ETV Bharat / lifestyle

ঘৰতে অতি সহজে ৰোপণ কৰক এইসমূহ ঔষধি উদ্ভিদ আৰু পাওক এই লাভ

যদি আপুনিও আপোনাৰ ঘৰতে গছ ৰোপণ কৰাৰ কথা ভাবিছে তেন্তে এইকেইবিধ ঔষধি উদ্ভিদ আপুনি অতি সহজে ঘৰতে ৰোপণ কৰিব পাৰে-

Healing at Your Fingertips
ঘৰতে অতি সহজে ৰোপণ কৰক এইসমূহ ঔষধি উদ্ভিদ আৰু পাওক এই লাভ (GETTY IMAGES)
author img

By ETV Bharat Lifestyle Team

Published : October 29, 2025 at 4:58 PM IST

5 Min Read
Choose ETV Bharat

বাগিচাৰ চখ থকা মানুহে নিজৰ বাৰী, বেলকনি, টেৰেচ বা ঘৰৰ ভিতৰত বিভিন্ন ধৰণৰ গছ-গছনি ৰোপণ কৰি ভাল পায় ৷ গছ-গছনি ৰোপণ কৰিলে ঘৰৰ ভিতৰৰ বতাহ বিশুদ্ধ হোৱাই নহয় সতেজ আৰু শক্তিশালী অনুভৱ হয় ৷ বহুতে নিজৰ ঘৰত পাকঘৰৰ বাগিচা স্থাপন কৰি ভাল পায় ৷ য’ত তেওঁলোকে তুলসী, অৰেগানো, ৰোজমেৰী আৰু খাদ্যত দৈনিক ব্যৱহাৰ কৰা অন্যান্য বনৌষধি আৰু মছলাৰ গছ ৰোপণ কৰে ৷ যদি আপুনিও আপোনাৰ ঘৰতে গছ ৰোপণ কৰাৰ কথা ভাবিছে তেন্তে এইকেইবিধ ঔষধি উদ্ভিদ আপুনি অতি সহজে ঘৰতে ৰোপণ কৰিব পাৰে লগতে আপুনি বহু টকা ৰাহি কৰিব পাৰে-

তুলসী

Healing at Your Fingertips: A Guide to Growing Medicinal Herbs in Your Home Garden
তুলসী (GETTY IMAGES)

হিন্দু ধৰ্মত তুলসীক অতি পবিত্ৰ বুলি গণ্য কৰা হয় ৷ উৎসৱৰ সময়ত তুলসীৰ গছৰ আগত চাকি জ্বলাই পূজা কৰিলে দেৱী লক্ষ্মীৰ ঘৰত আগমণ ঘটে বুলিও বিশ্বাস কৰা হয় ৷ তুলসী গছ থকা ঘৰত দেৱী মাৰ আশীৰ্বাদ সদায় বৰ্তি থাকে বুলি বিশ্বাস আছে ৷ ইয়াৰ উপৰিও তুলসীও এক উৎকৃষ্ট ঔষধ ৷ তুলসী হৈছে আটাইতকৈ অধিক বিক্ৰী হোৱা এবিধ উদ্ভিদ ৷ বিশ্বাসৰ প্ৰতীক হোৱাৰ উপৰিও ই স্বাস্থ্যৰ বাবেও অতি উপকাৰী ৷ তুলসীত প্ৰদাহ নিবাৰণ আৰু অণুজীৱনাশক গুণ আছে, যিয়ে বাৰিষাৰ কাহ, চৰ্দি আৰু হাঁপানী আদি বাৰিষা কালত হোৱা ৰোগৰ পৰাও আপোনাক ৰক্ষা কৰে ৷ ইয়াৰ পাত গাখীৰ চাহ, ক’লা চাহত কেঁচাকৈ খাব পাৰি আৰু লগতে পানী বা চাহত উতলাইও খাব পাৰি ৷

জনি গুটিৰ গছ

Healing at Your Fingertips: A Guide to Growing Medicinal Herbs in Your Home Garden
জনি গছ (GETTY IMAGES)

