ETV Bharat / lifestyle

ষ্টীলৰ পাত্ৰত ভুলতেও নাৰাখিব এই খাদ্য...হ’ব পাৰে বিষক্ৰিয়া

আজিৰ এই প্ৰতিবেদনৰ দ্বাৰা আপুনি ষ্টীলৰ পাত্ৰত কোনবোৰ খাদ্য সামগ্ৰী জমা কৰি ৰাখিলে স্বাস্থ্যৰ বাবে অপকাৰী বা বিপদজনক জানো আহক-

Foods You Should Never Store in Steel Containers to Avoid Food Poisoning Risks
ষ্টীলৰ পাত্ৰত ভুলতেও নাৰাখিব এই খাদ্য...হ’ব পাৰে বিষক্ৰিয়া (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : December 5, 2025 at 12:54 PM IST

4 Min Read
Choose ETV Bharat

মানুহে বছৰ বছৰ ধৰি খাদ্য বা বিভিন্ন বস্তু ৰাখিবলৈ ষ্টীলৰ সামগ্ৰী ব্যৱহাৰ কৰি আহিছে ৷ প্ৰায় সকলোৰে ঘৰত ষ্টীলৰ সামগ্ৰী থাকে ৷ কিন্তু আপুনি জানেনে কিছুমান খাদ্য বস্তু ষ্টীলৰ পাত্ৰত ৰাখিব নালাগে ৷ ইয়াৰ ফলত সেই খাদ্যসমূহৰ সোৱাদ সলনি হোৱাৰ সম্ভাৱনা থাকে ৷ ইয়াৰোপৰি ই স্বাস্থ্যৰ ক্ষতি কৰিবও পাৰে ৷ আজিকালি খাদ্য সংৰক্ষণৰ বাবে ষ্টীলৰ বাচন আৰু টিফিন আটাইতকৈ পছন্দৰ পাত্ৰ ৷ ইয়াৰ মূল কাৰণ হ’ল ষ্টীলৰ বাচন-বৰ্তন দীঘলীয়া সময়ৰ বাবে কামত অহাই নহয়, পৰিষ্কাৰ কৰাতো সহজ আৰু দীৰ্ঘস্থায়ী ৷ ষ্টীলৰ পাত্ৰত সংৰক্ষণ কৰিলে ইহঁতৰ সোৱাদ নষ্ট হোৱাই নহয় আপোনাৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিব পাৰে ৷

আচলতে কিছুমান খাদ্য সামগ্ৰীত এনে উপাদান থাকে যিয়ে ষ্টীলৰ লগত বিক্ৰিয়া কৰিব পাৰে ৷ এই খাদ্য আৰু ষ্টীলৰ পাত্ৰৰ মাজত ৰাসায়নিক বিক্ৰিয়া হ’ব পাৰে, যাৰ ফলত সোৱাদ নষ্ট হ’ব পাৰে, খাদ্যৰ পুষ্টিকৰ উপাদান হেৰুৱাব পাৰে আৰু খাদ্য বিষক্ৰিয়া বা পেটৰ অন্যান্য সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ গতিকে কোনবোৰ খাদ্যবস্তু ষ্টীলৰ পাত্ৰত ৰাখিব নালাগে সেয়া জনা দৰকাৰ ৷ সেয়ে আজিৰ এই প্ৰতিবেদনৰ দ্বাৰা আপুনি ষ্টীলৰ পাত্ৰত কোনবোৰ খাদ্য সামগ্ৰী জমা কৰি ৰাখিলে স্বাস্থ্যৰ বাবে অপকাৰী বা বিপদজনক জানো আহক-

এই বস্তুবোৰ ষ্টীলৰ পাত্ৰত সংৰক্ষণ কৰিলে খাদ্য বিষক্ৰিয়াৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে

১) ফল-মূল ষ্টীলৰ পাত্ৰত ৰখাৰ পৰা বিৰত থাতকক - ফল-মূলত ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে, আৰু ইয়াক সঠিকভাৱে সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ ষ্টীলৰ পাত্ৰত ফলমূল সংৰক্ষণ কৰিলে ইহঁত সোনকালে নষ্ট হৈ যায় আৰু ইয়াৰ সোৱাদ নষ্ট হ’ব পাৰে ৷ তদুপৰি ষ্টীলৰ পাত্ৰই ফলৰ আৰ্দ্ৰতা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত ইহঁতৰ দ্ৰুত ক্ষয় হয় ৷ ফল-মূল সংৰক্ষণৰ বাবে বায়ুমণ্ডল বন্ধ কাঁচৰ পাত্ৰই সৰ্বোত্তম বিকল্প ৷ ইচ্ছা কৰিলে উচ্চমানৰ প্লাষ্টিকৰ পাত্ৰও ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ ফলত ফল-মূল সতেজ আৰু বেছি দিনলৈ নিৰাপদ হৈ থাকে ৷

