ETV Bharat / lifestyle

ধনতকৈ মানসিক শান্তি আৰু স্বাধীনতা বিচাৰে Gen-Zএ, গ্ল’বেল ৰিপৰ্টত পোহৰলৈ আহিল আচৰিত তথ্য

এক বিশ্বব্যাপী সমীক্ষাত এই কথা পোহৰলৈ আহিছে যে প্ৰায় ৭০% জেন জিয়ে বিশ্বাস কৰে যে তেওঁলোকে পিতৃ-মাতৃতকৈ কম আৰ্থিক সুৰক্ষাত জীৱন নিৰ্বাহ কৰি আছে-

Gen Z Prioritizes Mental Peace, Work-Life Balance, and Freedom Over High Salarie
ধনতকৈ মানসিক শান্তি আৰু স্বাধীনতা বিচাৰে Gen-Zএ, গ্ল’বেল ৰিপৰ্টত পোহৰলৈ আহিল আচৰিত তথ্য (GETTY IMAGE)
author img

By ETV Bharat Lifestyle Team

Published : January 2, 2026 at 4:19 PM IST

3 Min Read
Choose ETV Bharat

প্ৰতিটো প্ৰজন্মৰ বাবে ধনৰ গুৰুত্ব ভিন্ন হৈ আহিছে যদিও আজিৰ যুৱ প্ৰজন্ম জেন জিৰ বাবে ধনৰ অৰ্থ সম্পূৰ্ণ সলনি হৈছে ৷ তেওঁলোকৰ বাবে ই কেৱল বেংকৰ বেলেন্স বৃদ্ধিৰ মাধ্যম নহয়, নিৰাপত্তা, স্বাধীনতা আৰু মানসিক শান্তিৰ মাধ্যম ৷

৪৪খন দেশত কৰা এক গ্ল’বেল সমীক্ষাত ২৩ হাজাৰ যুৱকৰ মতামতৰ সাক্ষাৎকাৰ লৈ এই প্ৰজন্মৰ আৰ্থিক চিন্তাধাৰাৰ কিছু আমোদজনক তথ্য পোহৰলৈ আহিছে ৷ জেন জিৰ এই নতুন অৰ্থনৈতিক জগতখনৰ বিষয়ে জানো আহক-

ভৱিষ্যতৰ প্ৰতি উদ্বেগ আৰু আৰ্থিক নিৰাপত্তাহীনতা

প্ৰতিবেদন অনুসৰি জেন জিৰ ধনৰ সৈতে সম্পৰ্ক যথেষ্ট জটিল ৷ প্ৰায় ৬০% যুৱকে নিজৰ আৰ্থিক ভৱিষ্যতক লৈ অহৰহ চিন্তিত হৈ থাকে ৷ প্ৰায় ৭০% লোকে বিশ্বাস কৰে যে তেওঁলোকে পিতৃ-মাতৃতকৈ কম আৰ্থিক সুৰক্ষাত জীৱন নিৰ্বাহ কৰি আছে ৷

  • এই ভয় আৰু নিৰাপত্তাহীনতাৰ আঁৰত কেইবাটাও বাধ্যতামূলক কাৰণ আছে:
  • দ্ৰুতগতিত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি ৷
  • গিগ ইকনমি আৰু অস্থায়ী চাকৰিৰ প্ৰাদুৰ্ভাৱ ৷
  • শিক্ষা ঋণৰ গধুৰ বোজা (বিশেষকৈ আমেৰিকা, ইউৰোপ, উপসাগৰীয় দেশসমূহত) ৷
  • ঋণ পৰিশোধ কৰাৰ হেঁচাত তেওঁলোকে সোনকালে উপাৰ্জন কৰিবলৈ বাধ্য হয়, কিন্তু একেটা কোম্পানী বা চাকৰিৰ লগত বেছি দিন বান্ধ খাই থাকিব নিবিচাৰে ৷

টকা গুৰুত্বপূৰ্ণ, কিন্তু মানসিক স্বাস্থ্যৰ মূল্যত নহয়

এই সমীক্ষাৰ পৰা আটাইতকৈ আচৰিত পৰিসংখ্যাটো হ’ল যে প্ৰায় ৪০% যুৱকে কেৱল নিজৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে ভাল উপাৰ্জনৰ সুযোগ এৰি দিছিল ৷

