ETV Bharat / lifestyle

শিশুৰ হাঁহিতেই থাকে সুখৰ জগত! শিশু দিৱসত এনেদৰে জনাওক শুভেচ্ছা

১৪ নৱেম্বৰৰ দিনটো দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে শিশু দিৱস হিচাপে পালিত হয়,ত এই উপলক্ষে এনেদৰে জনাওক শিশু দিৱসৰ শুভেচ্ছা

Happy Children's Day 2025: Jawaharlal Nehru's Quotes and Wishes for Children
শিশুৰ হাঁহিতেই থাকে সুখৰ জগত! শিশু দিৱসত এনেদৰে জনাওক শুভেচ্ছা (GETTY IMAGES)
author img

By ETV Bharat Lifestyle Team

Published : November 13, 2025 at 5:15 PM IST

4 Min Read
Choose ETV Bharat

দেশত প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয় ৷ ভাৰতৰ প্ৰাক্তন তথা প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকী উপলক্ষে এই দিনটোত শিশু দিৱস পালন কৰা হয় ৷ নেহৰুৱে শিশুসকলক যথেষ্ঠ মৰম কৰিছিল ৷ যাৰ বাবে শিশুসকলে তেওঁক ‘নেহৰু চাচা’ বুলি সম্বোধন কৰিছিল ৷ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত নেহৰুৱে শিশুৰ কল্যান তথা বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল ৷ শিশুৰ প্ৰতি মৰম আৰু অৱদানৰ বাবে তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয় ৷

এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়-মহাবিদ্যালয় আদিত অনুষ্ঠানৰ আয়োজন হয় ৷ য’ত শিশুসকল বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ এই দিনটোত শিশুসকলক জনোৱা হয় শুভেচ্ছা ৷ গতিকে আপুনিও তলত দিয়া ধৰণে শিশু দিৱসৰ শুভেচ্ছা জনাব পাৰে-