২) আচাৰ ষ্টীলৰ পাত্ৰত ৰখাৰ পৰা বিৰত থাকক - আচাৰ প্ৰতিটো ঘৰৰ পাকঘৰৰ এক অপৰিহাৰ্য অংশ আৰু ইয়াক প্ৰায়ে দীৰ্ঘদিন ধৰি ৰখা হয় ৷ আচাৰত প্ৰাকৃতিক এচিড থাকে, যিয়ে ষ্টীলৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰিব পাৰে ৷ ইয়াৰ ফলত ষ্টীলৰ পাত্ৰত মৰিছা পৰাৰ আশংকাই নহয়, আচাৰৰ সোৱাদও নষ্ট হ’ব পাৰে ৷ কিছুমান ক্ষেত্ৰত এই বিক্ৰিয়াৰ ফলত খাদ্যৰ ক্ষতিও হ’ব পাৰে ৷ গতিকে আচাৰৰ গুণগত মান বজাই ৰাখিবলৈ আৰু স্বাস্থ্যৰ কোনো বিৰূপ প্ৰভাৱ ৰোধ কৰিবলৈ সদায় কাঁচ বা প্লাষ্টিকৰ পাত্ৰত ৰাখিব লাগে ৷

৩) ষ্টীলৰ পাত্ৰত দৈ মজুত ৰখাৰ পৰা বিৰত থাকক - দৈ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু ষ্টীলৰ পাত্ৰত দৈ সংৰক্ষণ কৰাটো ভাল নহয় ৷ দৈত কিছুমান বিশেষ উপাদান থাকে যিয়ে ষ্টীলৰ লগত বিৰূপ বিক্ৰিয়া কৰিব পাৰে ৷ ইয়াৰ ফলত দৈৰ সোৱাদ নষ্ট হৈ সোনকালে নষ্ট হ’ব পাৰে ৷ তদুপৰি ইয়াক ষ্টীলৰ পাত্ৰত সংৰক্ষণ কৰিলে কিম্বন প্ৰক্ৰিয়া ত্বৰান্বিত হ’ব পাৰে, যাৰ ফলত ইয়াক ব্যৱহাৰৰ বাবে অনুপযুক্ত হৈ পৰে ৷ গতিকে দৈ সদায় কাঁচ বা মাটিৰ পাত্ৰত ৰাখিব লাগে ৷ মাটিৰ পাত্ৰই দৈ সতেজ কৰি ৰখাই নহয় ইয়াৰ সোৱাদও বজাই ৰাখে ৷

৪) নেমু আৰু এচিডিক বস্তু: নেমু, ডালিম, আমলখি আদিত এচিড থাকে ৷ গতিকে এই বস্তুবোৰ ষ্টীলৰ বাচনত ৰাখিব নালাগে ৷ ইয়াক দীৰ্ঘসময় ষ্টীলৰ পাত্ৰত ৰখাটো বেয়া ৷

৫) বিলাহী: বিলাহীত এচিড থাকে ৷ গতিকে বিলাহীৰ চাটনি, চুপ বা বিলাহীৰ দ্বাৰা প্ৰস্তুত কৰা অন্য খাদ্য ষ্টীলৰ পাত্ৰত ৰাখিব লাগে ৷ ইয়াৰ ফলত ইয়াৰ ৰং সলনি হ’ব পাৰে ৷ গতিকে কাঁচ, চিৰেমিক বা অন্য পাত্ৰত এয়া ৰাখিব লাগে ৷

উৎস

https://pmc.ncbi.nlm.nih.gov/articles/PMC4284091/

লগতে পঢ়ক

  1. Copper Bottle: চখ হিচাপে তামৰ বটল ক্ৰয় কৰিছে নেকি ? প্ৰথমে জানি লওক ইয়াৰ পানী খোৱাটো কিমান নিৰাপদ
  2. শীতকালতো তৈয়াৰ কৰিব পাৰিব সুস্বাদু দৈ...জানি লওক পদ্ধতি
  3. গৰম পানীত তিয়াই ৰখাৰ অভ্যাস আপোনাৰ শৰীৰৰ বাবে কিমান উপকাৰী জানেনে ?