ডেলয়টৰ হিউমেন কেপিটেল লিড জেনী হেণ্ডাৰছনৰ মতে, জেন-জিৰ বাবে ধন অতি গুৰুত্বপূৰ্ণ যদিও তেওঁলোকে চৰম শাৰীৰিক আৰু মানসিক ক্লান্তিৰ মূল্যত ধন উপাৰ্জন কৰিব নিবিচাৰে ৷ কৰ্ম-জীৱনৰ ভাৰসাম্য তেওঁলোকৰ বাবে সৰ্বোচ্চ ৷

পেকেজতকৈ উদ্দেশ্য বেছি গুৰুত্বপূৰ্ণ

এই প্ৰজন্মই কামৰ ‘মূল্য’তকৈ ‘উদ্দেশ্য’কহে মূল্য দিয়ে ৷ Gen-G এ এনে কাম পছন্দ কৰে যে:

  • পৰিৱেশ অনুকূল ৷
  • সমাজলৈ পৰিৱৰ্তন আনে ৷
  • তেওঁলোকৰ ব্যক্তিগত মূল্যবোধৰ সৈতে মিল খায় ৷
  • এই কাৰণেই আজিৰ যুৱক-যুৱতীসকলে ক্ৰমান্বয়ে নতুন ষ্টাৰ্ট-আপ, ফ্ৰীলান্সিং, আৰু সামাজিক পৰিৱৰ্তনৰ সৈতে জড়িত পেছাৰ ফালে মুখ কৰিছে, যদিও প্ৰাৰম্ভিক উপাৰ্জন কম ৷

Gen-G এ 'স্মৃতি' সজীৱ কৰি তুলিবৰ বাবে খৰচ কৰে

জেন-জিৰ খৰচৰ ধৰণো পূৰ্বৰ প্ৰজন্মৰ তুলনাত সম্পূৰ্ণ পৃথক ৷ সঞ্চয় আৰু জৰুৰীকালীন পুঁজি গঢ়ি তুলিবলৈ চেষ্টা কৰিলেও অভিজ্ঞতাৰ বাবেও তেওঁলোকে বিলাসী খৰচ কৰে ৷

তেওঁলোকে ভ্ৰমণ, নতুন গেজেট, সংগীত কনচাৰ্টত অংশগ্ৰহণ, ফিটনেছ আৰু আত্ম-যত্নত বিনিয়োগ কৰাটোক "অতিৰিক্ত কাম" বুলি নাভাবে ৷ তেওঁলোকৰ মতে এইবোৰ "মানসিক বিনিয়োগ" ৷ তেওঁলোকে জীৱনটো কেৱল জমা কৰি ৰখাতকৈ অভিজ্ঞতা আৰু জীয়াই থাকিবলৈ টকা খৰচ কৰাটো পছন্দ কৰে ৷

মুঠতে জেন-জিৰ বাবে ধন এতিয়া কেৱল ডিজিটেল সম্পত্তি নহয়, স্বাধীনতা, পৰিচয় আৰু সুষম জীৱনৰ আহিলা হৈ পৰিছে ৷ এই মানসিকতাই তেওঁলোকক পূৰ্বৰ প্ৰজন্মৰ পৰা পৃথক কৰি ৰাখিছে আৰু ভৱিষ্যতৰ অৰ্থনীতিক গঢ় দিছে ৷

লগতে পঢ়ক

  1. 'বিনামূল্যে খোৱাৰ' বাবে ডেটলৈ যাবলৈ ধৰিছে Gen Z! জেপৰ চাপত হাৰ মানিছে নেকি Gen Zৰ প্ৰেমে ?
  2. ঘৰতে থাকিবলৈ পছন্দ কৰে জেন-জিয়ে, সপ্তাহত কেৱল ৪৯ মিনিটহে কটায় বাহিৰত, কাৰণ কি জানেনে ?
  3. International Youth Day 2023: এখন সুন্দৰ পৃথিৱী গঢ়াৰ দিশত যুৱ-সমাজৰ ভূমিকা