গণেশ দেৱতাক সন্তুষ্ট কৰিব কেনেকৈ, জ্যোতিষীয়ে কি কয় ?
কি ৰীতি-নীতিৰে সন্তুষ্ট কৰিব গণেশ দেৱতাক ? গণেশ দেৱতাক সন্তুষ্ট কৰিবলৈ কি কৰিব এই সন্দৰ্ভত জনালে ৰাজ্যৰ বিশিষ্ট জ্যোতিষীয়ে । এক প্ৰতিবেদন ।
গণেশ দেৱতাক সন্তুষ্ট কৰিব কেনেকৈ, জ্যোতিষীয়ে কি কয় ? (ETV Bharat GFX)

Published : January 21, 2026 at 7:54 PM IST
গুৱাহাটী : ২২ জানুৱাৰী অৰ্থাৎ কাইলৈ গণেশ পূজা । গণেশ বন্দনাৰে মুখৰিত হৈ পৰিব চৌদিশ । বিঘ্ন বিনাশকৰ শ্ৰীচৰণত শিৰনত কৰি বছৰটোৰ বাবে আশীৰ্বাদ ল'ব ভক্তই । সেয়ে মন্দিৰে মন্দিৰে চলিছে ব্যাপক প্ৰস্তুতি । গোটেই বছৰটোৰ আৰম্ভণি এই গণেশ পূজাৰ পৰাই হয় । এই গণেশ পূজাক গণেশ জয়ন্তী হিচাপে উদযাপন কৰা হয় ।
বিঘ্ন বিনাশক গজাননৰ আশিস লাভ কৰিব কেনেকৈ ? কিদৰে পূজা কৰিলে সন্তুষ্ট হ'ব গণেশ দেৱতা ? তেওঁলৈ কিদৰে আগবঢ়াব নৈবদ্য ? এই সন্দৰ্ভত ইটিভি ভাৰতক জনালে ৰাজ্যৰ বিশিষ্ট জ্যোতিষী ড৹ পৰশমণি শৰ্মাই । জনালে এই বিশেষ দিনটোত কি কি কৰিব, কি কি নকৰিব ।
গণেশ দেৱতাক সন্তুষ্ট কৰিব কেনেকৈ, জ্যোতিষীয়ে কি কয় ? (ETV Bharat Assam)
গণেশ পূজাৰ দিনটোত কি কৰিলে ভাল ফলাফল লাভ কৰিব :
- গণেশ জয়ন্তীৰ দিনা পাৰিলে গণেশ দেৱতাৰ মন্দিৰ দৰ্শন কৰিব লাগে ।
- 'ঔমঃ গণ গণপতায় নমঃ' মন্ত্ৰটো যদি যিকোনো মন্দিৰৰ ভিতৰত বা পূজাস্থলীত বা আপোনাৰ ঘৰতে বহি ঘিঁ চাকি জ্বলাই ১০৮ বাৰ উচ্চাৰণ কৰিব পাৰে তেন্তে আপুনি ভাল ফল লাভ কৰিব পাৰে ।
- এখন পানত অকমান দুৱৰি বন, কেইটামান বুণ্ডিয়াৰ লাড়ু, ইলাচী, গোটা ডাৱ নাৰিকল নাইবা চুপাৰি গণেশ দেৱতাৰ চৰণত অৰ্পণ কৰিব পাৰিলে আপোনাৰ বাবে ভাল ।
- ডেৰমিটাৰ সেউজীয়া কাপোৰৰ লগত, আদা ৫ টুকুৰা, ৫ টা পইচা আৰু ১ পেকেট নিমখ, এই গোটেই কেইটা বস্তু একেলগে লৈ যদি আপোনাৰ মনৰ কথাখিনি যদি গণেশ দেৱতাৰ ওচৰত বস্তু খিনি থোৱাৰ লগতে গণেশৰ চৰণৰ পৰা কেইডাল মান দুৱৰি বন লৈ আপোনাৰ লগত ৰাখে তেন্তে আপোনাৰ মনৰ যিবোৰ আশা আছে সেইবোৰ পূৰণ হোৱাত সহায় হ'ব ।
- বিদ্যাৰ্থীসকলে বুদ্ধি বিকাশৰ বাবে গণেশ দেৱতাক পূজা কৰিব লাগে ।
- গণেশ পূজাৰ দিনা গণেশ দেৱতাক পূজা কৰাৰ লগতে, পূজাৰ পাছদিনাৰ পৰা ২১ দিনলৈকে গণেশ দেৱতাৰ চৰণত যদি দুৱৰি বন দি পূজা কৰিব পাৰে তেন্তে পঢ়া-শুনাৰ বাধা দূৰ হয় ।
- গণেশ পূজাৰ দিনা যদি গণেশৰ মূৰ্তি এটা ঘৰলৈ আনি প্ৰতিষ্ঠা কৰিব পাৰে, লগতে বিভিন্ন ধৰণৰ শুভ কাম কৰিব পাৰে ।