জনি গুটি বা আজৱাইন হৈছে এনে এবিধ মছলা যাক সকলো পাকঘৰতে ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ ফলত খাদ্যৰ সোৱাদ বৃদ্ধি হোৱাই নহয় স্বাস্থ্যৰ বাবেও উপকাৰী ৷ বহু আয়ুৰ্বেদিক ঔষধত ইয়াক ব্যৱহাৰ কৰা হয় ৷ জনি গুটিৰ পাত খালে পাচনতন্ত্ৰ সুস্থ হৈ থাকে ৷ ইয়াক চাহ, কাপ আৰু দৈনিক শাক-পাচলি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিব পাৰি ৷ জনি গুটিৰ পাত খালে ভোক বাঢ়ে ৷ ইয়াৰ উপৰিও ই ৰুচি বৃদ্ধি কৰে ৷ ইয়াক সেৱন কৰিলে পেটৰ লগত জড়িত প্ৰতিটো সমস্যাৰ পৰা সকাহ পোৱা যায় ৷

পদিনা

Healing at Your Fingertips: A Guide to Growing Medicinal Herbs in Your Home Garden
পদিনা (GETTY IMAGES)

পদিনা হৈছে এনে এক বনৌষধি যাক ঘৰত ৰোৱাও সহজ আৰু বাৰিষাত খুব বেছিকৈ লাগে ৷ ভালদৰে পানী ওলাই যোৱা মাটিত পদিনা ৰোপণ কৰি আংশিকভাৱে সূৰ্যৰ ৰশ্মি যাতে লাভ কৰে সেয়া নিশ্চিত কৰক ৷ পদিনা বহু ধৰণৰ ব্যঞ্জন আৰু চালাডত ব্যৱহাৰ কৰিব পাৰি ৷ আমি ইয়াক ৰস হিচাপে আৰু চালাডতো ব্যৱহাৰ কৰিব পাৰো ৷ ইয়াৰ অনেক স্বাস্থ্য উপকাৰিতাও আছে ৷

ধনিয়া

Healing at Your Fingertips: A Guide to Growing Medicinal Herbs in Your Home Garden
ধনিয়া (GETTY IMAGES)

দেশেই হওক বা বিদেশেই হওক, সেউজীয়া ধনিয়াৰ পাত ভাৰতীয় খাদ্যত প্ৰায়েই ব্যৱহাৰ কৰা হয় ৷ ধনিয়া পাতে খাদ্যৰ ৰং আৰু সোৱাদ বৃদ্ধি কৰাই নহয়, বহু ৰোগৰ পৰা আপোনাক আঁতৰাই ৰাখিবলৈও সক্ষম ৷ ধনিয়াক বহুতো পুষ্টিকৰ উপাদানৰ ভঁৰাল বুলিও গণ্য কৰা হয় ৷ ধনিয়া এনে এক বনৌষধি যিয়ে বাৰিষাৰ সময়ত ফুলি উঠে আৰু শৰীৰক শীতলতা প্ৰদান কৰে ৷ এই বনৌষধিবিধে শীতল, আৰ্দ্ৰ স্থান পছন্দ কৰে ৷ ধনীয়াৰ গুটি পোনপটীয়াকৈ মাটিত বা ভাল পানী নিষ্কাশন হোৱা পাত্ৰত সিঁচিব লাগে আৰু ই অতি সোনকালে ফুলি উঠে ৷

লেমনগ্ৰাছ

Healing at Your Fingertips: A Guide to Growing Medicinal Herbs in Your Home Garden
লেমনগ্ৰাছ (CANVA)

