নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত সকলোকে এনেদৰে জনাওক শুভেচ্ছা...
নতুন বছৰত সকলোৱে জীৱনত নতুন লক্ষ্য নিৰ্ধাৰণ কৰি নতুন আশাৰে আগবাঢ়ি যোৱাৰ সংকল্প লওঁ । সেয়ে নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত সকলোকে দিয়ক মৰমেৰে শুভেচ্ছা...

Published : December 31, 2025 at 4:00 PM IST
আকৌ এটি নতুন বছৰে আঁকোৱালি ল’ব সকলোকে ৷ মাজত মাত্ৰ এটা দিন ৷ নতুন বছৰে নিজৰ লগত লৈ আহে নতুন আৰম্ভণি, নতুন আশা আৰু নতুন সপোন ৷ পুৰণি বছৰৰ স্মৃতিবোৰ ৰক্ষা কৰি নতুন কৃতিত্বৰ দিশত আগবাঢ়ি যোৱাৰ এই সময় ৷ সকলোৱে সুখ আৰু ইতিবাচকতাৰে নতুন বছৰটো আৰম্ভ কৰিব বিচাৰে ৷ এই সময়ত পৰিয়াল, বন্ধু-বান্ধৱী আৰু ঘনিষ্ঠসকলক দিয়ক বিশেষ শুভেচ্ছা, যাতে আমি তেওঁলোকৰ জীৱনতো এক ইতিবাচক আৰু সুখৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰো ৷
নতুন বছৰত সকলোৱে জীৱনত নতুন লক্ষ্য নিৰ্ধাৰণ কৰি নতুন আশাৰে আগবাঢ়ি যোৱাৰ সংকল্প লওঁ ৷ ২০২৫ বৰ্ষটোক বিদায় দি ভাল স্মৃতিবোৰ ৰাখক আৰু আধৰুৱা হৈ থকাখিনি সম্পূৰ্ণ কৰাৰ সকলোৱে প্ৰতিশ্ৰুতি লও ৷ এই সময় আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ সেয়ে নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত সকলোকে দিয়ক মৰমেৰে শুভেচ্ছা…

আপোনজনৰ বাবে নৱবৰ্ষৰ বিশেষ বাৰ্তা
নতুন বছৰত আপোনাৰ জীৱনটো অন্তহীন আনন্দৰে ভৰি পৰক ৷ ২০২৬ত আমাৰ মৰম আৰু গভীৰ হওক ৷ নৱবৰ্ষৰ শুভেচ্ছা থাকিল মোৰ প্ৰিয়জন ৷
পুৰণি বছৰৰ সকলো দুখ পাহৰি নতুন সূৰ্যই আমাক পুনৰ মিলনৰ বাট দেখুৱাওক ৷ আগন্তুক প্ৰতিটো বছৰ আপোনাৰ লগত কটাব বিচাৰো ৷ নতুন বছৰৰ শুভেচ্ছা জনালে ৷
তুমি মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ ৷ ২০২৬ চনটোৱে আমাৰ জীৱনলৈ আৰু বহুতো মধুৰ স্মৃতি কঢ়িয়াই আনক তাৰেই প্ৰাৰ্থনা ৷
নতুন বছৰত আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ সুখ, শান্তি আৰু সমৃদ্ধি আহক ৷

এয়া পুৰণিক বিদায় দি নতুনক আদৰণি জনোৱাৰ সময়, আপোনাক ২০২৬ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ৷
পুৰণি বছৰৰ সকলো দুখ পাহৰি যাওক ৷ ২০২৬ চনত নতুন বছৰে আপোনাৰ জীৱনলৈ অন্তহীন সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক ৷ শুভ নৱবৰ্ষ!
নতুন বছৰ, নতুন আশা, নতুন সূৰ্য, নতুন পোহৰ ৷ বছৰৰ প্ৰতিটো দিনেই আপোনাৰ বাবে এটা ডাঙৰ দিন হওক ৷ ২০২৬ চনৰ নৱবৰ্ষৰ শুভেচ্ছা জনালো ৷
সফলতাৰ নতুন শিখৰত উপনীত হোৱাৰ সংকল্পৰে আপোনাৰ নতুন বছৰটো আৰম্ভ হওক ৷ ২০২৬ চনৰ বাবে শুভকামনা জনাইছো ৷

