গ্ৰীণ টি সেৱনৰ ১০ টা উপকাৰিতাৰ কথা জানেনে ?
বহু ঔষধি গুণযুক্ত গ্ৰীণ টি এবিধ স্বাস্থ্যকৰ পানীয় ৷ এই কাৰণেই ইয়াক আজি সমগ্ৰ বিশ্বতে ব্যৱহাৰ কৰা হয় ৷

Published : April 24, 2026 at 11:55 PM IST
গ্ৰীণ টি বা সেউজীয়া চাহৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে ৷ যাৰ বাবে বিশ্বজুৰি ইয়াৰ চাহিদা আজিৰ সময়ত বহু বেছি । গ্ৰীণ টিৰ ঔষধি গুণে ওজন হ্ৰাস, ৰক্তচাপ নিয়ন্ত্ৰণ আৰু ছালৰ যত্ন লোৱাত সহায় কৰে ।
ইয়াৰ উৎপত্তি চীনত হৈছিল যদিও উপকাৰিতাৰ বাবে গ্ৰীণ টি বা সেউজীয়া চাহ বিশ্বজুৰি জনপ্ৰিয় হৈ পৰে । নিজৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া লোকসকলে বিশেষকৈ গ্ৰীণ টি সেৱন কৰি ভালপায় ।
কেমেলিয়া চাইনেন্সিছৰ পাতৰ পৰা গ্ৰীণ টি তৈয়াৰ কৰা হয় । ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু পলিফিনল থাকে । শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে গ্ৰীণ টি সেৱন কৰিলে টাইপ ২ ডায়েবেটিছ, এলঝেইমাৰ, লিভাৰৰ ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে ।
কিয়ভলেণ্ড ক্লিনিকত প্ৰকাশিত এক অধ্যয়ন অনুসৰি গ্ৰীণ টি সেৱনৰ ১০ টা স্বাস্থ্যসন্মত উপকাৰ আছে ৷ এই উপকাৰসমূহনো কি কি জানো আহক…
ওজন হ্ৰাসত সহায়ক
গ্ৰীণ টিত প্ৰচুৰ পৰিমাণে পলিফিনল থাকে, যিয়ে চৰ্বী সোনকালে দাহ কৰাত সহায় কৰে । ইয়াৰোপৰি শৰীৰৰ খাদ্য কেলৰিলৈ ৰূপান্তৰিত হোৱাৰ হাৰ বৃদ্ধি কৰে । কেইবাটাও গৱেষণাত পোৱা তথ্যৰ ভিত্তিত দেখা গৈছে যে গ্ৰীণ টিয়ে শৰীৰৰ চৰ্বী বিশেষকৈ পেটৰ চৰ্বী কমোৱাত সহায় কৰে । তদুপৰি গ্ৰীণ টিয়ে শৰীৰৰ বিপাকীয় ক্ৰিয়া উন্নত কৰাত মূখ্য ভূমিকা পালন কৰে, যাৰ ফলত ওজন হ্ৰাস হোৱাত সহায়ক হয় ৷
কেন্সাৰ প্ৰতিৰোধত সহায়ক
আমাৰ শৰীৰৰ কোষৰ অনিয়ন্ত্ৰিত বৃদ্ধিৰ ফলত কৰ্কট ৰোগ হয় । এই ৰোগত প্ৰতিবছৰে বহু লোকৰ মৃত্যু ঘটে । গ্ৰীণ টিত প্ৰচুৰ পৰিমাণে থকা এণ্টিঅক্সিডেণ্টে বহু ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে, যেনে - স্তনৰ কৰ্কট, কলৰেক্টাল কৰ্কট, খাদ্যনলীৰ কৰ্কট, প্ৰষ্টেট কৰ্কট ৰোগ আদি । গ্ৰীণ টি গাখীৰ নোহোৱাকৈ সেৱন কৰিব লাগে । ইয়াত গাখীৰ যোগ কৰিলে ইয়াৰ এণ্টিঅক্সিডেণ্ট গুণ হ্ৰাস পায় ।
ডায়েবেটিছ ৰোগীৰ বাবে গ্ৰীণ টি
ডায়েবেটিছ বা মধুমেহত গ্ৰীণ টিৰ প্ৰভাৱৰ ওপৰত বহু গৱেষণা হোৱা নাই যদিও একাংশ স্বাস্থ্য বিশেষজ্ঞৰ মতে গ্ৰীণ টিয়ে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে । গ্ৰীণ টিয়ে শৰীৰত গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ লগতে তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰে । ইয়াৰোপৰি ই ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে আৰু ইয়াৰ বৰ্ধিত মাত্ৰাক বাধা প্ৰদান কৰে ।
কলেষ্টৰেল হ্ৰাস কৰাত সহায়ক