লেমনগ্ৰাছ এক অতি সুগন্ধিদায়ক বনৌষধি ৷ ইয়াৰ সুগন্ধি নেমুৰ দৰে টেঙা, মিঠা আৰু মৃদু ৷ আয়ুৰ্বেদৰ মতে, লেমনগ্ৰাছত প্ৰদাহ নিবাৰণকাৰী, বিষনাশক, বিষণ্ণতা নিবাৰণকাৰী, এন্টিচেপ্টিক, জ্বলা-পোৰা নিবাৰণকাৰী, এন্টিফাংগেল, এন্টিবেক্টেৰিয়েল, এন্টিপিয়েৰেক্টিক, কেন্সাৰ প্ৰতিৰোধী আৰু এন্টি এজিং আৰু এষ্ট্ৰিংজেণ্টকে ধৰি বহুতো চিকিৎসা গুণ আছে ৷ ইয়াৰ এটা বিশেষত্ব হ’ল শুকুৱাৰ পিচতো ইয়াৰ পাতত সকলো মৌল উপস্থিত থাকে ৷ সেয়ে আমি চাহত লেমনগ্ৰাছ দি খাবলৈ পচন্দ কঁৰো ৷ ইয়াৰ উপৰিও ইয়াৰ গ্ৰীণ টিও বহুত খুবেই পচন্দ কৰা হয় ৷ লেমনগ্ৰাছ সেৱন কৰিলে বিষ আৰু প্ৰদাহৰ পৰা উপশম পোৱা যায় ৷ লগতে পেটৰ বিষ, উফি, উচ্চ কলেষ্টেৰল, জিঞ্জিভাইটিছ, থ্ৰাছ আদি বহুতো ৰোগত লেমনগ্ৰাছ ব্যৱহাৰ কৰা হয় ৷

ছালকুঁৱৰী বা এলোভেৰা

Healing at Your Fingertips: A Guide to Growing Medicinal Herbs in Your Home Garden
ছালকুঁৱৰী বা এলোভেৰা (GETTY IMAGES)

এলোভেৰা বা ছালকুঁৱৰীৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে কিন্তু বজাৰত কিমান প্ৰকাৰৰ এলোভেৰা আছে সেই বিষয়ে বহু কম সংখ্যক লোকহে জানে ৷ ছালৰ পৰা আৰম্ভ কৰি স্বাস্থ্যলৈকে সকলো দিশতে উপকাৰী ৷ প্ৰায় প্ৰতিটো ঘৰতে এলোভেৰা গছ পোৱা যায়, কিন্তু আপুনি জানেনে যে এলোভেৰা গছ মাত্ৰ এটা বা দুটা নহয় ২০০ প্ৰকাৰৰ আছে, ইয়াৰে স্বাস্থ্য আৰু সৌন্দৰ্য্যৰ ক্ষেত্ৰত মাত্ৰ চাৰি প্ৰকাৰৰ উদ্ভিদহে অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই চাৰিটাৰ বাহিৰেও আন এলোভেৰা গছবোৰ কেৱল শ্ব’ পিচ হিচাপেহে ব্যৱহাৰ কৰা হয়, ইয়াৰ লগতে এই গছবোৰৰ বিশেষ যত্নৰ প্ৰয়োজন নহয় আৰু ইহঁত সোনকালে নষ্ট নহয় ৷ এই বিশেষত্বৰ বাবেই আপুনি ঘৰতে প্ৰতিবিধ এলোভেৰা ৰোপণ কৰিব পাৰে ৷

লগতে পঢ়ক

  1. এক নহয় দুই নহয় আছে সম্পূৰ্ণ ২০০ৰো অধিক প্ৰকাৰৰ এলোভেৰা, তথাপিও ইয়াৰে ৪বিধহে কিয় ব্যৱহাৰ কৰা হয় ?
  2. মা লক্ষ্মীৰ আশীৰ্বাদ পাব বিচাৰে নেকি ? তেন্তে ঘৰৰ এই দিশত ৰোপণ কৰক তুলসী - 𝐓𝐮𝐥𝐬𝐢 𝐏𝐥𝐚𝐧𝐭 𝐕𝐚𝐬𝐭𝐮
  3. Mosquito-Repellent Plants: ডেংগু-মেলেৰিয়াৰ পৰা হাত সাৰিবলৈ ঘৰতে ৰোপণ কৰক এইসমূহ উদ্ভিদ