  1. শিশু দিৱসৰ বহুত বহুত শুভেচ্ছা ৷ আশা কৰো তুমি আগুৱাই যোৱা আৰু সফলতাৰ নতুন শিখৰ স্পৰ্শ কৰা ৷
  2. নেহৰুৱে কৈছিল- আজিৰ শিশুই ভৱিষ্যতে এখন উন্নত ৰাষ্ট্ৰ গঠন কৰিব ৷ শিশু দিৱসৰ শুভেচ্ছা ৷
  3. তোমালৈ শিশু দিৱসৰ বহুত শুভেচ্ছা ৷ আশা কৰো, জীৱনত বিচৰা প্ৰতিটো সুখেই তুমি লাভ কৰা ৷
  4. শিশু দিৱসৰ শুভেচ্ছা ৷ আশা কৰো তুমি আগুৱাই যোৱা ৷ নিজৰ লগতে পিতৃ-মাতৃ আৰু এই সমাজৰ গৌৰৱ হোৱা ৷
  5. তোমালৈ শিশু দিৱসৰ শুভেচ্ছা ৷ সদায় হাঁহি, আনন্দ কৰি থকা ৷ সুখী হোৱা ৷
  6. শিশুকালতো সদায় বিশেষ, পাহৰিব নোৱাৰা এক সময় ৷ আশা কৰো এই সময়ৰ প্ৰতিটো ক্ষণেই তুমি উপভোগ কৰা ৷ শিশু দিৱসৰ বহুত শুভেচ্ছা ৷
  7. সাৰ্থক হওক তোমাৰ প্ৰতিটো সপোন, লাভ কৰা তুমি প্ৰতিটো সুখ…শিশু দিৱসৰ বহুত শুভেচ্ছা ৷
  8. জীৱনৰ প্ৰত্যাহ্বান নেওচি আগুৱাই যোৱা ৷ পূৰণ কৰা প্ৰতিটো সপোন ৷ আমি সদায় আছো তোমাৰ স’তে ৷ তোমালৈ শিশু দিৱসৰ বহুত শুভেচ্ছা ৷
  9. শিশুৰ হাঁহিতেই থাকে সুখৰ জগত! শিশু দিৱসৰ বহুত শুভেচ্ছা ৷
  10. তোমাৰ সৰু চকুযুৰিত সপোনৰ পয়োভৰ! আশা কৰো সেই সপোনবোৰ গঁজালি মেলি বট বৃক্ষ হৈ পৰক ৷ তোমালৈ শিশু দিৱসৰ শুভেচ্ছা ৷
  11. তুমি মুক্ত হোৱা, আগুৱাই যোৱা আৰু এজন ভাল নাগৰিক হোৱা…তোমালৈ শিশু দিৱসৰ বহুত শুভেচ্ছা ৷
  12. তুমি মোৰ সপোন, জীয়াই থকাৰ প্ৰেৰণা, তোমাৰ উপস্থিতিতেই মোৰ সুখ! তোমালৈ শিশু দিৱসৰ শুভেচ্ছা ৷
  13. শিশুসকল ফুলৰ সৰু সৰু কলিৰ দৰে ৷ যত্ন ল’লে বৃদ্ধি হয় আৰু চাৰিওফালে সুগন্ধি বিয়পাই দিয়ে ৷ শিশু দিৱসৰ শুভেচ্ছা…
  14. সঠিক প্ৰেৰণাই শিশুক জীৱনৰ পথত আগবাঢ়ি যোৱাত সহায় কৰে ৷ শিশু দিৱসত মৰমৰ শিশুসকলৰ শুভকামনা জনালো ৷
  15. ‘আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত’ ৷ আজিৰ এই বিশেষ দিনটোত শিশুসকললৈ শিশু দিৱসৰ শুভেচ্ছা জনালো ৷
  16. প্ৰতিটো শিশুৰে সুস্বাস্থ্য আৰু সু-শিক্ষাৰ অধিকাৰ আছে ৷ শিশু দিৱসৰ দিনটো তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি লও আহক ৷
  17. শিশু দিৱস উপলক্ষে শিশুসকলকলৈ মৰম, শুভেচ্ছা, আশীৰ্বাদ জ্ঞাপন কৰিলোঁ ৷
  18. শিশুসকল আমাৰ দেশৰ ভৱিষ্যতৰ বাহক ৷ তেওঁক উন্নতি কামনা কৰিছোঁ ৷
  19. শিশু হৈছে আটাইতকৈ সুন্দৰ আৰু মূল্যৱান সম্পদ ৷ প্ৰতিগৰাকীয়ে শিশুৱে নিজৰ ভৱিষ্যতৰ গঢ়ি তোলাত সফল হওক ৷ শিশু দিৱসৰ বহুত বহুত শুভেচ্ছা ৷
  20. প্ৰতিগৰাকী শিশুৰ জীৱন হাঁহি, আনন্দ, সমৃদ্ধিৰে ভৰি পৰক ৷ শিশু দিৱৰ শুভেচ্ছা থাকিল ৷
  21. মনে বিচৰা ধৰণে আগুৱাই যোৱা, নিজৰ লগতে পিতৃ মাতৃৰ নাম জিলিকাই তোলা, সকলো শিশুলৈ শিশু দিৱসৰ বহুত শুভেচ্ছা ৷
  22. বিশেষ দিনটোত সকলো শিশুলৈ শিশু দিৱসৰ শুভেচ্ছা ৷ প্ৰতিগৰাকী শিশুৰ সুন্দৰ ভৱিষ্যতৰ কামনা কৰিছোঁ ৷

লগতে পঢ়ক

  1. শিশু দিৱসত ছাত্ৰ-ছাত্ৰীসকলে এনেদৰে দিয়ক সহজ আৰু চমু ভাষণ, সকলোৱে কৰিব প্ৰশংসা
  2. KBCৰ ভাইৰেল শিশু প্ৰতিযোগী: অত্যধিক আত্মবিশ্বাস নে ৰোগৰ চিকাৰ ?
  3. "পিচ্ছে দেখো পিচ্ছে" মিমৰ জৰিয়তে ভাইৰেল হোৱা আহমেদ শ্বাহৰ ভাতৃৰ কাৰ্ডিয়াক এৰেষ্টত মৃত্যু, শিশুৰ মাজত কিয় দেখা দিছে এই সমস্যা ?