ETV Bharat / lifestyle

নৱবৰ্ষৰ দিনা এনেদৰে আপোনাৰ বন্ধু-বান্ধৱীলৈ প্ৰেৰণ কৰক শুভেচ্ছা বাৰ্তা

নৱবৰ্ষৰ শুভেচ্ছা জনাই আপুনি আপোনাৰ বন্ধু-বান্ধৱীক কাৰ্ড বা শুভেচ্ছা বাৰ্তাৰ জৰিয়তে কিছুমান উত্তম উক্তি পঠিয়াব পাৰে-

Heartfelt Happy New Year 2026 Wishes for Friends
নৱবৰ্ষৰ দিনা এনেদৰে আপোনাৰ বন্ধু-বান্ধৱীলৈ প্ৰেৰণ কৰক শুভেচ্ছা বাৰ্তা (Etv Bharat)
author img

By ETV Bharat Lifestyle Team

Published : December 31, 2025 at 10:34 AM IST

4 Min Read
Choose ETV Bharat

নতুন বছৰে সকলোৰে জীৱনলৈ নতুন আশা, নতুন শক্তি আৰু নতুন আৰম্ভণি কঢ়িয়াই আনে ৷ অতীতক পাহৰি নতুন আদৰাৰ সময় এয়া ৷ এই কাৰণেই মানুহে ইজনে সিজনক নৱবৰ্ষৰ শুভেচ্ছা জনাই আগন্তুক বছৰটো ভাল হোৱাৰ কামনা কৰে ৷ এই পৰম্পৰা বছৰ বছৰ ধৰি প্ৰচলিত হৈ আহিছে ৷ পূৰ্বে মানুহে গ্ৰিটিংছ কাৰ্ডৰ জৰিয়তে বন্ধু-বান্ধৱীক নতুন বছৰৰ শুভেচ্ছা জনাইছিল ৷ কিন্তু এতিয়া ডিজিটেল যুগত হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰামত মানুহে মেছেজ বা ষ্টেটাছ মেছেজ প্ৰেৰণ কৰে ৷

বন্ধুসকল এনে এক বান্ধোন যিয়ে সুখ-দুখ দুয়োটাতে আপোনাৰ কাষত থিয় দিয়ে ৷ নৱবৰ্ষৰ দৰে এনেকুৱা অনুষ্ঠান কমেইহে পোৱা যায় য’ত আমি বন্ধু-বান্ধৱীৰ আগত আমাৰ হৃদয়ৰ অনুভৱবোৰ প্ৰকাশ কৰিব পাৰো ৷ গতিকে এই সুন্দৰ শুভেচ্ছা, উক্তি, আৰু কবিতা শ্বেয়াৰ কৰি আপোনাৰ বন্ধু-বান্ধৱীক নতুন বছৰৰ শুভেচ্ছা জনাওক ৷

