায়ৰ নতুন দুৱাৰ-

DIWALI 2025
দীপাৱলী উপলক্ষে বিভিন্ন ফুল-মিঠাইৰ আৰ্হিৰ ম'মবাতি প্ৰস্তুত কৰি গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিছে সুৰভিয়ে (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : October 18, 2025 at 6:53 PM IST

4 Min Read
Choose ETV Bharat

পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে মাজত মাথো এটা দিন ৷ দীপাৱলীৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নানা প্ৰস্তুতি চলিছে ৷ দৈনন্দিন ব্যস্ততাৰ মাজতো ৰাজ্যাবাসীয়ে দীপাৱলী উদযাপনৰ বাৰ্ণাঢ্য আয়োজন কৰিছে ৷ এই আয়োজনত মৃৎশিল্পীৰ লগতে বিভিন্ন কাৰুশিল্পীসকলেও হাত উজান দিছে ৷ দীপাৱলীক লৈ ব্যস্ত হৈ পৰিছে সকলো ৷ এইবাৰ দীপাৱলীত আলোক বন্তি হিচাপে ব্যৱহাৰ কৰিবলৈ বিভিন্ন আৰ্হিৰ ম'মবাতি প্ৰস্তুত কৰিছে গুৱাহাটী মহানগৰীৰ এগৰাকী মহিলা কাৰুশিল্পীয়ে ৷ তেওঁ হৈছে লাচিত নগৰ নিবাসী সুৰভি সিং ৷ দীপাৱলী উপলক্ষে তেওঁ প্ৰস্তুত কৰিছে বিভিন্ন ফুল, মিঠাই আদি আকৰ্ষণীয় আৰ্হিৰ লগতে পানীত ওপঙি থাকিব পৰা ভাসমান ম'মৰ বন্তি ৷

তেওঁৰ হাতৰ পৰশত ম'মবাতিবোৰে যেন প্ৰাণ পাই উঠিছে ৷ দীপাৱলীৰ উদযাপনক নান্দনিক কৰি তোলাৰ উদ্দেশ্যে তেওঁ এই ম'মৰ বন্তিবোৰ প্ৰস্তুত কৰিছে ৷ তেওঁ প্ৰস্তুত কৰা ম'মৰ বন্তিয়ে ইতিমধ্যে গ্ৰাহকৰ সমাদৰ লাভ কৰিছে ৷ গ্ৰাহকৰ ফৰমাইচতে তেওঁ পশ্চিম বংগ আৰু বিহাৰলৈ প্ৰেৰণ কৰিছে বিভিন্ন আৰ্হিৰ ম'মবাতি ৷ আনহাতে গুৱাহাটীৰো বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে তেওঁ প্ৰস্তুত কৰা ম'মবাতি যোগানৰ বাবে ফৰমাইচ দিছে ৷

সুৰভি সিং (ETV Bharat)

এইবাৰ সুৰভি সিঙৰ কাৰুশিল্পৰ চানেকিৰে আলোকিত হ'ব গুৱাহাটী মহানগৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠাৰ লগতে ব্যক্তি বিশেষৰ ঘৰ ৷ নিজে প্ৰস্তুত কৰা ম'মবাতিবোৰৰ বাণিজ্যিক প্ৰচাৰৰ উদ্দেশ্যে সুৰভি সিঙে গুৱাহাটীৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰদৰ্শনীও অনুষ্ঠিত কৰিছে ৷ ইয়াৰ পৰা গ্ৰাহকে নিজৰ পচন্দ অনুসৰি ক্ৰয় কৰি নিব পাৰিব বিভিন্ন আৰ্হিৰ ম'মবাতি ৷

কিয় আৰম্ভ কৰিছিল ম'মবাতিৰ ব্যৱসায় ?