এটা গৱেষণাৰ মতে দৈনিক ১০ কাপ গ্ৰীণ টি সেৱন কৰিলে শৰীৰৰ কলেষ্টৰেল বহু পৰিমাণে হ্ৰাস পায় ৷ ইয়াৰোপৰিও ই ভাল কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি কৰে আৰু তেজত থকা বেয়া কলেষ্টৰেল হ্ৰাস কৰে । ইয়াক চাহ বা কেপচুল হিচাপে গ্ৰহণ কৰিব পাৰি ।
মগজুৰ উপকাৰৰ বাবে গ্ৰীণ টি
গ্ৰীণ টি সেৱন কৰিলে মগজুৰ কাৰ্যক্ষমতা উন্নত হয় । ইয়াত কেফেইন নামৰ এক সুপৰিচিত উদ্দীপক পদাৰ্থ থাকে । যদিও ই কফিৰ দৰে নহয়, তথাপিও ই মগজুক উদ্দীপিত কৰিবলৈ যথেষ্ট । কেফেইনৰ লগতে ইয়াত এল-থিয়ানিন নামৰ এবিধ এমিন’ এচিড থাকে । এই দুয়োটা মিলি মগজুৰ কাৰ্যকলাপ বৃদ্ধি কৰে ।
হৃদযন্ত্ৰৰ উপকাৰৰ ক্ষেত্ৰত গ্ৰীণ টি
বিজ্ঞানীসকলৰ মতে গ্ৰীণ টিয়ে আমাৰ ৰক্তবাহী নলীৰ আৱৰণ শিথিল কৰি হৃদৰোগৰ আশংকাৰ পৰা ৰক্ষা কৰে । ই ৰক্তচাপৰ হ্ৰাস-বৃদ্ধি নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু তেজত বেয়া কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ই হৃদযন্ত্ৰ বিকল হোৱাৰ প্ৰধান কাৰণ তেজ জমা হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে ।
এলঝেইমাৰ ৰোগ প্ৰতিৰোধত সহায়ক
পাৰ্কিনছন আৰু এলঝেইমাৰ আদি ৰোগৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰাত গ্ৰীণ টিয়ে সহায় কৰে বুলি বিশ্বাস কৰা হয় । এক গৱেষণাৰ মতে গ্ৰীণ টিয়ে ক্ষতিগ্ৰস্ত মগজুৰ কোষবোৰ মেৰামতি কৰে আৰু ইয়াৰ মৃত্যু ৰোধ কৰে । ইয়াৰোপৰি বৃদ্ধ বয়সত মগজুৰ অৱনতি ৰোধ কৰাত গ্ৰীণ টিয়ে সহায় কৰে । ইয়াত থকা কেটেচিন নামৰ যৌগটোৱে নিউৰনক সুৰক্ষা দিয়ে, ফলত স্মৃতিশক্তি হ্ৰাস পোৱাটো কমে ৷
দাঁতৰ ক্ষেত্ৰত গ্ৰীণ টিৰ উপকাৰিতা
গ্ৰীণ টিয়ে দাঁতৰ স্বাস্থ্য উন্নত কৰে । ইয়াত থকা কেটেচিন নামৰ যৌগটোৱে ভাইৰাছ আৰু বেক্টেৰিয়াৰ পৰা দাঁতক সুৰক্ষা প্ৰদান কৰে, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা কমে । একাংশ গৱেষণাত দেখা গৈছে যে ই Streptococcus mutans (এটা বেক্টেৰিয়া)ৰ বৃদ্ধিতো বাধা দিব পাৰে । ফলত মুখৰ দুৰ্গন্ধ আৰু দাঁতত হোৱা গাঁতৰ সম্ভাৱনা হ্ৰাস পায় ৷
ৰক্তচাপৰ ওপৰত গ্ৰীণ টিৰ প্ৰভাৱ
বহু গৱেষণাৰ মতে নিয়মীয়াকৈ কৰা গ্ৰীণ টিৰ সেৱনে ব্যক্তিৰ ৰক্তচাপ স্বাভাৱিক মাত্ৰালৈ আনে ।
ছালৰ বাবে গ্ৰীণ টি
গ্ৰীণ টিত প্ৰচুৰ পৰিমাণে প্ৰদাহ নিবাৰণকাৰী গুণ আৰু এণ্টিঅক্সিডেণ্ট থাকে ৷ যিটোৱে বয়স বৃদ্ধিৰ লগে লগে দেখা দিয়া ছালৰ বলিৰেখাৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে ৷ ২০০৭ চনত কৰা এক অধ্যয়নত দেখা গৈছে যে গ্ৰীণ টিয়ে চ’ৰিয়াচিছৰ চিকিৎসাত সহায় কৰিব পাৰে । লগতে ছালৰ বহু ৰোগৰ চিকিৎসাৰ বাবে ই এক উৎকৃষ্ট ঔষধ হিচাপে কাম কৰে । গ্ৰীণ টি সেৱন কৰিলে ছালৰ প্ৰদাহ হ্ৰাস পায় ।
(অস্বীকাৰ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে। আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ ল'লে ভাল হ'ব।)
লগতে পঢ়ক: ডায়েবেটিছ মহিলাৰ বাবে কিয় বেছি বিপজ্জনক ? কি কয় গৱেষণাই ?