নৱবৰ্ষৰ শুভেচ্ছা বাৰ্তা

  1. নতুন বছৰে আপোনালোকৰ বাবে অলেখ সুখ আৰু সফলতা কঢ়িয়াই আনক ৷ শুভ নৱবৰ্ষ!
  2. আমাৰ বন্ধুত্ব অব্যাহত থকাক, এই নৱবৰ্ষত আমাৰ বন্ধুত্বৰ বান্ধোন আৰু শক্তিশালি হওক ৷ নতুন বছৰৰ শুভেচ্ছা থাকিল বন্ধু!
  3. তোমাৰ নতুন বছৰটো হাঁহি-ধেমালি, আৰু সফলতাৰে পৰিপূৰ্ণ হওক ৷ প্ৰতিটো পৰিস্থিতিত হাঁহি থাকক! শুভ নৱবৰ্ষ!
  4. নতুন বছৰ আহক, পুৰণি দুখবোৰ আঁতৰি যাওক ৷ এই বছৰটোও আনন্দৰে পৰিপূৰ্ণ হওক,শুভ নৱবৰ্ষ !
  5. এই বছৰো একেই বন্ধুত্ব আৰু আনন্দ অব্যাহত থাকক আৰু প্ৰতিটো সময় হাঁহিৰে উপচি পৰক ৷ শুভ নৱবৰ্ষ!!
  6. শুভ নৱবৰ্ষ! বন্ধুসকল, কেৱল কেলেণ্ডাৰহে সলনি হ’ব, আমি নহয়… নতুন বছৰৰ শুভেচ্ছা থাকিল!!
  7. বন্ধু হ’ল সেইসকল যিয়ে প্ৰতিটো বছৰক বিশেষ কৰি তোলে ৷ ঠিক যেনেকৈ তুমি মোৰ বাবে… নতুন বছৰৰ শুভেচ্ছা থাকিল!
  8. প্ৰতিটো অসুবিধাৰ মাজেৰে আমাৰ কাষত থিয় দিয়া বন্ধুজনলৈ বহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ.!! শুভ নৱবৰ্ষ!!
  9. মোৰ একমাত্ৰ ইচ্ছা যে আমি চিৰদিন একেলগে থাকোঁ… নতুন বছৰৰ শুভেচ্ছা থাকিল বন্ধু!!
  10. সুখী হওক, সমৃদ্ধিশালী হওক, নতুন বছৰত সুখেৰে উপচি পৰক ৷ শুভ নৱবৰ্ষ!!
  11. নতুন বছৰে তোমাৰ জীৱনলৈ নতুন পোহৰ কঢ়িয়াই আনক…! নতুন বছৰৰ শুভেচ্ছা থাকিল বন্ধু!!
  12. নৱবৰ্ষৰ প্ৰতিটো দিনেই সুখেৰে পৰিপূৰ্ণ হওক, আমাৰ বন্ধুত্ব যিদৰে আছে তেনেদৰেই চলি যাওক ৷ নতুন বছৰৰ শুভেচ্ছা থাকিল বন্ধু!!
  13. মুকলি মনেৰে নতুন বছৰক আদৰণি জনাওক, প্ৰতিটো মুহূৰ্ত হাঁহি আৰু সফলতাৰে ভৰাই তোলক ৷ তোমাৰ লগতে তোমাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা থাকিল !!
  14. বন্ধুত্বই সেই শক্তি যিয়ে প্ৰতিটো অসুবিধাক সহজ আৰু প্ৰতিটো আনন্দক বিশেষ কৰি তোলে ৷ নতুন বছৰৰ শুভেচ্ছা থাকিল বন্ধু!!
  15. এই নৱবৰ্ষই প্ৰতিদিনে নতুন আশা আৰু নতুন আনন্দ কঢ়িয়াই আনক, তাৰে কামনা কৰি নতুন বছৰৰ শুভেচ্ছা জনালোঁ !!
  16. জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰক, প্ৰতিটো সপোন বাস্তৱায়িত হওক, বন্ধুত্বৰ এই বান্ধোন ফুলি যাওক, নতুন বছৰটো সুখেৰে ভৰি থাকক!! শুভেচ্ছা থাকিল বন্ধু ৷
  17. যোৱা বছৰৰ ভুলবোৰ পাহৰি যাওক, নতুন বছৰটোক নতুন আশাৰে আঁকোৱালি লওক । নতুন বছৰটো শুভেচ্ছা থাকিল! নতুন বছৰৰ শুভেচ্ছা থাকিল বন্ধু!
  18. নতুন বছৰ নতুন আৰম্ভণিৰ সময়, গন্তব্যস্থানত উপনীত হ’বলৈ প্ৰস্তুতিৰ সময়। তোমাৰ জীৱনত সফলতা আৰু শান্তি হওক । নতুন বছৰৰ শুভেচ্ছা থাকিল বন্ধু!
  19. নতুন পুৱতিয়ে কঢ়িয়াই আনক সুখ-সমৃদ্ধি, প্ৰতিটো দিনেই তোমাৰ বাবে হওক বিশেষ । নতুন বছৰৰ শুভেচ্ছা থাকিল বন্ধু!

লগতে পঢ়ক

  1. মনত পৰেনে তাহানিৰ সেই গ্ৰিটিংছ কাৰ্ডবোৰলৈ ? ছচিয়েল মিডিয়াৰ যুগত যেন হেৰাই গৈছে ইয়াৰ অস্তিত্ব
  2. স্বাস্থ্য, কৰ্ম, প্ৰেম; ৰাশিফল অনুসৰি কেনে হ’বলৈ গৈ আছে ২০২৬ বৰ্ষ ?
  3. উভতি চাও ২০২৫: এই বৰ্ষত সাধাৰণ জনসাধাৰণে কেনেকৈ সলনি কৰিলে নিজৰ জীৱনশৈলী ?