সুৰভি সিঙে কয় , "ম'মবাতি মোৰ খুবেই প্ৰিয় ৷ বিভিন্ন স্থানৰ পৰা মই ম'মবাতি ক্ৰয় কৰি আনো ৷ বিগত বছৰত ভাবিলো নিজেই কিয় বনাবলৈ চেষ্টা নকৰোঁ ৷ তেতিয়া মই অনলাইন প্ৰশিক্ষণ লৈ বনাবলৈ আৰম্ভ কৰিলোঁ ৷ প্ৰথমতে নিজৰ ঘৰৰ বাবে বনালো তাকে দেখি বন্ধুবৰ্গই ললে ৷ তেতিয়া মোৰ আত্মবিশ্বাস জাগিলে ৷ বিগত বৰ্ষত বৰদিনৰ সময়ত কেইবাখনো প্ৰদৰ্শনত অংশগ্ৰহণ কৰিলো ৷ এই প্ৰদৰ্শনীত খুব ভাল গ্ৰাহকৰ সহাৰি পালো ৷ তেতিয়াৰ পৰা মই ম'মবাতি বনাই আছো ৷ লগতে প্ৰশিক্ষণো দি আহিছো ৷" তেওঁ লগতে কয়, "বিভিন্ন কাৰুকাৰ্য সচিত ম'মবাতিত চাহিদা অধিক ৷ কিন্তু এই ম'মবাতি বনাবলৈ প্ৰয়োজনীয় সামগ্ৰী গুৱাহাটীৰ বজাৰত পাবলৈ টান ৷ সেয়েহে মই প্ৰয়োজনীয় সামগ্ৰীবোৰ উত্তৰ প্ৰদেশ আৰু মুম্বাইৰ পৰা ক্ৰয় কৰো ৷"

কিমান মূল্যৰ পৰা ম'মবাতি পোৱা যায়

তেওঁ কয়, "দীপাৱলী উপলক্ষে মোৰ তাত ৪০ টকাৰ পৰা আৰম্ভ কৰি ৯০০ টকা পৰ্যন্ত ম'ম বাতি আছে ৷ এইবাৰ দীপাৱলীত চাকি ম'ম বাতিৰ চাহিদা অধিক ৷ তদুপৰি লাড়ু ম'ম বাতিৰো চাহিদা আছে ৷ মই এইবাৰ কেইবাখনো প্ৰদৰ্শনীৰ জৰিয়তে ম'ম বাতিবোৰ বিক্ৰী কৰাৰ উপৰিও সামাজিক মাধ্যমৰ জৰিয়তে অৰ্ডাৰ পাইছো ৷ গ্ৰাহকে বিচৰা ধৰণে ম'মবাতি বনাই দিবলৈ চেষ্টা কৰো ৷

কিমান টকাৰে এই ব্যৱসায় আৰম্ভ কৰিছিল সুৰভিয়ে ?

সুৰভিয়ে কয়, মই ১৫ হাজাৰ টকাৰে ম'মবাতিৰ ব্যৱসায় আৰম্ভ কৰিছিলো ৷ এই ব্যৱসায় অতি লাভজনক ৷ এই ব্যৱসায়ৰ লগত জড়িত হৈ এগৰাকী মহিলা স্বাৱলম্বী হব পাৰে ৷ মই স্বাৱলম্বী হৈছো ৷ এই ব্যৱসায়ৰ লগত যিসকলে জড়িত হ'ব বিচাৰে তেওঁলোকে অকল বনালেই নহ'ব অলপ প্ৰচাৰমুখী হ'ব লাগিব ৷ সকলো মহিলাকে এটাই কথা ক’ব বিচাৰো মহিলা সকল ওলাই আহিব লাগে আৰু কিবা নহয় কিবা কাম কৰি স্বাৱলম্বী হ’ব লাগে ৷

লগতে পঢ়ক

  1. কোন হয় ধন্বন্তৰি দেৱতা ? ধনতেৰাচত কিয় কৰা হয় এই দেৱতাৰ উপাসনা
  2. কেতিয়া পালন কৰা হ’ব ধনতেৰাচ ? ধনতেৰাচত কি নিয়ম পালন কৰিলে লাভ কৰিব শুভফল ?
  3. দীপাৱলী উপলক্ষে অতিথি তথা পৰিয়ালৰ বাবে অতি সহজে তৈয়াৰ কৰিব পৰা কেইবিধমান স্নেকছ