আপুনি গোটেই বছৰটো হাঁহি থাকক, নতুন বছৰত এয়াই মোৰ একমাত্ৰ কামনা ৷ ২০২৬ চনটো আমাৰ সপোনৰ বছৰ হওক ৷
পুৰণি বছৰটো অতীত হ’ল, কিন্তু আপোনাৰ প্ৰতি মোৰ মৰম চিৰদিনৰ বাবে নতুন হৈ থাকিব ৷ ২০২৬ বৰ্ষৰ শুভেচ্ছা জনাইছো!
জীৱনটো ৰঙীন হওক, সময়বোৰ আনন্দময় হওক ৷ আপোনাৰ লগতে আপোনাৰ পৰিয়ালক নতুন বছৰৰ শুভেচ্ছা জনালোঁ ৷
অতীতক পাহৰি বৰ্তমান উপভোগ কৰক আৰু ভৱিষ্যতৰ বাবে কঠোৰ পৰিশ্ৰম কৰক ৷ ২০২৬ চনটো আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ বছৰ হওক ৷ নৱবৰ্ষৰ শুভেচ্ছা…
নতুন বছৰ মানে এটি নতুন খালী ডায়েৰী ৷ ইয়াৰ পৃষ্ঠাবোৰ নিজৰ কাহিনী নিজৰ ধৰণেৰে সুন্দৰকৈ লিখক ৷ শুভ নৱবৰ্ষ!
নতুন বছৰটো প্ৰেম আৰু শান্তিৰ প্ৰতীক হওক, আপোনাৰ জীৱনত শান্তি আৰু সুখ কঢ়িয়াই আনক ৷ নৱবৰ্ষৰ শুভেচ্ছা
প্ৰতি বছৰে জীৱনৰ এটা নতুন অধ্যায় সংযোজন কৰে, এই বছৰটো সুখ আৰু সফলতাৰে ভৰি পৰক ৷ শুভ নৱবৰ্ষ
আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সমুহ সদস্যলৈ ইংৰাজী নববৰ্ষ ২০২৬ বৰ্ষৰ আগতীয়াকৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷

নতুন বৰ্ষ ২০২৫ য়ে তোমাৰ জীৱনলৈ বহুত বহুত সুখ-শান্তি কঢ়িয়াই আনে তাৰে কামনা কৰিলোঁ ৷
দুখৰ কলীয়া ডাৱৰ আঁতৰি যাওক…আপোনাৰ প্ৰতিটো কামনা আৰু প্ৰতিটো সপোন পূৰণ হওক, এয়া মোৰ অন্তৰৰ পৰা নতুন বছৰৰ বাবে শুভেচ্ছা ৷
এই নৱবৰ্ষত যি বিচাৰে আপোনাৰ হওক, প্ৰতিটো দিন সুন্দৰ আৰু ৰাতি উজ্জ্বল হওক, সফলতাই আপোনাৰ ভৰি স্পৰ্শ কৰক, আপোনাক নতুন বছৰৰ শুভেচ্ছা ৷

প্ৰতিটো বছৰে কিবা নহয় কিবা এটা দিয়ে, প্ৰতিটো নতুন বছৰে কিবা নহয় কিবা আমাৰ বাবে আনে, আহকচোন এই বছৰ কিবা এটা ভাল কাম কৰি নতুন বছৰটো উদযাপন কৰোঁ !
মৰম আৰু সুখেৰে ভৰা এই নৱবৰ্ষত আমাৰ পৰিয়ালটো অধিক শক্তিশালী হওক ৷ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনাৰ জীৱনটো সদায় সুখ আৰু শান্তিৰে ভৰি পৰে ৷ শুভ নৱবৰ্ষ
নতুন বছৰ নতুন আৰম্ভণিৰ সময়, গন্তব্যস্থানত উপনীত হ’বলৈ প্ৰস্তুতিৰ সময়.. আপুনি জীৱনত সফলতাৰ বাটত আগুৱাই যাওক তাৰেই কামনা…

নতুন বছৰটো এখন খালী কিতাপৰ দৰে, আপোনাৰ সপোন আৰু কঠোৰ পৰিশ্ৰমেৰে সম্পূৰ্ণ কৰি উজলাই তোলক ৷ প্ৰতিটো পৃষ্ঠাতে আপোনাৰ এটা সফলতাৰ কাহিনী লিখক ৷ শুভ নৱবৰ্ষ!
লগতে পঢ়ক

